নীতিসমূহ হ’ল মৌলিক সিদ্ধান্তৰ সমষ্টি যিয়ে কোনো ব্যক্তি বা গোটক কম্পিউটাৰ ব্যৱহাৰ কৰাৰ সময়ত কম্পিউটাৰৰ গ্ৰহণযোগ্যতা ব্যৱহাৰৰ বিষয়ে পৰিচালিত কৰে। কম্পিউটাৰৰ নীতিসমূহ হ’ল কিছুমান মৌলিক সিদ্ধান্তৰ সমষ্টি যিয়ে কম্পিউটাৰ উপযোগী ব্যৱহাৰৰ বিষয়ে পৰিচালনা কৰে। বৰ্তমান কম্পিউটাৰ ব্যৱহাৰৰ নীতি-নিৰ্দেশনা অমান্য কৰা প্ৰধান বিষয় হ’ল কপিৰাইট বিষয়টো।
প্ৰকৃত গৰাকীৰ অনুমতি অবিহনে কোনো তথ্য বা উপাদান নকলিকৰণ কৰা প্ৰক্ৰিয়া আদি হ’ল কম্পিউটাৰ নীতি নিৰ্দেশনা উলংঘা কৰাৰ প্ৰধান উদাহৰণ।
ডিজিটেলভাৱে সাহিত্য চুৰি:
কোনো সাহিত্য বা টোকা চুৰিকাৰ্য্য হ’ল আমাৰ উচ্চ শিক্ষা ব্যৱস্থাত প্ৰচলিত হৈ থকা এটা অসাধুতাৰ চূড়ান্ত নিৰ্দশন। ইয়াৰে এটা উদাহৰণ হ’ল শিক্ষাৰ্থীয়ে শিক্ষানুষ্ঠানত জমা দিয়া শিক্ষালিপি যি আন সহপাঠিৰ পৰা সংগ্ৰহ কৰি নতুবা ইতিমধ্যে প্ৰকাশিত গোষ্ঠীৰ পৰা সংগ্ৰহ কৰিব পাৰে। ইয়াত কম্পিউটাৰ তথা ইন্টাৰনেটৰ সুবিধাই কোনো সাহিত্যৰ বা টোকা চুৰি কৰা কাৰ্যত ইন্ধন যোগাইছে। যিটোৱে সিহঁতক এইটো কৰিবলৈ অতি সুবিধা প্ৰদান কৰিছে আৰু লগতে ইয়াক চিহ্নিত কৰাত অধিক জটিলতা কৰি তুলিছে।
কপিৰাইট আৰু চফটৱেৰ চুৰি:
এইটো সকলোতে জনাজাত যে, বে-আইনীভাৱে কপিৰাইট আইন উলংঘা কৰি বহুতো তথ্য, সংগীত, ছবি আদিৰ সমল চুৰি কাৰ্য্য সংঘটিত হৈ আহিছে আমাৰ সমাজত। যিবোৰ ব্যক্তিয়েই এনেবোৰ বে-আইনী কামৰ লগত নিজক জড়িত কৰি ৰাখিছে তেওঁলোকে নিজকে কেতিয়াও অনৈতিক কামৰ লগত জড়িত থকা ব্যক্তি বুলি নিজক বিবেচনা নকৰে। এইটো ধ্ৰুৱ সত্য বুলি প্ৰমাণিত হৈছে যে বিশেষকৈ কলেজৰ শিক্ষাৰ্থীসকলৰ লগত। আৰু এইটো দেখা গৈছে যে শিক্ষাৰ্থীৰ মাজত এই মনোবৃত্তি অধিক তীব্ৰতৰ ৰূপত গঢ় লৈ উঠিছে বৰ্তমান এই তথ্য-প্ৰযুক্তিৰ যুগত য’ত ইন্টাৰনেট এক তথ্য যোগান ধৰা এক প্ৰধান উপাদান হিচাপে চিহ্নিত হৈছে নাগৰিকৰ মাজত।
শিক্ষাৰ্থী তথা বিদ্যালয়ৰ কৰ্মচাৰীয়েই কম্পিউটাৰ লগত নিজক জড়িত কৰিব পাৰে কিন্ত তেওঁলোকে ইয়াক সঠিক ৰূপত ব্যৱহাৰ নকৰে। তেওঁলোকৰ শিক্ষানুষ্ঠানত হয়তো সকলো প্ৰয়োজনীয় কম্পিউটাৰৰ উপাদান উপলব্ধ যেনে, কম্পিউটাৰ নেটৱৰ্ক, চফটৱেৰ ইত্যাদি যি সুবিধা তেওঁলোকৰ শিক্ষানুষ্ঠানে আগবঢ়াই কিন্ত তেওঁলোকে ইয়াক সঠিক ৰূপত ব্যৱহাৰ নকৰে।
উদাহৰণ হিচাপে শিক্ষাৰ্থীয়ে নিজৰ বিদ্যালয়ৰ একাউণ্টটো খুলি নিজৰ পছন্দৰ বিভিন্ন ছবি, সংগীত আদি ডাউনলোড কৰি নিজৰ মনৰ অভিলাসা পূৰণ কৰিব পাৰে যি বিদ্যালয় পৰিচালনা নীতি নিৰ্দেশনাৰ পৰিপন্থী আৰু যিয়ে সমগ্ৰ বিদ্যালয়ৰ কম্পিউটাৰত ভয়ংকৰ ভাইৰাছ বিয়পাব পাৰে।
ব্যক্তিগত তথ্য সমূহীয়া কম্পিউটাৰত: যেতিয়া সমূহীয়া কম্পিউটাৰ ব্যৱহাৰ কৰা যায়, তেতিয়া এই কম্পিউটাৰ ব্যৱহাৰ কৰা শিক্ষাৰ্থী বা কৰ্মচাৰীয়ে তেওঁলোকৰ অজ্ঞাতে কিছুমান ব্যক্তিগত গোপনীয় তথ্য কম্পিউটাৰত এৰি আহিব পাৰে যাক আমি কেছ ফাইল তথা কুকি বুলি কওঁ যাৰ দ্বাৰা পৰৱৰ্তী উপভোক্তাই আগৰ ব্যৱহাৰকাৰীজনৰ সকলো ব্যক্তিগত তথ্য উন্মোচন সহজে কৰিব পাৰে।
ইন্টাৰনেট আৰু ই-মেইল ব্যৱহাৰ কৰোতে জানিবলগীয়া কিছু নীতি নিৰ্দেশনা:
কিছুমান মানি চলিবলগীয়া নীতি নিয়ম তলত দিয়া হ’ল যেতিয়া কোনো এজন ব্যক্তিয়েই কম্পিউটাৰ ব্যৱহাৰ কৰে:
ইন্টাৰনেটৰ নৈতিকতাৰ অৰ্থ হ’ল ইন্টাৰনেট ব্যৱহাৰৰ গ্ৰহণযোগ্যতা। আমি ইন্টাৰনেট সদায় নৈতিক নীতি নিয়মৰ মাজেৰে ব্যৱহাৰ কৰিব লাগে লগতে আনক যথোপযুক্ত সন্মান প্ৰদৰ্শন কৰি ইয়াক ব্যৱহাৰ কৰিব লাগে।
গ্ৰহণযোগ্যতা
ইন্টাৰনেট কেতিয়াও এটা বেয়া সামগ্ৰী বা উপাদান নহয় যিদৰে ইয়াক সাধাৰণতে গণ্য কৰা হয়। আমি ইয়াক ব্যৱহাৰ কৰোতে কিছু মাথো সাৱধানতা অৱলম্বন কৰা উচিত কিয়নো ই হ’ল আমাৰ সমাজৰে এটা গুৰুত্বপূৰ্ণ অংশ।
জাতীয় তথা স্থানীয় কৃষ্টি-সংস্কৃতি আৰু ইন্টাৰনেটৰ সংবেদনশীলতা
ইন্টাৰনেটৰ পৰিসৰ অতি বিস্তৃত্ব ই কোনো এটা জাতিৰ কৃষ্টি-সংস্কৃতিৰ গণ্ডীৰ মাজতে আবদ্ধ নহয়। ইয়াক কোনো এখন স্থানীয় বাতৰি কাকত অথবা কোনো স্থানীয় টিভি চেনেলৰ লগত ইয়াৰ পৰিসৰক ৰিজাব নোৱাৰি। আমি ইয়াৰ বিস্তৃত্ব পৰিসীমাক মানি ল’ব লাগিব।
কম্পিউটাৰ নৈতিকতা মানে হ’ল কিছুমান মৌলিক নীতি নিৰ্দেশনা যিয়ে কোনো ব্যক্তি বা গোটক কম্পিউটাৰ ব্যৱহাৰ কৰোতে ইয়াৰ ব্যৱহাৰৰ গ্ৰহণযোগ্যতাৰ দিশে পৰিচালনা কৰে। কম্পিউটাৰৰ নৈতিকতা উলংঘা কৰা এটা মুখ্য উদাহৰণ হ’ল কপিৰাইট বিষয়টো।
এবাৰ ৰবি নামৰ ছাত্ৰ এজনে তেওঁৰ সহপাঠী এজনৰ পৰা সি লিখা ৰচনাখন চাব বিচাৰিছিল আৰু ৰবিয়েও সেই ৰচনাখন বিশেষ একো কথা নাভাবি তাক চাবলৈ দিছিল। কিন্ত কিছুদিনৰ পিছত যেতিয়া শ্ৰেণী শিক্ষকে সেই ৰচনাখন মূল্যাংকন কৰি দেখিছিল যে ৰবি আৰু ল’ৰাজনৰ ৰচনা দুখন একেই। তাৰপিছত শ্ৰেণী শিক্ষকে ল’ৰাজনক বাহিৰলৈ মাতি নি ইয়াৰ ব্যাখা বিচাৰিছিল। এই উদাহৰণটোৰ পৰা ইয়াকেই বুজা যায় যে, ছাত্ৰ-ছাত্ৰীক কেতিয়াও কাৰো বস্তু চুৰি বা কপি কৰাৰ শিক্ষা দিব নালাগে।
এবাৰ বিকিয়েই কম্পিউটাৰ লেবৰ পৰা লগ-অফ নকৰি বাহিৰলৈ ওলাই আহে আৰু তাৰ পিছত তাৰ সেই স্থানত বহি তাৰ একান্টৰ পৰা ভুৱা বাৰ্তা আন বহুতলৈ সি নজনাকৈ প্ৰেৰণ কৰে। সেয়ে ছাত্ৰ-ছাত্ৰীক অন্য ব্যক্তিৰ একাউন্টৰ বা কম্পিউটাৰ অসৎ ৰূপত ব্যৱহাৰ যে কৰিব নালাগে তাৰ শিক্ষা দিব লাগে।
যেতিয়া ই-মেইল অথবা ছাটিং ব্যৱহাৰ কৰা যায়:
ইন্টাৰনেট সদায় বন্ধু-বান্ধৱ বা পৰিয়ালৰ মাজত যোগাযোগ ৰক্ষা কৰাৰ বাবেহে ব্যৱহাৰ কৰিব লাগে। ইন্টাৰনেটত কেতিয়াও অচিনাকী ব্যক্তিৰ লগত ছাটিং কৰাৰ বাবে ব্যৱহাৰ কৰিব নালাগে। আমি আমাৰ ল’ৰা-ছোৱালীক অচিনাকী ব্যক্তিৰ লগত ছাটিং কৰোতে তাৰ লগত জড়িত বিপদৰ কথা ভালকৈ বুজাই দিব লাগে।
ইন্টাৰনেট কেতিয়াও আনক মূৰ্খ সজোৱাৰ বাবে ব্যৱহাৰ কৰিব নালাগে:
আমি কেতিয়াই ইন্টাৰনেট আনক মূৰ্খ সজোৱাৰ উদ্দেশ্য কৰি ব্যৱহাৰ কৰিব নালাগে। আমি ল’ৰা-ছোৱালীক বুজাব লাগে যে আনক মূৰ্খ খজোৱা বা নিজৰ পৰিচয় লুকাই ৰখাটো এটা অপৰাধ।
বেয়া ভাষা পৰিহাৰ কৰা:
আমি যেতিয়া ইন্টাৰনেটত ছাটিং, ই-মেইল বা বিভিন্ন ব্লগত অংশগ্ৰহণ কৰো তাত বেয়া শব্দ বা ভাষা ব্যৱহাৰ কৰা উচিত নহয় আৰু এই বিষয়ে ল’ৰা-ছোৱালীকো বুজাই দিব লাগে।
ব্যক্তিগত তথ্য প্ৰকাশ নকৰা
আমি ল’ৰা-ছোৱালীক বুজাই দিব লাগে যে ইন্টাৰনেটত কেতিয়াও নিজৰ ব্যক্তিগত তথ্য যেনে, ফোন নম্বৰ, ঘৰৰ ঠিকনা আদি প্ৰকাশ কৰিব নালাগে। ইন্টাৰনেটৰ কেতিয়াও কোনো অচিনাকি ব্যক্তিলৈ কোনো ব্যক্তিগত ফটো প্ৰেৰণ কৰিব নালাগে কিয়নো ইয়াক অসৎ উদ্দেশ্য অন্য ব্যক্তিয়েই ব্যৱহাৰ কৰিব পাৰে।
যেতিয়া ডাউনলোড কৰা হয়:
ইন্টাৰনেট সাধাৰণতে সংগীত, ছবি,ল আদি ক্ষেত্ৰত উপভোগ কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা দেখা যায় যাক আমি কেতিয়াও কপিৰাইট আইন উলংঘা কৰি সেই উপাদান ডাউনলোড কৰিব নালাগে। আমি ল’ৰা-ছোৱালীক কম্পিউটাৰ ব্যৱহাৰ কৰোতে কপিৰাইট বিষয়টো ওপৰত বিস্তৃতভাৱে বুজাই দিব নালাগে যে কেতিয়াও কোনো তথ্য বা উপাদান বে-আইনীভাৱে ইন্টাৰনেটৰ পৰা ডাউনলোড কৰিব নালাগে।
পৰ্য্যৱেক্ষণ কৰা
আমি ল’ৰা-ছোৱালীয়ে ইন্টাৰনেট ব্যৱহাৰ কৰোতে তেওঁলোকে তাত কি কি উপাদান উপভোগ কৰে বা কিদৰে ইয়াক ব্যৱহাৰ কৰিছে সেই বিষয়ত উচিত নজৰ দিব লাগে। তেওঁলোকক ইন্টাৰনেটত বেয়া উপাদান যুক্ত বিষয়ত যাতে আগ্ৰহ প্ৰকাশ কৰিব নোবাৰে তাৰ সকীয়নি প্ৰদান কৰিব লাগে।
শিক্ষাৰ্থীক ইন্টাৰনেটৰ ব্যৱহাৰৰ বাবে উৎসাহিত কৰা:
আমি সদায় ল’ৰা–ছোৱালী তথা শিক্ষাৰ্থীক ইন্টাৰনেটক জ্ঞান আহৰণৰ উত্তম মাধ্যম হিচাপে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব লাগে। ইন্টাৰনেট হ’ল জ্ঞান আহৰণৰ এবিধ উত্তম আহিলা যাৰ দ্বাৰা শিক্ষাৰ্থীয়ে বহুমূলীয়া জ্ঞান আহৰণ কৰিব পাৰে।
ইন্টাৰনেটৰ পৰিসৰ
ইন্টাৰনেট হ’ল এনে এবিধ আহিলা যিয়ে অতি কম সময়ৰ ভিতৰতে অধিক দ্ৰুতগতিত নিজৰ পাঠ্যক্ৰমৰ বিষয়ৰ ওপৰত অধিক দক্ষতা আহৰণ কৰা সুবিধা প্ৰদান কৰে। যিকোনো বিষয়ৰ ওপৰত সোনকালে অধিক বিস্তৃত তথ্য আহৰণ কৰিবলৈ ইন্টাৰনেট এবিধ উত্তম আহিলা যাক যিকোনো ব্যক্তিয়েই নিজৰ উত্তৰণ সাধন ঘটোৱাৰ উদ্দেশ্য ব্যৱহাৰ কৰি ইয়াৰ লাভলাভ হ’ব পাৰে। শিক্ষাৰ্থীয়ে নিজৰ জীৱনত প্ৰয়োজনীয় হোৱা বিভিন্ন পৰীক্ষাৰ সমল বা কোনো বিষয়ৰ তথ্য অধিক বিতং, শুদ্ধ তথা বিস্তৃত ৰূপত ইন্টাৰনেটৰ মাধ্যমৰে আহৰণ কৰি নিজক এই শিক্ষা জীৱন অধিক সক্ৰিয় ৰূপত আগবঢ়াই নিব পাৰে।
চাইবাৰ নৈতিকতা
চাইবাৰ নৈতিকতা মানে হ’ল কিছুমান মৌলিক, সামাজিক আৰু আইনযুক্ত আচৰণবিধিৰ সমষ্টি যাক আমি ইন্টাৰনেট ব্যৱহাৰ কৰোতে সদায় মানি চলিব লাগে। ইন্টাৰনেট অনলাইন ব্যৱহাৰ কৰোতে আমি চাইবাৰ আইনৰ নীতি নিয়মক মানি চলাটোও চাইবাৰ নৈতিকতা আওঁতাৰ গণ্ডীৰ ভিতৰতে পৰে। আমাৰ বাবে ইন্টাৰনেট আৰু অধিক উপভোগ্য হৈ উঠিব যদি আমি চাইবাৰ নৈতিক নীতি নিয়মবোৰ মানি ইয়াক উচিত ৰূপত ব্যৱহাৰ কৰে। বৰ্তমান যুগত তথ্য-প্ৰযুক্তিৰ বিভিন্ন উপাদান ব্যক্তিক ক্ষতি কৰাৰ অৰ্থত অধিক ব্যাপক ৰূপত ইচ্ছাকৃতভাৱে সাধাৰণ লোকে ব্যৱহাৰ কৰিব ধৰিছে। তথ্য-প্ৰযুক্তিৰ ব্যাপক প্ৰসাৰতাই বৰ্তমান যুগত বিশেষকৈ কণ কণ ল’ৰা-ছোৱালীবোৰক অধিক বিপথে পৰিচালিত কৰিছে।
চাইবাৰ তথ্য প্ৰযুক্তিয়ে বহল অৰ্থত বিভিন্ন ইলেক্ট্ৰনিকছ সামগ্ৰী তথা কম্পিউটাৰ মাজত যোগাযোগৰ মাধ্যমক সামৰি লয়। চাইবাৰ নৈতিকতাই সদায় কম্পিউটাৰ লগত জড়িত ব্যক্তিক কম্পিউটাৰৰ লগত সংলগ্ন সীমিত চাইবাৰ নীতি-নিয়মক অধ্যয়ন কৰাৰ পোষকতা কৰে।
চাইবাৰ সুৰক্ষা
চাইবাৰ সুৰক্ষাই ইন্টাৰনেটক সুৰক্ষিত আৰু দায়িত্বশীল মনোভাৱেৰে ব্যৱহাৰ কৰা কাৰ্য্যকে সূচায়। এই মনোভাৱেৰে ইন্টাৰনেট ব্যৱহাৰ কৰিলে নিজৰ গোপন তথ্য তথা আত্ম সন্মান সুৰক্ষিত কৰি ৰাখিব পাৰি তথা ৱ্যৱহাৰভিত্তিক ভয়ংকৰ পৰিণামৰ আংশকা হ্ৰাস কৰিব পাৰি।
চাইবাৰ নিৰাপত্তা
চাইবাৰ সুৰক্ষাই ইন্টাৰনেট ব্যৱহাৰ কৰোতে লবলগীয়া সাৱধানতাৰ বিষয়ে গুৰুত্ব প্ৰদান কৰে, আনহাতে চাইবাৰ নিৰাপত্তাই কম্পিউটাৰৰ হাৰ্ডৱেৰ, চফটৱেৰ সকলো তথ্যৰ ওপৰত যাতে কোনেও বিনা অনুমতিত অধিগ্ৰহণ কৰিব নোৱাৰে তাৰ সুনিশ্চিত নিৰাপত্তা প্ৰদান কৰাটো সামৰি লয়।
নৈতিকতা বজাই ৰখা সুৰক্ষা প্ৰণালীবোৰ
চাৰিটা মুখ্য ব্যৱহাৰীক দৃষ্টিভংগী যিয়ে অনলাইন ইন্টাৰনেট ব্যৱহাৰকাৰীক ইয়াৰ উচিত ব্যৱহাৰৰ সুনিশ্চিত প্ৰদান কৰে।
তথ্য প্ৰযুক্তিৰ প্ৰধান্য বাঢ়ি অহাৰ লগতে তথা ইয়াৰ অনৈতিক ব্যৱহাৰৰ সম্ভাৱনা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ মাজত যাতে বিয়পিব নোৱাৰে তাৰ সুনিশ্চিত কৰাৰ বাবে কিছুমান নিদিষ্ট নীতি নিয়ম বিদ্যালয়ৰ কৰ্ত্তৃপক্ষই জাৰি কৰিব লাগে শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্য।
বিভিন্ন নৈতিক গুণ সম্পন্ন আদৰ্শ তথ্য-প্ৰযুক্তি ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন বিদ্যালয়ে অৱলম্বন কৰিছে। গ্ৰহণযোগ্য নীতি নিয়মবোৰ হ’ল সঠিক ৰূপত তথ্য প্ৰযুক্তি ব্যৱহাৰৰ নিয়ম। শিক্ষক, ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকে এই নীতি নিয়মবোৰৰ বিষয়ে সজাগ হোৱাটো অতি দৰকাৰী।
তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰৰ দিশত শিশুৰ নৈতিক আচৰণৰ ভাগ আমি তিনিটা দিশত ভাগত ভগাব পাৰো আৰু সেইকেইটা হ’ল ব্যক্তিগত, সম্পত্তি উপযুক্তৰূপে। বিদ্যালয় সমন্ধীয় ঘটনা আমি তিনিটা দিশতে বিচাৰি পাওঁ।
শিক্ষকে বিভিন্ন শিক্ষামূলক কাৰ্য্যপ্ৰণালীৰ মাধ্যমৰে তথ্য-প্ৰযুক্তি উচিত ব্যৱহাৰৰ জ্ঞান শিক্ষাৰ্থীক দিব লাগে। কম্পিউটাৰ সাধাৰণ জ্ঞান প্ৰদান কৰাৰ মাজতে শিক্ষাৰ্থীক শিক্ষকে ইয়াৰ ৱ্যৱহাৰীক নৈতিক আচৰণ সমন্ধে জ্ঞান দিব লাগে। শিক্ষাৰ্থীয়ে কম্পিউটাৰ লগত জড়িত নৈতিক ব্যৱহাৰ বা আচৰণৰ দিশতো ভালদৰে বুজাটো প্ৰয়োজন। তথ্য-প্ৰযুক্তি বা কম্পিউটাৰ ব্যৱহৃত হয় সুবিধা ল’বৰ বাবে বিশেষকৈ যিসকল ব্যক্তি বা শিক্ষাৰ্থীয়ে অনলাইন ব্যৱহাৰ কৰে তেওঁলোকক সঠিককৈ অনুধাৱন নকৰালৈ বা বিদ্যালয়ৰ নীতি নিয়ম মানি নচলালৈ তেওঁলোকক এই সুবিধা গ্ৰহণ কৰিব দিব নালাগে।
বিদ্যালয়ত ইন্টাৰনেট তথা কম্পিউটাৰ গ্ৰহণযোগ্যতা ব্যবহাৰৰ নীতি নিৰ্দেশনা এক সু-নিৰ্দিষ্ট আচৰণবিধি তালিকা থাকিব লাগে। এই নীতি নিয়মবোৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষকসকলৰ ক্ষেত্ৰতো প্ৰযোজ্য। এই নীতি নিয়ম তথা কম্পিউটাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত জড়িত থকা আচৰণবিধি সকলো নাগৰিকে বা শিক্ষক, ছাত্ৰ-ছাত্ৰীয়ে বুজাটো প্ৰয়োজন।
চাইবাৰ আতংকিত কাৰ্য্য হ’ল ইন্টাৰনেট অনলাইন মাধ্যমৰ যোগেদি যিয়ে অসৎ উপায়ৰে আনক উদ্দেশ্য প্ৰনোণিত ভাৱে আতংকত পেলোৱা অৰ্থত ইয়াক ব্যৱহাৰ কৰে। এই কাৰ্য্য তলত দিয়া ধৰণে সম্পাদন ঘটাব পাৰে:
চাইবাৰ আতংকিত কৰা কাৰ্য্যই কোনো ব্যক্তি বা ভুক্তভোগীৰ সকলো গোপনীয় তথ্য, নাম ,ফোন নম্বৰ আদি ইন্টাৰনেট ৰাজহুৱা কৰাকো বুজায়। ইয়াৰ দ্বাৰা কোনো ব্যক্তিৰ আপত্তিজনক নথি পত্ৰ বেয়া অৰ্থত প্ৰকাশ কৰাটোকো বুজায়।
চাইবাৰজনিত অপৰাধ ভাৰতীয় আইনৰ ৬৬ ধাৰাৰ অধীনত তথ্য প্ৰযুক্তিৰ আইনৰ আধাৰত সামৰি লয়। এই ধাৰাটোক “অপৰাধমূলক বাৰ্তা প্ৰেৰণ কৰাৰ উপযুক্ত শাস্তি ব্যৱস্থা যোগাগোগ মাধ্যমত” নামেৰে নামাংকিত কৰিছে। এই আইনৰ ধাৰাত ৩ বছৰলৈ জেলৰ শাস্তি বিহাৰ ব্যৱস্থা আছে। ভাৰতীয় আইনৰ ৬৬ নং ধাৰাই তলত উল্লেখ কৰা অপৰাধসমূহক ই-মেইল বা বাৰ্তা প্ৰেৰণ কৰা ব্যৱস্থাত অপৰাধমূলক কাৰ্য্য হিচাপে গণ্য বা সাঙুৰি লয়। সেইবোৰ হ’ল:
শেহতীয়া উন্নীতকৰণ: : 3/6/2020
ইয়াত কম্পিউটাৰৰ ক্ষতিকৰ বিকিৰনৰ পৰা হাতসৰাৰ ৬ টা ক...
কম্পিউটাৰ আৰু মবাইলত অসমীয়া লিখাৰ সহজ পদ্ধতি আৰু স...