অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া ফকৰা-যোজনা

অসমীয়া ফকৰা-যোজনা

ফকৰা-যোজনা সমূহ অসমীয়া ভাষাৰ এক অমূল্য সম্পদ ৷ তলত তাৰে কিছুমান আলোচনা কৰা হ’ল:

১. অতি ভক্তি চোৰৰ লক্ষণ৷

২. আঁঠুৱা চাই ঠেং মেলা৷

৩. অভ্যাসৰ নৰ কৰ্ণ পথে কৰে শৰ৷

৪. উলুৰ লগত বগৰী পোৰা৷

৫. আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা৷

৬. গৰুৰ আগত টোকাৰী বায়
শিং জোকাৰি ঘাঁহ খায়৷৷

৭. তুলসীৰ লগত কলপটুৱাৰ মুক্তি৷

৮. টেঙা আম এবাৰহে বেচিব পাৰি৷

৯. চিনা হাঁহৰ ঠোঁটলৈকে মঙহ৷

১০. হাতী মাৰি ভুৰুকাত ভৰোৱা৷

১১. এডাক দেখি উঠিল গা
কেতুৰীয়ে বোলে মোকো খা৷৷

১২. গছত কথা ওঁঠত তেল
নৌ খাওঁতেই শেলবেল৷৷

১৩.আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল৷

১৪. আইৰ সমান হ’ব কোন, নৈৰ সমান বব কোন৷

১৫. আপোন ভালেই জগত ভাল৷

১৬. আগৰ হাল যিফালে যায়, পাছৰ হালো সিফালে যায়৷

১৭. উপকাৰীক অজগৰে খায়৷

১৮. এশ গৰু মাৰিলে বাঘৰো মৰণ৷

১৯. এদিন বামুনৰ, এদিন বহুৱাৰ৷

২০. এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া৷

২১. ওঁঠ চেপিলে গাখীৰ ওলোৱা৷

২২. ওলায়েই দেখিবা যাক, শতৰু নুবুলিবা তাক৷

২৩. কালৰো কাল বিপৰীত কাল, হৰিণাই চেলেকে বাঘৰ গাল৷

২৪. কথাত কটা যায়, কথাত বঁটা পায়৷

২৫. খং নামে চণ্ডাল৷

২৬. গাখীৰ খুৱাই সাপ পোহা৷

২৭. গছত উঠাই গুৰিত কটা৷

২৮. ছোৱালী আনিবা মাক ভাল, মাটি কিনিবা মাজ খাল৷

২৯. ছোৱালী বোলে কুৰিতে বুঢ়ী৷

৩০. দুই ম'হৰ যুজত বিৰিণাৰ মৰণ৷

৩১. দুই নাওঁত দুই ভৰি৷

৩২. পৰৰ মূৰত কঁঠাল ভঙা৷

৩৩. পৰুৱাৰ পাখী গজে মৰিবলৈ৷

৩৪. ফিৰিঙতিত খাণ্ডব দাহ৷

৩৫. বাঘৰ নেজেৰে কাণ খজুৱা৷

৩৬. বিনা মেঘে বজ্ৰপাত৷

৩৭. বাহিৰে ৰং-চং ভিতৰি কোৱা-ভাতুৰি৷

৩৮. ভালে পায় ভাল, জাবৰে পায় খাল৷

৩৯. মিছা কথাৰ ঠেং চুটি৷

৪০. মূৰ্খ বন্ধুতকৈ জ্ঞানী শত্ৰুৱেই ভাল৷

উৎস:- আই এন ডি জি দলৰ দ্বাৰা সংগৃহীত

শেহতীয়া উন্নীতকৰণ: : 2/2/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate