অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চিৰাং জিলা

চিৰাং ভাৰতবৰ্ষৰ অন্তৰ্গত অসমৰ পশ্চিম প্ৰান্তত অৱস্থিত আৰু বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চলৰ অন্তৰ্গত চাৰিখন জিলাৰ এখন। ২০০৪ চনত কোকৰাঝাৰ, বঙাইগাঁও আৰু বৰপেটা জিলাৰ অংশবিশে সাঙুৰি চিৰাং জিলা গঠন কৰা হৈছিল। এই জিলা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত। ব্ৰহ্মপুত্ৰৰ নামনি উপত্যকাৰ সমভূমি ভূ-ভাগেৰে এই জিলা গঠিত। গাৰো ভাষাৰ শব্দ চি (অৰ্থঃ পানী) আৰু ৰাং (অৰ্থঃ সম্পত্তি), মিলি জিলাখনৰ নাম চিৰাং হোৱা বুলি কোৱা হয়।

জিলাখনৰ মুঠ মাটিকালি ১৪৬৮.৪২ বৰ্গ কি.মি.। কাজলগাঁও এই জিলাৰ সদৰ। ২০১১ চনৰ লোকপিয়ল অনুসৰি চিৰাং জিলাৰ মুঠ জনসংখ্যা ৪,৮১,৮১৮ জন। চিৰাং জিলা অসমৰ দ্বিতীয়খন সৰ্বনিম্ন জনবসতিৰ জিলা। ইউনেস্কোৰ দ্বাৰা স্বীকৃত প্ৰাকৃতিক বিশ্ব ঐতিহ্যবাহী স্থান মানস ৰাষ্ট্ৰীয় উদ্যানৰ কিছু অংশ এই জিলাত অৱস্থিত।

সূচী -

  • ইতিহাস
  • অৱস্থান
  • ভূগোল
  • তথ্য সংগ্ৰহ
  • বাহ্যিক সংযোগ

ইতিহাস

চিৰাং জিলা আনুষ্ঠানিক ভাৱে গঠন হয় ২০০৪ চনৰ ৪ জুন তাৰিখে । ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বড়ো লিবাৰেছন টাইগাৰ্ছ (বি.এল.টি)ৰ মাজত সম্পন্ন হোৱা ত্ৰিপাক্ষিক চুক্তি অনুসৰি বড়ো অধ্যুযিত ৩০৮২ খন গাঁও সাঙুৰি 'বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি)' গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। আৰু এই সমূহ গাঁওক সংলগ্ন কৰি চাৰিখন জিলা গঠন কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সিদ্ধান্ত মৰ্মেই ৩০ অক্টোবৰ, ২০০৩ তাৰিখৰ নিৰ্দেশ মৰ্মে (নিৰ্দেশ নং- GAG(B). 137/2002/Pt/117) ভাৰতৰ সংবিধানৰ ৩৩২ নং ছেদৰ ষষ্ঠ অনুচ্ছেদৰ অন্তৰ্গত হিচাপে 'চিৰাং জিলা' গঠন কৰা হয়। ২০০৪ চনৰ ৪ জুন আৰিখৰপৰা জিলা হিচাপে চিৰাঙৰ কাম-কাজ আৰম্ভ কৰা হয়।

জিলা হিচাপে গঠিত হোৱাৰ আগেয়ে চিৰাং জিলাৰ ভূ-ভাগ কোকৰাঝাৰ, বঙাইগাওঁ আৰু বৰপেটা জিলাৰ মাজত বিভাজিত হৈ আছিল। জিলা খনত ৰাজ্যৰ দ্বিতীয়টৌ ৰাজহুৱা খণ্ডৰ তেল শোধনাগাৰ আৰু পেট্ৰ'ৰাসায়নিক প্ৰকল্প BRPL অৱস্থিত ।

অৱস্থান

চিৰাং জিলা অসমৰ মধ্য-পশ্চিম অংশ আৰু ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৱস্থিত। বিস্তৃতি উত্তৰ অক্ষাংশ ২৬.২৮° -ৰপৰা ২৬.৫৪°, আৰু পূৱ দ্ৰাঘিমাংশ ৮৯.৪২° -ৰপৰা ৯০.০৬°।

জিলাখনৰ চাৰিসীমাঃ

উত্তৰঃ ভূটান (আন্তৰাষ্ট্ৰীয় সীমা)

দক্ষিণঃ বঙাইগাঁও জিলা, আৰু কোকৰাঝাৰ জিলাৰ অংশ

পূবঃ বাক্সা জিলা, আৰু বৰপেটা জিলাৰ অংশ বিশেষ

পশ্চিমঃ কোকৰাঝাৰ জিলা

ভূগোল -

নামনি ব্ৰহ্মপুত্ৰৰ উত্তৰ উপত্যকাত অৱস্থিত আৰু উত্তৰ সীমাত হিমালয় পাদদেশেৰে আৱৃত চিৰাং জিলা মূলতঃ সমভূমি অঞ্চল। জিলাখনৰ উত্তৰ অংশৰ উচ্চতা দক্ষিণৰ অংশতকৈ বেছি। জিলাখনৰ ভূ-ভাগক চাৰিটা কৃষি-পাৰিবেশিক ভাগত ভগোৱা হৈছেঃ

  1. পৰ্বতৰ নামনি উপত্যকা অঞ্চল (Foothills old mountain valley)

2.  বানপানী হীন নদীৰে পলসুৱা সমভূমি (Flood-free riverine old allluvial plain)

3.  বানপানী আশংকা থকা নদীৰে পলসুৱা সমভূমি (Flood-prone riverine alluvial plain)

4.  বিল (beels)

জিলাখনৰ মাজেৰে বৈ যোৱা প্ৰধান উপনৈ সমূহ হৈছে, চম্পাৱতী, আই আৰু মানাহ (মানস)। আগৰং আৰু কাণামকৰা উপ-উপনৈ জিলাখনৰ মাজেৰে বৈ গৈছে।

নদ-নদী: ভুটানৰ পৰা বৈ অহা নদী কেইখন হল- চম্পাবতী‚মানস‚আগৰ্ং‚কনামাকৰা‚আই আদি ।

 

উৎস: আইএনডিজি দল

 

 

শেহতীয়া উন্নীতকৰণ: : 4/2/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate