অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঐতিহাসিক নাজিৰা

 

শিৱসাগৰ জিলাৰ এক অবিচ্ছেদ্য অংগ "নাজিৰা' জিলাখনৰ এটা উল্লেখযোগ্য মহকুমা। সময় স্রোতস্বিনী ধাৰাৰ দৰে অবিৰাম গতিৰে বৈ থাকে। ৰৈ যায় মাত্র ইতিহাস। এই ইতিহাসসম্বলিত নাজিৰা মহকুমাৰ চুকে-কোণে সিঁচৰতি হৈ থকা গৌৰৱোজ্জ্বল ঐতিহ্যৰ অমূল্য সম্পদ মঠ-মন্দিৰ, পুখুৰী, মৈদাম, আলিবাট আৰু অন্যান্য কীর্তিচিহ্নসমূহৰ কিছু বিৱৰণ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰা হৈছে।

নাজিৰা নামৰ উৎপত্তিৰ বিষয়ে থোৰতে ক’ব বিচাৰিছোঁ- গড়গাঁও ৰাজধানীত ৰাজত্ব কৰা তৃতীয়গৰাকী স্বৰ্গদেউ চুচেংফাৰ (প্ৰতাপ সিংহ) ৰাজত্বকালত ঐতিহাসিক চূণপোৰা ঘাটৰ পৰা দিখৌমুখ গজপুৰলৈ হাতী অনা-নিয়া কৰিবৰ কাৰণে গজপুৰীয়া আলি নামেৰে এটা বহল আলি নির্মাণ কৰিছিল। পিছলৈ এই আলিটোক মানুহে বৰআলি বুলি ক’লে। এই গজপুৰীয়া আলিৰ কাষৰ দিখৌ নৈৰ পাৰত বৰ নাওশাল আৰু সৰু নাওশাল নামে ৰজাঘৰীয়া পৃষ্ঠপোষকতাত নাও নির্মাণ কৰা কাৰখানা আছিল। সেই কালত অন্তৰ্ভুক্ত হোৱা ওপৰ নাওশলীয়া আৰু তলৰ নাওশলীয়া নাও নির্মাণ কৰা কাৰিকৰসকলৰ বাসস্থান আছিল। বৰ নাও, দুমনী নাও, মগৰী নাও আৰু পানচৈ নাও এই চাৰিবিধ নাও বিজ্ঞানসন্মতভাৱে নির্মাণ কৰি গড়গাঁৱৰ সন্মুখৰ দিখৌ নৈত জিৰণি দি থোৱা হৈছিল। সেই নাও জিৰোৱাৰ পৰা নাজিৰা হ’ল বুলি বুৰঞ্জীবিদসকলে কয়। দুই-এজন লেখকৰ মত— নজৰ কৰাৰ কাৰণে নাজিৰ হ’ল। (অসম বুৰঞ্জীত নতুন আলোকপাত—পদ্ম-বৰগোহাঞি)।

গড়গাঁৱত ৰাজধানী নির্মাণ কৰাৰ পিছতে স্বৰ্গদেউসকলে পূজা-সেৱা কৰিবৰ বাবে বিভিন্ন মঠ-মন্দিৰ নিৰ্মাণ কৰিছিল।

স্বৰ্গদেউসকলে পূজা-সেৱা কৰিবৰ বাবে  নিৰ্মাণ কৰা বিভিন্ন মঠ-মন্দিৰ-

 

১) দ’লসমূহ

গড়গাঁৱৰ গোবিন্দ দ’ল

স্বৰ্গদেউসকলে পূজা-সেৱা কৰাৰ বাবে এটা গোবিন্দ দ’ল আছিল। বৰ্তমান দ’লটোৰ ভগ্নাৱশেষহে দেখা যায়।

বালিঘাট শিৱ মন্দিৰ

নাজিৰা নগৰৰ উত্তৰে বালিঘাট দলঙৰ কাষেৰে দিখৌ নৈৰ পাৰত প্রাকৃতিক সৌন্দৰ্যৰ মাজত এটা মন্দিৰ আছে। এই মন্দিৰটোৱে হৈছে বালিঘাট শিৱ মন্দিৰ। বশিষ্ঠ, গংগা, দিখৌ নদীয়ে এই মন্দিৰৰ পাদ-পদ্মক যেন শ্ৰদ্ধা জনাই নিৰৱধি লৈ আছে। এই মন্দিৰটো গড়গাঁও নগৰৰ দক্ষিণ পাৰে। মন্দিৰটোৰ প্ৰাচীনত্বৰ ক্ষেত্ৰত থকা মতবোৰ ভিন্নধৰণৰ। কিছু লোকে মন্দিৰৰ প্রাচীনত্বৰ ক্ষেত্ৰত বিশেষ উজাই নগৈ মাত্র উনবিংশ শতিকাৰ শেষছোৱাৰ পৰাহে বুলি ভাবে। কিন্তু আন এচাম আহোমৰ ইতিহাসৰ লগত জড়িত ব্যক্তিয়ে ইয়াক আহোম যুগৰ এটা অন্যতম শিৱস্থানৰূপে গণ্য কৰে। আকৌ এচাম লোকে ইয়াক আহোমসকলৰ আগতে এই অঞ্চলত বাস কৰা কছাৰীসকলৰ বায়ৈ-স্থান বুলিও ভাবে।

১৯৭২-৭৩ চনত এই মন্দিৰৰ কাষত খননকার্য চলাওঁতে ইয়াত উদ্ধাৰ হোৱা ইটাবোৰ পাতল চটা চটা আহোমৰ পদ্ধতিৰ ইটাহে উদ্ধাৰ হৈছিল। আহোমসকলৰ দীর্ঘদিনীয়া ৰাজত্বৰ আঁত বিচাৰ কৰিলে দেখা যায় যে পাঁচ-ছয়জনমান ৰজাই অতি নিষ্ঠাৰে শৈৱপন্থাক আঁকোৱালি লৈছিল। ইয়াৰে স্বৰ্গদেউ প্রতাপ সিংহ আছিল অন্যতম। "ইতিহাসে সোঁৱৰা ছয়টা বছৰত প্ৰসিদ্ধ পণ্ডিত প্রয়াত সর্বানন্দ ৰাজকোঁৱৰে বিস্তৃতভাৱে এই বিষয়ে লিখি থৈ গৈছে। বিভিন্ন দিশ বিচাৰ কৰি এই মতত উপনীত হ’ব পাৰি যে এই শিৱ মন্দিৰ স্বৰ্গদেউ প্রতাপ সিংহই নির্মাণ কৰাইছিল। স্মৰণযোগ্য যে ৰজাসকলে এই অঞ্চলৰ বিভিন্ন ঠাইত বহু শিৱ মন্দিৰ সজাইছিল। আনকি গড়গাঁৱৰ ভিতৰ, কাৰেঙৰ শাৰীৰিক ওপৰতো শিৱদৌল আছিল।

মোৱামৰীয়া বিদ্রোহ, মানৰ আক্ৰমণত অসম দেশ ছাৰখাৰ হৈ পৰিল। ১৭৬৯ চনৰ পৰা ১৮২১ চনলৈ দেশ সর্বনাশৰ মুখত পৰিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধিৰ পিছত দেশ সুস্থিৰ হোৱাৰ পিছত মন্দিৰ খাদ্য অঞ্চল অটব্য অৰণ্যৰে বেষ্টিত হ’ল। ইয়াৰ পিছত মন্দিৰৰ কাষতে দিখৌ পাৰঘাট হ’ল। ১৯২০ চনমানৰ পৰা কেইজনমান সন্ন্যাসী আহি লাহে লাহে মন্দিৰ অঞ্চল চাফা কৰি থাকিবলৈ ল’লেহি। তাৰ ভিতৰত আলোনিয়া বাবা, গোৰ্ধৰ বাবা, হাৰিয়া বাবা, চিতাৰাম বাবা অন্যতম। বর্তমানৰ মন্দিৰটো ১৯২২-২৩ চনৰ পৰা নির্মাণ কৰিবলৈ লোৱা হয়। এইক্ষেত্ৰত নাজিৰা আৰু শিমলুগুৰি অঞ্চলৰ কেইবাজনো ভক্তিপ্রাণ লোকে সহায় আগবঢ়ায়। বর্তমান এখন যোগ্য লোকেৰে গঠিত সমিতিয়ে মন্দিৰ পৰিচালনা কৰে। বাৰ্ষিক শিৱৰাত্ৰি, নৱৰাত্রি পূজা, অখণ্ড হৰি কীর্তন আদি অতি শৃংখলাৰে তথা আধ্যাত্মিকভাৱে পৰিচালিত হয়।

গৰখীয়া দ’ল

স্বৰ্গদেউ প্রতাপ সিংহ ৰাজপাটত বহাৰ আগতে শৈৱধৰ্মী আছিল। তেওঁ এটা শিৱলিংগত পূজা কৰিছিল। ৰজা হোৱাৰ পিছত শিৱলিংগটো ঘৰৰ পৰা আঁতৰাই গড়গাঁও নগৰৰ বিপৰীত দিখৌ নদীৰ আনটো পাৰত নাজিৰাৰ নমাটিত এটা মন্দিৰ (দ'ল) নির্মাণ কৰাই তাতে শিৱলিংগটো স্থাপন কৰিলে (১৬০৩-৪১)। সময়মতে তাতে পূজা-সেৱা কৰিলে। এই সৰু দ’লটো এতিয়াও আছে। এই দ’লটো আহোম ৰাজত্বত অবিভক্ত শিৱসাগৰ জিলাত নিৰ্মাণ কৰা দ’ল-দেৱালয়ৰ ভিতৰত পুৰণি আৰু প্ৰথম দ’ল বুলি জনা যায়। এই দ’লটোক মানুহে গৰখীয়া দ'ল বুলিও কয়। এই দ’লটো সৰু দ’ল। বাহিৰে-ভিতৰে আঠকোণীয়া। ভিতৰৰ প্ৰতিখন বেৰৰ প্রস্থ ২.২৫ মিটাৰৰ আৰু বাহিৰৰ বেৰৰ ৩.৭০ মিটাৰ। ইয়াৰ সন্মুখত এটা সৰু আয়ত ক্ষেত্ৰাকাৰ মণ্ডপো আছিল। ইয়াৰ গাঁথনি অসমৰ আন দ’লৰ লগত অমিল। ইয়াৰ শিখৰটো জোঙা নহয়, ভিতৰলৈ সোমোৱা। ইয়াৰ চৌপাশে থকা ইটাৰ গড়ৰ এটা অংশ ইতিমধ্যে দিখৌ নদীয়ে খহাই নিছে, বাকী অংশ কোনো ৰকম টিকি আছে। মাত্র চল্লিশ হাতমান খহনীয়া আগুৱাই আহিলেই অতি কম সময়ৰ ভিতৰতে চিৰবিদায় লৈ দিখৌৰ বুকুত উচুপি জাহ যাব নাজিৰা তথা শিৱসাগৰত নির্মাণ কৰা এই প্রথম দ’লটো।

ৰহদৈ দ'ল

স্বৰ্গদেউ গদাধৰ সিংহই ল’ৰাৰজাৰ চাওদাঙৰ ভয়ত পলাই ফুৰোঁতে ধোপাবৰত সহায় কৰা ৰহদৈ নামৰ এগৰাকী পোহাৰীৰ স্মৃতিত ১৬৮৩ খ্রীঃত এটা পুখুৰী খন্দাই পূব কোণত এটা দ’ল নির্মাণ কৰায়। বর্তমান দ’লটোৰ ভগ্নাৱশেষহে আছে।

লাংকুৰি দ’ল

এই দ’লটো নাজিৰা নগৰৰ পৰা প্রায় ৯ কিলোমিটাৰ পূবত স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত (১৬৮১-১৬৯৬) সজা হৈছিল। ইয়াৰ ভগ্নাৱশেষহে পোৱা যায়।

চৰাইদেউৰ গোটা দ’ল

চৰাইদেউ পর্বতৰ প্রায় ওচৰতে এই দ’লটো স্বৰ্গদেউ গদাধৰ সিংহৰ দিনতে (১৬৮১-১৬৯৬) নির্মাণ কৰা হৈছিল। ইয়াৰ ভগ্নাৱশেষতহে পোৱা যায়।

খঁৰা দ’ল

এই দ’লটো নাজিৰা মহকুমাত অৱস্থিত। স্বৰ্গদেউ গদাধৰ সিংহই বঁহ-গড়ৰ পৰা এটা গড় মেছাগড়ৰ ফালে আগবঢ়াই পশ্চিমমুৱাকৈ বন্ধাইছিল। কিন্তু কালুগাঁৱৰ পৰা গড়টোৰ কাম আগ নাবাঢ়িছিল। গড়টো খৰা হৈ থাকিল। এই গড়টোৰ মূৰত এটা দ’লো বন্ধাইছিল (১৬৮১-১৬৯৬) আৰু সিয়ো খৰা হৈ থাকিল। গতিকে এই দ’লটোক খৰা দ’ল বুলিছিল। গড়টোৰ মূৰত দ’ম বান্ধি থকা মাটি খহাই বিচাৰিলে হয়তো খৰা দ’লৰ ভগ্নাৱশেষ উদ্ধাৰ হ’ব পাৰে।(ইতিহাসে সোঁৱৰা ছশটা বছৰ— পুঃ ২১৩)।

মাইবেলাৰ দ’ল

মাইবেলা নামৰ ঠাইখন শিৱসাগৰ নগৰৰ পৰা প্রায় ২৫ কিঃমিঃ পূবত অৱস্থিত। ইয়াৰ কাষেৰে ধোদৰ আলি পাৰ হৈ গৈছে। এই ঠাইতে স্বৰ্গদেউ গদাধৰ সিংহই এটা দ’ল বন্ধাইছিল। দ’লটোৰ নাম আছিল শিৱ দ’ল। অৱহেলাত পৰি দ’লটো ধ্বংসপ্রাপ্ত হয়। কোনো কোনোৱে কয় যে দ’লটো ভূমিকম্পত ছিঙি নিচেই ওচৰতে থকা পুখুৰীটোতে এতিয়াও পৰি আছে। (পবিত্ৰ অসম, লীলা গগৈ, পৃ: ৩৮, ই সোঁ:ছ:ব: পৃ: ২১৩)

কেৰি ৰাজমাও দ'ল

স্বৰ্গদেউ ৰুদ্ৰসিংহৰ পর্বতীয়া কুঁৱৰীগৰাকী আছিল কেঁৰি। এওঁ স্বৰ্গদেউ শিৱসিংহৰ মাতৃ। শিৱসিংহ স্বৰ্গদেউ জন্ম হোৱাৰ কেইটামান বছৰ হওঁতে তেওঁৰ মাতৃ পর্বতীয়া কুঁৱৰী কেঁৰিৰ মৃত্যু হৈছিল। শিৱসিংহ স্বৰ্গদেউৰ ছত্ৰভংগ যোগ শেষ নোহোৱাৰ বাবে ফুলেশ্বৰী কুঁৱৰীক বিয়া কৰাই ‘বৰ ৰজা' পাতিলে আৰু সর্বেশ্বৰী নাম দিলে। এই সর্বেশ্বৰী ৰাণীয়ে শাহুৱেক কেঁৰিৰ নাম থাকিবৰ বাবে শিৱসাগৰ জিলাৰ নাজিৰা মহকুমাৰ মঠিয়াছিগাত পুখুৰী খন্দাই দ’ল বন্ধায় (১৭১৪-88)। শিৱসাগৰ নগৰৰ পৰা এই ঠাই প্রায় ১২ কিলোমিটাৰ পূবত অৱস্থিত। এই দ’ল খহি পৰিল। এতিয়া ইয়াৰ অৱস্থিতিৰ সামান্য চিন আছে। সেইবোৰৰ পৰা তাত দুটা দ’ল আছিল বুলি ঠাৱৰ কৰিব পাৰি। (ইঃ সোঃছঃবঃ পৃষ্ঠা ২২০)।

নামতি দ’ল

শিৱসাগৰ নগৰৰ পৰা ৭ কিলোমিটাৰ দক্ষিণত নামতি দ’ল অবস্থিত। এই ঠাইতে স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত দুটা দ'ল বন্ধায়। কাতিৰ বিজয়া দশমীৰ দিনা এই দ’লৰ চাব ধৰা হয় (প্রথম কোৰেৰে মাটিত চিন দিয়া)। লক্ষ্মী সিংহ স্বৰ্গদেউৰ জীয়ৰী অর্থাৎ গৌৰীনাথ সিংহৰ নিজৰ বায়েক বৰ আইদেউক নামতিয়াল ভাগৱতীক খাৰঘৰীয়া ফুকন পদৰ পৰা বৰবৰুৱা পাতি বিয়া দিয়ে। এইজনা বৰবৰুৱায়ো ১৭৭৫ চনত নামতি দ’ল দুটা বন্ধায়। এটা অলপ ডাঙৰ, এটা সৰু৷ ডাঙৰটো শিৱ দ'ল, সৰুটো বিষ্ণু দ’ল। শিৱ দ’লটোৰ উচ্চতা ৩১ হাত, মোৰে ৫৮ হাত। ডাঠ ৩ হাত ১৮ আঙুল। (চা: ফুঃবু: ৮ পৃ:। ইঃ সৌ:ছঃবঃ পৃ: ২৩৬)।

পিয়লি ফুকনৰ দ’ল

নাজিৰাৰ পৰা প্রায় ৮ কিলোমিটাৰ দক্ষিণে গেলেকী। ইয়াতে ৰঙাচিলা পথাৰ নামে এখন বিখ্যাত পথাৰ আছে। ৰঙাচিলা দুৱৰাৰ বংশধৰসকলৰ ইয়াতে খাত, পাম আছিল। এই বংশৰ কেইবাজনো লোকে বৰবৰুৱা, বৰফুকন আদি উচ্চ পদ ভোগ কৰিছিল। আৰু প্রায় দুটা শতিকা এই ঠাইতে বাসস্থান আছিল। ইয়াত এতিয়া আছে এটা বিষ্ণু দ’ল। বহুতৰ মতে, ৰঙাচিলা দুৱৰা বংশৰ পিয়লি ফুকনেই এই দ’লটো বন্ধাইছিল। কিন্তু এতিয়াও বিতৰ্কৰ মাজত এই দ’লটো। গেলেকী অঞ্চলৰ বহু স্থানীয় বৃদ্ধ লোকে পিয়লি ফুকনৰ দ'ল বুলি ইয়াক ক’ব নোখোজে। কোনোৱে বিষ্ণু দ’ল আৰু কোনোৱে গৰখীয়া দ'ল বুলিহে মতপোষণ কৰে। বুৰঞ্জীত উল্লেখ আছে যে ৰঙাচিলা পথাৰত বদন বৰফুকনে এটা বিষ্ণু দ’ল নির্মাণ কৰাইছিল। দ’লটো কাৰো স্মৃতিত নির্মাণ কৰাৰ কথা উল্লেখ নাই। আনুমানিক দ’লটো ১৮১০-১৮১৮ আৰু ১৮১৯-১৮২৮ খ্রীঃৰ ভিতৰত নির্মাণ কৰোৱা বদন বৰফুকন হ’ব লাগিব। (অসম বুৰঞ্জীত নতুন আলোকপাত— পদ্ম বৰগোহাঞি, পৃষ্ঠা ১৩০)।

মৈদামসমূহ-

 

আহোমসকলে মৃতকক পাৰ্থিৱ দেহৰ অৱসান হোৱাৰ পিছতো আত্মাটো এই পৃথিৱীতে থাকে বুলি বিশ্বাস কৰে। সেয়েহে শটো মূল্যৱান কাঠৰ পেৰাত ভৰাই শটোৰ ওপৰত শ্রদ্ধাৰে মৈদাম বাছি ওখলৈ জিলিকাই ৰাখে। বছৰৰ মূৰত বা কেইবাবছৰৰ মূৰত মৈদামত পূজা-পাতল দি বংশধৰসকলে মৃত্যু আত্মাৰ আশীর্বাদ বিচাৰে। নাজিৰা মহকুমাত থকা মৈদামসমূহৰ তালিকা এখন প্রস্তুত কৰিবলৈ প্রয়াস কৰা হ’ল।

বিহুবৰ মৈদাম

বিহুবৰ চাহ বাগিচাৰ মাজত ৭টা মৈদাম আছে। এই মৈদামকেইটা দোপগড় চকীৰ বিষয়বাব খোৱাসকলৰ বুলি ভবাৰ থল আছে। (অসম বুৰঞ্জীত নতুন আলোকপাত— পদ্মা বৰগোহাঞি)

মঠিয়াছিগা মৈদাম

বাৰুকত বৰগোহাঁই ডাঙৰীয়াসকলৰ ৯টা মৈদাম আছিল। বৰ্তমান ৫ টা মৈদামহে অক্ষত অৱস্থাত আছে। খামচেং দ’ল বন্ধা গোহাঁইৰ পকী মৈদামৰ কাষত থকা মৈদামটো দ'ল বন্ধা বৰগোহাঁই পিতৃৰ মৈদাম। দিখৌ নৈৰ কাষত থকা সৌকাজান সত্ৰৰ ওচৰত দুটা মৈদাম আছিল, কিন্তু এতিয়া এটা মৈদামহে আছে। (অ: বু: না: আ: প: বৰ: গো:)

গেলেকীৰ মৈদাম

গেলেকীৰ বদন বৰফুকনৰ বাসস্থানৰ কিছু আঁতৰত ৭টা মৈদাম আছে। এই মৈদামসমূহ বদন বৰফুকনৰ বংশধৰসকলৰ মৈদাম।

ৰহদৈ মৈদাম

ৰহদৈ আলিৰ কাষত ৰাজকীয় বিষয়বাব লোৱা বিষয়াৰ দুটা মৈদাম আছে। এটা ডাঙৰ আৰু এটা সৰু। এই দুটাৰ এটা ৰসাপাত মৈদাম বুলি বৃদ্ধ লোকে কয়।

নাগিনী কুঁৱৰী মৈদাম

শিমলুগুৰি জংচনৰ পশ্চিম কোণত দিখৌ নদীৰ পাৰত নাগিনী কুঁৱৰী নামে এটা মৈদাম আছে।

শিমলুগুৰি টিপমীয়া গাঁৱৰ মৈদাম

এই গাঁওখনত এটা সু-উচ্চ মৈদাম আছে। কিন্তু কাৰ মৈদাম আছিল বুজা নগ’ল।

নামদঙীয়া মৈদাম

নামদঙীয়া গাঁৱত দুটা মৈদাম আছিল। তাৰে এটা মৈদাম খহাই নামদঙীয়া আলিটো বন্ধালে। আলিটোৰ ওপৰতে পথাৰত সু-উচ্চ মৈদামটো জিলিকি থাকে। এই দুটা মৈদাম আইদেউ পৰিয়ালৰ বুলি মানুহে ধাৰণা কৰে।

চকীমুখৰ মৈদাম

চকীমুখত আহোম ৰাজত্বকালৰ পাঁচটা মৈদাম আছে। ডাঙৰ মৈদামটো হেকেৰা বৰবৰুৱা মৈদাম বুলি ক’ব পাৰি। বাকী চাৰিটা মৈদামৰ সবিশেষ পোৱা নাযায়।

গড়আলি গোহাঁই গাঁৱৰ মৈদাম

গড়আলিৰ দুয়োপাৰে দুটা মৈদাম আছে। মৈদাম দুটা ৰাজকীয় বিষয়বাব খোৱা অভয়াপুৰীয়া বৰগোহাঁই দুগৰাকীৰ মৈদাম বুলি ক’ব পাৰি। যিহেতু গড়আলি গোহাঁই গাঁও আহোম ৰাজত্বকালৰ অভয়াপুৰীয়া বৰগোহাঁইসকলৰ বাসস্থানৰ পুৰণি চহৰ।

ফুলনিবাৰী মৈদাম

ফুলনিবাৰীত সৰু সৰু মৈদাম বহুতো আছিল। এই মৈদামত ৰজাৰ মৃত ল’ৰাবিলাককহে মৈদাম দিছিল। সেই সময়ত ফুলনিবাৰী মৈদামস্থলী ফুলেৰে সুশোভিত আছিল। কিছুমান মৈদাম সময়ৰ বুকুত হেৰাই গ’ল।

বাউলি মৈদাম

বাউলি মৈদাম নাজিৰাৰ পৰা তিনি কিলোমিটাৰ দূৰত তুংচু ফুকনৰ আলি বা নগা আলিৰ কাষত। মৈদামটো গদাধৰ সিংহৰ বায়েক বাউলিৰ মৈদাম। বন্দৰ বৰফুকনে বাউলিক বিয়া কৰাইছিল।

ৰাণীসকলৰ মৈদাম

চৰাইদেউ ৰাজধানীৰ পৰা দক্ষিণ-পশ্চিম দিশত তিনি কিলোমিটাৰ দূৰত দ’লবাগান চাহ বাগিচাৰ কাষত চৰাইদেউ পর্বতত ৰাণীসকলৰ মৈদাম লানি পাতি আছে। (বু: ন: আ: প: বৰ: গো:) বাগানৰ ভিতৰতে বাগিচাৰ মেনেজাৰৰ বঙলাৰ ভেটিত এগৰাকী প্রধান কুঁৱৰীৰ (ফুলেশ্বৰী কুৱৰী, বৰৰজা) মৈদাম আছে বুলি কেইবাজনো বুৰঞ্জীবিদে মত প্রকাশ কৰিছে।

স্বৰ্গদেউসকলৰ মৈদাম

জনশ্রুতি মতে চৰাইদেউ দেউশালৰ উত্তৰ দিশত ৰজাসকলক আৰু দক্ষিণ দিশত কুঁৱৰীসকলক মৈদাম দিয়া হৈছিল। স্বৰ্গদেউ কুঁৱৰী ৰাজমাও আৰু ৰাজপৰিয়ালৰ মৈদাম লেঙিবৰৰ পৰা নিমনাগড়ৰ কাষলৈ প্রায় পাঁচ-ছয় কিলোমিটাৰ জুৰি শাৰী শাৰীকৈ দেখিবলৈ পোৱা যায়। গোটেই অঞ্চলটোত কিমান মৈদাম আছে তাক এতিয়াও সঠিকভাৱে নিৰূপণ কৰা হোৱা নাই। কেইবাজনো বিশিষ্ট বুৰঞ্জীবিদৰ মতে তাত ৪২ জন স্বৰ্গদেউৰ মৈদাম আছে। কেইবাজনো ৰজাক পাহাৰৰ গুহা কাটি মৈদাম দিয়াৰ কথাও জনা যায়। তদুপৰি চৰাইদেউ মৈদাম এলেকাৰ প্রায় ৩০ বিঘা মাটি চৰাইদেউ চাহ বাগিচা কর্তৃপক্ষই দখল কৰি চাহখেতি কৰিবলৈ লোৱাত সেই অঞ্চলত থকা বহু মৈদাম খহাই সমান কৰি পেলোৱা হ’ল আৰু মৈদামৰ চিনমোকাম নাইকিয়া হ’ল। বাগানৰ ভিতৰতে চাৰিজন স্বৰ্গদেউৰ মৈদাম আছে বুলি বুৰঞ্জীবিদসকলে কয়। বুৰঞ্জীত পোৱা তথ্য অনুসৰি স্বৰ্গদেউ শিৱসিংহৰ মৈদামৰ জোখ— ‘গহ্বৰৰ গহ্বৰ দীঘে ১২ হাত, বহলে ১০ হাত, ডাঠ ৯ হাত, ভিতৰ টাকলৈ শূন্য, ওখকৈ ১৪ হাত, বাবা টাকলৈ ১৯ হাত” (ইতিহাসে সোঁৱৰা ছশটা বছৰ)। বেংখোৱা বৰুৱাসকলৰ মৈদাম আছে। ৰমণী আলিৰ কাঁৰীগুৰিত বেংখোৱা বৰুৱাসকলৰ তিনিটা মৈদাম থকাৰ উপৰি বেংখোৱা পুখুৰী নামে এটা পুখুৰী আছে।

ৰাজমন্ত্ৰী লাই থেপেনা বৰগোহাঁই মৈদাম

নাজিৰা নগৰৰ পৰা প্রায় পাঁচ কিলোমিটাৰ পশ্চিম দিশত আহোম ৰাজত্বকালৰ এখন ঐতিহাসিক পুৰণি চহৰ মাদুৰি। এই মাদুবিতে জয়মতী কুঁৱৰীৰ পিতৃ ৰাজমন্ত্ৰী লাই থেপেনা বৰগোহাঁই ডাঙৰীয়াৰ বাসস্থান। এওঁৰ ২৪ জন পুত্ৰ আছিল। মাদুৰিত লাই থেপেনা বৰগোহাঁইৰ সু-উচ্চ মৈদাম থকাৰ উপৰি পত্নীসকলৰ আৰু ২৪ জন পুত্ৰৰ মৈদামৰ লগতে পৰিয়ালৰ তিনিটা মৈদাম আছে।

চূণপোৰা ঘাটৰ মৈদাম

গড়গাঁও নগৰৰ পশ্চিম কোণত দিখৌ নৈৰ কাষত পাঁচটা সৰু-বৰ মৈদাম আছে। মৈদামকেইটা এতিয়াও চিনাক্ত হোৱা নাই। কেইটামান দিখৌ নৈৰ খহনীয়াই খহাই নিলে।

ধোপাবৰ পাতৰ গাঁৱৰ মৈদাম

ধোপাবৰ পাতৰ গাঁৱৰ মৈদাম তিনিটা ৰহদৈ পুখুৰীৰ পশ্চিম কোণৰ পথাৰখনত আছে। মৈদামকেইটা স্বৰ্গদেউ ৰুদ্র সিংহ আৰু শিৱ সিংহৰ ৰাজত্বকালত বিষয়বাব খোৱা বৰফুকন আৰু পাটৰসকলৰ বুলি ভবাৰ স্থল আছে। পুখুৰীৰ দক্ষিণে নিমাই গড় নামে ঠাইত আৰু তিনিটা মৈদাম আছে- যিকেইটা এতিয়াও চিনাক্ত হোৱা নাই।

ভোগবাৰীত থকা মৈদাম

গড়গাঁও নগৰৰ উত্তৰ দিশত ভোগবাৰীত তিনিটা সৰু আৰু ডাঙৰ মৈদাম আছে। এটা পকী মৈদাম। এই মৈদামটো কন্দুৱা গোহাঁইৰ বুলি চিনাক্ত কৰিছে।

বৰবৰুৱা মৈদাম

গড়গাঁৱৰ পৰা পূব দিশত আঠ মাইলমান দূৰত দিচাং নৈৰ কাষত ঘোঁৰাচোৱা বৰুৱা মৈদাম। এইগৰাকী বৰবৰুৱাই মৃত্যুৰ আগতে এই মৈদামটো নির্মাণ কৰাইছিল। গড়গাঁৱৰ ৰাজধানীৰ আশে-পাশে থকা মৈদামসমূহ ৫ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা এই মৈদামসমূহৰ বহুতো মৈদাম জহি-খহি পথৰুৱা মাটিত পৰিণত হ’ল। এইবিলাক ইতিহাসৰ পাতত আৰু মৈদামসমূহৰ ভিতৰত গড়গাঁও ৰাজধানীৰ দক্ষিণ দিশত ধোপাবৰ অঞ্চলত ৰহদৈ আলিৰ কাষত আহোম ৰাজত্বকালত বিষয়বাব খোৱা বিষয়াৰ তিনিটা সু-উচ্চ ডাঙৰ মৈদাম আৰু দুটা সৰু মৈদাম আছে। ডাঙৰ মৈদাম দুটাৰ এটা ৰসা পাটৰৰ আৰু এটা তেওঁৰ বংশৰ বুলি কয়। বাকী তিনিটা মৈদাম ৰমণী আলিৰ কাষত বগৰীগুৰিত আছে।

কাৱৈমাৰী মৈদাম

চকীমুখৰ মেধিবাৰীত ৰজাদিনীয়া কাৱৈমাৰী পুখুৰী নামে এটা পুখুৰী আছে আৰু বাৰীৰ কাষত এটা মৈদাম আছে।

বুৰঞ্জীত পোৱা তথ্য অনুসৰি চৰাইদেউত মুঠ ৪২ টা স্বৰ্গদেউৰ সমাধি (মৈদাম) আছে। কেন্দ্রীয় পুৰাতত্ত্ব বিভাগে ৮টা মৈদাম চিনাক্ত কৰি, চাৰিওফালে বেৰা দি নাম-ফলক লগাই সংৰক্ষণ কৰিছে।

১। স্বৰ্গদেউ চুক্লেংমুং (ডেকা ৰজা) মৈদাম ১৫৫২ খ্রীষ্টাব্দত বান্ধিছিল।

২। প্ৰমত্ত সিংহ স্বৰ্গদেউৰ পকী মৈদাম। এই মৈদাম ১৭৫১ খ্রী: বন্ধাইছিল।

৩। শিৱ সিংহ স্বৰ্গদেউৰ পকী মৈদাম। ১৭৪৪ খ্রীষ্টাব্দত বন্ধা হৈছিল।

৪। লক্ষ্মী সিংহ স্বৰ্গদেউৰ পকী মৈদাম।

৫। ৰাজেশ্বৰ সিংহ স্বৰ্গদেউৰ মৈদাম। মৈদামৰ জোখ— "ডিমৰ ভিতৰ গহ্বৰ উত্তৰা-দক্ষিণাকৈ ১০ হাত ১ বেগেত, পথালি ৮ হাত, বাৰ ডাঠে ৬ হাত ওখ শূন্য ১৩ হাত, মৈদাম ওখকে ২৭ হাত, বেৰে ৩০ বেওঁ। তলি ১১ কেওঁ। (ইতিহাসে সোঁৱৰা ছশটা বছৰ)

৬। গৌৰীনাথ সিংহ স্বৰ্গদেউৰ মৈদাম (১৭৯৬ খ্রীঃ)। এই মৈদাম আকাৰত সৰু|

৭। কমলেশ্বৰ সিংহ স্বৰ্গদেউৰ মৈদাম (১৭১৪ খ্রীঃ)।

৮। ৰুদ্ৰসিংহ স্বৰ্গদেউৰ মৈদাম (১৭১৪ খ্রীঃ)।

৯। দিহিঙীয়া ৰজা স্বৰ্গদেউ চুহুংমুঙৰ মৈদাম। (১৫৩৯ খ্ৰী:)।

১০। চুখামফা স্বৰ্গদেউ (খোৰা ৰজা) (১৬০৩ খ্ৰী:)।

১১। গদাধৰ সিংহ স্বৰ্গদেউৰ মৈদাম। চৰাইদেউত থকা ভিতৰত গদাধৰ সিংহ স্বৰ্গদেউৰ মৈদামেই আটাইতকৈ ডাঙৰ। (হবেন ৰাজকোঁৱৰ)

গদাধৰ সিংহৰ মৈদামৰ জোখ: তলৰটো ঘৰ দীঘে ২৩ হাত ১ বেগত, বহলে ১২ হাত ১ বেগেত, বাৰ ডাঠ ৫ হাত, ওপৰৰ টুপ বহলে ৪ হাত ১ বেগেত, ওখ শূন্য ১২ হাত। দক্ষিণৰ টুপ বহলে ৩ হাত ১ বেগেত এশ শূন্য হাত, টুপৰ বাবে ডাঠে ২ খন ৮ হাত ১ বেগেতকৈ মাজৰ ফাৰু বাৰ ডাঠে ৩ হাত ১ বেগেতকৈ। (ইতিহাসে সোঁৱৰা ছশটা বছৰ, পৃষ্ঠা ৮০)

১২। প্রতাপ সিংহ মৈদাম : এই মৈদাম চৰাইদেউ বাগিচাৰ ভিতৰত আছে (১৬৪১ খ্রীঃ)(হৰেন ৰাজকোঁৱৰ)

১৩। বৰ ৰজা অথবা ফুলেশ্বৰী কুঁৱৰীৰ মৈদাম: চৰাইদেউ দ’লবাগান চাহ বাগিচাৰ কাষত বৰ ৰজা ফুলেশ্বৰী কুঁৱৰীৰ মৈদাম আছে বুলি কেইবাজনো বুৰঞ্জীবিদে মত প্রকাশ কৰিছে। বাগিচাৰ মেনেজাৰ মৈদামৰ ভেটিতে আছে বুলি কয়।

পুখুৰীসমূহ-

 

নামতি দ’ল পুখুৰী

স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজত্বকালত ১৭৭৫ খ্ৰীঃত এটা পুখুৰী খন্দোৱাই পাৰত শিৱদ’ল আৰু দেৱীদ’ল নির্মাণ কৰোৱাই আৰু উছৰ্গা কৰি নামতি দ’ল পুখুৰী নাম থয়। এতিয়াও দ’ল-পুখুৰী অক্ষত অৱস্থাত আছে।

ৰহদৈ দ’ল পুখুৰী

স্বৰ্গদেউ গদাধৰ সিংহই ল’ৰাৰজাৰ চাউদাঙৰ পৰা হাত সাৰি থাকিবলৈ পলাই ফুৰিব লগা হৈছিল। ধোপাবৰৰ এগৰাকী ৰহদৈ নামৰ পোহাৰীয়ে তেওঁক সহায়ৰ হাত আগবঢ়াইছিল। ৰজা হৈ ১৬৮৩ খ্ৰীঃত এটা পুখুৰী খন্দাই পূব কোণত এটা দ’ল নির্মাণ কৰায়। পুখুৰীৰ মাটিকালি প্রায় ১৯ বিঘা। বর্তমান দ’লৰ ভগ্নাৱশেষহে আছে।

ফুকনৰ পুখুৰী

মেজেঙা হুদুপৰা চাৰিআলিৰ দক্ষিণ কোণত আহোম ৰাজত্বকালৰ ফুকনৰ পুখুৰী নামে এটা পুখুৰী আছে। পুখুৰীটো কলিয়াভোমোৰা বৰফুকনে খন্দোৱা বুলি জনা যায়। বর্তমান পুখুৰীটো থাকিলেও ব্যৱহাৰৰ বাবে উপযুক্ত নহয় যেন দেখা যায়।

মেছাঘৰ বা মছলৌ পুখুৰী

মঠিয়াছিগাত গছপুৰীয়া আলিৰ কাষত স্বৰ্গদেউ প্রতাপ সিংহৰ মাতৃ মছলৌ কুঁৱৰীৰ স্মৃতিত ১৬১৬ খ্রীঃত এটা বিশাল পুখুৰী খন্দাই পুখুৰীৰ পূব কোণত এখন দেৱাল নির্মাণ কৰাইছিল।ো

সুন্দৰ পুখুৰী

নাজিৰা নগৰৰ পৰা প্রায় ৭ কিলোমিটাৰ দূৰত দক্ষিণ দিশত চেলেং পথাৰ। আহোম ৰাজত্বকালত সুন্দৰ বৰগোহাঁই ডাঙৰীয়াই খন্দোৱা পুখুৰী কাৰণে সুন্দৰ পুখুৰী নামেৰে জনাজাত হ’ল।

বৰবৰুৱা পুখুৰী

আহোম ৰাজত্বকালৰ শেষভাগত হেকেৰা বৰবৰুৱাই ৰে’ল আলিৰ কাষত থকা পুখুৰীটো খন্দাইছিল। বর্তমান পুখুৰীটোৰ খাৱৈত নাজিৰা মহকুমাধিপতিৰ উপৰি চৰকাৰী অন্যান্য কাৰ্যালয আছে।

ৰাজমাও পুখুৰী

নাজিৰা নগৰৰ দক্ষিণ দিশত নগৰখনৰ কাষত কলিয়াভোমোৰা বৰফুকন আলিৰ কাষত ৰজাপুলত ৰাজমাও পুখুৰী আছে। ৰাজমাও গৰাকী কোন আছিল বুৰঞ্জীত পোৱা নগ’ল।

দেওধাই পুখুৰী

নাজিৰা নগৰৰ মধ্যস্থলত আহোম ৰাজত্বকালত আহোমৰ পুৰোহিত দেওধাই ফুকনৰ বাসস্থান আছিল। সেই ঠাইত পুখুৰীৰ চিন আজিও আছে।

ফুলপানী বৰুৱা পুখুৰী

ওপৰ নাওশলীয়া আৰু তল নাওশলীয়াৰ বিপৰীতে গজপুৰীয়া বা বৰ আলিৰ কাষত আছে ফুলপানী বৰুৱা পুখুৰী। ফুলপানী বৰুৱা দিহিঙীয়া বৰুৱা আছিল।

সোণাদৈ পুখুৰী

লংকাকত সোণাদৈ পুখুৰী নামেৰে এটা আহোম যুগৰে পুখুৰী আছে। পিছলৈ এই পুখুৰীটোক পানীবিল বোলে।

বৰকলা নগৰৰ পুখুৰী

স্বৰ্গদেউ গদাধৰ সিংহ ১৬৮১ খ্রীঃত ৰাজসিংহাসনত বহাৰ পিছত গড়গাঁৱৰ পূর্ব দিশত নগৰৰ কাষতে বৰকলা নগৰ নামে এখন নগৰ প্রতিষ্ঠা কৰি দেশৰ ৰাজকার্য চলায়। স্বৰ্গদেৱে গড়গাঁও নগৰৰ পৰা ৰাজকার্য চলোৱা নাছিল। বৰকলাত ১৭ বছৰ ৰাজধানী আছিল। বৰকলা নগৰৰ গড় আজিও জিলিকি আছে। বৰকলা নগৰৰ পুখুৰীকেইটা হ’ল— মিঠাপুখুৰী, বৰকলা পুখুৰী, পদুম পুখুৰী, জহা পুখুৰী, ভিতৰ পুখুৰী, বাজপুখুৰী, ভঙা পুখুৰী ইত্যাদি। দুৰ্ভাগ্যজনকভাৱে এই কীৰ্তিচিহ্নসমূহ ক্ৰমে লুপ্ত হোৱাৰ পথত বুলি ক'ব পাৰি।

মাইগুৰি পুখুৰী

নামতি ৰে’ল ষ্টেচনৰ ওচৰত মাইগুৰি পুখুৰী নামে এটা আহোমৰ ৰাজত্বকালৰ পুখুৰী আছে। পুখুৰীটো কেতিয়া কোনে খন্দাইছিল বুৰঞ্জী নিমাত।

ফুলচেং পুখুৰী

এই পুখুৰীটো হাৰিপৰা আলিৰ কাষত অৱস্থিত। ধূলাপেটা নাওবৈচা ফুকনৰ জীয়েক স্বৰ্গদেউ জয়ধ্বজ সিংহৰ ৰাণী ফুলচেঙৰ স্মৃতিত খন্দোৱা হৈছিল।

লখিমী পুখুৰী

স্বৰ্গদেউ প্রতাপ সিংহই জয়খামদাং পথাৰ বা খাতৰ কাষতে লখিমী তুলিবৰ কাৰণে এটা ডাঙৰ পুখুৰী খন্দাইছিল। পুখুৰীটো এতিয়াও আছে।

চোলাধৰা পুখুৰী

মঠিয়াছিগা বা বাৰুকৰ আলি আৰু চতাই আলিৰ উত্তৰ কোণত জয়ৰাম চোলাধৰা ফুকনৰ স্মৃতিত খন্দোৱা পুখুৰীটোৰ নাম চোলাধোৱা পুখুৰী। স্বৰ্গদেউ লক্ষ্মী সিংহৰ কালত ৰজাঘৰীয়া চোলা-কাপোৰ ধোৱা বিষয়া ফুকনৰ বাবত আছিল।

গড়গাঁও নগৰৰ মিঠা পুখুৰী

কাৰেঙৰ সন্মুখৰ ৰজাঘৰীয়া পানী ব্যৱহাৰ কৰিবৰ কাৰণে মিঠা পুখুৰী নামেৰে এটা পুখুৰী আছে। সংৰক্ষণৰ অভাৱত এই পুখুৰীটো নষ্ট হৈ গৈছে।

গড়গাঁৱৰ কুঁৱৰী পুখুৰী

গড়গাঁও নগৰৰ পশ্চিম কোণত ৰাণীসকলে ব্যৱহাৰ কৰা কুঁৱৰী পুখুৰী নামে এটা পুখুৰী আছে। পুখুৰীটোৰ পানীৰ অংশলৈ নামি যাবৰ বাবে পাৰৰ পৰা তললৈ খটখটী আছে|

ৰাজমাও দ'ল পুখুৰী

মঠিয়াছিগা বা বাৰুকত স্বৰ্গদেউ শিৱ সিংহৰ তৃতীয় বাণী অনাদৰীয়ে গজপুৰীয়া আলিৰ কাষত শিৱসিংহৰ মাতৃ কেৰি ৰাজমাওৰ স্মৃতিত এটা পুখুৰী খন্দায় আৰু উত্তৰ পাৰত বাসুদেৱ দ’ল নির্মাণ কৰি উছৰ্গা কৰে।

ছঅঁৰা পুখুৰী

বাৰুক বা মঠিয়াছিগা বাৰুকিয়াল বৰগোহাঁই ডাঙৰীয়াসকলে বাসস্থানৰ চহৰ পাতিছিল। সেইকালত বাৰুতত ছঁঅৰা পুখুৰী আছিল। তাৰে কিছুমান জহি-খহি যোৱাৰ উপক্রম হৈছে।

গড়গাঁৱৰ পূজাঘৰ পুখুৰী

গড়গাঁও নগৰৰ দক্ষিণ কোণত পূজা পাতালত পানী ব্যৱহাৰ কৰিবৰ কাৰণে এটা পুৰণি পুখুৰী আছে। কিন্তু সংৰক্ষণৰ অভাৱত পিতনিৰ তলত উচুপি আছে।

ফুলপানী বৰুৱা পুখুৰী

মঠিয়াছিগা দিহিঙীয়া গাঁৱত বৰ আলিৰ কাষত এগৰাকী ফুলপানী বৰুৱাই খন্দোৱা পুখুৰী আছে।

মাদুৰি চহৰৰ ৰজাদিনীয়া পুখুৰী

ৰাজমন্ত্রী লাই থেপেনা বৰগোহাঁইৰ বাসস্থানৰ ৰজাপুখুৰী নামে এটা পুখুৰী আছে। তদুপৰি ফুলনি পুখুৰী, মাহ-প্রসাদ ধোৱা পুখুৰী, নাও খেল পুখুৰী, ফুকনৰ পুখুৰী আছে। তদুপৰি ফুলনি পুখুৰী, মাহ-প্রসাদ ধোৱা পুখুৰী, নাও খেল পুখুৰী, ফুকনৰ পুখুৰী আছিল। তাৰে কিছুমান পুখুৰীৰ চিনমোকাম নোহোৱা হৈছে। মাদুৰিৰ দক্ষিণ দিশত লাই থেপেনা বৰগোহাঁইৰ তৃতীয় পুত্ৰ ৰাম চন্দ্র খনিকৰ বৰুৱাই খন্দোৱা খটখটী পুখুৰী। এতিয়াও ই অক্ষত অৱস্থাত আছে। এই পুখুৰীটোৰ বিপৰীতে ডিমৌ নৈৰ কাষত আহোম ৰাজত্বকালৰ শেষ ৰাজমন্ত্র মালভোগ বৰগোহাঁইৰ বাসস্থান। ১০ বিঘা মাটিকালিৰ এটা পুখুৰী আছে।

ফুলনি পুখুৰী

মেছাঘৰৰ মধ্যস্থলত ফুলনি পুখুৰী নামে এটা পুখুৰী আছে। ইয়াৰ আন এটা নাম বৰ পুখুৰী আছিল। চুহুংমুং দিহিঙীয়া ৰজাৰ ৰাজত্বকালৰ তনখাম বৰগোহাঁই ডাঙৰীয়াই খন্দোৱা বুলি বুৰঞ্জীত উল্লেখ আছে।

শ-ধোৱা পুখুৰী

গড়গাঁও নগৰৰ উত্তৰ-পূব কোণৰ পৰা চৰাইদেউ পর্বতৰ মৈদামলৈকে শ-নিয়া আলি নামে এটা আলি আছিল। নগৰত স্বৰ্গী হোৱা স্বৰ্গদেউসকলৰ শনিবৰ বাবে গড়ৰ তলেদি এটা সুৰংগ আছিল। যেতিয়া মৈদাম নির্মাণৰ কাম সম্পূর্ণ হয়। তেতিয়া গোমোঠা নগৰৰ পৰা গায়নে-বায়নে ৰজাক শ-নিয়া আলিয়েদি নি চৰাইদেউত থকা শ-ধোৱা পুখুৰীত ধুৱাই মৈদাম দিয়ে। শ-ধোৱাৰ বাবে শ-ধোৱা পুখুৰী হ’ল। গড়গাঁও নগৰ প্রতিষ্ঠা হোৱাৰ পিছত গোমোঠা নগৰ প্রতিষ্ঠা হয় আৰু শ-নিয়া আলি পুখুৰী বন্ধোৱা হয়। (১৫৩৯-১৫৫২)

কোৰ ধোৱা পুখুৰী

শ-ধোৱা পুখুৰীৰ নাতিদূৰৈত কোৰ ধোৱা পুখুৰী। ৰজাক মৈদাম দিয়াৰ পিছত এই পুখুৰীত সৎকাৰত ব্যৱহৃত কোৰ আৰু অন্যান্য সঁজুলিবিলাক ধোৱা হৈছিল।

মেছলৌ কুঁৱৰী পুখুৰী

গজপুৰীয়া আলিৰ কাষত মেছাগড় চহৰত মেছলৌ কুঁৱৰী পুখুৰী আছে। স্বৰ্গদেউ প্রতাপ সিংহই মাতৃ মেছলৌ কুঁৱৰীৰ স্মৃতি চিৰযুগমীয়া কৰি ৰাখিবৰ নিমিত্তে এই পুখুৰী খন্দাইছিল। (১৬০৩-১৬৮১)।

বগী ৰাজমাও পুখুৰী

গজপুৰীয়া আলিৰ কাষত বগী দ’লত স্বৰ্গদেউ লক্ষ্মীসিংহৰ মাতৃৰ স্মৃতিত এটা পুখুৰী খন্দাই বগী ৰাজমাও পুখুৰী নাম থয়। (১৭৬৯-১৭৮০)।

কেৰি ৰাজমাও পুখুৰী

মঠিয়াছিগাত বা বুৰুকত গজপুৰীয়া আলিৰ কাষত স্বৰ্গদেউ শিৱ সিংহৰ পত্নী সৰ্পেশ্বৰীয়ে স্বৰ্গদেউৰ মাক কেৰি ৰাজমাওৰ স্মৃতিত এটা পুখুৰী খন্দায়। সেই পুখুৰীয়ে হ’ল ৰাজমাও পুখুৰী।

টেঙা পুখুৰী

স্বৰ্গদেউ জয়ধ্বজ সিংহই চৰাইদেউৰ নামনিত এখন টেঙাবাৰী পতোৱাইছিল। বিবিধ ধৰণৰ টেঙা গছৰ কাষতে এটা প্রকাণ্ড পুখুৰী খন্দোৱাইছিল। টেঙাবাৰীত খন্দোৱা পুখুৰীয়েই টেঙা পুখুৰী হ’ল৷ পুখুৰীৰ ব্যতিক্রম হ’ল আনবোৰ পুখুৰীতকৈ বহু ওপৰত ইয়াৰ পানী। ওদকালি বাৰিষা পানী টাবত থকাৰ দৰে চপচপীয়া হৈ থাকে। (স্মৃতিগ্রন্থ ‘চৰাইদেউ')

লেঙীবৰ পুখুৰী

লেঙীবৰ পুখুৰী আন এটা লেখত ল’বলগীয়া পুখুৰী। বিহুৰ মূল দেৱতা ফি ফেং বা ধনকলীয়াক প্রতিষ্ঠা কৰিবৰ বাবে পুখুৰী খন্দোৱাই পাৰত বড় গছ ৰোপণ কৰিছিল। সেয়ে লেঙীবৰ পুখুৰী। (স্মৃতিগ্রন্থ : চৰাইদেউ)।

মনাদৈ পুখুৰী

চৰাইদেউ অঞ্চলত মনাদৈ নামেৰে এটা পুখুৰী আছে। মনাদৈ নামৰ কোনোবা চাওফাৰ চমুৱা কুঁৱৰী হাত ধৰি লিগিৰী আছিল। সময়ত চাওফাই তেওঁক মাটি-ভেটি দি জীৱিকা নির্বাহৰ উপায় দি তেওঁৰ নামত পুখুৰী খন্দোৱাইছিল। (স্মৃঃগ্ৰাঃ চৰাইদেউ)

পেটু ধোৱা পুখুৰী

বানতুং নগৰৰ অনতিদূৰত পেটু ধোৱা পুখুৰী। জনশ্রুতি মতে এজন ডাঙৰীয়াই নিজ সাধনাৰ বলত আনে নেদেখাকৈ নিজৰ পেটৰ ভুঁৰু উলিয়াই এই পুখুৰীত ধুই পুনৰ সামৰি লয়। এনেকৈয়ে এদিন ডাঙৰীয়াই পেটু ধুই থাকোতেই এজন প্রতিবেশীয়ে গোপনে নিৰীক্ষণ কৰি আছিল। ডাঙৰীয়াই ধুই-পখালি পিছত নাড়ী ভুঁৰু সামৰিব নোৱাৰি কিবা অঘটন হৈছে বুলি ভাবি ক’লে—“কোনে মোৰ সৰ্ব্বনাশ কৰিলি ? ক, নহ'লে শাপ দি ভস্ম কৰিম।' তেনে কথা শুনি নিৰীক্ষকজন ওলাই আহি তেওঁ যে ডাঙৰীয়াৰ সৰ্ব্বনাশ কৰাৰ মানস কৰা নাছিল, কেৱল কার্যটোহে চাইছিল বুলি জনালে। ডাঙৰীয়াজনৰ পেট-ভুৰু সামৰোঁতে পলম হোৱাৰ বাবে তাতেই মৃত্যু হ’ল। (স্মৃঃগ্ৰাঃ "চৰাইদেউ" হেম ২০০৩ বুঢ়াগোহাঞি)

আচুঁবলীয়া পুখুৰী

চাওফা চুপাওফা দিনৰ এজন চাওদাং বিষয়াৰ নাম আঁচু আছিল। আঁচুবলীয়া বিষয়াই খন্দোৱাৰ বাবে পুখুৰীৰ নাম আঁচুবলীয়া পুখুৰী হ’ল। এই পুখুৰীৰ পানী নীলা ৰঙৰ। ধোদৰ আলিৰ কাষতে থকা এই পুখুৰীটো বর্তমান পোত গৈছে। (স্মৃ:গ্রঃ ‘চৰাইদেউ" বুঢ়াগোহাঞি)

চেতিয়া ফুকনৰ পুখুৰী

বাউলী পুখুৰীত বানতুং নগৰৰ তেনেই কাষতে চেতিয়া ফুকনৰ আলি। চেতিয়া ফুকন আছিল বন্দৰ বৰফুকন। খিতাপ আছিল বৰফুকন। খেল আছিল লাম-লাখৰু চেতিয়া। চেতিয়া ফুকনৰ আলিৰ কাষতে আন এখন বাৰী আৰু পুখুৰী, নাম বাউলীবাৰী, বাউলী পুখুৰী। এই বাউলী গদাধৰ সিংহৰ বায়েক। তেওঁক গুৱাহাটীৰ বন্দৰ ফুকনে চকলঙলৈ নিছিল। বাউলীৰ আন নাম বামুণী। তেওঁৰ মৃত্যুৰ পিছত গুৱাহাটীতে মৈদাম দিয়া হৈছিল। (স্মৃঃগ্ৰাঃ "চৰাইদেউ" ২০০৩)

সেন্দুৰী পুখুৰী

সেন্দুৰী নামৰ এগৰাকী জীয়েকৰ নামত কটকী নামৰ এজন আহোম বিষয়াই খন্দাইছিল বুলি জনা যায়। এই পুখুৰীটো বৰক'লা নগৰৰ উত্তৰ দিশত অৱস্থিত।

চৰাইদেউ অঞ্চলত থকা আৰু কিছুমান পুখুৰী

মিঠা পুখুৰী, পুখুৰী, বুঢ়াগোঁহাই পুখুৰী, কৰ্দৈ পুখুৰী, ধোবা পুখুৰী ইত্যাদি।

কাৱৈমাৰী পুখুৰী

চকীমুখত থকা মেধিবাৰীত ৰজাদিনীয়া কাৱৈমাৰী নামেৰে এটা পুখুৰী আছে।

খৰাঘৰ পুখুৰী

আহোম স্বৰ্গদেউসকলৰ দিনত খন্দোৱা খৰাঘৰৰ ওচৰত এটা পুখুৰী আছে। খাৰ ঘৰৰ ওচৰতে খাৰ-বাৰুদ তৈয়াৰ কৰিবলৈ পানীৰ ব্যৱহাৰৰ বাবে পুখুৰীটো খন্দাইছিল বুলি জনা যায়। শিমলুগুৰি নগৰৰ পৰা প্রায় এক কিলোমিটাৰ (গড়গাঁও নগৰৰ পূবলৈ) দূৰত্বত দৰিকা পথাৰৰ মাজত এই পুখুৰীটো অৱস্থিত। শিমলুগুৰি নগৰৰ ফালৰ পৰা যাওঁতে ধোদৰ আলিৰ বাঁওহাতে প্রায় ৬০ মিটাৰমান গ’লেই পুখুৰীটো দেখিবলৈ পোৱা যায়। ইয়াৰ চাৰিওফালে এটা গড় আছিল। পুখুৰীটো স্বেচ্ছাসেৱী অনুষ্ঠানসমূহে চোৱাচিতা কৰি আছে। সুখৰ বিষয় যে এই পুখুৰীটোৰ কাষতে (পাৰত নহয়) শিমলুগুৰি জ্যেষ্ঠ নাগৰিকসকলৰ এখন বৃদ্ধাশ্রম প্রতিষ্ঠা কৰা হৈছে।

ঢেকীয়াল ফুকন পুখুৰী

গড়গাঁৱৰ পৰা পূবলৈ প্রায় তিনি কিঃমিঃ দূৰত্বত গড়মূৰ চাৰিআলি। সেই ঠাইৰ পৰা আনুমানিক তিনি কিঃমিঃ আঁতৰত মাজপথাৰ চেতিয়া সন্দিকৈ গাঁও। এই গাঁৱতে ঢেকীয়াল (ফুকন) পুখুৰী নামেৰে এটা ৰজাদিনীয়া পুখুৰী আছে। গাঁও পঞ্চায়তে এই পুখুৰীটোৰ সংৰক্ষণৰ বাবে এটা শক্তিশালী পদক্ষেপ গ্রহণ কৰিছে। পুখুৰীটোৰ ওচৰতে ঢেকীয়াল ফুকন-ফুকননীৰ মৈদাম দুটাও আছে। ব্ৰিটিছৰ আমোলত এই মৈদাম দুটাৰ মাজৰ অংশ খান্দি ইয়াৰ সৌন্দর্য বিনষ্ট কৰিলে।

আলিসমূহ-

 

বিভিন্ন কীর্তিচিহ্নসমূহৰ উপৰি যাতায়াতৰ সুবিধাৰ অৰ্থে শত্ৰু আৰু বানপানী প্রতিৰোধৰ বাবে আহোম স্বৰ্গদেউসকলে বন্ধোৱা শতকৰা ৯০ ভাগ আহল-বহল আৰু ওখ আলিগড় শিৱসাগৰ জিলাৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা দেখা যায়। ইয়াৰে নাজিৰা মহকুমাৰ আলিসমূহৰ চমু পৰিচয় দিবলৈ প্রয়াস কৰা হৈছে।

ধোদৰ আলি

আহোম ৰাজত্বকালত নির্মাণ কৰা আলিসমূহৰ ভিতৰত ইয়েই আটাইতকৈ দীঘল আলি। জয়পুৰৰ পৰা কমাৰবন্ধলৈ ১১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ধোদৰ আলিটো স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত (১৬৮১-১৬৯৬) ধোদসকলৰ দ্বাৰা বন্ধাইছিল। কমাৰবন্ধাৰ পৰা বহু ঠাই পাৰ হৈ আহি নাজিৰা মহকুমাৰ নামতি, মেজেঙা আৰু নাজিৰা নগৰৰ মাজেদি বালিঘাটৰ পূবলৈ অৰ্থাৎ জয়পুৰলৈ ঢাপলি মেলিছে।

গড়গাঁৱৰ আলি বা নাজিৰা আলি

শিমলুগুৰি, গড়গাঁৱৰ পৰা ৰংপুৰলৈ (শিৱসাগৰ) যোৱা এই পথছোৱাৰ নাম গড়গাঁও আলি। স্বৰ্গদেউ ছুংক্লেংমুঙে এই আলিটো নির্মাণ কৰাইছিল। (১৫৩৯-১৫৫২)।

বৰ আলি বা গজপুৰীয়া আলি

নাজিৰা নগৰৰ চাৰিআলি হৈ ন মাটিয়েদি গৈ জয়সাগৰ তিনিআলিত লাগিছেগৈ। স্বৰ্গদেউ প্রতাপ সিংহই গড়গাঁও ৰাজধানীৰ নাম হস্তিনাপুৰ কৰাৰ অভিলাষেৰে জামিৰিগুৰি লাইখাও দিহিঙৰ ৰহা নদী আদিত গড় মাৰি এহাজাৰ হাতী ধৰে। হাতী ৰখা গজপুৰৰ পৰা গড়গাঁও নগৰলৈ গজপুৰীয়া নামেৰে এটা আলি আহল-বহলকৈ নির্মাণ কৰি এটা ইতিহাস ৰচনা কৰিছিল। এই আলিয়েদি গড়গাঁৱলৈ হাতী অনা-নিয়া কৰিছিল। এই আলিটো আহল-বহল, ডাঙৰ দেখি মানুহে কৰি আলি বুলি ক’লে। বুৰঞ্জীপ্ৰসিদ্ধ মেছাগড় চহৰৰ মাজেদিয়েই বন্ধাইছিল।

ডাউকী আলি

গজপুৰীয়া বা বৰ আলিৰ পৰা মেছাগড়ৰ মাজেদি স্বৰ্গদেউ ৰূদ্র সিংহৰ ৰাজত্বকালত ডাউকী আলি নামেৰে এটা আলি চাৰিং চহৰৰ লগত সংযোগ কৰি নিৰ্মাণ কৰিছিল। মেছাঘৰৰ পশ্চিম দিশত ঐতিহাসিক বাঁহগড় ছেদ কৰি শ'লগুৰি হৈ খৰিকটীয়া আলিত ছেদ কৰি কালুগাঁও হৈ চাৰিং চহৰ পাইছেগৈ। এই আলি সেইসময়ৰ গড়গাঁও নগৰ আৰু চাৰিং চহৰৰ এটা সংযোগী পথ আছিল।

শ-নিয়া আলি

গড়গাঁও নগৰৰ উত্তৰ-পূব কোণত চৰাইদেউ পর্বতৰ মৈদামলৈ শ-নিয়া আলি নামে এটা আলি আছিল। নগৰত স্বৰ্গী হোৱা স্বৰ্গদেউৰ শ নিবৰ বাবে এই আলি নির্মাণ কৰাইছিল, গড়গাঁও নগৰ প্রতিষ্ঠা হোৱাৰ কিছু বছৰৰ পিছতে।

ৰহদৈ আলি

স্বৰ্গদেউ গদাধৰ সিংহই ৰহদৈ আলি বন্ধাইছিল। ল’ৰাৰজাৰ চাওদাঙৰ হাতৰ পৰা আঁতৰি থাকিবলৈ স্বৰ্গদেউ গদাধৰ সিংহ পলাই ফুৰিব লগা হৈছিল। সেই সময়ছোৱাতে গদাধৰ কোঁৱৰক ৰহদৈ নামৰ এগৰাকী পোহাৰীয়ে ৰজাৰ চোৰাংচোৱাৰ পৰা ৰক্ষা কৰিছিল। ল’ৰাৰজাৰ পৰা আহোম ৰাজপাট উদ্ধাৰ কৰি ৰাজসিংহাসন আৰোহণ কৰাৰ পিছত পোহাৰীগৰাকীৰ কৃতজ্ঞতাৰ স্মৃতিস্বৰূপে ৰহদৈ আলি নামে এটা আলি নির্মাণ কৰা হৈছিল। (১৬৮১-১৬৯৬) এই আলিটো ধোদৰ আলিৰ পৰা নগাপাহাৰত সংযোগ হৈছেগৈ।

ৰমণী আলি

স্বৰ্গদেউ গদাধৰ সিংহই ল’ৰাৰজাৰ ভয়ত পলাই ফুৰোঁতে ৰমণী নামৰ এগৰাকী গাভৰুৰ পৰা বহুত সহায় পাইছিল। স্বৰ্গদেৱে ৰজা হয়েই শিমলুগুৰি ধোদৰ আলিৰ পৰা নগা পাহাৰৰ ফালে যিটো আলি বন্ধাইছিল, তাৰ নাম ৰমণী আলি।

চটাই আলি

স্বৰ্গদেউ প্ৰতাপ সিংহৰ দিনত হাৰিপৰা আলিৰ পৰা কুঁজিবালিত গড়গাঁও আলি আৰু দিখৌ নৈ পাৰ কৰি মাদুৰি, বাঁহগড় আৰু মেজেঙা হৈ ধোদৰ আলি পাৰ কৰি লাদৈ গড়ত লগ লগাই বন্ধোৱা আলিটোৰ নাম চটাই আলি।

নামতি আলি

মেজেঙাৰ পৰা কিছু পশ্চিমলৈ ধোদৰ আলিৰ পৰা দক্ষিণলৈ নামতিত নামতি আলি আছে।

ফুকনৰ আলি

মেজেঙা হুদুপৰা চাৰিআলিৰ দক্ষিণ কোণত আহোম ৰাজত্বকালৰ কলিয়াভোমোৰা বৰফুকনে খন্দোৱা ফুকনৰ পুখুৰীৰ কাষেদি যোৱা আলিটোৰ নাজিৰাৰ পৰা চকীমুখ হৈ গেলেকী সন্দিকৈ গাঁৱেদি গৈ ধোদৰ আলিত লাগিছে।

সেন্দুৰী আলি

স্বৰ্গদেউ গদাধৰ সিংহই স্থাপন কৰা বৰকলা নগৰ। এই নগৰত বন্ধোৱা গড় আজিও জিলিকি আছে। এই ৰাজ গড়টো বর্তমান সেন্দূৰী আলি হিচাপে পৰিচিত হৈছে।

(8) খাতসমূহ

জয়খাম দাং খাত

নাজিৰা নগৰৰ গাতে লাগি থকা খাত খনেই জয়খাম দাং খাত। স্বৰ্গদেউ প্রতাপ সিংহৰ (চুচেংফা) ৰাজত্বকালত ৰজাঘৰীয়া ধানখেতি কৰিবৰ কাৰণে বিজ্ঞানসন্মতভাৱে মাটি পৰীক্ষা কৰি এই খাতখনৰ ব্যৱস্থা কৰিছিল। খাতৰ মধ্যস্থলত ৰজাঘৰীয়া ধান খোৱা ছঅঁৰা ভঁৰাল আছিল বুলি জনা যায়। খাতৰ লখিমী তুলিবৰ কাৰণে পথাৰৰ মাজত লখিমী পুখুৰী নামেৰে এটা ডাঙৰ পুখুৰী খন্দাইছিল। পুখুৰীটো আজিও অক্ষত অৱস্থাত আছে।

নাজিৰা খাত

নাজিৰাৰ গাতে লাগি থকা খাতখনৰ নাম নাজিৰা খাত। ইয়াতো ৰজাঘৰৰ খেতি কৰিছিল।

ৰঙা চিলা দুৱৰাৰ খাত

ৰঙা চিলা দুৱৰা ঘৰৰ হৰ নামৰ ভিতৰুৱাল ফুকন পিছলৈ বৰফুকনে সেনাপতি ফুকনৰ বাব পাইছিল। তেওঁৰেই পুত্র বলন বৰফুকনে বৰবৰুৱা আৰু অন্যান্য বাব খাইছিল। ৰঙা চিলা দুৱৰাৰ বাসস্থানৰ বাৰীৰ চিন আৰু খেতি কৰা খাত এখন থকা বুলি জনা যায়।

মৰিয়া খাত

মৰিয়া খাত মেজেঙা ধোদৰ আলিৰ কাষত। আহোম ৰাজত্বকালত সিঁচৰতি হৈ থকা গড়ৰ বাহিৰে খেতিমাটিৰ খাত দি সংস্থাপনৰ ব্যৱস্থা কৰি দিছিল।

মেছাঘৰৰ মেৰখাত

মেৰঘৰৰ মেছলৌ কুঁৱৰী পুখুৰীৰ দক্ষিণ-পশ্চিম পাৰৰ কিছু আঁতৰত গজপুৰীয়া আলিৰ কাষত আহোম ৰাজত্বকালৰ মেৰখাত নামে এখন খাত আছে। কোঁচৰ সেনাপতি চিলাৰায়ে গড় মাৰি মেৰাই কোঠ দি সেই স্থানতে আছিল বুলি ঠাৱৰ কৰিব পাৰি। চিলাৰায়ে সৈন্য-সামন্ত লৈ গুচি যোৱাৰ পিছত সেই গড় মাৰি লোৱা ঠাইত মেছাগড়ত থকা ৰাজকীয় বৰগোহাঁই বিষয়বাব পোৱা বিষয়াসকলে ধান খেতি কৰা খাত হিচাপে ব্যৱহাৰ কৰিছিল বুলি ভাবিবৰ থল আছে।

এঙেৰা খাত, গছিকলা খাত

স্বৰ্গদেউ চুকাফাৰ ৰাজত্বকালতে ৰজাঘৰীয়া খেতি কৰিবৰ বাবে চৰাইদেউৰ আশে-পাশে দুখন খাতৰ ব্যৱস্থা কৰি লৈছিল। খাত পথাৰ দুখন হ’ল এঙেৰা খাত আৰু গছিক’লা খাত। খাত দুখনৰ (খেতিৰ) ধান ৰাখিবলৈ তাৰ কাষতে ধান থোৱা ভঁৰাল আছিল।

বাৰীসমূহ-

 

চকীমুখৰ ৰাজদিনীয়া বাৰী

চকীমুখৰ আশে-পাশে চাৰিখন ৰজাদিনীয়া বাৰীৰ ঢাপৰ চিন আছিল। কলিয়াভোমোৰা বৰফুকনৰ বাসস্থান আছিল চকীমুখ গড় আলি গোহাঁই গাঁও অঞ্চলত। তাত থকা কলিয়াভোমোৰা ফুকনৰ বাৰী, মেধিবাৰী, নগাবাৰী, বৰুৱাবাৰী। এই বাৰীত ধানৰ ভঁৰাল শাৰী পাতি আছিল। বৃদ্ধ লোকে কয় বোলে এইবিলাক মানৰ আক্ৰমণত জুই দি পুৰি পেলোৱা হৈছিল।

কেতেকীবাৰী

স্বৰ্গদেউ প্রতাপ সিংহৰ এজনী হাতী আছিল। তাইৰ নাম আছিল কেতেকী। হাতীজনী বান্ধিবৰ বাবে এখন বাৰী পাতিছিল। হাতীজনীৰ নামেৰে বাৰীখনৰ নাম কেতেকী হ’ল। হাতীজনীক গা ধুৱাবৰ বাবে নামদাং নৈখন খন্দাই কেতেকীবাৰীৰ কাষেদি বোৱাই দিছিল।

হেকেৰা বৰবৰুৱাৰ বাৰী

হেকেৰাই বৰবৰুৱা বাব পাইছিল স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত (১৭৬৯-১৭৮০ খ্রীঃৰ ভিতৰত)। তেওঁৰ আচল নাম আছিল শিৱৰাম। খোজ কাঢ়োঁতে হেকেৰা-হেকেৰিকৈ যোৱা কাৰণে হেকেৰা বৰবৰুৱা নাম পালে। তেওঁৰ বৃহৎ বাৰী ঢাপৰ চিন গেলেকীত এতিয়াও আছে।

গড়গাঁও নগৰৰ ভোগবাৰী

ৰজাঘৰীয়া শাক-পাচলি কৰিবৰ বাবে ভোগবাৰী নামে এখন বিভিন্ন শাক-পাচলিৰ বাৰী আছিল। এই বাৰীত বস্তু উভৈনদীভাবে উৎপন্ন হৈছিল।

ৰংঘৰৰ বাৰী

গড়গাঁও নগৰৰ দক্ষিণ-পশ্চিমত ৫ কিলোমিটাৰ দূৰত বাঁহগড়ত ৰজাদিনীয়া ৰংঘৰৰ বাৰী নামে এখন বৃহৎ বাৰীৰ ঢাপ আজিও অক্ষত অৱস্থাত আছে। বাৰীৰ ভিতৰত ৰংঘৰৰ বাৰীৰ পুখুৰী নামে এটা পুখুৰীও আছে। গড়গাঁৱৰ ৰাজধানী থকা কালছোৱাত ৰজাঘৰীয়া ৰং-তামাচা কৰিবৰ কাৰণে এই বাৰী নির্মাণ কৰি লৈছিল বুলি ঠাৱৰ কৰিব পাৰি।

আইদেউ বাৰী

বদন বৰফুকনৰ জীয়েক আইদেউ। আইদেউক বাসস্থানৰ বাবে বাৰী পাতি পুখুৰী খান্দি সকলো সুবিধা কৰি দিছিল। বাৰীৰ ঢাপৰ চিন আজিও আছে। সেয়েহে এই অঞ্চলৰ নাম আইদেউবাৰী নামে জনাজাত হৈ আছে।

গেলেকী দ’লবাৰী

বদন চন্দ্ৰ বৰফুকন হৈ থকা কালছোৱাত গেলেকীত থকা বাসস্থানৰ পূব কোণত বাৰী পাতি এটা পুখুৰী খন্দাইছিল। পাৰত বিষ্ণুদ’ল দেৱালয় নির্মাণ কৰি পূজা-পাতল কৰিছিল।

ৰজাদিনীয়া বাৰী

চকীমুখ আৰু গড়আলি গোহাঁই গাঁৱত ৰজাদিনীয়া চাৰিখন বাৰী আছিল— মেধিবাৰী, ৰহিয়াল বৰুৱা বাৰী, নগাবাৰী আৰু দুলীয়া বৰুৱা বাৰী।

শিলপানী বৰবৰুৱা বাৰী

শিলপানী বৰবৰুৱা বাৰী গেলেকী সন্দিকৈ গাঁৱত। এই বাৰীত বৰবৰুৱাৰ দিনৰ এজোপা মিঠা আম আজিও ইতিহাস হৈ আছে। বর্তমান সেই বাৰীত স্থানীয় ৰাইজে ত্ৰিবেণী উচ্চ মাধ্যমিক বিদ্যালয় নামেৰে এখন বিদ্যালয় প্রতিষ্ঠা কৰে।

ন-বাৰী

বৰফুকনক এগৰাকী তিৰোতা মানুহে কিবা কাৰণত উপকাৰ কৰিছিল। সেয়েহে তিৰোতাগৰাকীক বাসস্থানৰ বাবে বাৰী পাতি তাৰ সমীপতে এটা পুখুৰী খন্দাইছিল। পুখুৰীটোৰ নাম দীঘলীপুখুৰী নামে জনা যায় আৰু বাৰীখনক ন-বাৰী বোলা হৈছিল।

পানী ফুকনৰ বাৰী

আহোম ৰাজত্বকালত গেলেকীত এগৰাকী পানী ফুকনে বাসস্থান পাতি আছিল। তেওঁৰ বাৰীৰ কাষতে এটা পুৰণি পুখুৰী আছে। এইগৰাকী পানী ফুকন সম্পৰ্কে সবিশেষ জনা নাযায়।

বৰ বাৰী

বদন বৰফুকনৰ পুখুৰীটোক দীঘলী পুখুৰী নামে জানিছিল। সেই কালত পুখুৰীটোত দুখন নাও আছিল। এখন সোণপানী চৰোৱা, এখন ৰূপৰ পানী চৰোৱা। সোণৰ পানী চৰোৱাখন সৰু পুতেক জন্মিয়ে ব্যৱহাৰ কৰিছিল। বাৰীখন ৭৫ বিঘাৰ আছিল। বাৰীৰ ঢাপৰ চিন এতিয়াও আছে। বাৰীৰ পূর্বে উত্তৰে দুখন বাৰী আছিল।

বাইলুং বৰগোহাঁই বাৰী

ঐতিহাসিক ৰাজগড় আৰু ধোদৰ আলিৰ পূব কোণত বাইলুং বৰগোহাঁইৰ বাসস্থানৰ বাৰীৰ পকী দেৱালয়ৰ চিন আজিও দেখিবলৈ পোৱা যায়। এইজনা বাইলুং বৰগোহাঁই স্বৰ্গদেউ লক্ষ্মী সিংহৰ বাৰীখনক বেলেংবাৰী বুলি কয়। বহুতে বামুণবাৰী বুলিও কয়।

শুকতি বৰবৰুৱা বাৰী

নাহৰ আলি বা নাজিৰা আলিৰ কাষত হাতী সুৰীয়া বিলৰ কাষত শুকতি বৰবৰুৱা বাৰী আছে।

গেলেকীৰ আহোম ৰাজত্বকালত সন্দিকৈ গাঁৱৰ আশে-পাশে থকা বাৰীসমূহ: আহোম ৰাজত্বকালত যিসকল বিখ্যাত লোকে বাসস্থান লৈ আছিল, সেইসকলৰ বাসস্থানৰ লগতে বাৰীসমূহৰ কথা মৌখিকভাৱে বহু বিৱৰণ পোৱা যায়। বাৰীসমূহৰ হ’ল— ঢেকেৰা বাৰী, মোচাই বাৰী, লাহো ভাষাৰ বাৰী, আচল বাৰী, মিটিয়া বাৰী, নগা বাৰী, ন-ফুকনৰ বাৰী, ভদৰী বৰবৰুৱা বাৰী ইত্যাদি। এইবিলাক বুৰঞ্জীৰ পৰশ লগা বাৰী বুলি উল্লেখ কৰিছে।

দেৱালয়-

 

বান টুং দেৱালয়

লাং কুৰি দলৰ দক্ষিণ-পশ্চিম দিশত গছিকলা দুৱৰা গাঁৱত শিলৰ এখন চালপীৰাৰ আৰ্হিৰ দেৱতা স্থাপন কৰা দেৱালয় আছিল। এই চালপীৰাখন বানটুং দেৱালয়ৰ এটা অংশ আছিল।

মঠিয়াছিগাৰ দেৱালয়

মঠিয়াছিগাত গড়পুৰীয়া আলিৰ কাষত স্বৰ্গদেউ প্রতাপ সিংহৰ মাতৃ মছলৌ কুঁৱৰীৰ স্মৃতিত এটা বিশাল পুখুৰী খন্দাই পূব কোণত এখন দেৱালয় নির্মাণ কৰাইছিল। এতিয়া দেৱালয়ৰ ভগ্নাৱশেষ হে আছে।

৮) সাকোসমূহ

স্থলপথেৰে যাতায়াত আৰু যোগাযোগ অধিক সুচল কৰিবলৈ আহোম স্বৰ্গদেউসকলে নদ-নদীৰ ওপৰত ভালেসংখ্যক শিল আৰু কাঠৰ দলং নির্মাণ কৰিছিল। শিলৰ দলংবোৰক শিলসাঁকো বোলা হৈছিল। বর্তমানেও ব্যৱহৃত হৈ থকা এনে কেইখনমান শিলসাঁকোৰ নাম— নামদাং শিলাসাঁকো, দৰিকা শিলাসাঁকো, দিজৈ খনা শিলাসাঁকো, ন দুৱাৰ শিলাসাকো।

এইবিলাকৰ ভিতৰত দিজৈখনা শিলাসাঁকো নাজিৰা মহকুমাৰ ভিতৰত পৰে। ধোদৰ আলিৰ কাষত ৰহদৈ আলিৰ ওপৰত দিজৈ খনা নদীৰ ওপৰত নির্মাণ কৰা আহোম ৰাজত্বকালৰ শিলৰ সাঁকোখন এতিয়াও অক্ষত অৱস্থাত আছে।

দৰিকা নৈৰ শিলৰ সাঁকোখন ধোদৰ আলিৰ ওপৰত গড়মূৰ পোৱাৰ আগতে পায়। বর্তমান সাঁকোখন ব্যৱহাৰৰ উপযুক্ত হৈ থকা নাই। গধুৰ যান-বাহন তাৰ ওপৰেদি অহা-যোৱা কৰাৰ কাৰণে যথেষ্ট ক্ষতি হ’ল। সেয়েহে স্বেচ্ছাসেৱী অনুষ্ঠানসমূহে তাৰ ওপৰেদি যান-বাহন অহা যোৱাত বাধা আৰোপ কৰিছে।

থানসমূহ-

 

নামতি থান

ওপৰ নাওশলীয়া নামতি 'গ্ৰেজিং' গো চৰণীয়া চাপৰিৰ মাজত আহোম ৰাজত্বকালৰ এখন থান আছিল। বর্তমান থানখনৰ ভগ্নাৱশেষহে আছে।

ন মাটিৰ থান

ন মাটিৰ এখন গৰু চৰণীয়া পথাৰৰ মাজত এখন পূজা-পাতল কৰা থান আছিল। থানখনত বলি-বিধান দি পূজা-পাতল কৰিছিল বুলি অনুমান কৰিব পাৰি। বর্তমান থানখনৰ ভগ্নাৱশেষহে আছে।

শালসমূহ-

 

চৰাইদেউ দেউশালী

চৰাইদেউত ৰাজধানী হোৱাৰ পিছত স্বৰ্গদেউসকলে পূজা-পাতল কৰিবৰ বাবে দেওশাল নামে এটা মন্দিৰ নিৰ্মাণ কৰিছিল। দেওশালৰ আকাৰ কেনেকুৱা আছিল জনা নাযায়। বৰ্তমান মন্দিৰৰ ভগ্নাৱশেষ আঠকোণীয়া খুঁটাৰ টুকুৰাহে সিঁচৰতি হৈ আছে। মন্দিৰলৈ যাবলৈ তলৰ পৰা ওপৰলৈ খটখটী আছিল।

চৰাইদেউৰ অন্যান্য মন্দিৰসমূহ

হকুম দেওশাল, কমাই দেওশাল আৰু চোম দেওৰ মন্দিৰ। এই মন্দিৰ-দেওশালবিলাকত আহোমৰ ৰজা-প্রজাই ধর্মোৎসৱ, ৰিকখুন, মুঙ্খান বান, মে-ডাম-মে-ফি, ওমফা পূজা, সৰগ পূজা, দাম পূজা, চমাই পূজা, কালিকা পূজা, ঢাক-ঢোল পূজা ইত্যাদি ৰজাপ্রজাৰ মংগলৰ কাৰণে পাতিছিল। সেই সকলো কীৰ্তিচিহ্ন সময়ৰ সোঁতত লোপ পালে।

আমলখি দেওশাল

লাকুৱা বাগানৰ কাষতে আমলখি দেওশাল আছে। চাওলুং ছ্যু-কা-ফাই আহোম ৰাজধানী চৰাইদেউত স্থায়ীভাৱে পতাৰ পিছত শদিয়াৰ পৰা চুতীয়াসকলৰ আৰাধ্য দেৱী কেঁচাইখাতী গোসাঁনীৰ দেওশাল আনি চৰাইদেউত স্থাপন কৰি আহোমসকলৰো আৰাধ্যা দেবী হিচাপে পূজা কৰিলে। অসমত বসবাস কৰা সকলো জনগোষ্ঠীৰ উপাস্য দেৱ-দেৱীৰ সহ ওমফা নামৰ এক পূজা বিধি অনুষ্ঠিত কৰাৰ ব্যৱস্থা হ’ল এই দেওশালত। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত ঘনশ্যাম বুঢ়াগোহাঁইৰ তৎপৰতাত স্থাপন কৰে লাকুৱা আমলখিত। লাকুৱাৰ দিচাং নদীৰ কাষত এই অঞ্চলটোত বহুতো গছ আছিল আৰু মাটিবোৰ ৰঙা আছিল। সেইবাবে দেওশালখন আমলখি ৰঙাগড় দেওশাল নামেৰে পৰিচিত হ’ল। বাৰ বছৰৰ অন্তৰে অন্তৰে এই দেওশালত ওমফা পূজা অনুষ্ঠিত কৰাৰ লগতে মে-ডাম-মে-ফী পাতি আহিছে স্থানীয় ৰাইজে। উক্ত দেওশালখন বর্তমানেও অতি জাগ্ৰত হৈ আছে বুলি মানুহৰ বিশ্বাস।

গড়সমূহ-

 

বাঁহ গড়

স্বৰ্গদেউ প্রতাপ সিংহৰ ৰাজত্বকালত গড়গাঁও ৰাজধানীৰ সুৰক্ষাৰ বাবে ভেটিব পৰাকৈ ৮ মাইল দূৰে দূৰে বাঁহ গড় নামে বাহিৰে আহোম যুগৰ এটা অন্যতম ইতিহাস ৰচনা কৰে।

গড়গাঁৱৰ তিনিটা গড়

স্বৰ্গদেউ চুক্লেংমুং বা গড়গঞা ৰাইজ নৰা ৰজাৰ কন্যা নাং টেন খাম গাভৰুক চকলং বিয়া কৰি অনাৰ পিছত বুদ্ধিমতী পতিব্ৰতা কুঁৱৰীগৰাকীৰ পৰামৰ্শত ৰাজধানীৰ সুৰক্ষাৰ বাবে বাহিৰে-ভিতৰে দ খাৱৈ খন্দাই বাহিৰ গড়, ভিতৰ গড় আৰু কাৰেঙৰ গড় নির্মাণ কৰে। বাহিৰ গড়ৰ ভিতৰত মুখৰি মুং ৰামৰ পৰা এবিধ কাঁইটীয়া বিষাক্ত বাঁহ আনি লানি পাতি ৰোৱাই দিছিল। এই বাঁহগছ ভেদ কৰি বন্দুকৰ গুলী বাদেই বৰটোপৰ গুলীও সৰকি যাব নোৱাৰিছিল। এনে পৰামৰ্শদাতা ৰাণীগৰাকীক চাওঁচিং কুঁৱৰী বুলি সকলোৱে জানিছিল।

গড়গাঁও নগৰৰ কাষতে পূব দিশত প্ৰতিষ্ঠা কৰা বৰকলা নগৰক বেৰি ৰাজগড়, ভিতৰগড়, ইটাগড় নির্মাণ কৰা হৈছিল। বিভাগীয় অমনোযোগিতাৰ বাবে গড়কেইটা আনৰ দখলত পৰিছে।

ৰাজগড়

স্বৰ্গদেউ প্ৰতাপ সিংহৰ ৰাজত্বকালত ৰাজগড় বন্ধোৱা হয়। ধোদৰ আলিৰ পৰা আৰম্ভ হৈ জয়পুৰত লাগিছেগৈ।

পথালি গড়

লাকুৱাৰ ওচৰত ৰাজগড়ৰ পৰা উত্তৰলৈ দিচাং নৈৰ মথাউৰিত লাগিছেগৈ পথালি গড়। সেয়েহে সেই অঞ্চল পথালি গড় নামে জনাজাত।

নিমনা গড়

স্বৰ্গদেউ প্রতাপ সিংহৰ দিনত এই গড়টো নির্মাণ কৰা হয়। ধোদৰ আলিৰ পৰা আৰম্ভ হৈ লাকুৱাৰ ৰাজগড় আলিত লগ লাগিছে। এই গড়টো আনুমানিক ৬ কিলোমিটাৰমান হ’ব।

১২) দুৱাৰসমূহ

গড়গাঁৱক বেৰি বাঁহগড় নির্মাণ কৰা হয়। বাঁহগড়ত তিনিখন সিংহ দুৱাৰ আৰু দহখন সৰু দুৱাৰ আছিল। সিংহ দুৱাৰ তিনিখন ক্ৰমে গড়গাঁও আলিৰ চেৰেকাপাৰত, জয়সাগৰ, নাজিৰা পথৰ বগীদ'লৰ ওচৰত আৰু আনখন আছিল শ'লগুৰি আলি দিচাং নদীৰ ওচৰত (বর্তমান নঙলামৰা)। গড়গাঁও নগৰখনৰ ভিতৰত সোমাবলৈ দক্ষিণে বৰদুৱাৰ, পূবে পানী দুৱাৰ, উত্তৰে বৰদুৱাৰ বা সিংহদুৱাৰ আৰু ভিতৰফালে চাওদাং দুৱৰা নামে দুৱাৰৰ নাম দিছিল।

দৰগাহ-

 

আজান ফকীৰৰ লগত চাবাল পীড়-নবী পীড় আৰু বান্দৰ পীড় নামে তিনিজন পীড় আহিছিল। চাবাল পীড় গড়গাঁৱৰ পূব দিশত ৰামুগাঁৱত আছিল। পীড়জনৰ অদ্ভুত মাহাত্ম্যৰ কথা জানি আহোম স্বৰ্গদেউৰ কোনোবা এগৰাকী স্বৰ্গদেৱে গড়গাঁৱৰ পূব কোণত জীৱন্তে সমাধি কৰি থৈছিল। ৬ সপ্তাহৰ পিছত ৰজাই খান্দি উলিয়াবলৈ হুকুম দিলে। খান্দোতে তেওঁক সমাধিত জীৱন্তে পালে। উঠাই আনিলত পীড়াজনে স্বৰ্গদেউক ক’লে— “মই কোনফালে চাম?” তেতিয়া ৰজাই সেন্দুৰী আলিৰ পৰা গড়গাঁৱলৈ চাবলৈ ক’লে। গড়গাঁৱলৈ পীড়াজনে চাওঁতে তেওঁৰ দৃষ্টি ভোগবাৰীৰ ওপৰেদি যোৱাত ভোগবাৰী এৰাবাৰী হ’ল। ভোগবাৰীৰ বিভিন্ন ফল-মূল জ্বলি-পুৰি শেষ হ’ল। তেতিয়াৰ পৰাই বৰকলা নগৰৰ সেন্দুৰী পুখুৰীৰ পূব পাৰৰ পৰা ২০০ মিটাৰমান দূৰত থকা সমাধি দৰগাহ চাওৱাল (চাবাল) পীড়ৰ দৰগাহ বুলি জনা যায়।

১৪) গদাধৰ সিংহৰ খোজ

লখিমীজান চাহ বাগিচাৰ ওচৰত দিখৌ নৈৰ পাৰত স্বৰ্গদেউ গদাধৰ সিংহই শিলত খোপনি পুতি বৰশী বোৱা এটা ডাঙৰ শিলত ভৰিৰ খোজ আছে।

১৫) খুন্দনা টিলা

চৰাইদেউৰ দেওশালৰ কিছু নিলগত এটা ওখ টিলাৰ ওপৰত এটা খুন্দনাৰ অৱশিষ্ট এতিয়াও আছে।

১৬) গোমোঠা নগৰৰ তাৎপর্য

গোমোঠা নগৰ আহোম যুগৰ এখন ঐতিহাসিক নগৰ। এই নগৰখন গড়গাঁও নগৰ প্রতিষ্ঠা হোৱাৰ কিছুবছৰ পিছৰ। নগৰখন প্রতিষ্ঠাৰ মূল উদ্দেশ্য আছিল ৰজা-ৰাণী স্বৰ্গী হ’লে চৰাইদেউ পর্বতত মৈদাম নির্মাণৰ কাম সম্পূর্ণ নোহোৱা পর্যন্ত গোমোঠা নগৰতে ৰাজকীয় আদব-কায়দাৰে বিজ্ঞানসন্মতভাৱে ৰহ ঢালি ৰজাৰ শৱ সংৰক্ষণ কৰি ৰখা হৈছিল।

১৭) পকী ঘৰসমূহ

গড়গাঁৱৰ কাৰেংঘৰ

স্বৰ্গদেউ চুক্লেংমুং আহোম ৰাজপাটত উঠে। এইজনা স্বৰ্গদেৱে ১৫৩৯ খ্রী:ত বকতাৰ পৰা ৰাজধানী তুলি আলি হেমেনা বাৰীত পাইমালি নামে এখন সৰু নৈৰ কাষত ৰাজধানী কৰি নামকৰণ কৰে গড়গাঁও নগৰ। নগৰখন ১২০ পুৰা মাটি পাইমালি নৈক ভিতৰ কৰি ঢাপ মাৰি বেঢ়াই লৈছিল। আহোম ৰাজত্বৰ দ্বিতীয়খন ৰাজধানী প্রতিষ্ঠাৰ পিছত স্বৰ্গদেউ চুক্লেংমুঙৰ ৰাণী চাওচিং কুঁৱৰীৰ পৰামর্শ মানি নগৰৰ সুৰক্ষাৰ বাবে ১৮ ফুট ওখকৈ গড় বন্ধই কাষত গড়খাৱৈৰ ব্যৱস্থা কৰা হৈছিল যাতে শত্ৰুৱে সততে ৰাজধানীত সোমাব নোৱাৰে। এই গড়গাঁৱতে স্বৰ্গদেউ প্ৰমত্ত সিংহই ১৭৪৭ খ্রীঃত কাঠ আৰু শিলেৰে প্ৰথমে কাৰেংঘৰ সজাইছিল। স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই বাঁহ, শিলৰ কাৰেংঘৰটো ইটাৰে ১৭৫২ খ্রীঃত নির্মাণ কৰাইছিল।

কাৰেংঘৰটো সাত মহলীয়া। মাটিৰ ওপৰত পাঁচ মহলা আৰু তলত দুই মহলা। বর্তমান ওপৰত চাৰিটা মহল আছে। গড়গাঁৱৰ এই কাৰেংঘৰৰ পৰা ৰংপুৰৰ তলাতল ঘৰলৈ মাটিৰ তলেদি এটা সুৰংগ পথ আছিল বুলি জনা যায়। ব্ৰিটিছৰ দিনত সুৰংগৰ দুৱাৰ পুতি পেলোৱা হয় বুলি কয়।

গড়গাঁৱৰ গোলাঘৰ

কাৰেংঘৰৰ পশ্চিম দিশত গোলাঘৰ। এই ঘৰটো ইটাৰে নির্মিত। আহোম ৰাজত্বকালত ৰাজধানী গড়গাঁৱত দুটা গোলাঘৰ আছিল। এটা সোণৰ আৰু এটা ৰূপৰ। কালৰ নিষ্ঠুৰ আঘাতত সোণৰ গোলাঘৰৰ অস্তিত্ব শেষ হৈ হ’ল। ইফালে, ৰূপৰ গোলাঘৰটো ৰাজ্যিক পুৰাতত্ত্ব বিভাগৰ অধীনত আছে। এই ঘৰকেইটা টকা-পইচা ৰখা ট্রেজাৰী আছিল।

গড়গাঁৱৰ পূজাঘৰ

স্বৰ্গদেউসকলৰ পূজাঘৰ নামে এটা পকাঘৰ আছিল। এতিয়া কেৱল চিনহে আছে।

গড়গাঁৱৰ কুজিঘৰ

গড়গাঁও নগৰত কুজিঘৰ নামে এটা পকী ঘৰ আছিল। ঘৰটোৰ দৈৰ্ঘ্য ৩১ হাত, প্রস্থ ১৯ হাত আছিল। বর্তমান ঘৰটোৰ ভগ্নাৱশেষহে আছে।

তথ্য সূত্র:

১। ইতিহাসে সোঁৱৰা ছশটা বছৰ— সর্বানন্দ ৰাজকুমাৰ।

২৷ অসম বুৰঞ্জীত নতুন আলোকপাত— পদ্ম বৰগোহাঞি।

৩। পবিত্ৰ অসম— মহেশ্বৰ নেওগ।

৪। আই-ছিং-লাও”— স্মৃতিগ্রস্থ ২০০৪।

৫। "চৰাইদেউ” স্মৃতিগ্ৰন্থ' ২০০৩।

 

লিখক: ফুল চাংমাই গগৈ, আমাৰ অসম, পূৰ্বাচল।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate