অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ জীৱনত মবাইল ফোনৰ ব্যৱহাৰ :

আমাৰ জীৱনত মবাইল ফোনৰ ব্যৱহাৰ :

আজিৰ পৃথিৱীত বিজ্ঞান আৰু প্ৰযুক্তিয়ে ইমানেই অগ্ৰগতি লাভ একোটা ন ন আৱিষ্কাৰ হৈয়ে আছে।সেই আৱিষ্কাৰবিলাকৰ ভিতৰত আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত বহু সামগ্ৰীও আছে।তাৰে বহু সামগ্ৰী মাথোঁ ধনী লোকসকলেহে ব্যৱহাৰ কৰিব পাৰে,দুখীয়া লোকৰ কাৰণে দুখীয়া,ল’ৰা –বুঢ়া, পুৰুষ-মহিলা সকলোৰে ব্যৱহাৰ কৰিব পৰা অতি চিনাকি সামগ্ৰীবিধেই হ’ল ম’বাইল ফোন।এইবিধ সামগ্ৰী এতিয়া সকলোৰে হাতে হাতে।

১৯৭৩ চনতে মট’ৰ’লা কোম্পানীয়ে প্ৰথমে ম’বাইল ফোন উদ্ভাৱন কৰিছিল যদিও সেই ফোন প্ৰচাৰ, প্ৰসাৰ তথা সহজলভ্য নাছিল।প্ৰথম ম’বাইল ফোনটোৰ ওজন আছিল দুই কিলোগ্ৰাম।তাৰ পিছত বিজ্ঞান আৰু প্ৰযুক্তিৰ দ্ৰুত উন্নতিয়ে ম’বাইল ফোনক কম ওজন,কম দাম তথা সহজলভ্য কৰি গোটেই পৃথিৱীকে জিনি পেলালে। ফলস্বৰুপে বৰ্তমান একেবাৰে কম বয়সীয়া ল’ৰা-ছোৱালীৰপৰা বৃদ্ধ-বৃদ্ধালৈকে সকলোৱে ম’বাইল ফোন ব্যৱহাৰ কৰাত অভ্যস্ত হ’ল ।একপ্ৰকাৰে ক’ব পাৰি ইয়াৰ উদ্ভাৱন তথা সহজ লভ্যতাই ইমান ডাঙৰ পৃথিৱীখনক একেবাৰে সৰু কৰি পেলালে।কেই ছেকেণ্ডমানৰ ভিতৰতে পৃথিৱীৰ ইটো মুৰৰ খবৰ সিটো মুৰে লাভ কৰিবলৈ সক্ষম হৈছোঁ।আত্মীয় ,বন্ধু –বান্ধুৱীৰ সুখ-দুখৰ খবৰ পলকতে ল’ব পৰা হৈছোঁ। ম’বাইল ফোনৰ বুটম টিপি বিভিন্ন ৱেবছাইটত সংযোগ কৰি বিভিন্ন জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছোঁ।

কিন্তু,ম’বাইল ফোনৰ এই সু- প্ৰভাৱবোৰৰ লগতে এনে বহু কু- প্ৰভাৱ আছে –যিবিলাক আমাৰ স্বাভাৱিক জীৱন যাত্ৰাত যথেষ্ট ক্ষতিসাধন কৰিছে।আমি ইয়াৰ সু-ব্যৱহাৰ কৰিব নিবিচাৰো,প্ৰায়েই আমি অপব্যৱহাৰ কৰো। যিহেতু ম’বাইল ফোনটোতে গোটেই পৃথিৱীখন পোৱা যায়,অথচ পৃথিৱীখনৰ ভাল দিশটো চাবলৈ আমি যিমান উদগ্ৰীৱ হৈ থাকো,তাতোকৈ বেছি বেয়া দিশটো চাবলৈ উদগ্ৰীৱ হওঁ। সেয়েহে চাগৈ সমাজৰ বহু লোকৰ মানসিকতা অৱনমিত হৈছে,বহু লোকৰ মানসিকতা অৱনমিত হৈছে,বহু অসামাজিক ঘটনাই সমাজখনক চুই গৈছে।আকৌ ম’বাইল ফোনটো কাণত লৈ বাৰ্তালাপত ব্যস্ত থকাৰ পৰিণতিত বহু দুৰ্ঘটনাও সংঘটিত হৈছে। বহুতেই জীৱন পৰ্যন্ত হেৰুৱাবলগীয়া হৈছে।এক তথ্য মতে,ম’বাইল ফোন কাণত লৈ অত্যধিক কথোপকথনত লিপ্ত হ’লে মানুহে শ্ৰৱণশক্তি হেৰুৱাব পাৰে,মগজুত কু-প্ৰ্ভাৱ পৰিব পাৰে।তদুপৰি ম’বাইল ফোনৰ মাত্ৰাধিক ব্যৱহাৰে নাৰী আৰু শিশুৰ আচৰণত পৰিৰ্ৱতন আনিব পাৰে।গৰ্ভস্থ সন্তানৰ বিকাশত বাধা আহিব পাৰে,যৌন জীৱনত কু-প্ৰভাৱ পৰে।আনহাতে ম’বাইল ফোনেই আমাৰ মনোযোগহীনতা,স্মৃতিশক্তি হ্ৰাস,উদ্বিগ্নতা আদিৰ কাৰণ হ’ব পাৰে।ম’বাইল ফোনৰ পৰা নিৰ্গত বিকীৰণে ডি এন এ-ত প্ৰভাৱ পেলোৱাৰ লগতে আমাৰ স্বাস্থ্যৰ আন বহুতো ক্ষতিসাধন কৰে। ইয়াৰ মাত্ৰাধিক ব্যৱহাৰৰ ফলত আমাৰ মাজৰ আন্তৰিকতাখিনিও হ্ৰাস পাইছে।

অৱশ্যে ম’বাইল ফোনৰ ব্যৱহাৰত কেইটামান নিয়ম মানি চলিলে আমাৰ জীৱনত পৰা কু-প্ৰভাৱৰপৰা যথেষ্ট আঁতৰত থাকিব পাৰিম। ম’বাইল ফোনত দুই মিনিটতকৈ অধিক সময় কথোপকথন কৰিব নালাগে।কথা পতাতকৈ এছ এম এছ প্ৰেৰণৰ অভ্যাস গঢ়ি তুলিব লাগে। শোৱাৰ সময়ত দেহৰ ওচৰে –পাঁজৰে ম’বাইল ফোন ৰাখিব নালাগে। ইয়াৰ ব্যৱহাৰ মাথোঁ যোগাযোগ,জ্ঞান অন্বেষণ আদিতহে কৰিব লাগে।

ম’বাইল ফোন আধুনিক জন-জীৱনৰ অপৰিহাৰ্য অংশ ,য়াৰ অবিহনে আমাৰ জীৱন অচল বুলিয়ে ক’ব পাৰি।প্ৰত্যেক বস্তৰে ভাল-বেয়া দুয়োটা দিশেই আছে। গতিকে ম’বাইল ফোনৰ সৎ ব্যৱহাৰ কৰিব পাৰিলে ইয়াৰ পৰা আমাৰ স্বাভাৱিক জীৱন যাত্ৰাত কোনো ক্ষতি নহ’ব।

লেখিকা: ৰেখা বৰগোহাঁই (দৈনিক অসম)

 

শেহতীয়া উন্নীতকৰণ: : 11/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate