অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

উইণ্ডোজ লাইভ

উইন্ডো লাইভ হ’ল কিছুমান পৰিষেবাৰ বাবে আৰু মাইক্র’ছফটৰ ছফটওয়েৰ পন্যৰ বাবে এটা সামূহিক নাম। এই পৰিষেবাৰটো বেছি ভাগেই হ’ল ওয়েব সংক্রান্ত । উইন্ডোজ লাইভৰ অর্ন্তগত এই প্রযুক্তি বিলাকক নিন্ম লিখিত ভাবে ভাগ কৰা হৈছে।

লেখক

উইন্ডোজ লাইভ ৰাইটাৰত, ব্ল’গিং হ’ল আতাইতকৈ উজু। আপুনি ছবি, ভিডিও ফৰমেট ফাইল বিলাক তাত সোমোৱাব পাৰিব আৰু পিছত ছপাবও পাৰিব। ৰাইটাৰে উইন্ডো লাইভৰ সৈতে আপুনাৰ যিকোনো ব্ল’গ ছপাব পাৰে, ওয়ার্ডপ্রেছ, ব্ল’গাৰ, লাইভ জার্নাল, টাইপ পেড, চেয়াৰ পয়েন্ট, কমিউনিটি চার্ভাৰ আৰু বহুতো কিবা কিবি ছপাব পাৰে। ব্ল’গত যোগ কৰা প্রতিটো বস্তুয়েই আপুনি প্রিভিওত চাব পাৰিব যেনে ফন্ট, আখৰৰ মাজৰ খালী ঠাই, ৰঙ আৰু ব্ল’গত ছপোৱাৰ আগতে তাৰ প্রতিচ্ছবি ইত্যাদি। MSN ভিডিওৰ চোপবক্সত বা ইউ-টিউবত ৰাইটাৰে ভিডিও বিলাক ছপাবৰ বাবে আপুনাক সহায় কৰিব পাৰে আৰু ব্ল’গত গাথি দিব পাৰে। ৰাইটাৰে বিভিন্ন ধৰনৰ সঁজুলিৰ সৈতে তৈয়াৰ থাকে যদিও আপুনি মন গলে অতিৰিক্ত আৰু কিছুমান বস্তু প্লাগ-ইনচত সোমোৱাই তাৰ কর্মক্ষমতাক বঢ়াই লব পাৰে।

IM (ইনচটেন্ট মেনেজাৰ)

মেচেঞ্জাৰৰ লগত সম্পর্ক ৰাখি উইনডোজ লাইভে আপুনাক চেট কৰা, ফটোৰ বিনিময় কৰা, আনকি আপুনি বিভিন্ন ধৰনৰ খেল খেলিব পাৰে আৰু ছবিৰ আদান - প্রদানও কৰিব পাৰে । ছবি সংযোজন বা ভিডিও বছা আদি কাম বিলাক আপুনাৰ ইচ্ছামতেই কৰিব পাৰে আনকি কথোপকথন উইন্ডোত গৈ আনেও শুনিব পাৰে আপুনি কি সংগীত শুনি আছে। কথোপকথনৰ মাজতেই আপুনি আন ঠাইৰ পৰা ছবি টানি চেটিং কৰাৰ সময়ত আনক দেখুয়াব পাৰিব।  আনেও তেওঁলোকৰ কম্পিউটাৰত আপোনাৰ ছবি সাঁচি থব পাৰিব। যদিওবা আন কোনোবাই চেটিং কৰাৰ সময় চোৱাৰ মাজ ভাগতেই কম্পিউটাৰ এৰি গুচি যায়, তেতিয়াও আপুনি তাৰ মোবাইল ফোনত SMS পঠাব থাকিব পাৰিব মেচেঞ্জাৰৰ যোগেদি।

ই-মেইল

মেইলে, হট্ মেইল, জি-মেইল আৰু অন্য একাউন্ট বিলাকক লগতে একাধিক কেলেন্ডাৰৰ সৈতে একেটা ঠাইতে লৈ আহে। আউটলুক এক্সপ্রেছৰ স্বাচ্ছন্দ, উইনডোজ লাইভৰ গতি মেলবন্ধন হ’ল মেইল। মেইলত পুৰনি মেচেজ আৰু কেলেন্ডাৰ আদি আকৌ কেতিয়াবা মন গলে আপুনি অফ লাইনত থাকিলেও চাব পাৰিব। আপুনি এটা উত্তৰ তৈয়াৰ কৰি তাক সংকোচিত কৰি ৰাখি থৈ পুনৰায় যেতিয়া আপুনি মেইল খুলিব তেতিয়া সেইটো পঠাব পাৰিব। উইন্ডো লাইভ মেইলে আপুনাৰ ই-মেইল নিৰাপত্তাখিনি একাধিক মেইল একাউন্টৰ মাজতও অধিক সুৰক্ষিত ৰাখিবলৈ সহায় কৰে। যেতিয়া কোনো এটা মেইল সন্দেহজনক হয় তেতিয়া স্পেম ফিল্টাৰৰ সাহায্যত তাক বাছি লবলৈ সাহায্য কৰে। মাথোন এটা মাত্র ক্লীক্‌ কৰিয়েই আপুনি মেচেজ পঠিওয়াজনক, লগতে মেচেজটোক অবৰোধ কৰিব পাৰে। উইন্ডো লাইভ মেইলত থকা কেলেন্ডাৰে আপুনাক গুৰুত্বপূর্ণ নিযুক্তি বিলাকৰ ক্ষেত্রত সঠিক তালমিল ৰাখিব পাৰে। আনকি গুৰুত্বপূর্ণ নিযুক্তি বিলাক আপোনাক ই-মেইল যোগেদি আপুনি বাছি দিয়া মতে মেইলত বা মোবাইলৰ মাধ্যমে সময়ে সময়ে সোঁৱৰাই দিব পাৰে।

ফটো গেলেৰী

আপোনাৰ কেমেৰাৰ পৰা ফটো বা ভিডিও তুলি লৈ পিছত ভৰাই দিব পৰা যায় এই পদ্ধতিৰ যোগেদি। নিজা পছন্দ মতে ফটো বিলাক বন্ধু-বান্ধৱৰ সৈতে আদান-প্রদান কৰি লব পাৰি। আনকি বাস্তৱতকৈও ফটো বিলাক বেছি ধুনীয়া যেন দেখিব পৰাকৈ তৈয়াৰ কৰি লব পৰা যায়। এটা অনলাইন এলবাম তৈয়াৰ কৰি লৈ তাত এই ফটো বিলাক সাঁচি থব পাৰি বা এই বিলাক ই-মেইলৰ যোগেদি আনক পঠাব পাৰে নাইবা প্রিন্ট আউট লবও পাৰে। ফটো গেলেৰীয়ে অটোমেটিক ভাবে মানুহ বিলাকক বিচাৰি লয় আৰু ফটোত এটা নাম যোগ কৰিব পাৰে। তাৰ পিছত মাথোন এজনৰ নাম টাইপ কৰক আৰু এই একেজন মানুহৰ আটাইকেইটা ফটো একেলগে চাব পাৰিব। উইন্ডো লাইভত ফটো গেলেৰীয়ে নতুন কিবা ফটো পালেই তাক আপুনাক অবগত কৰায়। ফটো গেলেৰী ব্যৱহাৰ কৰি আপুনি অভিমুখীতা, ৰঙ, বিৱৰণ, অটো এডযাষ্ট আদি বঢ়াই আপুনাৰ ফটোটোক অধিক দেখনীয়াৰ কৰি তুলিব পাৰে। আপুনি সুবিস্তৃত দৃশ্যযুক্ত আলোকচিত্রও তৈয়াৰ কৰিব পাৰে। মাথোন এটা ক্লীক্‌ত ফটো গেলেৰীয়ে কেইবাটাও ফটোক একেটা সুতাত গাঠি দিব পাৰে।

চলচিত্র তৈয়াৰী

মুভি মেকাৰৰ সাহায্যত আপুনি নিজৰ ফটো অথবা ভিডিওৰ পৰা স্লাইড ছ’ তৈয়াৰ কৰিব পাৰে আৰু আনৰ লগত তাক আদান-প্রদান কৰিব পাৰে। অটোমেটিক ভাবে আপুনাৰ ভিডিওক, ফটোক আৰু সংগীতক এটা মস্ত আকর্ষনীয় মুভিলৈ পৰিবর্তন কৰক। অটো মুভিত এটা টাইটেল যোগ কৰক, অৱস্থান্তৰ কৰক আৰু তাত প্রতিক্রীয়া যোগ কৰক আৰু এই আটাইবিলাক বিষয়ক একে ঠাইতে লৈ এটা মস্ত আকর্ষণীয় ভিডিও তৈয়াৰ কৰক। ইজি-টু-ইউজ এডিটিং টুলচ্‌ ব্যৱহাৰ কৰি এই মুভি বিলাকক অধিক সাধাৰন কৰি তোলক। এই ভিডিও ক্লীপৰ যিকোনো এটা বিশেষ অংশক দেখুয়াবৰ বাবেও ব্যৱস্থা কৰিব পৰা যায়। আপুনি তাত সংগীত আৰু কিছুমান বিশেষ ৰূপ যেনে দূৰৈৰ বস্তুক ওচৰলৈ আনিব পাৰিব। নিজা ফটো আৰু সংগীত ব্যৱহাৰ কৰি, মুভি মেকার্চ সৰঞ্জাম আদিৰ দ্বাৰা এটা অপূর্ব ৰূপ প্রদান কৰিব পাৰি্ব। সংগীত যেতিয়াই আৰম্ভ হব, তেতিয়া চাওক ফটো বিলাক কেনেকৈ এটাৰ পিছত এটাকৈ পিছলি পিছলি জুম হৈ ওলাই আহে। আপুনি এই মুভি বিলাকক YouTube এতিয়াই বহুৱাব পাৰে মুভি মেকাৰৰ পৰা বিভিন্ন ধৰনৰ ফৰমেট ব্যৱহাৰ আনকি DVD ফৰমেট ব্যৱহাৰ কৰিও।

টুল বাৰ

উইন্ডো লাইভ টুল বাৰৰ দ্বাৰা আপুনি সদায় উইন্ডো লাইভ আৰু বিংগোত অতি সহজেই প্রবেশ কৰিব পাৰে তাৰ বাবে আপুনি ওয়েবত থাকক বা নেথাকক কিয়। আপুনাৰ উইন্ডো লাইভ নেটওয়ার্কত মানুহে কি কৈছে, তাত থকা ছবি বিলাক, তেওঁলোকে ভগাই লোৱা লিঙ্ক বিলাক, আপুনাৰ টুল বাৰৰ ভিতৰত দেখিব পাৰিব। আপুনি খৰখেদাকৈ টুল বাৰটো আৰু বিংগৰ লগত সম্পর্কিত আবিস্কাৰ বিলাকত সুক্ষ্মকলাকৌশল প্রয়োগ কৰিব পাৰে। অন্বেষন কার্য সহজেই আকৌ চলাব পাৰে আৰু জনপ্রিয় অন্বেষন বিলাক চাই লবও পাৰে। মাথোন এটা মাত্র ক্লীক্‌তেই আপুনি উইন্ডো লাইভত আপুনাৰ নেটওয়ার্কত থকা মানুহৰ লগত থিতাতেই আপুনাৰ পছন্দৰ ওয়েবচাইট বিলাক ভগাই লব পাৰে। আপুনি ইন্টাৰনেট এক্সপ্লোৰাৰ ফেভাৰিটচ্‌ বিলাক একাধিক পিচিত সংকুচিত কৰি সোমোৱাই লব পাৰে আৰু তাত আপুনি প্রবেশ কৰিব পাৰে তথা বাহিৰ হবও পাৰে সেই বিলাক পিচিত যিবিলাকত এই উইন্ডোজ  লাইভ টুলবাৰ স্থাপিত কৰা হৈছে। আপুনি উইন্ডো লাইভ হট্‌মেইল ইন বক্সখনৰ এটা নমুনা ছবি চাব পাৰে আপোনাৰ টুল বাৰৰ পৰা ওয়েবপেজ খন বন্ধ নকৰাকৈয়েই। এসোপা টুলবাৰ বটনৰ পৰা যিকোনো এটা পছন্দ কৰক, ওয়েবপেজখন অনুবাদ কৰক, মুভি বিচাৰি লওক, উইকিপেডিয়া খন বিচাৰক, ই-বেৰ প্রতি সজাগ দৃষ্টি ৰাখক আৰু কিমান কি।

নিৰাপত্তা

পৰিয়ালৰ নিৰাপত্তা জনিত কার্যৰ সৈতে, আপুনি ভাবি চাওক যে আপুনাৰ ল’ৰা ছোৱালিয়ে কি দৰে ইন্টারনেটটোক  গ্রহণ কৰিছে। আপুনি ইচ্ছা কৰি্লে ইয়াৰ উপৰত লাগাম টানি ধৰিব পাৰে যেনে, কোনো ওয়েবচাইট অবৰো্ধ কৰা বা কোনো এটা বিশেষ ওয়েবচাইট আপুনাৰ ল’ৰা ছোৱালীৰ বাবে মুকলি কৰি দিব পাৰে আৰু আপুনাৰ ল’ৰা ছোৱালীৰ উইণ্ডো লাইভ স্পেচ, মেচেঞ্জাৰ বা হট্‌মেইলত প্রবেশ কৰিব পাৰে। আপুনাৰ প্রত্যেকজন সন্তানে পিচিত প্রবেশ কৰি নিজা উইন্ডো একাউন্ট তৈয়াৰ কৰা মানে হল তেওঁলোকৰ প্রত্যেকৰেই নিজা নিজা চেটিংচ্‌ আছে আৰু প্রত্যেকজনৰ বাবে পৃথক পৃথক ফলাফল আৰু ফিল্টাৰ আছে। ওয়েব ফিল্টাৰিং এ আপুনি নিবিচৰা বিষয় বস্তু বিলাক আপোনাৰ সন্তানে যাতে চাব নোৱাৰে তাক ব্যৱস্থা কৰে। বিস্তাৰিত পৃথক পৃথক ফলাফল বিলাকে দেখুয়াব যে সিহঁতে কি কি ওয়াবচাইট বিলাক ইতিমধ্যে চাইছে, কি প্রগ্রেমত প্রবেশ কৰিছে, কিমান সময় কটাইছে। বিল্ট-ইন কন্টাক্ট শাসকে দেখুয়াব আচঁলতে আপুনাৰ সন্তানে উইন্ডো লাইভ স্পেচ, মেচেঞ্জাৰ, হট্‌মেইল আদিত কাৰ লগত কথা বতৰা পাতিব পাৰে। মাথোন অন-লাইনত ফেমেলী নিৰাপত্তা ওয়েবচাইটত প্রবেশ কৰক আৰু প্রতিটো শিশুৰ নিৰাপত্তাৰ গঠনটো ভালকৈ চালিজাৰি চাই লওক, এইটো খুব এটা ডাঙৰ কাম নহয়, সহজেই কৰিব পৰা যায় আনকি আপুনি ঘৰত নেথাকিলেও একো চিন্তা নাই।

উৎস: ভাষা ইণ্ডিয়া।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate