অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মহাৰথী চন্দ্ৰপ্ৰসাদ শইকীয়া

মহাৰথী চন্দ্ৰপ্ৰসাদ শইকীয়া

জীৱন পৰিক্ৰমা

১৯২৭ — শিৱসাগৰৰ আমগুৰিৰ জালুকগাঁৱত ৮ জুলাইত জন্ম৷

পিতৃ — দুৰ্লভ চন্দ্ৰ শইকীয়া৷

মাতৃ — দুৰ্গেশ্বৰী শইকীয়া৷

১৯৩০ — পিতৃৰ আকস্মিক বিয়োগ৷

১৯৩৩ — প্ৰাথমিক শিক্ষা আৰম্ভ, ভূঞাহাত প্ৰাথমিক বিদ্যালয়, আমগুৰি শিৱসাগৰ৷

১৯৩৮ — আমগুৰি এম. ই. বিদ্যালয়ত নামভৰ্তি৷

১৯৪১ — জাঁজী হাইস্কুলত নামভৰ্তি৷

১৯৪২ — ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ৷

১৯৪৩ — স্বাধীনতা আন্দোলনত অংশ৷ গ্ৰেপ্তাৰ, চাৰিমাহ কাৰাবাস৷

১৯৪৪ — পুনৰ গ্ৰেপ্তাৰ৷ ন-মাহ কাৰাদণ্ড৷

১৯৪৫ — প্ৰাইভেট পৰীক্ষাৰ্থীৰূপে মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যাৱয়ৰ পৰা৷ কটন কলেজত আই. এ.ত নাম ভৰ্তি৷

১৯৪৭ — আই. এ. পৰীক্ষাত উত্তীৰ্ণ, কটনৰ স্নাতক মহলাত নামভৰ্তি৷

১৯৫০ — ইংৰাজীত অনাৰ্চসহ বি.এ. পৰীক্ষাত উত্তীৰ্ণ আৰু আমগুৰি হাইস্কুলত কম সময়ৰ বাবে শিক্ষকতা৷

১৯৫১ — কলকাতা বিশ্ববিদ্যালয়ত এম. এ.ত নামভৰ্তি৷

১৯৫৪ — ইংৰাজী বিষয়ত এম. এ. উত্তীৰ্ণ আৰু গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন৷

১৯৫৬ — দ্য আচাম ট্ৰিবিউনত উপ সম্পাদক ৰূপে যোগদান৷

১৯৫৬, ১০ মাৰ্চ — প্ৰভা দাসৰ সতে বিবাহ৷

১৯৫৯ — শান্তনুৰ (পুত্ৰ) জন্ম৷

১৯৬৩ — দ্য আচাম ট্ৰিবিউন ত্যাগ আৰু অসম বাতৰিত যোগদান৷ প্ৰথমা কন্যা মৈত্ৰেয়ীৰ জন্ম৷

১৯৬৪ — চুটি গল্প সংকলন ‘মায়ামৃগ’ প্ৰকাশ৷

১৯৬৫ — ভাৰতীয় প্ৰতিনিধিৰূপে আমেৰিকাৰ ‘ইণ্টাৰনেশ্যনেল জাৰ্ণেলিষ্ট গ্ৰুপ’ত যোগদান; ছমাহৰ বাবে আমেৰিকা চৰকাৰৰ নিমন্ত্ৰণ৷
১৯৬৬ — সম্পাদক ৰূপে ‘মণিদ্বীপ’ (মাহেকীয়া সাহিত্য আলোচনী)ত যোগদান৷

১৯৬৭ — অসম বাতৰি ত্যাগ আৰু অসম প্ৰকাশন পৰিষদৰ সচিবৰ দায়িত্ব গ্ৰহণ

১৯৬৮ — মাহেকীয়া সাহিত্য আলোচনী ‘অসমীয়া’ৰ সম্পাদক৷

১৯৬৯ — উপন্যাস ‘এদিন’ প্ৰকাশ৷

১৯৭১ — দ্বিতীয়া কন্যা জীনাৰ জন্ম৷

১৯৭২ — উত্তৰকাল উপন্যাস প্ৰকাশ৷

১৯৭৪ — নাচপতিফুল (চুটি গল্প সংকলন) প্ৰকাশ৷

১৯৭৫ — অসমীয়া আলোচনী ‘প্ৰকাশ’ৰ সম্পাদক৷

১৯৭৬ — উপন্যাস ‘জন্মান্তৰ’ প্ৰকাশ৷ মাতৃৰ বিয়োগ৷

১৯৮৩ — জাৰ্মানীৰ বিখ্যাত ‘ফ্ৰাংকফুৰ্ট’ গ্ৰন্থমেলাত অংশগ্ৰহণ৷

১৯৮৪ — গুৱাহাটীৰ জজ ফিল্ডত প্ৰথমখন গুৱাহাটী গ্ৰন্থমেলাৰ আয়োজন৷

১৯৮৬ — অসম প্ৰকাশন পৰিষদৰ সচিব পদ ত্যাগ৷

১৯৮৭ — চুটি গল্পৰ সংকলন ‘চক্ৰৱত’ প্ৰকাশ৷

১৯৮৮ — দৈনিক কাকত ‘নতুন দৈনিক’ৰ সম্পাদক৷

১৯৮৯ — চুটি গল্পৰ সংকলন ‘অংগীকাৰ’ প্ৰকাশ৷

১৯৯১ — ‘মহাৰথী’ আৰু ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ৰ প্ৰথম খণ্ড প্ৰকাশ৷

১৯৯৩ — নতুন দৈনিকৰ সম্পাদক পদ ত্যাগ আৰু মাহেকীয়া সাহিত্য আলোচনী ‘গৰিয়সী’ৰ সম্পাদক পদ গ্ৰহণ৷ ‘মহাৰথী’ৰ দ্বিতীয় খণ্ড প্ৰকাশ৷

১৯৯৫ — ‘মহাৰথী’ৰ বাবে সাহিত্য একাডেমী বঁটা৷ সম্পাদকীয় সংকলন ‘দৃষ্টিকোণ’ আৰু ‘নিৰ্বাচিত সম্পাদকীয়’ প্ৰকাশ৷

১৯৯৬-৯৮ — গৰিয়সীৰ বাবে ‘কথা’ বঁটা লাভ৷

১৯৯৮ — ‘অসম বাণী’ৰ সম্পাদক৷ অসম সাহিত্য সভাৰ ৬৫ সংখ্যক হাজো অধিৱেশনৰ সভাপতি৷ ‘অসমৰ বাতৰি কাকত-আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস’ সম্পাদনা৷

১৯৯৯ — ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ৰ ২য় খণ্ড প্ৰকাশ৷

২০০৬ — অন্তিম শয়ন৷

আগবঢ়ালে: কিৰণ খনিকৰ, মহীৰূহ

শেহতীয়া উন্নীতকৰণ: : 7/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate