প্ৰত্যেক মানুহৰ জীৱনত শিক্ষাৰ গুৰুত্ব অপৰিসীম। শিক্ষাৰ জৰিয়তে মানুহে জ্ঞান আহৰণ কৰিব পাৰে। শিক্ষাই মানুহক এক মানসিক শক্তি প্ৰদান কৰে আৰু যিকোনো কৰ্ম কৰি জীৱন যুদ্ধত আগবাঢ়ি যোৱাত সহায় কৰে।
ইয়াৰ দ্বাৰা উপাৰ্জনৰ পথো মুকলি হয় আৰু মানুহে জীৱিকা নিৰ্বাহক কৰিব পাৰে। সকলোৰে জীৱনত শিক্ষাৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ১৯৬৫ চনৰ ১৭ নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা(UNESCO) ই ৮ ছেপ্টেম্বৰ দিনটো আন্তৰ্জাতিক সাক্ষৰতা দিৱসৰূপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে আৰু ১৯৬৬ চনৰ পৰা বৰ্তমানলৈ প্ৰত্যেক বছৰে ৮ ছেপ্টেম্বৰৰ দিনটো সমগ্ৰ বিশ্বতে আন্তঃৰাষ্ট্ৰীয় সাক্ষৰতা দিৱস হিচাপে পালন কৰি অহা হৈছে।
বিশ্বৰ বহু দেশত এতিয়াও বহু লোক শিশাৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। এই দিৱসটো পালনৰ মূল উদ্দেশ্য হৈছে, ‘সকলোৰে বাবে শিক্ষা’।
অৰ্থাৎ সকলো দেশৰ প্ৰত্যেক নাগৰিককে শিক্ষাৰ গুৰুত্ব সম্পৰ্কে সজাগ কৰা আৰু শিক্ষাৰ সুবিধা প্ৰদান কৰাই এই দিৱসৰ উদ্দেশ্য।
শিশু আৰু অশিক্ষিত প্ৰাপ্তবয়ষ্ক লোকসকলকো নিম্নতম শিক্ষাৰ সুবিধা প্ৰদান কৰাটো ইয়াৰ আন এক প্ৰধান উদ্দেশ্য।
গ্ল’বেল মনিটৰিং সংস্থা নামৰ অনুষ্ঠানটোৰ তথ্য মতে, বিশ্বৰ প্ৰতি পাঁচগৰাকী লোকৰ ভিতৰত এগৰাকী লোক এতিয়াও অশিক্ষিত। তাৰ ভিতৰত তিনিগৰাকীৰ দুগৰাকীয়ে মহিলা বুলি কোৱা হৈছে।
ইন্টাৰনেচনেল লিটাবেৰী এছ’চিয়েচন নামৰ সংস্থাটোৰ মতে, সমগ্ৰ পৃথিৱীৰ ১২ শতাংশ লোক এতিয়াও অশিক্ষিত। আনহাতে ৬০.৭ নিযুত শিশু এতিয়াও স্কুললৈ নোযোৱাকৈ থাকে আৰু গ’লেও নিয়মিতভাৱে নাযায়।
তাৰ ভিতৰত আধাতে স্কুল এৰা বহুতো শিশুও আছে। এই বিশেষ দিনটোত মানুহক সাক্ষৰ কৰাৰ লক্ষ্যৰে শিক্ষাৰ লগত সম্পৰ্ক থকা নানাধৰণৰ বিষয়বস্তু আৰু বিভিন্ন অনুষ্ঠান আদি পাতি মানৱ সমাজক শিক্ষাৰ গুৰুতৰ বিষয়ে সজাগ কৰাৰ চেষ্টা কৰা হয়।
মানুহক শিক্ষা দানৰ লক্ষ্য হ’ল নিজৰ অধিকাৰৰ বিষয়ে সজাগ কৰাৰ লগতে সমাজ আৰু মানৱ জাতিৰ উন্নতি সাধন কৰা।
মানুহে জীৱন ধাৰণ কৰিবলৈ যেনেকৈ খাদ্য খোৱাটো অপৰিহাৰ্য, ঠিক তেনেকৈ জীৱনত আগবাঢ়ি যাবলৈ আৰু কৃতকাৰ্যতা লভিবলৈ শিক্ষাও আমাৰ বাবে অপৰিহাৰ্য।
শিক্ষাই মানুহক নিজ পৰিয়াল আৰু ঘৰখনৰ লগতে সমাজ আৰু দেশৰ প্ৰতি দায়িত্বশীল হ’বলৈ উৎসাহ যোগায়।
বিগত কেইটামান বছৰত ইউনেস্কোৱে এই দিনটোত এটা নিৰ্দিষ্ট বিষয়ক উপপাদ্য বিষয় হিচাপে লৈ গোটেই বছৰটো শিক্ষাৰ প্ৰচাৰৰ লগতে সেই নিৰ্দিষ্ট বিষয়টোত গুৰুত্ব আৰোপ কৰি সমাজৰ হিতৰ হকে কাম কৰি আহিছে। উদাহৰণস্বৰূপে ২০০৭-২০০৮ চনৰ এই দিৱসৰ উপপাদ্য বিষয় আছিল ‘শিক্ষা আৰু স্বাস্থ্য’।
সকলো মানুহকে সংক্ৰামক বেমাৰ, যেনে-
১)২০০৯-১০ চনৰ বিষয়বস্তু আছিল ‘শিক্ষা আৰু মহিলা সবলীকৰণৰ লগতে নাৰী পুৰুষৰ সম অধিকাৰ’।
২)২০১১-১২ চনত ‘শিক্ষা আৰু শান্তি’,
৩)২০১৩-১৪ বৰ্ষৰ বিষয়বস্তু আছিল ‘একবিংশ শতিকাত বিশ্বত শিক্ষাৰ মান উন্নত কৰা’।
৪)২০১৫ চনৰ বিষয়বস্তু আছিল ‘অৰ্থনৈতিক, সামাজিক আৰু আমাৰ চাৰিওফালৰ পৰিৱেশ উন্নীত কৰা’।
৫)২০১৬ চনত সোণালী জয়ন্তী বৰ্ষ পালনৰ লগতে ইয়াৰ বিষয়বস্তু ‘অতীতক অধ্যয়ন কৰি ভৱিষ্যতৰ বিষয়ে লিখা-পঢ়া কৰা’,
৬)২০১৭ চনৰ বিষয়বস্তু আছিল ‘আধুনিক প্ৰযুক্তিৰ দ্বাৰা শিক্ষা’ আৰু
৭)এই বছৰ অৰ্থাৎ ২০১৮ বৰ্ষত ইউনেস্কোই নিৰ্ধাৰণ কৰা বিষয়বস্তু হ’ল ‘সাক্ষৰতা আৰু দক্ষতা বৃদ্ধি’।
সমাজৰ সকলো লোক শিক্ষিত হ’লেহে বৰ্তমান যুগৰ লগত খাপ খুৱাই নানা তথ্য সম্বলিত জ্ঞানেৰে নিজকে আগবঢ়াই নিব পাৰিব।
যি মানুহে অশিক্ষিত বা আধাতে পঢ়া এৰি দিয়ে, তেওঁলোক নিশ্চয়কৈ দুৰ্বল প্ৰকৃতিৰ হয় আৰু চাকৰি বা কৰ্মসংস্থাপনৰ ক্ষেত্ৰত উন্নত সুবিধা ভোগ কৰাৰ পৰা বঞ্চিত হ’ব।
শিক্ষাৰ প্ৰতি সাধাৰণতে শিশুসকলক আগ্ৰহান্বিত কৰিবলৈ তলত দিয়া উপায়সমূহ অৱলম্বন কৰিলে কিছু হ’লেও সফলতা লাভ কৰিব পৰা যাব।
দেশ এখন উন্নতিৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ প্ৰতিগৰাকী নাগৰিকেই অলপ হ’লেও শিক্ষাৰ পোহৰ পোৱা উচিত, তেতিয়াহে এখন দেশক উন্নত দেশ বুলিব পাৰি।
লেখিকা: ৰূপলেখা দেৱী(অসম বাণী)
শেহতীয়া উন্নীতকৰণ: : 4/29/2020