১৮৩৭ শকৰ ২৫ জেঠ (ইং- ১৯১৫ চনৰ ৮ জুন) মংগলবাৰে যোৰহাট নগৰৰ পৰা ১৫ কিঃমিঃ পূৱে কাকজানৰ বাম কুকুৰাছোৱা গাঁওত সোণাৰাম চুতীয়াদেৱৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম আছিল জাগীৰাম চুতীয়া আৰু মাতৃ ফুলেশ্বৰী চুতীয়া৷ তেখেত একাধাৰে এজন শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু আছিল৷
কৰি সোণাৰাম চুতীয়াই ১৯২২ চনত কাকজানৰ বাম কুকুৰাচোৱা প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰি শিক্ষাৰ পাতনি মেলে৷ ১৯২৭ চনত পাঠশালাৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হৈ আৰু তিনি টকাকৈ ছাত্ৰ বৃত্তি লাভ কৰিছিল৷ ১৯৩১ চনত কাকজান চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা এম ই পৰীক্ষাত উত্তীৰ্ণ আৰু পাঁচ টকাকৈ ছাত্ৰবৃত্তি লাভ৷ ১৯৩৫ চনত যোৰহাট চৰকাৰী বালক বিদ্যালয়ৰ পৰা ৫ টা বিষয়ত (সাধাৰণ গণিত, সংস্কৃত, অসমীয়া, অতিৰিক্ত গণিত আৰু মেকানিকচ) লেটাৰসহ ‘‘তাৰকা’’ চিহ্নৰে প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ ইয়াৰ পিছত তেওঁ কটন কলেজত নামভৰ্তি কৰিছিল৷ ১৯৩৯ চনত কটন মহাবিদ্যালয়ৰ পৰা ডিষ্টিংচনসহ বি. এছ. চি উপাধি লাভ কৰিছিল৷ এনে সময়তে দ্বিতীয় মহাসমৰৰ ৰণশিঙা বাজি উঠাত চুতীয়াদেৱে কলিকতালৈ গৈ শিক্ষা লাভ কৰাটো সম্ভৱ হৈ নুঠিল৷
চুতীয়াদেৱে ১৯৩৯ চনত শিৱসাগৰ চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত কুৰি টকীয়া দৰ্মহাৰে বিজ্ঞান শিক্ষক হিচাপে যোগদান কৰিছিল৷ ১৯৪০ চনত শিক্ষকৰ চাকৰি ত্যাগ কৰি তেখেতে জাতীয় মহাসভাত যোগদান কৰিছিল৷ ১৯৪২ চনত সমগ্ৰ ভাৰতবৰ্ষ জুৰি ভাৰত ত্যাগ আন্দোলন চলিছিল৷ ইয়াত সোণাৰাম চুতীয়াদেৱে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰাৰ বাবে তেখেতক ৪ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰা হৈছিল৷ যোৰহাট কাৰাগাৰত সোণাৰাম চুতীয়াদেৱ ২ বছৰ ১৭ দিন বন্দী হৈ আছিল৷ ইয়াৰ পিছত ৬ মাহ কাল তেখেতক নিজ ঘৰত নজৰবন্দী কৰি ৰখা হৈছিল৷ ১৯৪৫ চনত তেখেত যোৰহাট লোকেল ব'ৰ্ডৰ সদস্য নিৰ্বাচিত হৈছিল আৰু এই কালছোৱাতে গোপীনাথ বৰদলৈৰ অনুপ্ৰেৰণাত তেখেতে মহাত্মা গান্ধীৰ সেৱা আশ্ৰমত দহমহীয়া বুনিয়াদী শিক্ষাৰ প্ৰশিক্ষণ লৈছিল৷ ইয়াতে তেওঁ মহাত্মা গান্ধীৰ ধৰ্ম আৰু কৰ্মবীক্ষাৰে প্ৰভাৱাম্বিত হৈছিল৷ পুনৰ ১৯৫৪ চনত গোলাঘাটত গ্ৰাম্য উন্নয়ন বিষয়া হিচাপে যোগদান কৰি তেখেতে ১৯৬২ চনৰপৰা ১৯৬৫ চনলৈকে মাজুলী, সাপেখাটী, সোণাৰিত খণ্ড উন্নয়ন বিষয়া হিচাপে কাৰ্যপালন কৰিছিল৷ ইয়াৰ পিছতে ১৯৬৮ চনত জয়সাগৰৰ পঞ্চায়তীৰাজ আৰু গাঁও পঞ্চায়ত সম্পাদক প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে৷ পুনৰ ১৯৭০ চনত গাঁও পঞ্চায়ত সম্পাদক প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পদৰপৰা অৱসৰ গ্ৰহণ কৰি টীয়ক ৰজাবাৰী হাইস্কুলৰ প্ৰধান হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল৷ ১৯৭৫ চনত চুতীয়াদেৱে চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে৷
চুতীয়াদেৱৰ পৰিয়ালটি দক্ষিণপাত সত্ৰৰ শিষ্য আছিল৷ বিয়াৰ পূৰ্বে তেখেতে দেউতাৰ লগত সত্ৰত শৰণ গ্ৰহণ কৰিবলৈ যায়৷ তেতিয়াই ঘটে চুতীয়াদেৱৰ জীৱনৰ গতি সলনি কৰা সেই ঘটনাটো৷ ঘটনাৰ বিৱৰণী চুতীয়াদেৱৰ কলমেৰেই আগবঢ়াইছোঁ “দক্ষিণপাত সত্ৰত যেতিয়া মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ-মাধৱদেৱক নামানোঁ বুলি যেতিয়া অধিকাৰ হৰিদেৱ গোস্বামীয়ে ক’লে, তেতিয়া মই দণ্ডাৱত হৈ শৰণ গ্ৰহণ কৰিবলৈ লোৱাৰ পৰা উঠি বহিলোঁ আৰু কলোঁ, মোৰ ওচৰত কীৰ্তন, নামঘোষা আদি পুথি আছে৷ এইবোৰ পুথি মই কি কৰিম? মোৰ গুৰু একমাত্ৰ শঙ্কৰদেৱহে৷ তেতিয়া মই ২৫ বছৰীয়া ডেকা৷ এই ঘটনাই হিন্দু ধৰ্মৰ প্ৰতি মোৰ বিদ্বেষ ভাৱ আনিলে আৰু মই খ্ৰীষ্টধৰ্ম লবলৈ মন মেলিলোঁ৷’’ পিছে, ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰি কাৰাৰুদ্ধ হৈ থকাৰ সময়ত ১৯৪২ চনত গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামীদেৱৰ সৈতে সোণাৰাম চুতীয়াদেৱৰ সাক্ষাৎ হ’ল৷ তেখেতৰ অনুপ্ৰেৰণাতে এওঁ বেদ-উপনিষদ পঢ়িবলৈ ল’লে৷ অৱশেষত তেওঁ ধৰ্মান্তৰিত হোৱাৰ সিদ্ধান্ত ত্যাগ কৰিছিল৷
ইতিমধ্যে নগাঁৱৰ পলাশনিত ৰমাকান্ত মুক্তিয়াৰ আতা, হলধৰ ভূঞা আদি বৰেণ্য পুৰুষৰ প্ৰচেষ্টাত শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰচাৰিত ধৰ্মৰ এটি সংস্কাৰমুখী আন্দোলন আৰম্ভ হৈ এটি অনুষ্ঠানৰ জন্ম হৈছিল৷ কালক্ৰমত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ নামেৰে খ্যাত হোৱা এই অনুষ্ঠানত শ্ৰীযুত চুতীয়াদেৱে ১৯৪৬ চনত যোগদান কৰি বিপদ সংকুল সমাজ-সংস্কাৰৰ সাধনাত আত্মনিয়োগ কৰে৷ তেখেতে এই অনুষ্ঠানৰ পদাধিকাৰৰ আসন ৫টি কাৰ্যকালৰ বাবে অলঙ্কৃত কৰিছিল৷ অধ্যয়ণপুষ্ট চুতীয়াদেৱে বিপ্লৱী গড়মূৰীয়া সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী আৰ্শীবাদ লৈ হাতত তীক্ষ্ণ কলম লৈ মহাপুৰুষীয়া ধৰ্ম-সংস্কৃতিত কালিমা সানিম খোজাসকলৰ বিৰুদ্ধে ৰণডঙ্কা বজালে৷
তেখেতে বহু সংখ্যক ৰচনাৰে অসমীয়া সাহিত্য়ৰ ভঁৰাল টনকীয়াল কৰি গৈছে৷ পুথি আকাৰে প্ৰকাশ পোৱা ঈশ্বৰৰ সৰ্বপিতা (অনুবাদ গ্ৰন্থ) (১৯৫৪), নামধৰ্ম প্ৰকাশ (১৯৫৪), মহাপুৰুষ শ্ৰীশ্ৰীহৰিদেৱৰ চৰিত্ৰ (১৯৬৮), অসমৰ বৈষ্ণৱ দৰ্শনৰ স্বৰ্ণৰেখা (১৯৭২), বিষোদগাৰৰ বিচিত্ৰ কাহিনী (১৯৭৬) মহাপুৰুষীয় ধৰ্ম আৰ কৰ্মকাণ্ড (১৯৮০), শোৱৰ অষুধি (১৯৮০), ভাগৱত মহাত্ম্য (১৯৮৬), মহাপুৰুষীয় ধৰ্ম জিজ্ঞাসা (১৯৮৬), বেদ আৰু মহাপুৰুষীয় ধৰ্ম (১৯৮৬), মুণ্ডণ (১৯৭৮), ভক্তিৰত্নৱলী (টীকা আৰু ভাষ্যসহ) (১৯৭৯), অসমৰ সত্ৰঃ এক অনুসন্ধান (২০০৩), আমি ভগৱানৰ দাস (২০০৩) আদিয়েই প্ৰধান৷ এই সকলো ৰচনা সামৰি ‘‘বৈষ্ণৱ পণ্ডিত শ্ৰীসোণাৰাম চুতীয়া ৰচনাৱলী’’ নামেৰে এক বৃহৎ কলেৱৰৰ গ্ৰন্থ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ প্ৰকাশন পৰিষদে প্ৰকাশ কৰিছে৷
(১) ২২ আগষ্ট ১৯৭২ চন : ভাৰত চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে তাম্ৰপত্ৰেৰে সন্মানিত হৈছিল৷
(২) ৯ আগষ্ট ১৯৯৩ চন : অসম চৰকাৰৰ দ্বাৰা স্বাধীনতা সংগ্ৰামী হিচাপে সম্বৰ্ধিত হৈছিল৷
(৩) ২০ ফেব্ৰুৱাৰী ১৯৯৪ চন : শ্ৰীশঙ্কৰদেৱ সঙ্ঘৰ দ্বাৰা, সঙ্ঘৰ সৰ্ব্বোচ্চ সন্মান শ্ৰীমন্ত শঙ্কৰদেৱ মাধৱদেৱ বঁটা প্ৰদান কৰা হৈছিল৷
(৪) ২০০০ চনত অসম চৰকাৰৰ সৰ্বোচ্চ বঁটা শ্ৰীমন্ত শঙ্কৰদেৱ বঁটা আৰু অসম চৰকাৰৰ পৰা কেবিনেট মৰ্যদা প্ৰদান কৰা হৈছিল৷
(৫) ২০০৫ চনত যোৰহাটস্থ একলব্য আৰু উত্তৰ-পূব গৱেষণা মঞ্চৰ দ্বাৰা 'দলিত দৰদী' অভিধা প্ৰদান৷
(৬) ২০১২ চনত যোৰহাট জিলা সাহিত্য শাখাৰ দ্বাৰা 'যোৰহাট ৰত্ন' উপাধি প্ৰদান৷
ইয়াৰ উপৰিও তেখেতে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ দ্বাৰা অলেখ মান-পত্ৰ আৰু সম্বৰ্দ্ধনা লাভ কৰিছিল৷
২০১৩ চনৰ ৩০ জানুৱাৰী তাৰিখে সোণাৰাম চুতীয়াদেৱে নিশা ৯ বাজি ১০ মিনিটত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ৯৮ বছৰ বয়সত এইজনা সুবক্তা ‘‘মহীৰূহে’’ ইহলীলা সম্বৰণ কৰে৷ বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হোৱাত সেইদিনা পুৱা ১১ বজাত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল৷
লিখক: কিৰণ খনিকৰ, মহীৰূহ
শেহতীয়া উন্নীতকৰণ: : 3/31/2020
চহা-মইনাহঁতৰ আঁৰে আঁৰে ২
অধ্যয়নৰ ভাৰসমতা
কেকোঁৰা, মিছামাছৰ মাজত ম’বাইল ফ’ন পৰীক্ষা
থেল্ছৰ পৰীক্ষা