বৰ্তমান সময়ৰ অসম খনক প্ৰাচীন ভাৰতীয় সাহিত্যত কামৰুপ নামেৰে জনাজাত আছিল| জ্যোতিষ শাস্ত্ৰ অনুযায়ী ইয়াক প্ৰাগজ্যোতিষ্পুৰ নামেৰেও জনাজাত আছিল|
কামৰুপ(মহানগৰ) জিলাৰ অৱস্থানঃ- ২৫.৪৩- ২৬.৫১ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯০.৩৬-৯২.১২ ডিগ্ৰী পূৱ দ্ৰাঘিমাংশত অৱস্থিত| মাটিকালি ১,৫২৮ বৰ্গ কিল’মিটাৰ|
কামৰুপ মহানগৰ জিলাৰ মুখ্য নদ-নদী সমূহ হ’ল-ব্ৰহ্মপুত্ৰ, ভৰলু, ডিগাৰু আৰু কলং |
এন এইচ ৩১, এন এইচ ৩৭
গ্ৰীষ্মকালত জিলাখনৰ তাপমাত্ৰা সৰ্ব্বোচ্চ ৩৭°-৩৯°ডিগ্ৰী ছেলছিয়াচলৈকে উঠে আৰু শীতকালত নিম্নতম ৬°-৭° ছেলছিয়াচলৈ নামে| গ্ৰীষ্মকালত প্ৰচুৰ বৰষুণ হয়| জিলাখনত বছৰি বৰষুণৰ হাৰ গঢ়ে ১৫০০ মি:মি: ৰ পৰা ২৫০০ মি:মি: হয়| জিলাখনত গঢ় আৰ্দ্ৰতা ৭৬% শতাংশ|
উত্তৰ-পশ্চিমে কামৰুপ গ্ৰাম্য জিলা,
পূৱে মৰিগাঁও জিলা, আৰু
দক্ষিণে মেঘালয় ৰাজ্য|
২০০৩ চনৰ ৩ ফেব্ৰুৱাৰী তাৰিখে পুৰণি কামৰুপ জিলা খনক কামৰুপ মহানগৰ জিলা হিচাপে এখন পৃথক জিলাত বিভক্ত কৰা হয়| নতুনকৈ গঠিত কামৰুপ (ম) জিলা খনৰ মুখ্য কাৰ্যালয় গুৱাহাটীত স্থাপন কৰা হয়| এসময়ত প্ৰাগজ্যোতিষপুৰ নামেৰে জনাজাত ঠাইখন পিছলৈ গুৱাহাটী নামেৰে পৰিচিত হয়|
গুৱাহাটী নামটো অসমীয়া শব্দ ‘গুৱা’ অৰ্থাৎ তামোল আৰু ‘হাট’ অৰ্থাৎ বজাৰ উৎপত্তি হৈছে|
কিংবদন্তি মতে, অসুৰৰ ৰজা নৰকাসুৰে এই পৌৰাণিক নগৰখন প্ৰতিষ্ঠা কৰিছিল|. গুৱাহাটীৰ আকৰ্ষণৰ আন এটা কেন্দ্ৰ বিন্দু হৈছে পুৰণি কামৰুপ, য’ত দেৱী সতীৰ দেহৰ এক গুৰুত্বপূৰ্ণ অংগ খহি পৰিছিল আৰু প্ৰেমৰ দেৱতা কামদেৱৰ জন্ম স্থান আছিল| পিছলৈ দেৱী সতীৰ অংগ খহি পৰা নীলাচল পাহাৰৰ এই ঠাইখিনিত কামাখ্যা মন্দিৰ স্থাপন কৰা হয়| বিভিন্ন ধৰ্মমূলক গ্ৰন্থ তথা সংস্কৃত মহাকাব্য আৰু লগতে মহাভাৰতত প্ৰাগজ্যোতিষপুৰৰ বিষয়ে সঘনে বৰ্ণনা কৰা হৈছে| জিলাখন এসময়ত দুই শক্তিশালী ৰাজ্য ক্ৰমে আহোম আৰু কোচ ৰাজ্যৰ মাজত অৱস্থিত আছিল| মোগল আৰু কোচ ৰজাই এই ৰাজ্যত ক্ষমতা স্থাপনত বিফল হৈছিল যদিও আহোম ৰজাই ইয়াৰ সামৰিক আৰু প্ৰশাসনিক দায়িত্ব প্ৰদান কৰিছিল বৰফুকনক|
বৰ্তমান গুৱাহাটী নগৰ খনক অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ বুলি কোৱা হয়| ই অসমৰ বাণিজ্যৰ মুখ্য কেন্দ্ৰ বিন্দু তথা উত্তৰ-পূৱ ভাৰতৰ ৬ খন ৰাজ্য যেনে-অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাৰ মুল যোগসূত্ৰ|
উৎস: আই.এন.ডি.জি দলৰ দ্বাৰা সংগৃহিত
শেহতীয়া উন্নীতকৰণ: : 6/21/2022