অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোৱালপাৰা জিলাৰ ঐতিহাসিক তথা ভৌগলিক তথ্য

গোৱালপাৰা জিলাৰ ঐতিহাসিক তথা ভৌগলিক তথ্য

গোৱালপাৰা ভাৰতৰ অসম ৰাজ্যৰ এখন প্ৰশাসনিক জিলা। ১৯৮৩ চনত পুৰণি গোৱালপাৰা জিলাখনক ৩ খন জিলাত বিভক্ত কৰা হয়- গোৱালপাৰা, ধুবৰী আৰু কোকৰাঝাৰ জিলা। নতুনকৈ গঠিত গোৱালপাৰাৰ সদৰ স্থাপন কৰা হয় গোৱালপাৰা নগৰত। আৰম্ভণিতে জিলাখনৰ মহকুমা আছিল ২ টা- গোৱালপাৰা আৰু উত্তৰ শালমাৰা মহকুমা। ১৯৮৯ চনত বঙাইগাঁও জিলা গঠন হোৱাত উত্তৰ শালমাৰা মহকুমা বঙাইগাঁও জিলাত চামিল কৰা হয়। বৰ্তমান জিলাখনৰ মহকুমা মাত্ৰ এটা।

ইতিহাস:

চীনা পৰিব্ৰাজক হিউৱেনচাঙৰ টোকাৰ আঁত ধৰি চাৰ এডোৱাৰ্ড গেইটে মন্তব্য কৰিছে যে কামৰূপৰ ৰজা কুমাৰ ভাস্কৰ বৰ্মণৰ ৰাজধানী গোৱালপাৰা জিলাত নতুবা কোচবিহাৰত আছিল। ১৭৭৫ চনত গোৱালপাৰা জিলা বৃটিচসকলৰ অধীনলৈ আহে। বৃটিচসকলৰ হাতলৈ অহাৰ আগলৈকে গোৱালপাৰা কোচ ৰাজ্যৰ অন্তৰ্গত আছিল। ১৯২৬ চনত ইয়াণ্ডাবু সন্ধি যোগে বৃটিচে অসম দখল কৰে। ১৮২৬ চনত গোৱালপাৰা জিলাক বৃটিচ অসমৰ সৈতে সংযুক্ত কৰা হয় আৰু জিলাখনৰ সদৰ কাৰ্যালয় ধুবৰীত স্থাপন কৰা হয়।

১৯৮৩ চনত পুৰণি গোৱালপাৰা জিলাখনৰ ৩ টা মহকুমা- গোৱালপাৰা, ধুবৰী আৰু কোকৰাঝাৰক জিলা পৰ্যায়লৈ উন্নিত কৰা হয়। নতুনকৈ গঠিত গোৱালপাৰা জিলাৰ সদৰ স্থাপন কৰা হয় গোৱালপাৰা নগৰত। জিলাখনক ২ টা মহকুমাত বিভক্ত কৰা হয়- ১) গোৱালপাৰা মহকুমা আৰু ২)উত্তৰ শালমাৰা মহকুমা। ১৯৮৯ চনত কোকৰাঝাৰ আৰু গোৱালপাৰা জিলাৰ বিভাজন ঘটাই বঙাইগাঁও জিলা গঠন কৰা হয়। ফলস্বৰূপে উত্তৰ শালমাৰা মহকুমা বঙাইগাঁও জিলাত চামিল হয়। বৰ্তমান গোৱালপাৰা জিলাৰ মহকুমা মাত্ৰ এটা।

 

 

 

 

ভৌগলিক বিৱৰণ:

গোৱালপাৰা জিলাৰ অৱস্থানঃ ২৫.৫৩- ২৬.৩০ ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু ৯০.০৭-৯১.০৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশত অৱস্থিত। মাটি কালি ১,৯১১ বৰ্গ কিলোমিটাৰ। বেছি অংশ সমভূমি যদিও কিছু চাপৰ হাবিময় পাহাৰ অঞ্চলো আছে। জিলাখনৰ পাহাৰবোৰ হ'ল- পঞ্চৰত্ন, শ্ৰীসূৰ্য, তুক্ৰেশ্বৰী, নলঙা আৰু পাগলাৰটেক। এই পাহাৰবোৰৰ উচ্চতা সমুদ্ৰ পৃষ্ঠৰ পৰা ১০০ ৰ পৰা ৫০০ মিটাৰৰ ভিতৰত।

নদ-নদী আৰু বিল:

গোৱালপাৰা জিলাৰ উত্তৰ দিশেৰে বৈ গৈছে ব্ৰহ্মপুত্ৰ নদী। এই নদীখনে জিলাখনত বহুতো বাসপোযোগী চৰ-চাপৰিৰ সৃষ্টি কৰিছে।জিলাখনৰ আনকেইখন নদী হ'ল- দুধনৈ, কৃষ্ণাই, জিঞ্জিৰাম আৰু জিনাৰী। দুধনৈ আৰু কৃষ্ণাই মাটিয়া অঞ্চলত একেলগ হৈ মৰনৈ নাম লৈ ব্ৰহ্মপুত্ৰত পৰিছে। জিলাখনৰ বিলসমূহ হ'ল- কুম্ ৰি বিল, ধামাৰ বিল, উৰপদ বিল।

 

 

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত গোৱালপাৰা আৰু বঙাইগাঁও জিলাক সংযোগ কৰি নিৰ্মাণ কৰা হৈছে অসমৰ তৃতীয় খন দলং "নৰনাৰায়ন সেঁতু"|

জলবায়ু:

জুলাই-আগষ্ট মাহত জিলাখনৰ তাপমাত্ৰা সৰ্বোচ্চ ৩৩° চেলচিয়াচলৈকে উঠে আৰু জানুৱাৰী মাহত নিম্নতম ৭° চেলচিয়াচলৈ নামে। দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত জিলাখনত ধাৰাষাৰ বৰষুণ হয়। ২০০২ চনত জিলাখনৰ বৃষ্টিপাতৰ পৰিমাণ আছিল ২৪২৪ মিঃমিঃ।

চাৰিসীমাঃ

উত্তৰে ব্ৰহ্মপুত্ৰ নদী

পূবে কামৰূপ

দক্ষিণে মেঘালয়ৰ পূব গাৰোপাহাৰ আৰু পশ্চিম গাৰোপাহাৰ জিলা

পশ্চিমে ধুবুৰী।

উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ

পূৰাতাত্বিক আৰু ঐতিহাসিক অঞ্চল

শ্ৰীসূৰ্য পাহাৰ

টুক্ৰেশ্বৰী পাহাৰ

কেপ্তেইন বেলিৰ সমাধি

প্ৰাকৃতিক সৌন্দৰ্য আৰু দুঃসাহসিক ক্ৰীড়া

কুমৰি বিল

ঢামাৰ বিল

উৰপদ বিল

ৰাক্ষসীনী পাহাৰ

হুলুকান্দা পাহাৰ

দুধখোৱা পাহাৰ

 

 

 

 

ধৰ্মীয় স্থান

পাগলাটেক মন্দিৰ

বুঢ়াবুঢ়ী থান

নৰসিংহ মন্দিৰ

জয়ভূম কামাখ্যা মন্দিৰ

নন্দেশ্বৰ দেৱালয়

শংকৰ মঠ

চৈতন্য গৌড়ীয় মঠ

গোৱালপাৰা নগৰৰ পীৰ মাজাৰ

জলেশ্বৰৰ পীৰ মাজাৰ

উৎস: আই.এন.ডি.জি দল

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate