অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গোৱালপাৰা জিলাৰ বিখ্যাত কলৰ বজাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কল উৎপাদন তথা বিপণনৰ ক্ষেত্ৰত গোৱালপাৰা জিলাৰ দৰংগিৰিৰ কলৰ বজাৰে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে|

বিৱৰণ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কল উৎপাদন তথা বিপণনৰ ক্ষেত্ৰত গোৱালপাৰা জিলাৰ দৰংগিৰিৰ কলৰ বজাৰে গুৰুত্বপূৰ্ণ স্থান দখল কৰিছে| গোৱালপাৰা জিলাৰ সদৰৰ পৰা ৪৩ কিলোমিটাৰ পূৱে তথা গুৱাহাটীৰ পৰা ১০০ কিলোমিটাৰ পশ্চিমে ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দৰংগিৰি নামৰ বৃহত্তৰ অঞ্চলটোৱে কল উৎপাদনৰ ক্ষেত্ৰত সম্প্ৰতি দেশৰ ভিতৰতে শ্ৰেষ্ঠতম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে| দৰংগিৰি চহৰখনত থকা কলৰ বজাৰ খনত প্ৰতিদিনে গড়ে ত্ৰিছৰ পৰা চল্লিছ ট্ৰাক কল বিক্ৰী হয়| বজাৰ খনত অসম-মেঘালয় সীমাৰ গাৰো পাহাৰৰ পাদদেশত থকা ব্যক্তিগত কলৰ বাগান বোৰৰ উপৰি গোৱালপাৰা জিলা, কামৰুপ(গ্ৰাম্য)জিলাৰ ব্যক্তিগত কলৰ বাগানবোৰত উৎপাদন হোৱা মালভোগ, চেনিচম্পা, মনোহৰ আদি কল বিক্ৰী হয়| এই কলবোৰ এই বজাৰ খনৰ যোগেৰে অসমৰ বিভিন্ন ঠাইলৈ যোৱাৰ লগতে পশ্চিমবংগ, উত্তৰ প্ৰদেশ, হাৰিয়ানা, বিহাৰ, ওড়িশাৰ উপৰি ভূটান, বাংলাদেশ আদিলৈ ৰপ্তানি হয়| উল্লেখ্য যে বৃহৎ অঞ্চলটোৰ গাৰো সম্প্ৰদায়ৰ লোকসকলৰ উপৰি আন আন সম্প্ৰদায়ৰ লোকসকলো কল খেতিৰ ওপৰত বহুলাংশে নিৰ্ভৰশীল|

কিছু সমাস্যাৰ আঁৰৰ কথা

থলুৱা কৃষকৰ স্বাৱলম্বিতাৰ অন্যতম অৱলম্বন এই সুবৃহৎ কলৰ বজাৰখনত বৰ্তমানলৈ উন্নতমান বিশিষ্ট শীতল ভঁৰালঘৰ স্থাপন নোহোৱাত সঘন বন্ধ, প্ৰাকৃতিক দুৰ্যোগৰ বাবে প্ৰতি বছৰে বহু পৰিমাণৰ কল নষ্ট হয় বুলি কৃষক-ব্যৱসায়ী সকলে জানিবলৈ দিয়ে| অসম-মেঘালয়ৰ উপৰি বহি:ৰাজ্যৰ পৰা কল ক্ৰয় কৰিবলৈ অহা ব্যৱসায়ী সকলৰ সুবিধাৰ বাবে দৰংগিৰিত অদ্যাপি ৰাষ্ট্ৰীয় বেংক তথা এ টি এমৰ সুবিধা নথকাত ভীষণ সমস্যাৰ সম্মুখীন হ’ব লগা হয় ব্যৱসায়ী সকল|বিভিন্ন সমস্যাৰে জৰ্জৰিত দৰংগিৰি কলৰ বজাৰখন উন্নয়নৰ বাবে বিভিন্ন সংশ্লিষ্ট বিভাগক গুৰুত্ব প্ৰদান কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে|

লেখক:- জ্যোতিষ নাথ,টিপলাই,গোৱালপাৰা

দূৰভাষ:৮৪৮৬৮৬০৪৮১

3.74193548387
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top