অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমীয়া বৰ্ণ :

অসমীয়া বৰ্ণ :

 

ধ্বনিবোৰৰ লিখিত প্ৰতীকক বৰ্ণ বুলি কোৱা হয়। বৰ্ণই প্ৰকাৰান্তৰে আখৰ আৰু আখৰেই প্ৰকাৰান্তৰে বৰ্ণ। সত্যনাথ বৰাৰ মতে মানুহে কথা কওঁতে যিবিলাক শব্দ উচ্চাৰণ কৰে, সিহঁতক লেখি প্ৰকাশ কৰিবলৈ প্ৰত্যেকটোতে একোটা চিন ব্যৱহাৰ কৰা হৈছে সেই চিনবিলাককে বৰ্ণ বোলা হয়। চলিত কথাত বৰ্ণক আখৰ বোলে।

অসমীয়া বৰ্ণমালা -

দুবিধ: স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ।

যি বিলাক আখৰ আন কোনো আখৰৰ সহায় নোলোৱালৈ উচ্চাৰণ কৰিব পাৰি তাক স্বৰবৰ্ণ বোলে।

স্বৰবৰ্ণবোৰ হ’ল -

অ, আ, ই, ঈ, উ, ঊ, ঋ, এ, ঐ, ও, আৰু ঔ।

যিবিলাক বৰ্ণ স্বৰবৰ্ণৰ সহায়ত উচ্চাৰিত হয় সেইবিলাকেই ব্যঞ্জনবৰ্ণ।

ব্যঞ্জনবৰ্ণবোৰ হ’ল -

ক, খ, গ, ঘ, ঙ, চ, ছ, জ, ঝ, ঞ, ট, ঠ, ড, ঢ, ণ, ত, থ, দ, ধ, ন, প, ফ, ব, ভ, ম, য, ৰ, ল, ৱ, শ, ষ, স, হ, ড়, ঢ়, য়, ৎ, ং, ঃ, ঁ।

ণত্ব বিধি আৰু ষত্ব বিধি -

ঋ, ৰ, ষ ৰ পিছত থকা দন্ত্য ন মূৰ্দ্ধাণ্য ণ হয়। যেনে- ঋণ।

একোটা পদত থকা ঋ, ৰ, ষ আৰু ণ ৰ মাজত থকা স্বৰবৰ্ণ, ক বৰ্গ বা প বৰ্গৰ কোনো বৰ্ণ বা য, ব, হ থাকিলে দন্ত্য ন মূৰ্দ্ধন্য ণ হয়। যেনে- অৰ্পণ।

অসমীয়া স্ত্ৰী প্ৰত্যেষ নীৰ মূৰ্দ্ধন্য ণ নহয় যেনে: বৰানী।

দুটা ভিন ভিন শব্দ গোট খাই এটা হ’লে আগৰ শব্দটোত ঋ, ৰ আৰু ষ থাকিলেও পাছৰ ন মূৰ্দ্ধন্য নহয়। যেনে- দুৰ্নাম।

উত্তৰ, চন্দ্ৰ, পৰ আদি শব্দ আগত থাকিলে পিছৰ দন্ত্য ন মূৰ্দ্ধন্য হয়। যেনে- উত্তৰ+অয়ন= উত্তৰায়ন।

দুটা শব্দ গোট খাই এটা প্ৰসিদ্ধ নাম হ’লে আগৰ শব্দত ঋ, ৰ বা ষ থাকিলে পিছৰ শব্দটোৰ ন মূৰ্দ্ধন্য হয়। যেনে: শূৰ্পণখা।

আম্ৰ শব্দ আগত থাকিলে বন শব্দৰ ন মূৰ্দ্ধন্য হয় যেনে- আম্ৰবণ।

পদৰ শেষত থকা হসন্ত ন, ঋ, ষ ৰ পাছত থাকিলেও মূৰ্দ্ধান্য নহয়। যেনে- নৰান।

ত বৰ্গৰ কোনো আখৰৰ লগত যোগ হ’লে ঋ, ৰ, ষ, ৰ পাছত থাকিলেও মূৰ্দ্ধান্য নহয়। যেনে- বান্ধন।

ট বৰ্গৰ আখৰৰ লগত যোগ হ’লে ন সদায় মূৰ্দ্ধন্য হয়। যেনে- কন্টক।

পূৰ্ব, পৰ, অপৰ আদি শব্দ আগত থাকিলে পাছৰ অহ্ন শব্দৰ ন মূৰ্দ্ধন্য হয়। যেনে- পূৰ্ব+অহ্ন=পূৰ্বাহ্ন।

উত্তৰ, চন্দ্ৰ, পৰ আদি শব্দৰ পিছত অয়ন প্ৰত্যয় থাকিলে ন মূৰ্দ্ধন্য হয়। যেনে- উত্তৰায়ণ।

অক্ষ শব্দৰ পিছৰ উহিনীৰ্শব্দৰ ন মূৰ্দ্ধন্য ণ হয়। যেনে- অক্ষৌহিণী।

ৰসায়ণ শব্দৰ ন মূৰ্দ্ধন্য ণ হয়।

বিদেশী শব্দত বা নামত ণত্ব বিধিৰ নিময় নাখাটে। যেনে: ইউৰেনাচ।

স্বাভাৱিক মূৰ্দ্ধন্য ণ:

অকণ, বৰ্ণক, শণ, বাণী, কণিকা, কল্যাণ, গণ, গুণ, পণ, পাণি, পুণ্য, বণিক, বেণু, গৌণ, তুণ, ফণা, কোণ, নিপুণ আদি।

যত্ব বিধি:

অ, আ ভিন্ন অইন স্বৰবৰ্ণ ক অথবা ৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্যস মূৰ্দ্ধন্য ষ হয়। যেনে: শ্ৰীচৰণেষু।

ঋ কাৰ পৰৱৰ্তী স মূৰ্দ্ধন্য ষ হয়। যেনে- ঋষি।

ট আৰু ঠ ৰ সৈতে সদায় ষ লগ লাগে। যেনে- কনিষ্ঠ।

ই কাৰৰ পিছত সদ, সিচ, সিধ, প্ৰভৃতি ধাতুৰ স ষ হয়। যেনে- অভিষেক।

সু আৰু বি উপসৰ্গৰ পৰৱৰ্তী সম শব্দৰ স সদায় মূৰ্দ্ধন্য ষ হয়। যেনে- বিষম।

ভূমি, গো আদি শব্দৰ পছত থকা স্থ শব্দৰ স আৰু যুথি শব্দৰ পাছত থকা স্থিৰ শব্দৰ স মূৰ্দ্ধন্য ষ হয়। যেনে- যুথি+স্থিৰ= যুধিষ্ঠিৰ, ভূমি+স্থ= ভূমিষ্ঠ।

প্ৰত্যয় যোগ হ’লে হবিস আৰু চক্ষুস শব্দৰ স মূৰ্দ্ধন্য ষ হয়। যেনে- হবিস+ষ= হবিষ্য।

স্বাভাৱিক ষ: ঈষৎ, বিষ, আষাড়, ঈৰ্ষা, উষব, ভাষা, বৰ্ষা, হৰ্ষ, ৰোষ, মহিষ, প্ৰ্ত্যুষ, গণ্ডুষ, ষড়াণন, মেঘ, পুৰুষ, ভীষ্ম, মুৰ্ষক, পৌষ, বিশেষণ, পাষাণ, ভিষক, নি:শেষ।

 

সন্ধি -

দুই বৰ্ণৰ মিলন বা সংযোগ সাধনেই হ’ল সন্ধি। অসমীয়া ভাষাত শব্দ আৰু ধাতুৰ শেষত প্ৰত্যয় অথবা বিভক্তি যোগ দি যি নতুন শব্দ সৃষ্টি কৰা হয় তাকেই সন্ধি বোলা হয়।

সন্ধি দুই প্ৰকাৰৰ স্বৰসন্ধি আৰু ব্যঞ্জনসন্ধি।

স্বৰসন্ধিৰ নিয়ম -

শব্দ অথবা ধাতুৰ শেষত থকা স্বৰবৰ্ণৰ সৈতে প্ৰত্যয়ৰ আৰম্ভণিত থকা স্বৰবৰ্ণটো একে হ’লে সাধাৰণতে তাৰে এটা লোপ পায়। যেনে- ওজা+পালি= ওজাপালি।

শব্দ অথবা ধাতুৰ শেষত থকা অ, আ, উ, বা ও স্বৰধ্বনিৰ প্ৰত্যয়ৰ আৰম্ভণিত থকা অৰ সৈতে লগ লাগিলে সি ৱ লৈ পৰিৱৰ্তিত হয়। যেনে- ক+অ= কৱ।

শব্দ বা ধাতুৰ শেষত থকা ই, ঈ ধ্বনিয়ে ঋ আৰু ঐ প্ৰত্যয়ৰ আৰম্ভণিত থকা অৰ সৈতে লগ লাগিলে সি য় লৈ পৰিৱৰ্তিত হয়। যেনে- দি+আ= দিয়া।

শব্দ বা ধাতুৰ শেষত থকা ই, ঈ ধ্বনিয়ে ঐ ধ্বনিয়ে প্ৰত্যয়ৰ আৰম্ভণিত থকা এৰ সৈতে লগ লাগিলে সি য়ে লৈ ৰূপান্তৰিত হয়। যেনে- পিতৃ+এ= পিতৃয়ে।

শব্দ বা ধাতুৰ শেষত থকা উ, ঊ, ও, ঔ, ধ্বনি প্ৰত্যয়ৰ আৰম্ভণিতে থকা এ ধ্বনিৰে লগ লাগিলে সি ৱ লৈ পৰিৱৰ্তিত হয়। যেনে- গৰু+এ= গৰুৱে।

কেইটামান উল্লেখযোগ্য স্বৰসন্ধি -

(অ+আ)লোক+আলয়= লোকালয়।

(আ+অ)মহা+অৰ্ঘ= মহাৰ্ঘ।

(আ+আ)মহা+আশয়= মহাশয়।

ই সবৰ্ণৰ সন্ধি:- (ই+ই)প্ৰতি+ইতি= প্ৰতীতি।

(ই+ঈ)ক্ষিতি+ঈশ= ক্ষিতীশ।

(ঈ+ঈ)পৃথিৱী+ইশ্বৰ= পৃথিৱীশ্বৰ।

(উ+ঊ)তৰু+ঊৰ্ধ্ব= তৰুৰ্ধ্ব।

(ঊ+উ)বধু+উন্নতি= বধুন্নতি।

(ঊ+ঊ)ভূ+ঊৰ্ধ্ব= ভূৰ্ধ্ব।

উল্লেখযোগ্য ব্যঞ্জন সন্ধি -

ত ৰ পিছত চ বা ছ থাকিলে ত ৰ ঠাইত চ হয়। যেনে- উৎ+চাৰণ= উচ্চাৰণ। জ বা ঝ ৰ পিছত থাকিলে আগৰ ত আৰু দ ৰ ঠাইত জ হয়গৈ। যেনে- সৎ+জন= সজ্জন।

ট, ঠ, ড, ঢ, ঢ় পিছত থাকিলে আগত থকা ত আৰু দ ৰ ঠাইত ড হয়। যেনে- উৎ+ডীন= উড্ডীন।

ল পিছত থাকিলে পূৰ্ববৰ্তী ত আৰু দ ৰ ঠাইত ল হয়। যেনে- উৎ+লিখিত= উল্লিখিত।

শ পিছত থাকিলে পূৰ্ববৰ্তী ত আৰু দ ৰ ঠাইত চ হয় আৰু পিছত থকা শ ৰ ঠাইত ছ হয়। যেনে- মৃদ+শৱটিকা= মৃচ্ছকটিকা।

চ বৰ্গৰ পিছত ন থাকিলে ন ৰ ঠাইত জ্ঞ হয়। যেনে- ৰাজ+নী= ৰাজ্ঞী।

ত আৰু দ ৰ পিছত হ থাকিলে ত আৰু দ ৰ ঠাইত দ আৰু ধ হয়। যেনে- উৎ+হত= উদ্ধত।

ক, খ, গ, ঘ পিছত থাকিলে পূৰ্বপদৰ ম ৰ ঠাইত ং বা ঙ হয়। যেনে- কিম+কৰঃ= কিংকৰ।

মূৰ্দ্ধন্য ষ ৰ পিছত ত ৰ ঠাইত ট আৰু থৰ ঠাইত ঠ হয়। যেনে- আকৃষ+ত= আকৃষ্ট।

ঢ় পাছত থাকিলে আগৰ ঢ় লোপ হয়। যেনে- মূঢ়+ঢ়= মূঢ়।

উৎ শব্দ আগত স্থা আৰু স্তনভ ধাতুৰ স লোপ হয়। যেনে- উৎ+স্থান= উত্থান।

ব্যঞ্জনবৰ্ণ ত থকা কোনো পদ পাচত থাকিলে, দিব শব্দৰ ঠাইত দ্যু হয়। যেনে- দিব+লোক= দ্যুলোক।

কাম শব্দৰ পাচত থাকি সমাস হ’লে তুম প্ৰত্যয়ৰ ম আৰু সম শব্দৰ ম লোপ হয়। যেনে- গন্তুম+কাম= গন্তুকাম।

কৃ ধাতুৰ আগত সম বা পৰি উপসৰ্গ থাকিলে, সেই ধাতুৰ আগত এটা স হয়। যেনে- সম+কৃত= সংস্কৃত।

আগৰ স্বৰযুক্ত নোহোৱা ব্যঞ্জনবৰ্ণ পাছৰ স্বৰবৰ্ণত সদায় যোগ হয়। যেনে- বছৰ+এক= বছৰেক।

 

বিভক্তি, লিংগ, বচন -

বিভক্তি:

অসমীয়াত বিভক্তি দুবিধ-

১)শব্দ বিভক্তি: যিবিলাক প্ৰত্যয় শব্দৰ প্ৰকৃতিত যোগ হৈ বাক্যৰ ভিতৰত তাৰ স্থান নিৰূপণ কৰে তাকে শব্দ বিভক্তি বোলা হয়।

২)ক্ৰিয়া বিভক্তি: যিবোৰ প্ৰত্যয় ক্ৰিয়াত যোগ হৈ তাৰ কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে তাকে ক্ৰিয়া বিভক্তি বোলা হয়।

১)শব্দ বিভক্তি:

অসমীয়াত শব্দ বিভক্তি সাতবিধ। সেইবোৰ হ’ল প্ৰথমা, দ্বিতীয়া, তৃতীয়া, চতুৰ্থী, পঞ্চমী, ষষ্ঠী আৰু সপ্তমী বিভক্তি।

বিভক্তি যোগ কৰি কাৰক সিদ্ধি কৰা হয়। বিভক্তিৰ পাছত অনুসৰ্গ প্ৰয়োগ কৰিও কাৰক সিদ্ধ কৰা হয়। শব্দ বিভক্তিৰ অনুসৰ্গবোৰ হ’ল-

প্ৰথমা- এ, ই

দ্বিতীয়া- অক

তৃতীয়া- ৰে, দি, দ্বাৰা

চতুৰ্থী- লৈ

পঞ্চমী- পৰা

যষ্ঠী- ৰ

সপ্তমী- ত

প্ৰথমা বিভক্তি কৰ্তাকাৰকত যোগ হয়। যেনে- অকণে ভাত খালে।

দ্বিতীয়া বিভক্তি কৰ্মকাৰকত যোগ হয়। যেনে- ৰামে তাক মাতিছে।

তৃতীয়া বিভক্তি কৰণকাৰকত যোগ হয়। যেনে- তৰোৱালেৰে যুদ্ধ কৰে।

চতুৰ্থী বিভক্তি নিমিত্ত অৰ্থত সম্ৰদানকাৰনত যোগ হয়। যেনে- ই স্কুললৈ গ’ল।

পঞ্চমী বিভক্তি অপদানকাৰকত বিভক্তিৰ পৰিৱৰ্তে পৰসৰ্গ যোগ হৈ সিদ্ধ হয়। যেনে- গছৰ পৰা আমটো সৰিল।

ষষ্ঠী বিভক্তি সম্বন্ধবাচক শব্দত যোগ হয়। কাৰকৰ পৰিৱৰ্তে ইয়াত সম্বন্ধ পদহে ব্যৱহাৰ হয়। যেনে- মোৰ ঘৰ।

সপ্তমী বিভক্তি অধিকৰণকাৰকত সিদ্ধ হয়। যেনে- পুখুৰীত মাছ থাকে।

খ)ক্ৰিয়া বিভক্তি:

ধাতুত ক্ৰিয়া বিভক্তি যোগ দিয়া হয়। প্ৰত্যয় যোগ হোৱাৰ পিছত ই কাল আৰু পুৰুষ নিৰ্ধাৰণ কৰে। অসমীয়াত কালবোৰ হ’ল –

১)নিত্য বৰ্তমান কাল: এই কালৰ প্ৰথম পুৰুষৰ বিভক্তি ও, (তুচ্ছাৰ্থত) অ, (আদৰ অৰ্থত) আ। তৃতীয় পুৰুষত এ হয়।

২)স্বৰূপ বৰ্তমান কাল: ইয়াত প্ৰথম পুৰুষত ইছো, দ্বিতীয় পুৰুষত ইছ(তুচ্ছাৰ্থত), ইছা(আদৰ অৰ্থত) আৰু তৃতীয় পুৰুষত ইছে ব্যৱহাৰ হয়।

৩)স্বৰূপ ভূত কাল: এই কালত প্ৰথম পুৰুষত ইলো, দ্বিতীয় পুৰুষত ইলি(তুচ্ছাৰ্থত), ইলা(আদৰ অৰ্থত), তৃতীয় পুৰুষত ইলে ব্যৱহাৰ হয়।

৪)অপূৰ্ণ ভূত কাল: ইয়াত যোগ হোৱা বিভক্তিৰ অনুসৰ্গবোৰ এনেধৰণৰ: প্ৰথম পুৰুষ- ইছিলো, দ্বিতীয় পুৰুষ- ইছিলি(তুচ্ছাৰ্থত), ইছিলা(আদৰ অৰ্থত) আৰু তৃতীয় পুৰুষত ইছিল।

৫)সাম্ভাৱ্য ভূত কাল: ইয়াত যোগ হোৱা বিভক্তিবোৰ হ’ল- প্ৰথম পুৰুষত ইলোহেঁতেন, দ্বিতীয় পুৰুষত ইলিহেঁতেন(তুচ্ছাৰ্থত), ইলোহেঁতেন(মান্যাৰ্থত), তৃতীয় পুৰুষত ইলেহেঁতেন।

ভৱিষ্যৎ কাল: ইয়াত যোগ হোৱা বিভক্তিবোৰ এনেধৰণৰ প্ৰথম পুৰুষত ইম, দ্বিতীয় পুৰুষত ইবি(তুচ্ছাৰ্থত), ইবা(মান্যাৰ্থত), তৃতীয় পুৰুষত ইব ব্যৱহাৰ হয়।

ইয়াৰ উপৰি আদেশ বা অনুৰোধ বুজাবলৈ হয়। অনুজ্ঞাৰ পুৰুষ দুটা- দ্বিতী্য পুৰুষ আৰু তৃতীয় পুৰুষ। কালো দুবিধ- নিত্য বৰ্তমান কাল আৰু ভৱিষ্যত কাল। নিত্য বৰ্তমান কালৰ অনুজ্ঞাত দ্বিতীয় পুৰুষত অ(তুচ্ছাৰ্থত), আ(আদৰ অৰ্থত), তৃতীয় পুৰুষত অক আৰু ওক ব্যৱহাৰ হয়। ভৱিষ্যৎ কালৰ অনুজ্ঞাৰ অৰ্থত দ্বিতীয় পুৰুষত ইবি(তুচ্ছাৰ্থত), ইবা(আদৰ অৰ্থত), আৰু তৃতীয় পুৰুষত ইব ব্যৱহাৰ হয়।

 

লিঙ্গ -

যিহৰ দ্বাৰা স্ত্ৰী-পুৰুষৰ ভেদ সূচিত হয় তাকে লিঙ্গ বোলা হয়। পুৰুষৰ ভেদ ধৰিব নোৱাৰিলে ক্লীৱলিঙ্গ আৰু স্ত্ৰী-পুৰুষৰ উভয়কে বুজোৱা শব্দক উভয় লিঙ্গ বোলা হয়। কালিৰাম মেধী ডাঙৰীয়াই অসমীয়া ভাষাত লিঙ্গ দুটাহে বুলি কৈছে। “অচেতন পদাৰ্থ বা যাৰ স্ত্ৰী-পুৰুষ চিনিব নোৱাৰি তেনে প্ৰাণীক ক্লীৱলিঙ্গ ধৰা হয়। কিন্তু সেই বস্তু বুজোৱা শব্দৰ কোনো বিশেষ আকৃতি নাই, পুলিঙ্গ ৰূপে তাৰ ৰূপ”।

সাধাৰণতে অসমীয়া ভাষাত লিঙ্গ পৰিৱৰ্তন এনেদৰে হয়।

ক)ঈ, অনী, নী, উনী, আৰু ৰী প্ৰত্যয়ৰ যোগত স্ত্ৰীলিঙ্গ কৰা হয়।

 

ঈ প্ৰত্যয়

পুংলিঙ্গ

স্ত্ৰীলিঙ্গ

নিলাজ

নিলাজী

অজলা

আজলী

কণা

কাণী

অনী প্ৰত্যয়

পুংলিঙ্গ

স্ত্ৰীলিঙ্গ

কহাঁৰ

কহাঁৰণী

কমাৰ

কমাৰণী

ফুকন

ফুকননী

বামুণ

বামুণনী

ভকত

ভকতনী

নী প্ৰত্যয়

পুংলিঙ্গ

স্ত্ৰীলিঙ্গ

কলিতা

কলিতানী

গৃহস্থ

গৃহস্থানী

নাতি

নাতিনী

ইনী প্ৰত্যয়

পুংলিঙ্গ

স্ত্ৰীলিঙ্গ

নাগ

নাগিনী

পিশাচ

পিশাচিনী

বাঘ

বাঘিনী

মিতা

মিতিনী

ৰী প্ৰত্যয়

পুংলিঙ্গ

স্ত্ৰীলিঙ্গ

কলা

কালৰী

বেঙা

বেঙেৰী

ডেকা

ডেকেৰী

 

খ)শব্দৰ আগত মতা আৰু মাইকী শব্দ ব্যৱহাৰ কৰি

পুংলিঙ্গ

স্ত্ৰীলিঙ্গ

মতা কুকুৰ

মাইকী কুকুৰ

মতা মানুহ

মাইকী মানুহ

মতা গঁড়

মাইকী গঁড়

মতা গৰু

মাইকী গৰু

 

গ)পুংলিঙ্গ আৰু স্ত্ৰীলিঙ্গ বেলেগ শব্দ ব্যৱহাৰ কৰি

পুংলিঙ্গ

স্ত্ৰীলিঙ্গ

আতা

আবু

এই

ককা

আইতা

ককাই

বাই/নবৌ

কোৱা

কাউৰী

গগৈ গোহাঁই

আইচু

গোলাম

বান্দী

ঘঁৰিয়াল

জলগুই

চপনীয়া

চাপনী

চাহাব

বিবি, মেম

ছাৰ

বাইদেউ, মেডাম

জনক

জননী

 

বচন -

যাৰ দ্বাৰা পদাৰ্থৰ এক বা বহুতৰ বোধ জন্মে তাকে বচন বোলে। অসমীয়া ভাষাত বিশেষ্য আৰু সৰ্বনাম পদৰ ভেদ ৰূপভেদ হোৱা দেখা যায়। এই ভাষাৰ বচন দুটা- একবচন আৰু বহুবচন।

এটাক বুজালে একবচন আৰু এটাতকৈ অধিকক বহুবচন বোলে।

পদৰ বহুবচন বুজাবলৈ কেতবিলাক শব্দ বা প্ৰত্যয় ব্যৱহাৰ হয়। যেনে, বোৰ, বিলাক, হঁত, সকল, লোক আৰু মখা। বহুবচনৰ প্ৰত্যয় পদৰ শেষত যোগ হয়। যেনে, ল’ৰাহঁত, মানুহবিলাক।

বহুবচন পদত বিভক্তি বহুবচন প্ৰত্যয়ৰ পাচত যোগ হয়। যেনে, ল’ৰাহঁতে, ল’ৰাহঁতক, মানুহবিলাকে, মানুহবিলাকক, ইত্যাদি।

বস্তুৰ পৰিমাণ আৰু সংখ্যা দুয়োকো বুজাবলৈ বহুবচনত বোৰ আৰু বিলাক ব্যৱহাৰ হয়। যেনে, (পৰিমাণত) পানীবোৰ বা পানীবিলাক, চাউলবোৰ বা চাউলবিলাক, (সংখ্যাত) ল’ৰাবোৰ বা ল’ৰাবিলাক, ঘৰবোৰ বা ঘৰবিলাক।

মানুহ বুজোৱা শব্দৰ বহুবচনত, অনাদৰত অৰ্থাৎ তুচ্ছ ভাব থকাত বা নথকাত বোৰ ব্যৱহাৰ হয়, অৰ্থাৎ তুচ্ছ কৰা ভাব নাথাকিলে, মানুহবোৰ, কিন্তু(আদৰত) ল’ৰাবিলাক, মানুহবিলাক, কুলিবিলাক, বামুণবিলাক, পণ্ডিতবিলাক, চোৰ-ডকাইতবিলাক অসঙ্গত।

হঁত কেৱল মানুহ বুজোৱা শব্দৰ বহুবচনত অনাদৰত ব্যৱহাৰ হয় আৰু তেতিয়া বিশেষ কেইটামান মানুহক বুজায়। যেনে, ল’ৰাহঁত, ছোৱালীহঁত, কুলিহঁত। ইয়াত কিছুমান বিশেষ ল’ৰা, ছোৱালী বা কুলিক বুজাইছো বা সিহঁতক সম্বোধন কৰা বুজাইছে। মানুহহঁত সম্বোধনত বাজে, অন্য সময়ত অসঙ্গত।

গালি স্বৰূপে জন্তুৰ নাম মানুহত ব্যৱহাৰ কৰিলে সেই জন্তুৰ নামতো বহুবচনত হঁত ব্যৱহাৰ হয়। যেনে- গৰুহঁত, কুকুৰহঁত।

সম্বন্ধ বুজোৱা শব্দ বহুবচনত সম্ভ্ৰমাৰ্থতো হঁত ব্যৱহাৰ হয়। যেনে, দেউতাহঁত, ককাইদেউহঁত, ককাইহতঁ।

সকল কেৱল মানুহ বুজোৱা শব্দৰ বহুবচনত সম্ভ্ৰমত ব্যৱহাৰ হয়। যেনে, দেউতাসকল, ডাঙৰীয়াসকল, গোসাঁইসকল।

লোক, সকলৰ নিচিনা সম্ভ্ৰমত মাথোন ব্যৱহাৰ হয়। যেনে, চাহাবলোক।

বিশেষ্য পদৰ বহুবচনৰ চিন স্বৰূপে লোক শব্দৰ ব্যৱহাৰ অতি বিৰল।

বস্তুৰ সংখ্যা বা পৰিমাণ বুজাবলৈ বহুবচনত কেতিয়াবা মখা শব্দ ব্যৱহাৰ হয়। যেনে, ল’ৰামখা, পানীমখা।

বহুবচনৰ চিন স্বৰূপে মখা শব্দৰ ব্যৱহাৰ মৌখিক, লিখিত পৰিমাৰ্জিত ভাষাত ব্যৱহাৰ নাই। কিন্তু মাউখ অৰ্থত মাৰ্জিত ভাষাতো মখা ব্যৱহাৰ হয়। যেনে, সান্দহৰ মখা।

 

মাতৃভাষা শিক্ষণৰ উদ্দেশ্যে আৰু লক্ষ্য -

মাতৃভাষা সমাজ জীৱনৰ অতি আৱশ্যকীয় অঙ্গ। মাতৃভাষাৰ বিকাশ আৰু প্ৰসাৰেৰে এখন সমাজ সুসমৃদ্ধিশালী হৈ পৰিব পাৰে। শিশুকালৰ পৰাই মাতৃভাষাৰ লগত মানুহৰ সম্পৰ্ক। সেয়ে এই মাতৃভাষা শিক্ষাৰ পৰা শিশু বঞ্চিত হ’লে মানসিক বিকাশ সম্পৰ্কে নহয় আৰু সমাজ জীৱনৰ লগত সি তাল মিলাই চলিব নোৱাৰে। কিন্তু আমাৰ কাৰণে এইটো দুখৰ বিষয় যে সম্প্ৰত্তি আমাৰ সমাজত মাতৃভাষা অৱহেলিত হৈ আহিছে। স্বাধীনতাৰ ষাঠিটা বছৰ অতিক্ৰম হৈ যোৱাৰ পাছতো প্ৰাথমিক, মাধ্যমিক তথা উচ্চ বিদ্যালয়সমূহত ই অৱহেলিত বিষয় হিচাপে গণ্য হোৱাৰ লগতে গাঁৱে-ভূঞেও এতিয়া ইংৰাজী মাধ্যমৰ স্কুলবোৰ গঢ় লৈ উঠাত মাতৃভাষাৰ ওপৰত ভালকৈ মাধমাৰ পৰিছে। গতিকে এটা সবল সুস্থ জাতি গঢ়ি তুলিবৰ বাবে মাতৃভাষা শিক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। ইয়াৰ যোগেদিহে ছাত্ৰ-ছাত্ৰীসকলে সমাজৰ একো একোজন দায়িত্বশীল নাগৰিক ৰূপে গঢ় লৈ উঠিব পাৰিব।

মাতৃভাষাৰ শৃঙ্খলিত স্বৰূপ অৰ্জন কৰি তাক তেওঁলোকে বাস্তৱ জীৱনত প্ৰয়োগ কৰিব লাগিব। সেয়ে মাতৃভাষা শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্য সুদূৰপ্ৰসাৰী।

বিষয়বস্তুৰ পূৰ্ণ জ্ঞান :

মাতৃভাষাৰ যোগেদি শিক্ষা গ্ৰহণ কৰি তাক সুন্দৰ ৰূপে আয়ত্ত কৰিব পাৰিলেহে বিষয়বস্তুৰ ওপৰত পূৰ্ণ জ্ঞান সম্ভৱপৰ। মাতৃভাষাত ৰচিত সাহিত্য, জীৱনীমূলক গ্ৰন্থ, ভ্ৰমণ কাহিনী আদিয়ে শিশুৰ মনত গভীৰ চিন্তাৰ উদ্ৰেক কৰে আৰু তাৰ যোগেদি মানসিক আৰু চাৰিত্ৰিক দিশৰ বিশেষ উন্নতি সাধন হয়। এই ক্ষেত্ৰত নৈতিক আদৰ্শযুক্ত মাতৃভাষাত ৰচিত গ্ৰন্থৰ প্ৰভাৱ সৰ্বাধিক।

জাতীয়তাবোধৰ সৃষ্টি:

মাতৃভাষাত ৰচিত গীতবোৰে আমাৰ মনত জাতীয়তাবোধ তথা দেশপ্ৰেমৰ সৃষ্টি কৰে। এনে ধৰণৰ জাতীয়তাবোধ বিশিষ্ট স্বদেশপ্ৰেমমূলক গীতবোৰক বিদ্যালয়ত প্ৰাৰ্থনা, সঙ্গীত ৰূপে ব্যৱহাৰ কৰি ছাত্ৰ-ছাত্ৰীৰ মনত জাতীয়তাবোধ তথা দেশপ্ৰেমৰ অংকুৰ সিঁচা হয়।

নৈতিক চৰিত্ৰ সংশোধন:
ছাত্ৰ এজনক কুপথৰ পৰা সৎ পথলৈ আনিবলৈ মাতৃভাষাৰ যোগেদিহে তেওঁৰ মনত গম্ভীৰ ছাপ সৃষ্টি কৰিব পাৰি। সেই কাৰণে মাতৃভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰা উচিত।

পঠনৰ অভ্যাস:

মাতৃভাষাৰ যোগেদি অতি সহজে পঠনৰ অভ্যাস গঢ়ি তুলিব পাৰি। ইয়াৰ বাবে শিক্ষকৰো গুৰুত্বপূৰ্ণ ভূমিকা প্ৰয়োজন। মাতৃভাষাৰ প্ৰতি আকৃষ্ট কৰি সেই ভাষাত লিখা উৎকৃষ্ট কিতাপবোৰৰ সন্ধান শিক্ষকেই দিব লাগিব আৰু স্কুল বা আন অনুষ্ঠানৰ পুথিভঁৰালৰ লগত ছাত্ৰসকলক সম্পৰ্ক স্থাপন কৰি দিব লাগিবু।

সাহিত্যৰ প্ৰতি আকৰ্ষণ:

সাহিত্যৰ ৰসাস্বাদনৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলক আগ্ৰহী কৰি তুলিব পাৰি একমাত্ৰ মাতৃভাষাৰ যোগেদিহে। ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক ৰচনা, কবিতা লিখা আদিৰ প্ৰতি উৎসাহিত কৰিবলৈ তেনেধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা দৰকাৰ। কোনোবা ছাত্ৰ কোনো ঠাইলৈ গ’লে তাৰ ভ্ৰমণ অভিজ্ঞতাবোৰো লিখিবলৈ শিক্ষকে প্ৰেৰণা যোগোৱা উচিত।

মাতৃভাষালৈ অনুদিত হোৱা গ্ৰন্থ পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে মহৎ সাহিত্যৰ ৰসাস্বাদন কৰিব পাৰে। এনেবোৰ গ্ৰন্থৰ অধ্যয়নে মহৎ সাহিত্যিকসকলৰ ৰচনাৰ ভঙ্গী, জীৱন দৰ্শন সম্পৰ্কে ছাত্ৰ-ছাত্ৰীক অৱগত কৰায়। ইয়ে ভৱিষ্যতে ছাত্ৰ এজনক সাহিত্যৰ প্ৰতি ৰুচিশীল ব্যক্তি তথা সাহিত্যিক হিচাপে গঢ়ি তুলিব পাৰে।

মাতৃভাষাত কম আয়াসতে আৰু কম কষ্টতে নৈতিক চৰিত্ৰবোধ সম্পন্ন গ্ৰন্থবোৰ অধ্যয়ন কৰি ছাত্ৰ-ছাত্ৰীসকলে নিজৰ নৈতিক চৰিত্ৰক গঢ় দিব পাৰে। এই পাঠ্যবোৰৰ দ্বাৰা সহিষ্ণুতা, মানৱ প্ৰীতি, বন্ধুপ্ৰীতি, ভাতৃপ্ৰেম, পৰম্পৰা আদিৰ প্ৰতি ছাত্ৰসকলৰ অনুৰাগ বাঢ়ে আৰু এজনে সু নাগৰিক হিচাপে নিজকে গঢ় দিব পাৰে।

টান গ্ৰন্থৰ হৃদয়ঙ্গমতা:

মাতৃভাষাৰ যোগেদি অন্যান্য বিষয়ৰ টান কিতাপবোৰে সহজে হৃদয়ঙ্গম কৰিব পাৰে বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত মাতৃভাষাৰ প্ৰসাৰ বঢ়োৱা উচিত।

স্বাধীন চিন্তাৰ উন্মেষ:

মাতৃভাষাই স্বাধীন চিন্তাৰ জন্ম দিব পাৰে। মাতৃভাষা আয়ত্তৰ দ্বাৰাই নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হোৱাৰ সামৰ্থ লাভ কৰে। স্কুলত বিভিন্ন দায়িত্ব গ্ৰহণ কৰা ছাত্ৰসকলে মাতৃভাষাত কথাবোৰ ভালদৰে বুজাই দিব পাৰিলেহে ছাত্ৰসভাৰ সাধাৰণ সম্পাদক, আলোচনী সম্পাদক আদিৰ দায়িত্ব লোৱাসকলে তেওঁলোকৰ দায়িত্ব পালন কৰিব পাৰিব।

ৰুচিবোধৰ জন্ম:

মাতৃভাষাই ছাত্ৰ-ছাত্ৰীৰ মনত ৰুচিবোধ জন্মায়। ই পঢ়াৰ প্ৰতি ধাউতি বঢ়ায়। মাতৃভাষাত ৰচিত গ্ৰন্থৰ অধ্যয়নে ৰুচিবোধৰ জন্ম দিয়াৰ লগতে এজন সুস্থ নাগৰিকৰো জন্ম দিয়ে।

 

মাতৃভাষা শিক্ষণত শ্ৰৱণ, কথন, পঠন, আৰু লিখনৰ ভূমিকা -

মাতৃভাষা এটা ভালদৰে শিকিবলৈ হ’লে শ্ৰবণ, কথন, পঠন আৰু লিখন এই চাৰিটা অৱস্থা অতিক্ৰম কৰিব লাগিব। এই কেইটাৰ সুষম বিকাশৰ ওপৰতেই মাতৃভাষাৰ জ্ঞান নিৰ্ভৰশীল। শ্ৰৱণৰ দ্বাৰা এটা ভাষা বুজিব পৰা যায়। পঠনৰ দ্বাৰা সাহিত্য বা গ্ৰন্থক হৃদয়ঙ্গম কৰিব পাৰি আৰু লিখনৰ দ্বাৰা মনৰ ভাব-অনুভূতিক ঠিকমতে প্ৰকাশ কৰিব পাৰি। সেয়ে ভাষা শিক্ষাৰ ক্ষেত্ৰত উক্ত চাৰিটা স্তৰৰ বিশেষ গুৰুত্ব আছে।

ক)শ্ৰৱণ:

ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। কথা শুনিলেহে বোধৰ জন্ম হয় আৰু শ্ৰৱণ শক্তি বাঢ়ে। সেয়ে শুনাৰ সময়ত শিক্ষক বা অভিভাবকে ভূল-ক্ৰুটি ৰাখিব নালাগে, শব্দৰ সঠিক উচ্চাৰণৰ ওপৰত গুৰুত্ব দিব লাগে আৰু শব্দবোৰৰ কোনখিনিত জোৰ দিব লাগে বা নালাগে সেই বিষয়ে সচকিত হৈহে তেওঁলোকক কথাবোৰ শুনাব লাগে। দ্বিতীয়তে পিতৃ-মাতৃ তথা অভিভাৱকসকলে ভাষা শিক্ষাৰ ক্ষেত্ৰত কোনটো ৰূপ গ্ৰহণীয় তাক ছাত্ৰসকলক বুজাই দিব লাগে। সাধাৰণতে কথিত ভাষাত ঘৰত কথা পতা হয়, কিন্তু বিদ্যালয়ত সেই ভাষা নচলে। গতিকে পৰাপক্ষত মান্য ভাষাতেই তেওঁলোকক কথাবোৰ শুনাব লাগে। তৃতীয়তে শ্ৰুতলিপি দিয়াৰ সময়ত শুদ্ধ উচ্চাৰণৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। কাৰণ শ্ৰুতলিপি লেখি যোৱাৰ সময়ত ছাত্ৰসকলৰ শ্ৰৱণ শক্তি সূক্ষ্ম হোৱাৰ লগতে লিখাতো হাতখন ভালকৈ আহে। গতিকে শ্ৰুতলিপিৰ অভ্যাস বিদ্যালয়ত অতি দৰকাৰ। চতুৰ্থতে মাক-দেউতাক, অভিভাৱক আদিয়ে কথা পাতোতে দৃষ্টি ৰাখিব লাগে যাতে সিহঁতে শুনা শব্দবোৰে সিহঁতৰ চৰিত্ৰ গঠনত সহায় কৰিব পাৰে। পঞ্চমতে পৰিবেশৰ পৰাও শ্ৰৱণ শক্তিৰ বিশেষ বিকাশ হ’ব পাৰে। যেনে- এজন শিশুৱে যেতিয়া হিন্দী কয় তেতিয়া বুজিব লাগিব তাৰ সেই পৰিবেশত কোনোবা হিন্দীভাষী লোক আছে যাৰ পৰা কথা শুনি সি হিন্দী ভাষাটো আয়ত্ব কৰিলে। গতিকে পৰিবেশে ভাষা শিক্ষাৰ ক্ষেত্ৰত শ্ৰৱণৰ মাধ্যমত এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

খ)কথন:

শিশুৱে প্ৰথম মাতৃভাষাতেই কথা ক’বলৈ আৰম্ভ কৰে আৰু ইয়াক ই মাকৰ পৰাই শিকি লয়। তাৰ পিছত অন্যক অনুকৰণ কৰি কথা ক’বলৈ আৰম্ভ কৰে। এইখিনি সময়ত মাকে যত্ন লোৱা উচিত যাতে শিশুটোৱে ঠিকমতে কথাখিনি উচ্চাৰণ কৰিব পাৰিছে। সেইখিনি সময়ত ব্যাকৰণৰ প্ৰয়োজন নাথাকে। গতিকে দুই-এটা ভুলকৈ হ’লেও তাক স্পষ্টভাৱে কথা ক’ব দিব লাগে আৰু ইয়াৰ যোগেদিয়ে তাৰ বাকশক্তি বাঢ়ে। ল’ৰা-ছোৱালীয়ে যিমানে কথা কয় সিমানেই তাৰ ভাষা কোৱাৰ দক্ষতা বাঢ়ে। বিদ্যালয়লৈ নোযোৱাকৈও কথিত ভাষাতেই মাতৃভাষাক আয়ত্ত কৰা সম্ভৱ। সেয়ে কথিত ভাষাৰ অনুশীলন কেতিয়াও বন্ধ কৰিব নালাগে।

গ)পঠন:

পঠনৰ যোগেদি ভাষা শিক্ষাৰ পাঠ আৰম্ভ হয়। ইয়াৰ যোগেদি জ্ঞান-ভাণ্ডাৰ উন্মুক্ত হয়। ভাষাৰ কিতাপ এখন পঢ়িলে সেই ভাষাটোৰ বৈজ্ঞানিক বিশ্লেষণ আমাৰ জ্ঞাত। সাহিত্য পাঠে আমাৰ মনত ৰুচিবোধ জন্মায়। বিজ্ঞানৰ গ্ৰন্থই বিশ্লেষণ ক্ষমতা বঢ়ায় আৰু দৰ্শন শাস্ত্ৰৰ অধ্যয়নে আমাৰ মননশীলতাৰ বিকাশ ঘটায়। গতিকে ছাত্ৰ-ছাত্ৰী বা শিশুক ভাষা শিক্ষা জ্ঞান দিবলৈ পঠনৰ অভ্যাস কৰাব লাগিব। পঠনৰ যোগেদিয়ে বিভিন্ন গ্ৰন্থৰ ৰচনা ৰীতিত শব্দ প্ৰয়োগ, শব্দবিলাকৰ গুৰুত্বৰ এই বিষয়ে তেওঁলোকে জ্ঞান আহৰণ কৰে। গতিকে পঠন নোহোৱাকৈ ভাষা শিকাটোও অসম্ভৱ কথা।

ঘ)লিখন:

লিখা কথাটো শ্ৰৱণৰ দৰে প্ৰাথমিক কথা নহয় কাৰণ লিখিবলৈ কিছুমান উপকৰণৰ প্ৰয়োজন হয়। যেনে- বৰ্ণমালা, আখৰ আদিৰ বিষয়ে শিশুৱে জানিব লাগিব। আকৌ লিখনৰ যোগেদি অইনক মনৰ কথাখিনি অৱগত কৰিব পাৰি। গতিকে অইনক অৱগত কৰিব পৰাকৈ লিখনক সম্পূৰ্ণৰকমে উপযুক্ত কৰি তুলিব লাগিব। লিখনৰ দ্বাৰাই শাৰীৰিকভাৱে বাধাগ্ৰস্ত শিশুয়েও নিজৰ মনৰ কথা প্ৰকাশ কৰিব পাৰে। গতিকে শিশুক পঢ়াশালিলৈ অহাৰ লগে লগে লিখনৰ গুৰুত্ব সম্পৰ্কে ভালদৰে বুজাই কোৱাৰ দৰকাৰ। দ্বিতীয়তে লিখনৰ ৰুচিবোধৰ কথা জড়িত হৈ আছে। ভাল আখৰ হ’লে লিখা কামখিনি সহজে বুজি পায়। আখৰক লাগ-বান্ধ নোহোৱাকৈ ব্যৱহাৰ কৰাটো মানুহৰ এটা অন্য মনস্কতাৰ চিন। গতিকে সুস্থ মন এটাৰ চিনাকি দিয়াৰ লগতে সুলিখনে কথাখিনি অইনক বুজাত সহায় কৰে আৰু লিখকৰ সৌন্দৰ্যবোধৰ ধাৰণা প্ৰকট কৰে। সেয়ে অভিভাৱক বা শিক্ষকসকলে লিখন বিদ্যাৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে। লিখন বিদ্যাই জ্ঞানক আৰু ভাৱক স্থায়িত্ব দিয়ে। এই কথা মনত ৰাখি লিখন বিদ্যাৰ প্ৰতি সচেষ্ট হোৱাটো অতি দৰকাৰ।

উৎস: সহায়ক হাতপুথি টেট

 

 

শেহতীয়া উন্নীতকৰণ: : 11/22/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate