অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম্পিউটাৰ আৰু মবাইলত অসমীয়া লিখাৰ সহজ পদ্ধতি আৰু সঁজুলি

কম্পিউটাৰ আৰু মবাইলত অসমীয়া লিখাৰ সহজ পদ্ধতি আৰু সঁজুলি

আপোনালোকলৈ আগবঢ়াইছোঁ অনলাইন/ অফলাইনত অসমীয়া লিখা বিভিন্ন সঁজুলিবোৰৰ বিষয়ে কিছু কথা আৰু সঁজুলিবোৰৰ ডাউনলোড লিংক ৷আপুনি কি মোবাইল ব্যৱহাৰ কৰে ? এণ্ড্ৰইড, উইনড’জ, আই-ফোন ? ইয়াৰে অসমীয়া লিখিব পাৰিছেনে ? কম্পিউটাৰত অপাৰেটিং চিষ্টেম কি ? কম্পিউটাৰত উইনড’জ ৭/৮ হ’লে অসমীয়া লিখাত সিমান জটিল নহয়৷ কিন্ত Xp বা Me আদিত সমস্যাত পৰিব পাৰে৷ ৰ’ব কথাবোৰ ভাঙি-পাতি কওঁ৷ আশা কৰোঁ আপোনালোকে ভাল পাব৷

‘Android’ মোবাইলেৰে অসমীয়া লিখিব পাৰিছেনে ? পদ্ধতিটো খুওৱ সহজ৷ তাৰ বাবে আপুনি তলৰ নিৰ্দেশনাবোৰ অনুসৰণ কৰকচোন৷ আমি ভাবোঁ আপুনি যদি সঠিকভাৱে টোকাসমূহ অনুসৰণ কৰিছে; তেন্তে অতি সহজে আপুনি আপোনাৰ Android মোবাইটোত অসমীয়া লিখাৰ উপযোগী কৰি তুলিব পাৰিব ৷ প্ৰথমে আপুনি বজাৰলৈ যাওক৷ ৰ’বচোন.... বজাৰ মানে ‘Android Market’৷ মোবাইলটোতে আছে৷

(ক) পোন প্ৰথমতে Google Play/ Play Store/ Android Market লৈ যাওক৷

(খ) তাত Multiling Keyboard নামৰ Software এটা আছে৷ সেইটো Download কৰক।

(গ) Input Method টো Multiling Keyboard লৈ সলনি কৰক।

(ঘ) Assamese Plug-In টো Download কৰক।

(ঙ) এতিয়া অসমীয়া ভাষাটো নিৰ্বাচন কৰি লওক।

(চ) এতিয়া কমেণ্ট বক্সত লিখকচোন ম হী ৰূ হ।

আপোনাৰ প্ৰথমে কিছু জটিল লাগিব পাৰে৷ অভ্যাস কৰিলে একেবাৰে সহজ হৈ যাব৷ (আপোনালোকে পানিনী কী-প্যেডো ব্যৱহাৰ কৰিব পাৰে৷ কিন্তু এই কী-প্যেড সকলো মোবাইলত অনলাইনত লিখিব পৰা নাযায়৷)

উইনড’জ মোবাইলৰ বাবে ডাউলোড কৰক —— জাহ্নৱী অসমীয়া বা Windows store ত jahnabi বুলি অনুসন্ধান কৰক৷

(১) ই-মেইল, ছা্ৰ্চ বা SMS কৰিবলৈ জাহ্নৱীৰ তলৰ ফালে থকা Application icon কেইটা ব্যৱহাৰ কৰিব পাৰে৷

(২) প্ৰায়খিনি আখৰেই ক্ৰম অনুসাৰে আছে। অৰ্থাৎ 'ক' ৰ তলত 'খ', 'গ' ৰ তলত 'ঘ' এইধৰণে আছে। (তলত মানে shift হেঁচিলে যি আখৰ ওলাব তাক বুজোৱা হৈছে) আপুনি 'খ' লিখিবলৈ Shift নিদিয়াকৈ 'ক' কীটো অলপ সময় Hold কৰিলে 'খ' আহিব। (সেইবাবে onion skinning নকৰিলেও কী-সমূহ মনত ৰাখিবলৈ বিশেষ অসুবিধা হ'ব নালাগে)

(৩) ফেচবুক বা আন ধৰণৰ এপ্লিকেচনত লিখিবলৈ জাহ্নৱীৰ পৰা কপি-পেষ্ট কৰাৰ বাদে অন্য উপায় নাই( Thanks to Microsoft)। কপি-পেষ্টৰ বাবে জাহ্নৱীৰ ৱিন্ডখনত অলপ সময় Tap কৰিলে কপি-পেষ্টৰ আইকন দেখা পাব। আৰু এটা অসুবিধা মন কৰিব যে এনেধৰণে Tap কৰিলে অসমীয়া কী-বৰ্ডৰ ঠাইত ইংৰাজী কী-বৰ্ড( inbuilt) আহি যায়। এইটো Unavoidable behavior.

আইফ’ন আৰু আইপেডৰ বাবে কী-ব’ৰ্ড এপ্টোৰ নাম হৈছে ‘‘লাচিত’’৷

ডাউনল’ড আৰু ইনষ্টল: এপল App Store খুলি তাত Lachit বা Assamese keyboard বুলি সন্ধান কৰিলে Lachit 1.0 নামৰ এপ্টি দেখা পাব৷ ছাইজ ১.৭ MB. Install বুটামটোত চুই দিলেই ই ইনষ্টল হৈ যাব৷

ব্যৱহাৰ

লাচিতৰ আইকনটোত চুই দিলেই এপ্টো খোল খাব৷ প্ৰথমে দেখা পোৱা স্ক্ৰীণখনত এটা বাক্য দেখা পাব যিটোত অসমীয়া বৰ্ণমালাৰ আটাইবোৰ বৰ্ণ আৰু চিহ্ন আছে৷ ইয়াক দিয়া হৈছে টাইপিং অভ্যাস কৰিবৰ বাবে৷

বাক্যটোৰ তলত চুই দিলে কী-ব’ৰ্ডখন ওলাই আহিব আৰু আপুনি টাইপ কৰিব পাৰিব৷ লিখি উঠি লেখাখিনি কপি কৰি যিকোনো ঠাইত যেনে, ফেচবুক, ই-মেইল, হোৱাটচএপ্, ন’টচ আদিত পেষ্ট কৰি শ্বেয়াৰ কৰিব পাৰিব৷ এইখিনিতে উল্লেখকৰা ভাল হ’ব যে, এপলে এতিয়ালৈকে কেইটামান ভাষাৰ বাহিৰে অইন ভাষাৰ Native keyboard ৰ অনুমতি দিয়া নাই৷ সেয়েহে সম্প্ৰতি এনেদৰে এপ্ৰ ভিতৰত লিখি বেলেগত কপি-পেষ্ট কৰিয়েই কাম চলাব লাগিব৷

লেপটপ বা পি.চি.ত Windows 7 বা Windows 8 ব্যৱহাৰ কৰাসকলে কোনো বাহিৰা সঁজুলি বা চফটৱেৰ ব্যৱহাৰ নকৰিলেও সহজে অসমীয়া লিখিব পাৰে। এই সুবিধা গ্ৰহণ কৰিবলৈ তলৰ পদ্ধতি অৱলম্বন কৰক। আপুনি আপোনাৰ কম্পিউটাৰৰ সামান্য এটা চেটিং সলনি কৰিব লাগিব৷

(ক) Control panel > Region and Language > Formats > Select "Assamese (India)" > Apply > OK

(খ) লিখন পদ্ধতি অসমীয়া আৰু ইংৰাজীলৈ সালসলনি কৰিবলৈ কীব'ৰ্ডত Alt+Shift বা Ctrl+Shift একেলগে টিপক। লগে লগে আপোনাৰ কীবোৰ্ডখন অসমীয়ালৈ ৰূপান্তৰিত হৈ যাব৷

(গ) ইয়াৰ পাছত কীব'ৰ্ড খনত অসমীয়া আখৰৰ স্থানসমূহ জানিবলৈ তলৰ পদ্ধতি ব্যৱহাৰ কৰক৷ (আখৰৰ স্থানসমূহ আৰু লিখন পদ্ধতি LEAP Office দৰে একেই )

Start menu > Accessories > Ease to Access > On-screen keyboard
Windows Xp/ Me/ 98/ Windows vistaৰ ব্যৱহাৰ কৰাসকলে ৰ’দালী, জাহ্নৱী আদি ডাউলোড কৰি ল’ব পাৰে৷ আপুনাৰ যদি ৰামধেনু/আক্ৰুটি/লিপ অফিচত টাইপ কৰাৰ অভ্যাস আছে, তেনেহ’লে আপোনাৰ বাবে জাহ্নৱীখনই আপোনাৰ বাবে উপযুক্ত হ’ব৷ কাৰণ, জাহ্নৱীৰ কীবোৰ্ডবোৰ নিজৰ সুবিধামতে উপলব্ধ৷

প্ৰথমে জাহ্নৱী মূল চফটৱেৰটো ডাউনলোড কৰক— জাহ্নৱী

এতিয়া তলৰ লিংকবোৰৰ পৰা আপোনাৰ নিজ সুবিধা মতে এখন কী-বোৰ্ড ডাউনলোড কৰি লওক৷

(১) লিপ অফিচৰ দৰে কী-বোৰ্ড- http://kramasha.mobie.in/files/jahnabi-DS-As-LO%20Modified%201.zip
(২) আক্ৰুটিৰ দৰে কী-বোৰ্ড- http://kramasha.mobie.in/files/jahnabi-DS-As-AKRUTI%203.zip
(৩) অভ্ৰৰ দৰে কী-বোৰ্ড- http://kramasha.mobie.in/files/jahnabi-DS-As-DM.zip
(৪) ৰামধেনুৰ দৰে কী-বোৰ্ড - http://kramasha.mobie.in/files/Jahnabi-Ins-SMM.zip

এই যে কীবোৰ্ডবোৰ ডাউনলোড কৰিলে; সেই zip fileটোত ভিতৰত দুটা file আছে, এটা text file আৰু আনটো ইমেজ file।
এতিয়া আপোনাৰ কম্পিউটাৰৰ Locel Disk (C) লৈ যাওক আৰু অনুসকৰণ কৰক Progrem Files> JahnabiMultilingual> keylayouts folder. তাত আপুনি ডাউনলোড কৰা zip fileটোত থকা text file টো পেষ্ট কৰক৷ আৰু assets folderটো ভিতৰত ইমেজ file পেষ্ট কৰক৷ জাহ্নৱী কি বৰ্ডখন restart কৰক। এতিয়া settingলৈ যাওঁক তাত আপুনি Install কৰা কী বৰ্ড খন দেখা পাব। সেইখন set কৰিলেই হ'ল। এতিয়া আপুনি নিজৰ কি বৰ্ডখনত অসমীয়া লিখিবলৈ পাৰিব।

ৰ’দালিৰ ডাউনলোড লিংক — ৰ'দালি

‘আক্ৰুতি’ৰে অফলাইন অসমীয়া লিখা

ব্যৱহাৰ পদ্ধতি আৰু ডাউনলোড লিংক৷ আক্ৰুতি হ’ল এনে এক চফটৱেৰ, যাৰ দ্বাৰা আপুনি অনলাইনৰ বাহিৰে অন্য সকলোতে অসমীয়া লিখিব পাৰে৷ কোনো অসমীয়া DTP ৰ বাবে, ফটো আদিৰ ওপৰত লিখাৰ বাবে এই চফটৱেৰ ব্যৱহাৰ কৰিব পাৰে৷ এক্স-পি, এম-ই, ৯৮, উইনড’জ ৭/৮ সকলোতে ব্যৱহাৰ কৰিব পাৰিব৷
ব্যৱহাৰ পদ্ধতি
আক্ৰুতি ব্যৱহাৰ কৰিবলৈ আপোনাৰ লেপটপত অৱশ্যেই এখন পৃথক কী-বৰ্ডৰ প্ৰয়োজন হ’ব৷
(১) প্ৰথমে আপুনি ডাউনলোড কৰা আক্ৰুতি চফটৱেৰটো ইন্সটল কৰক৷

(২) এতিয়া Desktopলৈ আক্ৰুতিৰ চৰ্টকাট আইকণটো আহিব৷ আক্ৰুতিৰ আইকণটোত অপেন কৰক। এতিয়া কী-বৰ্ডখন খোল খাব৷ তাত কোনটো কীৰে কি বৰ্ণ নিৰ্দেশ কৰে তাক স্পষ্টকৈ লিখা আছে৷ [লিপ অফিচৰ সতে কী-বৰ্ডখন প্ৰায় একে৷ (পোষ্টটোত এই কী-বৰ্ডখন সংলগ্ন কৰা হৈছে৷)]

(৩) অন্য কোনো এটা চফটৱেৰ খোলক, য’ত আপুনি অসমীয়া লিখিব বিচাৰে৷ (ফটোচ’প, পেজমেকাৰ, ৱৰ্ড আদিৰ এটা খোলক৷)

(৪) আপুনি অসমীয়া লিখিব খোজা চফটৱেৰটোৰ ‘ফ্ৰণ্ট ষ্টাইল’টো ‘AkrutiAsmAnand’ লৈ পৰিৱৰ্তন কৰক৷

(৫) এতিয়া আপুনি আপোনাৰ লেপটপত থকা পৃথক কীবৰ্ডখনৰ ‘Scroll Lock’ টো অন কৰক৷

(৬) আকৌ চাওক, আক্ৰুতিটো খোল খাই আছেনে? ‘ফ্ৰণ্ট ষ্টাইল’টো ‘AkrutiAsmAnand’আছেনে নাই? যদি আছে, তেন্তে আপুনি লিখিবলৈ আৰম্ভ কৰিব পাৰে৷

চফটৱেৰটোৰ ডাউনলোড কৰাৰ ঠিকনা

http://www.2shared.com/complete/xC2U5wLT/Aakruti.html

আগবঢ়ালে: কিৰন খনিকৰ, মহীৰূহ

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate