অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিশোধন সেৱাসমূহ

ৱেব ব্ৰাউজাৰত পৰিশোধন সেৱাসমূহ

ইন্টাৰনেটত উপলব্ধ সামগ্ৰীসমূহৰ পৰিশোধন কৰাটোক পেৰেন্টেল নিয়ন্ত্ৰন বুলিও কোৱা হয়। ইয়াৰ জৰিয়তে বিভিন্ন আক্ৰমনাত্মক ৱেবচাইটসমূহ খোলাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰা হয়। এইবোৰ অতি সুনিশ্চিত নহয় যদিও যথেষ্ট সহায়ক হয়।

সামগ্ৰী পৰিশোধন কি?

বিভিন্ন যৌন ছবি, হিংস্ৰমূলক বক্তব্য, অসভ্য ভাষা আদি ধৰণৰ অনুপযুক্ত সামগ্ৰী ইন্টাৰনেটত থকা দেখা যায়।

ইন্টাৰনেট হ’ল এখন মুক্ত ক্ষেত্ৰ। ইয়াত সকলোৱে সকলো ধৰণৰ সমাগ্ৰী প্ৰদান কৰিব পাৰে, বক্তব্য ৰাখিব পাৰে। ইন্টাৰনেটত কাৰ্য্যক্ষম বাধা-বাধকতাও নাই। সেই বাবেই বহু লোকে সামগ্ৰী পৰিশোধন চফটওৱেৰ ব্যৱহাৰ কৰে আৰু আক্ৰমণাত্মকমূলক ৱেবচাইটবোৰক বাধা দিবলৈ ব্ৰাউজাৰ চেটিংছ ঠিক কৰি লয়।

সামগ্ৰী পৰিশোধন কেনেদৰে সক্ৰিয় কৰিব পাৰি?

ইন্টাৰনেট এক্সপ্ল’ৰাৰত ব্যৱহাৰকাৰীয়ে ইচ্ছামতে নিৰ্দিষ্ট কৰি লোৱা ৱেবচাইটসমূহ খুলিব পৰাকৈ আৰু বেৱচাইট খোলাৰ সীমাবদ্ধতা নিৰ্দিষ্ট কৰি ল’ব পৰাকৈ সুবিধা আছে।

ইয়াৰ বাবে ইন্টাৰনেট এক্সপ্ল’ৰাৰত tools-internet option-select content- click enable চয়ন কৰিব লাগিব।

গুগুল চাৰ্চ ইঞ্জিনত নিৰাপদ সন্ধান পৰিশোধন ব্যৱস্থা আছে। ইয়াৰ বাবে preference বা search preferences ত টিপক - Safe search filtering – বিচৰা ধৰণে চয়ন কৰক।

য়াহু চাৰ্চ ইঞ্জিনতো নিৰাপদ সন্ধান পৰিশোধন ব্যৱস্থা আছে। ইয়াৰ বাবে Advanced ত টিপক - বিচৰা ধৰনে চয়ন কৰক।

মনত ৰখা উচিত হ’ব যে উপৰোক্ত এটা চাৰ্চ ইঞ্জিনৰ পৰিশোধন ব্যৱস্থা ১০০ শতাংশ সঠিক নহয়। সেয়ে ইয়াৰ মাজেৰে কিছু নিবিচৰা ধৰনৰ সামগ্ৰীও সৰকি আহিব পাৰে।

সেইবাবেই নিৰাপদভাবে কেনেদৰে ৱেবচাইট খুলিব লাগে সেয়া ব্যৱহাৰিকভাৱে শিশুসকলক শিকাব লাগে।

পেৰেন্টেল নিয়ন্ত্ৰন বাৰ

শিশুসকলৰ বাবে অনুপযোগী ৱেবচাইটৰ পৰা আঁতৰত ৰাখিবলৈ এই বাৰে ধাল ৰূপে কাম কৰাত সহায় কৰে। ই অতি সহজ আৰু এক শক্তিশালী আহিলা। শিশুসকলে ইন্টাৰনেট ব্যৱহাৰ কৰাৰ সময়ত সাধাৰণভাৱে Child-Mode সক্ৰিয় কৰি দিলেই হ’ল। লগে লগে এই আহিলা বাৰডালে প্ৰাপ্তবয়স্কৰ বাবেহে উপযুক্ত ধৰণৰ ৱেব পৃষ্ঠাসমূহ খোলখোৱাত বাধা প্ৰদান কৰিব। ইন্টাৰনেট ব্যৱহাৰ কৰাৰ সময়ত যাতে আপোনাৰ শিশুটি নিৰাপদে থাকে সেইটো সুনিশ্চিত কৰা অতি আৱশ্যক।

ইয়াৰ উপৰিও পেৰেন্টেল নিয়ন্ত্ৰণ বাৰডালে তলত উল্লেখ কৰা কামসমূহৰ সক্ষমতা আগবঢ়ায়:

অভিভাৱকে শিশুক ইন্টাৰনেট ব্যৱহাৰৰ সময় সীমা নিৰ্দিষ্টকৈ বলবৎ কৰি দিব পাৰে।

শিশুৰ বাবে অনুপযুক্ত বুলি গন্য হোৱা ফটো আদি দৰ্শন কৰিব নোৱাৰাকৈ বাধা দি ৰাখিব পাৰে।

শিশুসকলে কি কি চাইট খুলিছে তাৰ তালিকা, কেনেধৰণৰ সামগ্ৰী চাইছে, আনকি দৰ্শন কৰা চাইটৰ ছবিও আপুনি পিছত পৰ্য্যৱেক্ষণৰ বাবে জমা কৰি থ’ব পাৰে।

পৰিয়ালৰ প্ৰতিজন সদস্যৰ বাবে পৃথক পৃথক বাধ্যবাধকতা বলবৎ কৰি থ’বলৈ পাৰিব।

সন্ধানৰ ফলাফল সীমিত কৰি শিশুসকলৰ বাবে যথোপযুক্ত কৰিবৰ সুবিধা আছে।

ৱেব বাউজাৰত পেৰেন্টেল নিয়ন্ত্ৰন বাৰ

ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮

উইণ্ডজ ভিষ্টা অপাৰেটিং চিষ্টেমৰ ইন্টাৰনেট এক্সপ্ল’ৰাৰত পেৰেন্টেল নিয়ন্ত্ৰন বাৰডাল থাকেই। উইণ্ডজ ভিষ্টাত এই নিয়ন্ত্ৰন স্থাপন কৰিবলৈ বিচাৰিলে একাদিক্ৰমে start - Control Panel - User accounts - Setup Parental Controls বুটামত টিপিব লাগিব। যদিহে আপোনাৰ গুপ্তশব্দ বিচাৰে বা সুনিশ্চিত কৰিবলৈ কয় তেন্তে সেয়া ভৰাব লাগিব। ইয়াৰ পিছত standard user account টিপি পেৰেন্টেল নিয়ন্ত্ৰন স্থাপন কৰিব লাগিব।

পেৰেন্টেল নিয়ন্ত্ৰনত On টিপক

এবাৰ পেৰেণ্টেল নিয়ন্ত্ৰন অন কৰাৰ পিছত আপুনি আপোনাৰ শিশুৰ বাবে নিয়ন্ত্ৰণসমূহ নিজাকৈ ঠিক কৰি ল’ব পাৰিব। বাধ্যবাধকতা, সময়সীমা, খেল, বিশেষ প্ৰগ্ৰেম চলোবাটো নিষেধ কৰা আদি নিয়ন্ত্ৰণসমূহ কৰিব পাৰিব।

তৃতীয় পক্ষৰ পেৰেন্টেল নিয়ন্ত্ৰন বাৰ তলত দিয়া সংযোগসমূহৰ পৰা ডাউনলোড কৰিব পাৰিব।

http://www.ieaddons.com/en/details/Security/ParentalControl_Bar/

৫.২.১.২ উইণ্ডজৰ ফায়াৰফক্স ব্ৰাউজাৰ বাবে

ফায়াৰফক্সৰ বাবে বহুবোৰ এডঅন আৰু এক্সটেনচন পোৱা যায়। এইসমূহ তলত দিয়া সংযোগৰ পৰা ডাউনলোড কৰিব পৰা যায়।

https://addons.mozilla.org/en-US/firefox/search?q=parental+control&cat=all

ফায়াৰফক্সৰ বাবে কিছুমান সামগ্ৰী আৰু আৰু এডঅন

৫.২.১.৩ পৰিয়ালৰ বাবে Glubble

Glubble জৰিয়তে পৰিয়ালৰ বাবে এটা ব্যক্তিগত পৃষ্ঠা প্ৰস্তুত কৰিব পৰা যায়। ইয়াৰ যোগেৰে শিশুটিৰ অনলাইনৰ কামকাজসমূহত চকু ৰখাৰ লগতে শিশুটিক অনলাইনৰ কাম কাজত সহযোগ কৰিব পাৰি। ইয়াত শিশু উপযোগী বিভিন্ন খেল, বাৰ্তালাপ, সুৰক্ষিত ব্ৰাউজিং আদিৰ লগতে পৰিয়ালৰ ফটো থকা টাইমলাইন, ফটো আপলোডিং, জমা কৰা, আৰু ফটো বিনিময় কৰাৰ সুবিধা আগবঢ়ায়। Glubble ৰ লগত Ask for Kids নামৰ শিশুৰ বাবে নিৰাপদ চাৰ্চ ইঞ্জিন সংহত হিচাপে থাকে।

https://addons.mozilla.org/firefox/addon/5881

৫.২.১.৪ ProCon ফিল্টাৰ

বহুবোৰ ৱেব পৃষ্ঠাত বহু ধৰণৰ অনুচিত আৰু অশ্লীল শব্দ থাকে। বহু ক্ষেত্ৰত ফিল্টাৰে এনে শব্দবোৰ তৰা (***) চিহ্নলৈ ৰূপান্তৰিত কৰি পেলায়। কিন্তু এনে ফিল্টাৰে বেয়া শব্দ থকা ৱেবচাইটসমূহ ৰোধ কৰিব নোৱাৰে। এনেবোৰ ৱেবচাইট  Blacklist ত থ’ব লাগে। ProCon ফিল্টাৰে এনেবোৰ পৃষ্ঠা বা ৱেবচাইট সম্পূৰ্ণৰূপে ৰোধ কৰে আৰু কেবল আপুনি বিচৰা বা Whitelist ত থকা পৃষ্ঠা বা ৱেবচাইটহে খুলিবলৈ অনুমতি দিয়ে। ProCon ফিল্টাৰত Black আৰু white তালিকাত থকা ৱেবচাইটৰ বাবে গুপ্তশব্দৰে সুৰক্ষিত কৰাৰ সুবিধা আছে, যাতে আনে উক্ত তালিকা সলনি কৰিব নোৱাৰে।

৫.২.১.৫  ProCon Latte

ফায়াৰফক্সৰ এক্সটেনচনৰ উপৰিও আন কিছুমান তৃতীয় পক্ষৰ চফটওৱেৰ আছে, যিবোৰে আপোনাৰ অপাৰেটিং চিষ্টেমৰ যোগেৰে ইন্টাৰনেটত সংযোগ হোৱা বিন্দুতে এনেবোৰ সামগ্ৰী পৰিশোধন কৰিব পাৰে। এইবোৰ তলৰ সংযোগটোত উপলব্ধ:

https://addons.mozilla.org/firefox/addon/1803

৫.৩ পেৰেণ্টেল নিয়ন্ত্ৰন টুলবাৰ ইন্সটল কৰাৰ পদ্ধতি

১। ৱেবচাইটৰ পৰা ডাউনলোড কৰা parental control setup ত দুবাৰ টিপক।

২। দুবাৰ টিপাৰ পিছত – আন কিবা ব্ৰাউজাৰ চলি থাকিলে সেইবোৰ বন্ধ কৰিবলৈ ক’ব। ‘OK’ বুটামত টিপক।

৩। লাইচেন্সএগ্ৰিমেন্ট মানি ল’বলৈ ‘I agree’  বুটামত টিপক।

৪। পিছলৈ পেৰেণ্টেল নিয়ন্ত্ৰন ব্যৱস্থাপনাৰ বাবে গুপ্তশব্দ দিবলৈ ক’ব।

৫। গুপ্তশব্দ দিয়ক আৰু পিছলৈ গুপ্তশব্দ পাহৰি গ’লে যাতে মনত পেলাব পাৰে, তাৰ বাবে একোটা প্ৰশ্নদিয়ক। নিশ্চিত হওঁক যাতে উক্ত প্ৰশ্নৰ উত্তৰ যাতে আপোনাৰ শিশুৱে নাজানে।

৬। পিছলৈ প্ৰয়োজনত পেৰেন্টেল গুপ্তশব্দ পঠিয়াব লগা হ’লে, ই-মেইল ঠিকনা ভৰাওক আৰু ‘Next’ ত টিপক।

৭। ইয়াৰ পিছত ৱেবচাইটৰ পৰা প্ৰয়োজনীয় ফাইলসমূহ লৈ কেইমিনিট মানৰ ভিতৰত ইন্সটল সম্পূৰ্ণ হ’ব।

৮। তলত দেখুৱাৰ দৰে ইন্টাৰনেট এক্সপ্ল’ৰাৰ ব্ৰাউজাৰত পেৰেন্টেল নিয়ন্ত্ৰন বাৰ যোগ হ’ব।

৯। তলৰ ছবিত parent’ বুটামটোৱে এইটো বুজাই যে ব্ৰাউজাৰটো পেৰেন্ট মুডত চলি আছে।

১০। শিশুৰ বাবে বন্ধ কৰি ৰাখিব বিচৰা ৱেবচাইটটোৰ নাম লিখক আৰু ‘Block this site’ বুটামত টিপক।

১১। এই চাইটবোৰ বন্ধ ৰাখিবলৈ নিয়ন্ত্ৰন বাৰে গুপ্তশব্দ বিচাৰিব।

১২। গুপ্তশব্দ ভৰোৱাৰ পিছত বুটামত টিপিলে এখন নতুন উইন্ড খুলিব আৰু চাইটটো বন্ধ কৰা হৈছে বুলি জনাব।

১৩। মনত ৰাখিব লাগিব যে যেতিয়াই শিশুটিয়ে ইন্টাৰনেট ব্ৰাউজ কৰিবলৈ বিচাৰিব তেতিয়া ব্ৰাউজাৰটো child মুডত থাকিব লাগিব। সেয়ে ‘parent mode’ ত টিপি ইয়াক child mode লৈ পৰিবৰ্তন কৰক। তেতিয়া তলত দেখুৱাৰ দৰে পেৰেন্ট নিয়ন্ত্ৰন টুলবাৰ দৃশ্যমান হ’ব আৰু শিশুৰ বাবে নিৰাপদ ব্ৰাউজাৰ যে সক্ৰিয় হৈছে সেয়া জানিবলৈ দিব।

১৪। ok’ ত টিপক।

১৫। যেতিয়া শিশুটিয়ে বন্ধ কৰি থোৱা চাইটটো খুলিবলৈ বিচাৰিব তেতিয়াই তলৰ ছবিত দেখুৱাৰ দৰে গুপ্তশব্দ বিচাৰিব।

১৬। যদিহে শিশুটিয়ে গুপ্তশব্দ নভৰোৱাকৈ চাইটটো খুলিবলৈ চেষ্টা কৰিলে তেতিয়া তলত দেখুৱাৰ দৰে দেখুৱাব।

পেৰেন্টেল নিয়ন্ত্ৰন টুলবাৰত পেৰেন্টেল নিয়ন্ত্ৰণৰ ছেটিংছ সলনিকৰণ

১। কোনো চাইট বন্ধ বা মুকলি কৰিবলৈ the 'change parental settings' ত টিপক।

২। পেৰেন্টেল চেটিংছত টিপাৰ পিছত এখন উইণ্ড ওলাব আৰু পেৰেন্টেল নিয়ন্ত্ৰন গুপ্তশব্দ বিচাৰিব।

৩। গুপ্তশব্দ ভৰাই OK ত টিপাৰ পিছত এনে এখন উইণ্ড খোল খাব।

৪। ইয়াত খুলিব বিচৰা চাইটসমূহ লিখি ‘allowed site list’ বুটামত টিপিব লাগিব।

৫। ইয়াত খুলিব বিচৰা চাইটসমূহ লিখি ‘allow’ বুটামত টিপিব লাগিব।

৬। বন্ধ ৰাখিব বিচৰা চাইটসমূহ লিখি ‘blocked site list’বুটামত টিপিব লাগিব।

৭। ইয়াত বন্ধ ৰাখিব বিচৰা চাইটসমূহ লিখি ‘block’ বুটামত টিপিব লাগিব।

৮। ‘basic site filters’ ত টিপি আপুনি কিছুমান সামগ্ৰীও পৰিশোধন কৰিব পাৰিব।

৯। ‘basic site filters’ ত টিপাৰ পিছত তলত দিয়াৰ দৰে এখন উইণ্ড দৃশ্যমান হ”ব।

১০। পূৰ্বনিদ্ধাৰিত মতে তলত দেখুৱা চাইটসমূহ পৰিশোধন কৰা থাকে।

Chat rooms & Message boards

r Block

Allow

 

"'Potentially Harmful Activities

 

r Block

 

Allow

১১। আপুনি বুটামত টিপি আন ধৰণৰ চাইট কিছুমানো বন্ধ কৰি থব পাৰে।


Adljust your web srte filters More intmmation...

plicit sexual material Blook r Allow

Nuditytsexual material Block r Allow

Violence Block r Allow

stong language Bloc.k r Allow

Chat rooms & Message boards · , l .I.Q. r Allow

স্পাম পৰিশোধক

সামগ্ৰী পৰিশোধক আৰু ৱেবচাইট পৰিশোধকৰ লগতে আজিকালি সকলোবোৰ ই-মেইল সেৱাৰ লগত স্পাম পৰিশোধক সন্নিবিষ্ট হৈ থাকে।


যিবোৰ মেইল আইডি বিশ্বাসযোগ্য নহয় বুলি ভাবে বা অচিনাকী মেইল আইডিসমূহৰ পৰা অহা মেইল বন্ধ কৰিব বিচাৰে সেইবোৰ যোগ কৰি স্পাম ফিল্টাৰ সক্ৰিয় কৰিব লাগিব। তলত উদাহৰণ দেখুৱা হ’ল:

K9 ৱেব সুৰক্ষা কি?

ই এটা পেৰেন্টেল নিয়ন্ত্ৰক আৰু ৱেব পৰিশোধক চফটওৱেৰ। যেতিয়া ইয়াক সক্ৰিয় কৰা হয় তেতিয়া ই অপ্ৰয়োজনীয় সামগ্ৰী থকা ৱেবচাইসমূহ খোলাত কম্পিউটাৰ ব্যৱহাৰকাৰীক বাধা প্ৰদান কৰে। বিভিন্ন যৌনতাপূৰ্ণ, অশ্লীল, ধৰ্মীয় বিৰোধ, জাতিবাদ, জুৱাখেল, হিংসাত্মক, মেলৱেৰ, স্পাইৱেৰ  আদিকে ধৰি প্ৰায় ৬০ত কৈয়ো অধিক বিভিন্ন বিধৰ সামগ্ৰী থকা ৱেবচাইট খোলাৰ পৰা ই বাধা প্ৰদান কৰিব পাৰে।

তলত দিয়া সংযোগৰ পৰা বিনামূলীয়াকৈ K9 ডাউনলোড কৰিব পাৰিব:

http://www1.k9webprotection.com/get-k9-web-protection-free

মোৰ শিশুটিয়ে এনেবোৰ ৱেবচাইট দৰ্শন নকৰে। তেন্তে মই কিয় K9 ৱেব সুৰক্ষা ল’ব লাগে?

বহু ক্ষেত্ৰত দেখা যায় যে শিশুসকলে তেনে চাইটসমূহ চাবলৈ নিবিচাৰিলেও পৰোক্ষভাৱে যৌন, জুৱা, বিভিন্ন হিংসামূলক সামগ্ৰী থকা চাইটসমূহ দৰ্শন কৰে বুলি এটা সমীক্ষাত দেখা গৈছে।

ইন্টাৰনেট ব্যৱহাৰ কৰা ১৫-১৭ বছৰ বয়সীয়া শিশুৰ প্ৰায় ৭০ শতাংশই দূৰ্ঘটনা বশতঃ যৌনতা থকা চাইটসমূহ দৰ্শন কৰে। ২৩ শতাংশই ইচ্ছাকৃতভাৱে আৰু কেতিয়াবা এনে চাইট খোলে। ১০-১৭ বছৰ বয়সীয়া শিশুৰ প্ৰতি ৫ জনৰ এজনে অনলাইনত যৌন আৱেদনো লাভ কৰে। ইন্টাৰনেট ব্যৱহাৰ কৰা শিশুৰ ৪৩ শতাংশই জনায় যে তেওঁলোকৰ ঘৰত ইন্টাৰনেট ব্যৱহাৰৰ ক্ষেত্ৰত কোনো ধৰণৰ নীতি নিয়ম নাই।

১৭ শতাংশ অভিভাৱকে বিশ্বাস কৰে যে তেওঁলোকৰ শিশুৱে অনলাইনত তেওঁলোকৰ পৰিচয় দাঙি ধৰে। কিন্তু প্ৰকৃততে প্ৰায় ৪৫ শতাংশ শিশুৱে নিজৰ প্ৰফাইল অনলাইনত প্ৰদান কৰে। বিষয়টো অতি ভয়াৱহভাৱে উপস্থাপন কৰিব বিচৰা নাই যদিও আজিৰ দিনত ইন্টাৰনেটত যিবোৰ সামগ্ৰী আছে সেয়া অতি যৌন উত্তেজক আৰু শিশু তথা ভৱিষ্যত সমাজৰ বাবে অকণো ভাল নহয়। বিকৃত যৌন বিষয়ক সামগ্ৰী ইন্টাৰনেটত আজি অতি সহজ লভ্য আৰু এইবোৰেই সমাজখনত যৌনবিষয়ক হিংসা বিদ্ৰেহ সৃষ্টি কৰাত প্ৰকান্তৰে সহায় কৰি আহিছে।

কৈশোৰৰ মাজত জুৱা খেলৰ পৰিমানো বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰে বহুতে ইন্টাৰনেটৰ পৰাই জুৱা খেল খেলিবলৈ শিকাটো সমীক্ষাত ওলাই পৰিছে। ৱেব পৰিশোধকে এই শিশুসকলক এনে কামৰ আৰম্ভ কৰাৰ পৰা বিৰত ৰাখিব পাৰে। ফেচবুক, মাইস্পেছ আদি ধাৰণা সামাজিক যোগসূত্ৰৰ চাইটবোৰো শিশুসকলৰ বাবে ভয়াবহ হ’ব পাৰে। এই চাইটসমূহত কিশোৰৰ লগতে শিশুসকলেও নিজৰ প্ৰকৃত পৰিচয় আৰু ফটো দিয়া দেখা যায়। অনিষ্টকাৰীসকলৰ বাবে এই তথ্যসমূহ সোনৰ খনিৰ দৰে।

মোৰ কেনে ধৰণৰ কম্পিউটাৰ থাকিব লাগিব?

K9 ৱেব সুৰক্ষাৰ বৰ্তমানে প্ৰচলিত সকলো ধৰণৰ উইণ্ড আৰু মেক অপাৰেটিং চিষ্টেম চালিত কম্পিউটাৰত চলিব। কেনে ধৰণৰ ইন্টাৰনেট সংযোগ বা কি ধৰণৰ ৱেব ব্ৰাউজাৰ ব্যৱহাৰ কৰিছে K9 চলিবলৈ তাৰ ওপৰত নিৰ্ভৰ নকৰে। উইণ্ডজৰ সকলো সংস্কৰণতে ই কাম কৰে।

মোৰ শিশুটিয়ে ইয়াক বন্ধ কৰিব পাৰিব নেকি?

যেতিয়া আপুনি এই চফটওৱেৰটো ইন্সটল কৰিব তেতিয়া ই এটা গুপ্তশব্দ দিবলৈ ক’ব। পিছত সঠিককৈ গুপ্তশব্দ প্ৰদান কৰিহে ইয়াক বন্ধ কৰিব পৰা যাব।

যদি কোনোবাই মোৰ কম্পিউটাৰৰ পৰা কোনোবাটো নিষিদ্ধ চাইট খুলিবলৈ চেষ্টা কৰে তেন্তে কি হ’ব?

এখন "Block" ৱেব পৃষ্ঠা দৃশ্যমান হ’ব আৰু তাত জনাব যে পৰিশোধক চফটোৱেৰে উক্ত চাইট খুলিবলৈ অনুমতি নিদিয়ে। আপুনি ইচ্ছা কৰিলে K9 ত Zander সক্ৰিয় কৰিব পাৰে। যেতিয়াই এটা ব্লক কৰা ৱেবচাইট কোনোৱে খুলিবলৈ চেষ্টা কৰিব তেতিয়াই ভুকনিৰ দৰে শব্দৰ সৃষ্টি হ’ব। (এইটো অভিভাৱকসকলৰ বাবে অতি উপযোগী ব্যৱস্থা যেতিয়াই Zander ৰ ভুকনিৰ শব্দ শুনিব তেতিয়াই আপুনি গম পাব যে শিশুটিৱে কোনোবাটো ব্লক কৰা চাইট খুলিবলৈ চেষ্টা কৰিছে)

K9 এ কেনেকৈ কাম কৰে?

K9 এ বিভিন্ন যৌনতাপূৰ্ণ, অশ্লীল, ধৰ্মীয় বিৰোধ, জাতিবাদ, জুৱাখেল, হিংসাত্মক, মেলৱেৰ, স্পাইৱেৰ আদিকে ধৰি প্ৰায় ৫৫ ত কৈয়ো অধিক বিভিন্ন বিধৰ সামগ্ৰী থকা ৱেবচাইটৰ তথ্য সন্নিৱিষ্ট কৰি থয়। যেতিয়াই কোনো কম্পিউটাৰ ব্যৱহাৰকাৰীয়ে এনে নিষিদ্ধ কৰি থোৱা চাইট খুলিবলৈ চেষ্টা কৰে তেতিয়াই "prohibited"  বুলি এখন উইণ্ডজ ওলাব আৰু Zander  নামৰ কুকুৰটোৱে ভুকাৰ শব্দ হ’ব (আপুনি এই শব্দ নিষ্ক্ৰিয় কৰিও থ’ব পাৰে)। যদিহে ব্যৱহাৰকাৰীয়ে K9 ৰ তথ্য ভাণ্ডাৰত নথকা কোনো বেলেগ ৱেবচাইট খুলিবলৈ চেষ্টা কৰে, তেন্তে K9 এ লগে লগে উক্ত চাইটটোত উল্লেখিত ধৰণৰ কিবা সামগ্ৰী আছে নেকি স্কেন কৰিব আৰু তাৰ পিছত হে খুলিবলৈ দিব নে বাধা দিব সেয়া সিদ্ধান্ত ল’ব। ইয়াক তৎকালীন মান নিৰূপক বোলা হয়। এই কাৰ্য্য ইমানেই তৎকালে হয় যে ব্যৱহাৰকাৰীয়ে ইয়াৰ উমানকে নাপায়। নতুন নিষিদ্ধ যোগ্য ৱেবচাইট চিনাক্ত হ’লে লগে লগে তথ্য ভাণ্ডাৰত থকা তালিকাত যোগ হয়।

K9 আৰু আন পৰিশোধন চফটওৱেৰবোৰৰ মাজত পাৰ্থক্য কি?

K9 পৰিশোধক আৰু আন পৰিশোধকৰ মাজত পাৰ্থক্য এয়ে যে K9 পৰিশোধকে সকলো ইন্টাৰনেট পৰিসেৱা আৰু সকলো ধৰণৰ ব্ৰাউজাৰত কাম কৰে। ই এক সম্পূৰ্ণ স্বতন্ত্ৰ চফটওৱেৰ। ই উইণ্ডজ আৰু মেক দুয়োটা অপাৰেটিং চিষ্টেমতে কাম কৰে।

ই এক সম্পূৰ্ণ ব্যৱসায়িক ভিত্তিৰ পৰিশোধন চফটওৱেৰ। ইয়াৰ নিজা তথ্য ভাণ্ডাৰ থকাৰ লগতে তৎকালীন ৱেব পৃষ্ঠা বিশ্লেষণৰ প্ৰযুক্তি আছে। আন এনে চফটওৱেৰৰ লগত তুলনা কৰি ইয়াক সৰ্বশ্ৰেষ্ঠ বুলি চিহ্নিত কৰা হৈছে। প্ৰতিদিনে এই চফটওৱেৰে ২৫০ ৰ পৰা ৫০০ মিলিয়ন সমৰ্থন পায়। ইয়াৰ অৰ্থই হ’ল ব্যৱহাৰকাৰীয়ে সহজে ইয়াৰ পৰা লাভান্বিত হৈ আহিছে। আন এটা বিশেষত্ব হ’ল যে এই চফটওৱেৰটো চলাবলৈ বিশেষ প্ৰশিক্ষণৰ প্ৰয়োজন নহয়। ইয়াক ইন্সটল কৰাৰ লগে লগেই K9 এ নিজেই কাম আৰম্ভ কৰে আৰু কোনবোৰ চাইট বন্ধ কৰিব লাগে সেয়া ই নিজেই কৰে।

তথ্যসূত্ৰ: http://www1.k9webprotection.com/

উৎস: তথ্য সুৰক্ষাৰ শিক্ষা আৰু সজাগতা

 

শেহতীয়া উন্নীতকৰণ: : 3/12/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate