অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইউ.এছ.বি সুৰক্ষা

ইউ,এছ,বি হিচাপে মোবাইল ফোন

মোবাইল ফোনটো যেতিয়া কম্পিউটাৰত সংযোগ কৰা হয় তেতিয়া তাক ইউ.এছ.বি মেম’ৰি আহিলা হিচাপেও ব্যৱহাৰ কৰিব পাৰো। মোবাইল ফোনৰ লগত এডাল ইউ.এছ.বি তাঁৰ দিয়া হয়, যি ডালেৰে ফোনটোক কম্পিউটাৰৰ লগত সংযোগ কৰিব পৰা যায়।

কৰিব:

  • যেতিয়া এটা মোবাইল ফোন ব্যক্তিগত কম্পিউটাৰৰ লগত সংযোগ কৰা হয় তেতিয়া নৱতম এণ্টিভাইৰাছেৰে বাহ্যিক ফোন মেম’ৰি আৰু মেম’ৰি কাৰ্ড নিৰীক্ষণ কৰি ল’ব লাগে।
  • আপোনাৰ ফোন আৰু বাহ্যিক মেম’ৰি কাৰ্ডত থকা সমলসমূহ নিয়মীয়াকৈ সংৰক্ষণ কৰি থ’ব লাগে, যাতে যদিহে কেতিয়াবা আহিলাটো নষ্ট হয় বা মেলৱেৰ সুমায়, তেন্তে অন্ততঃ প্ৰয়োজনীয় তথ্যখিনি নিৰাপদকৈ ৰাখিব পৰা যায়।
  • কম্পিউটাৰৰ পৰা মোবাইললৈ কোনো তথ্য স্থানান্তৰ কৰাৰ পূৰ্বে নৱতম এন্টিভাইৰাছেৰে নিৰীক্ষণ কৰি ল’ব লাগে।
  • কম্পিউটাৰৰ পৰা আতঁৰি অহাৰ আগতে ইউ.এছ.বি সংযোগ বিচ্ছিন্ন কৰিব লাগে।

নকৰিব

  • ভাইৰাছ থকা তথ্য কেতিয়াও আন মোবাইললৈ প্ৰেৰণ নকৰিব।

সঘনাই উত্থাপিত প্ৰশ্ন

স্বয়ংক্ৰিয়ভাৱে আৰম্ভ হোৱাতো কেনেকৈ বন্ধ কৰিব পাৰি?

অস্থায়ীভাৱে স্বয়ংক্ৰিয়ভাৱে নচলিবলৈ ছিফট কী টো হেঁচি ধৰক আৰু আপোনাৰ ইউ.এছ.বি আহিলাটো সুমুৱাওঁক।

আপোনাৰ তথ্যসমূহ কেনেদৰে সাংকেতিকৰণ কৰিব?

প্ৰকৃত সাংকেতিকৰণ এটা অতি শক্তিশালী মুক্ত, বিনামূলীয়া আহিলা যিয়ে আপোনাৰ ইউ.এছ.বি ড্ৰাইভত থকা তথ্যসমূহক সুৰক্ষা প্ৰদান কৰে। উইনড’জ, মেক আৰু লিনাক্স মঞ্চত ই কাম কৰে। ই কম্পিউটাৰৰ হাৰ্ড ড্ৰাইভ আৰু ইউ.এছ.বি আহিলাক সম্পূৰ্ণৰূপে সাংকেতিকৰণ কৰিব পাৰে।

এই আহিলাবিধ ব্যৱহাৰত অতি সহজ। আপোনাৰ ইউ.এছ.বি আহিলাটো সংযোগ কৰক আৰু ট্ৰু ক্ৰিপট এক্সিকিউটেবলটো খোলক। ইউ.এছ.বি আহিলাটোৰ বাবে এটা ভলিউম সৃষ্টি কৰক আৰু পিছৰ নিৰ্দেশনাবোৰ মানি চলক। আপুনি আপোনাৰ তথ্যসমূহ সুৰক্ষিত কৰিবলৈ এটা গুপ্তশব্দ দিব পাৰিব। আপুনি সাংকেতিকৰণ হোৱাৰ অগ্ৰগতি দেখা পাব। আপুনি এ.ই.এছ, চাৰ্পেন্ট বা টোফিছ সাংকেতিকৰণ এলগোৰিথিম নিৰ্বাচন কৰিব পাৰে। পিছত এই তথ্যসমূহত প্ৰৱেশ কৰিবলৈ হ’লে আপুনি গুপ্তশব্দটো ভৰাব লাগিব।

ইউ.এছ.বি সঞ্চয় আহিলাৰ নিৰাপত্তা

ইউ.এছ.বি (ইউনিভাৰ্ছেল চিৰিয়েল বাছ) সঞ্চয় আহিলাবিধ পৃথক পৃথক কম্পিউটাৰ লৈ তথ্য সামগ্ৰী স্থানান্তৰ কৰাৰ বাবে অতি সুবিধাজনক। ইউ.এছ.বি পোৰ্টত এই আহিলাটো সুমুৱাই কম্পিউটাৰৰ পৰা আহিলাটো লৈ তথ্য ভৰাওঁক আৰু সঁজুলিটো আতঁৰাই আনক। অতি সুবহনীয়, সুবিধাজনক আৰু অতি জনপ্ৰিয় হোৱাৰ পিছতো দুৰ্ভাগ্যজনকভাৱে আপোনাৰ এই তথ্যসমূহলৈ বিভিন্ন ধৰণৰ বিপদ কঢ়িয়াই আনিব পাৰে।

তথ্য চুৰ কৰা আৰু তথ্য ফাদিল হোৱাৰ বাতৰি এতিয়া দৈনন্দিন পঢ়িবলৈ পোৱা যায়। এই সকলোবোৰ যত্ন সহকাৰে, সজাগতা বৃদ্ধি আৰু তথ্যসমূহক যথোপযুক্ত আহিলাৰে সুৰক্ষিত কৰি নিয়ন্ত্ৰণ বা নিম্নতম কৰিব পৰা যায়। ইউ.এছ.বি সঞ্চয় আহিলা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত আপোনাৰ তথ্যসমূহ যাতে সুৰক্ষিতভাৱে ৰাখিব পাৰে সেই বিষয়ক সহায়ক হোৱাকৈ এই নথিত কিছুমান কিটিপ আৰু পৰামৰ্শ আগবঢ়োৱা হৈছে।

বিপদ

মেলৱেৰ বিপদ

  • মেলৱেৰসমূহ ইউ.এছ.বি সঞ্চয় আহিলাৰ যোগেৰে বিয়পি পৰে। কোনো লোকে ইচ্ছাকৃতভাৱে মেলৱেৰ থকা ইউ.এছ.বি সঞ্চয় আহিলাৰ যোগেৰে আপোনাৰ কাম-কাজ, ফাইলসমূহ, কম্পিউটাৰ আৰু নেটৱৰ্কসমূহৰ গতিবিধিৰ ওপৰত চকু ৰাখিব পাৰে।
  • ইউ.এছ.বি সঞ্চয় আহিলাত অনুস্থাপিতভাৱে সক্ৰিয় হৈ থকা Autorun.exe ব্যৱহাৰ কৰি মেলৱেৰসমূহ এটা আহিলাৰ পৰা আন এটা আহিলালৈ বিয়পি পৰিব পাৰে।

অকৰ্তৃত্বশীল ব্যৱহাৰ

  • কোনোবাই আপোনাৰ ইউ.এছ.বি আহিলাটো তথ্যৰ বাবে চুৰ কৰিব পাৰে।

টোপ দিয়া

কোনোৱাই ইচ্ছাকৃতভাৱে মেলৱেৰ থকা ইউ.এছ.বি আহিলাটো আপোনাৰ মেজ বা আপোনাৰ সুবিধাজনক ঠাইত থৈ যাব পাৰে।

ইউ.এছ.বি সঞ্চয় আহিলাৰ পৰা তথ্যৰ চুৰ কেনেদৰে ৰোধ কৰিব?

  • ইউ.এছ.বি সঞ্চয় আহিলাৰ ব্যৱহাৰ সীমিত কৰিবলৈ এটা ভাল সুৰক্ষিত নীতিৰ আৰ্হি প্ৰস্তুত আৰু গ্ৰহণ কৰক।
  • কৰ্মচাৰীসকলে এনে আহিলাত কি সামগ্ৰী ভৰাইছে সেইটো পৰ্য্যবেক্ষণ কৰক।
  • প্ৰামাণ্যকৰণ, প্ৰাধিকৰণ  আৰু হিচাপৰক্ষণ ব্যৱস্থা কাৰ্য্যকৰীকৰণেৰে আপোনাৰ তথ্যসমূহ সুৰক্ষিত কৰক।

যদি আপোনাৰ আহিলাটো হেৰায় আপুনি কি কৰিব?

  • গুপ্তশব্দ আদিৰ দৰে কোনো সংবেদনশীল তথ্য যদি আপুনি আপোনাৰ ইউ.এছ.বি আহিলাটোত থৈছিল, তেন্তে একাউন্ট খোলাৰ সময়ত প্ৰদান কৰা সুৰক্ষা প্ৰশ্ন আৰু উত্তৰৰ লগতে গুপ্তশব্দটো তৎকালে সলনি কৰি পেলাওঁক। (হেকাৰে চুৰ কৰা আহিলাটোত এই তথ্যসমূহ পালে আপোনাৰ অনলাইন একাউন্টত প্ৰৱেশ কৰিব পাৰে)।
  • আপোনাৰ হেৰুৱা তথ্যখিনিৰ বাবে সুৰক্ষিত ব্যৱস্থাসমূহ গ্ৰহণ কৰাতো নিশ্চিত কৰক।

আহিলা চুৰ কৰাটো কেনেকৈ ৰোধ কৰিব?

  • আহিলাটো সুৰক্ষিত ৰাখিবলৈ সদায় ইয়াক ছাবিৰ শিকঁলিৰ লগত গাঁঠি ৰাখক।
  • আপোনাৰ আহিলাটো য’তে-ত’তে পেলাই নথ’ব।
  • সাংকেতিকৰণ নকৰাকৈ সংবেদনশীল তথ্য আহিলাটোত নথ’ব।

ইউ.এছ.বি সমৰ্থন কৰা আহিলাৰ ধৰণসমূহ

  • কাৰ্ড ৰিডাৰসমূহ
  • মোবাইল ফোনসমূহ
  • পি.ডি.ই.এছ
  • ডিজিটেল কেমেৰাসমূহ
  • ডিজিটেল অডিঅ’ প্লেয়াৰছ
  • পোৰ্টেবল মিডিয়া প্লেয়াৰছ
  • পোৰ্টেবল ফ্লাছ মেম’ৰি ডিভাইছেছ

ইউ.এছ.বি আহিলা ব্যৱহাৰৰ নিৰ্দেশনাৱলী

কৰিব:

  • প্ৰথমবাৰ ব্যৱহাৰৰ সময়ত নিম্ন ফৰমেট কৰক।
  • সামগ্ৰীসমূহ নোহোৱা কৰিবলৈ সদায় সুৰক্ষিতভাৱে মোহাৰি পেলাওঁক।
  • প্ৰৱেশৰ আগতে সদায় নৱতম এন্টিভাইৰাছেৰে ইউ.এছ.বি আহিলাটো নিৰিক্ষণ কৰি লওক।
  • এটা গুপ্তশব্দৰে আপোনাৰ ইউ.এছ.বি আহিলাটো সুৰক্ষিত কৰক।
  • আহিলাটোত থকা ফাইল/ফোল্ডাৰসমূহ সাংকেতিকৰণ কৰক।
  • আপোনাৰ ইউ.এছ.বি আহিলাটো প্ৰৱেশ বা তথ্য সঞ্চয় কৰিবলৈ ইউ.এছ.বি সুৰক্ষা সামগ্ৰী ব্যৱহাৰ কৰক।
  • আপোনাৰ নথিসমূহ সদায় শক্তিশালী গুপ্তশব্দৰে সুৰক্ষিত ৰাখক।

ক্ষুদ্ৰ ব্যৱসায় বা প্ৰতিষ্ঠানৰ বাবে

  • তথ্যসমূহ যাতে ভালভাৱে প্ৰতিলিপিত হৈছে সেইটো পৰ্য্যবেক্ষণ কৰক।
  • অকৰ্তৃত্বশীল ইউ.এছ.বি আহিলা সংযোগ কৰাতো বন্ধ কৰক।
  • সাংগঠনিক আৰু পৰিপালনৰ প্ৰয়োজনীয়তা পূৰাবলৈ সঠিক মাত্ৰাৰ সাংকেতিকৰণযুক্ত আহিলা ব্যৱহাৰ কৰক।
  • ইউ.এছ.বি আহিলাৰ গ্ৰহণযোগ্য আৰু বৰ্জনীয় ব্যৱহাৰ সম্পৰ্কে কৰ্মচাৰীসকলক শিক্ষিত কৰক।
  • এনে নীতি প্ৰস্তুত কৰক যাতে ব্যৱহাৰকাৰীয়ে জানে, কোনসকল কৰ্তৃত্বশীল আৰু তেওঁলোকক কি কাম কৰাৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা হৈছে।

নকৰিব

  • কোনো অচিনাকী লোকে উত্তৰণভাৱে প্ৰদান কৰা ইউ.এছ.বি আহিলা গ্ৰহণ নকৰিব।
  • ব্যৱহাৰীৰ নাম আৰু গুপ্তশব্দ ধৰণৰ সংবেদনশীল তথ্য কেতিয়াও ইউ.এছ.বি আহিলা নথ’ব।
উৎস: সুৰক্ষাৰ সজাগতা, চি-ডেক, হাইদৰাবাদ।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate