অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঋণাত্মক হাইড্ৰোজেন আয়নৰ নতুন উৎস

ঋণাত্মক হাইড্ৰোজেন আয়নৰ নতুন উৎস

বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ সুলভ মৌলিক পদাৰ্থবিধ হ’ল হাইড্ৰোজেন। কেন্দ্ৰত এটা মাত্ৰ ধনাত্মক আধানযুক্ত প্ৰটন কণিকা আৰু কক্ষত এটা মাত্ৰ ঋণাত্মক আধানযুক্ত ইলেক্ট্ৰন কণিকাৰে হাইড্ৰোজেনৰ পৰমাণু গঠিত হয়- গতিকে ইয়েই আটাইতকৈ সৰলতম পদাৰ্থ, আৰু সেই কাৰণেই ই সুলভ। (অৱশ্যে ডয়টেৰিয়াম আৰু ট্ৰিটিয়াম নামেৰে হাইড্ৰোজেনৰ দুবিধ সমৰূপী(isotope) আছে, যাৰ কেন্দ্ৰত প্ৰটনৰ লগতে যথাক্ৰমে এটাকৈ আৰু দুটাকৈ বৈদ্যুতিকভাৱে উদাসীন নিউট্ৰন কণিকা থাকে।)

এটা প্ৰটন আৰু এটা ইলেক্ট্ৰন থকাৰ কাৰণে হাইড্ৰোজেন পৰমাণুটো বৈদ্যুতিকভাৱে উদাসীন, অৱশ্যে প্ৰকৃতিত হাইড্ৰোজেন এই ৰূপত থকাৰ লগতে আয়নৰ(ion) ৰূপতো থাকিব পাৰে। হাইড্ৰোজেনৰ পৰমাণুৱে ইয়াৰ কক্ষৰ ইলেক্ট্ৰনটো ত্যাগ কৰি এটা ধনাত্মক আয়নৰ ৰূপত থাকিব পাৰে, আকৌ চৌপাশৰ পৰিবেশৰপৰা এটা অতিৰিক্ত ইলেক্ট্ৰন আহৰণ কৰি ঋণাত্মক আয়নৰ ৰূপতো থাকিব পাৰে। বিজ্ঞানীসকলে নানান পৰীক্ষা-নিৰীক্ষা আৰু পৰ্য্যবেক্ষণৰ জৰিয়তে দেখিছে যে ঋণাত্মক হাইড্ৰোজেন আয়নে আমাৰ পৃথিৱীখনৰ নানান নৈসৰ্গিক পৰিঘটনাৰ লগতে বহিৰ্বিশ্বৰো নানান নৈসৰ্গিক পৰিঘটনাত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাতোকৈও ডাঙৰ কথা, এই ঋণাত্মক হাইড্ৰোজেন আয়নৰ বহুতো ঔদ্যোগিক প্ৰয়োগো আছে,- কোৱান্টাম সঁজুলিৰ বাবে প্ৰয়োজনীয় নেন’ কণিকাৰ উৎপাদনৰ পৰা চিকিৎসাবিজ্ঞানৰ গৱেষণালৈকে, পদাৰ্থৰ পৃষ্ঠৰ সদৰ্থক পৰিৱৰ্তন ঘটোৱাৰপৰা তাপনিউক্লীয় শক্তি উৎপাদনলৈকে বিভিন্ন উদ্যোগ আৰু গৱেষণাত ঋণাত্মক হাইড্ৰোজেন আয়নৰ অতি গুৰুত্বপূৰ্ণ প্ৰয়োগ বিজ্ঞানীসকলে চিনাক্ত কৰিছে।

গতিকে, স্বাভাৱিকতে, বিভিন্ন প্ৰকাৰৰ প্ৰয়োগৰ কাৰণে ঋণাত্মক হাইড্ৰোজেন আয়ন যথাবিহিতভাৱে উৎপাদন কৰাটো বৰ্তমান সময়ৰ গৱেষণাৰ এটা প্ৰধান বিষয়। বিশেষকৈ, ২০০৫ চনৰপৰা ফ্ৰান্সৰ কাদাৰাছে নামৰ ঠাইখনত তাপনিউক্লীয় শক্তি(thermonuclear energy) উৎপাদন কৰিবপৰা পৰীক্ষামূলক আন্তৰ্জাতিক প্ৰকল্পটোৰ কাম আৰম্ভ হোৱাৰ পিছৰেপৰা বিজ্ঞানীসকলে সেই প্ৰকল্পত ব্যৱহাৰ কৰিবপৰা চৰিত্ৰ সম্বলিত ঋণাত্মক হাইড্ৰোজেন আয়নৰ উৎসৰ বিকাশ ঘটাবলৈ গৱেষণা চলাই আছে। এইখিনিতে উনুকিয়াব পাৰি যে আমাৰ দেশো এই আন্তৰাষ্ট্ৰীয় প্ৰকল্পৰ সহযোগী, অন্যান্য সহযোগী দেশবোৰ হ’ল আমেৰিকা যুক্তৰাজ্য, ৰুছিয়া, চীন, জাপান, দক্ষিণ কোৰিয়া আৰু ইউৰোপীয়ান ইউনিয়নৰ মাধ্যমেৰে ইউৰোগৰ প্ৰায় আটাইবোৰ দেশ। এই কথাও উল্লেখ কৰিব পাৰি যে বিশ্বৰ শক্তিৰ চাহিদা আৰু উৎপাদনৰ বৰ্তমানৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই গৱেষণাৰ অপৰিসীম গুৰুত্ব আছে আৰু ই সফল হ’লে মানৱজাতিয়ে অতি সুলভ মূল্যত পৰিবেশতন্ত্ৰৰ দিশৰপৰা তুলনামূলকভাৱে নিৰ্মল নিউক্লীয় শক্তি লাভ কৰিব পাৰিব।

ওপৰত কোৱা হৈছে যে গৱেষণাগাৰত বিভিন্ন পদ্ধতিৰে ঋণাত্মক হাইড্ৰোজেন আয়ন উৎপাদন কৰিব পাৰি, আৰু সম্পৰ্কে বহুজনে গৱেষণা চলাই আছে। প্ৰচলিত এই পদ্ধতিবোৰৰ ইতিবাচক দিশ যেনেদৰে আছে, কেতবোৰ নেতিবাচক দিশো আছে, যাৰ ফলত এইবোৰ আয়নৰ বিশ্বাসযোগ্য উৎস হিচাপে বিবেচিত হ’ব পৰা নাই। গুৱাহাটীৰ সমীপৰ সোনাপুৰত অৱস্থিত চেন্টাৰ অব প্লাজমা ফিজিক্স আৰু গুজৰাটৰ গান্ধীনগৰত অৱস্থিত ইনষ্টিটিউট ফৰ প্লাজমা ৰিছাৰ্চৰ এদল বিজ্ঞানীয়ে যোৱা ১১ ছেপ্টেম্বৰত প্ৰকাশ পোৱা এখন গৱেষণা-পত্ৰত ঋণাত্মক হাইড্ৰোজেন আয়নৰ এক অভিনৱ উৎস আৱিস্কাৰৰ কথা সদৰি কৰিছে, যি উৎসই বৰ্তমানৰ বহুতো সীমাবদ্ধতা অতিক্ৰম কৰিব পাৰিব বুলি আশা কৰা হৈছে। তেওঁলোকৰ এই দাবী যথেষ্ট পৰিমাণে বিশ্বাসযোগ্য, কিয়নো এই গৱেষণা-পত্ৰখন প্ৰকাশু পাইছে বিশ্বৰ আগশাৰীৰ বিজ্ঞান আলোচনী নেছাৰ ছায়েণ্টিফিক ৰিপৰ্টত। এই পদ্ধতিৰ আটাইবোৰ কাৰিকৰী দিশত বৰ্ণনা কৰা কঠিন, কিন্তু থূলমূলকৈ ক’বলৈ গ’লে নতুন এই পদ্ধতিত হাইড্ৰোজেন প্লাজমাৰ পৰিবেশলৈ চিজিয়ামৰ লেও দিয়া টাংষ্টেন কণিকা নিক্ষেপ কৰি ঋণাত্মক হাইড্ৰোজেন আয়ন উৎপাদন কৰা হৈছে। চিজিয়ামৰ লেও দিয়া টাংষ্টেন কণিকাৰ work function অতি নিম্ন হয়। work function হ’ল কোনো গোটা পদাৰ্থৰ পৃষ্ঠৰপৰা একোটা ইলেক্ট্ৰন অসীমলৈ আঁতৰাই নিবলৈ প্ৰয়োজন হোৱা নিম্নতম শক্তি। এই শক্তি কম হোৱাৰ কাৰণে প্লাজমাৰ পৰিবেশত থকা হাইড্ৰোজেনে অনায়াসে চিজিয়ামৰ লেও দিয়া টাংষ্টেন কণিকাবোৰৰ পৃষ্ঠৰপৰা ইলেক্ট্ৰন আহৰণ কৰি ঋণাত্মক হাইড্ৰোজেন আয়নত পৰিণত হয়। এই পদ্ধতিৰ আন এটা সুবিধাজনক কথা হ’ল যে ইয়াত আয়নৰ উৎপাদন সকলো দিশতে হয়(isotrpoic)। ফলস্বৰূপে, ইয়াৰপৰা এই আয়নসমূহ আহৰণ কৰাটোও সহজসাধ্য হ’ব। উল্লেখ কৰিব পাৰি যে তাত্ত্বিক ধ্যান-ধাৰণাৰ দিশৰ পৰা আৰু লগতে পৰীক্ষামূলক দিশৰপৰাও এইটোৱেই এনে ধৰণৰ প্ৰথম গৱেষণা। এই গৱেষণাৰ সৈতে জড়িত পৰীক্ষা-নিৰীক্ষাসমূহ সম্পন্ন কৰা হৈছে সোণাপুৰৰ নাজিৰাখাতত অৱস্থিত চেন্টাৰ অব প্লাজমা ফিজিক্সৰ এটি সৰু গৱেষণাগাৰত।

এই গৱেষণা বৰ্তমান ধাৰণাৰ পৰীক্ষামূলক প্ৰমাণ হিচাপেহে সম্পন্ন কৰা হৈছে। এই পদ্ধতিৰে ঋণাত্মক হাইড্ৰোজেন আয়নৰ এটা নিৰ্ভৰযোগ্য উৎস নিৰ্মাণ কৰিবলৈ এতিয়াও বহুতো বৈজ্ঞানিক আৰু কাৰিকৰী সমস্যা সমাধান কৰিবলৈ বাকী আছে। কিন্তু এই গৱেষণাই দেখুৱাইছে যে এখন সৰু ঠাইৰ এটি সৰু গৱেষণাগাৰতো বিশ্বমানৰ অভিনৱ ধ্যান-ধাৰণাৰ পৰীক্ষা-নিৰীক্ষা সম্পন্ন হ’ব পাৰে।

আলোচিত গৱেষণাটোত অংশ লোৱা বিজ্ঞানীসকল হ’ল চেন্টাৰ অব প্লাজমা ফিজিক্সৰ ভাৰত কাকতি, সিদ্ধাৰ্থ শঙ্কৰ কৌশিক আৰু বিপুল কুমাৰ শইকীয়া আৰু ইনষ্টিটিউট ফৰ প্লাজমা ৰিছাৰ্চৰ মৈনাক বন্দোপাধ্যায় আৰু প্ৰেধিমান কৃষণ ক।

লেখক: বিপুলজ্যোতি শইকীয়া(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 5/13/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate