অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

তৃতীয় প্ৰজন্মৰ নেটৱৰ্ক

তৃতীয় প্ৰজন্মৰ নেটৱৰ্ক

3g ৰ অৰ্থ হৈছে তৃতীয় প্ৰজন্মৰ অনাতাঁৰ নেটৱৰ্ক। অতি উচ্চ হাৰৰ তথ্য সেৱা প্ৰদানৰ কথা আগত ৰাখি এই সেৱা ৰাইজলৈ আগবঢ়োৱা হৈছে। 3g সেৱাৰ দুটা গুৰুত্বপূৰ্ণ দিশ হ’ল সাধাৰণ মোবাইল ফোনত আমি যেনেকৈ কথা পাতোঁ 3g ত কথাৰ লগতে দুজন বা ততোধিক ব্যক্তি, বিভিন্ন স্থানৰ পৰা কথাৰ লগতে ভিডিঅ’ দেখা পোৱাৰ সুবিধা আছে অৰ্থাৎ যিকোনো ব্যক্তিৰ লগত বা যিকোনো এটা গোটৰ মাজত আমি এটা কোঠাত বহি কথা পতাৰ দৰে পৰিৱেশ এটাৰ সৃষ্টি কৰিব পাৰো। ইয়াৰ দ্বিতীয় গুৰুত্বপূৰ্ণ দিশ হ’ল ব্ৰডবেণ্ড বা কেবল ইন্টাৰনেটৰ দৰে দ্ৰুত সংযোগ ব্যৱস্থা।

১৯৮১ চনত প্ৰথম্ এনালগ কম্পনাংক বেণ্ড (1g) ৰ পৰা ডিজিটেল  2g লৈ উন্নীতকৰণ কৰা হৈছিল। ইয়াৰ পিছত 2.5g অৰ্থাৎ আমাৰ সকলোৰে চিনাকি GPRS আৰু 2.75g বা EDGE নেটৱৰ্ক উন্নীত কৰি 3g লৈ ৰূপান্তৰিত কৰা হয়।

3g নেটৱৰ্কক অধিক উন্নত কৰি পিছলৈ 3.5g বা ইউনিভাৰ্ছেল ম’বাইল টেলিকমিউনিকেশ্যন ছিষ্টেম (UMTS), High Speed Down link Packet access (HSDPA) লৈ উন্নীত কৰা হ’ল। বহুবোৰ দেশৰ লগতে ভাৰততো এতিয়া 4g আৰু 5g Ultra Broad Band (ডিগাবাইট গতি) ইন্টাৰনেট IP ফোনৰ নেটৱৰ্ক স্থাপনৰ কথা চলি আছে। বিশেষভাৱে আমেৰিকাই 5g ৰ পৰীক্ষা/পৰিকল্পনা চলাই আছে।

উৎস: ইন্টাৰনেট

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate