অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জতুৱা-ঠাঁচেৰে বাক্য ৰচনা:

জতুৱা-ঠাঁচেৰে বাক্য ৰচনা:

 

১)গোট গৰু: (মহা মূৰ্খ)- সি এটা গোট গৰু।

২)জাকত জিলিকা: (চকুত লগা)- জাকত জিলিকা গাঁওখন সকলোৰে প্ৰিয়।

৩)চিকা চন্দা: (ভাল বেয়াৰ বিচাৰ কৰা)- এনেকৈ চিকা চন্দাকৈ থাকিলে কি হ’ব!

৪)চাউল উঠ: (জীৱিকা বন্ধ হোৱা)- ৰমেনৰ এইবাৰ চাউল উঠিল।

৫)ছলাহ-মলাহ: (ফাকি-ফুকা দি ফুৰা)- তাৰ ছলাহ মলাহ কথাত কোনেও ভোল নাযায়।

৬)ছাল বাকলি নোহোৱা: (সম্বল নথকা)- এইবাৰ বানপানীত তাৰ ছাল বাকলি গ’ল।

৭)জধা মূৰ্খ: (মহা মূৰ্খ)- মহেন্দ্ৰ এজন জধা মূৰ্খ লোক।

৮)জয়-জয় ময়-ময়: (ভাল অৱস্থা)- প্ৰাচীন ভাৰতৰ জয়-জয় ময়-ময় অৱস্থা আছিল।

৯)জয় ঢোল কোবোবা: (বেছিকৈ প্ৰকাশ কৰা)- সি পাছ কৰা কথাটো কৈ জয় ঢোল কোবাব ধৰিছে।

১০)আঁঠুৱাৰ তলৰ মহ: (দুৰ্বল শত্ৰু)- সি এতিয়া আঁঠুৱাৰ তলৰ মহ।

১১)অজৌ গছৰ বজৌ গুটি: (অতি দুষ্ট)- সি অজৌ গছৰ বজৌ গুটি।

১২)উনৈশত বা বলা: (বিলাস আৰু আনন্দত ঘূৰি ফুৰা)- গাড়ীখন পাই তাৰ উনৈশত বা বলিছে।

১৩)উভত গোৰে নচা: (অত্যাচাৰ কৰা)- টকা হ’লেই উভয় গোৰে নাচিব নালাগে।

১৪)এলাই বাদু: (কোনো কামৰ নোহোৱা)- তাৰ দৰে এলাই বাদু মোক নালাগে।

১৫)এৰা-ধৰা: (আপোচমূলক)- এৰা-ধৰাকৈ চলিম।

১৬)পোটক তাল: (প্ৰতিশোধ লোৱা)- এইবাৰ তাৰ পোটক তুলিহে এৰিম।

১৭)পেপুৱা লাগ: (বিবুদ্ধি হোৱা)- বাঘটো দেখি তাৰ পেপুৱা লাগিল।

১৮)বিনামেঘে বজ্ৰপাত: (অকস্মাৎ হোৱা দুখ)- বাতৰিটো পাই তাৰ বিনামেঘে বজ্ৰপাত হোৱাৰ দৰে হ’ল।

১৯)বাপতি-সাহোন: (পৈত্ৰিক সম্পত্তি)- এই সা-সৰঞ্জামবোৰ মোৰ বাপতি সাহোন।

২০)ভিকচান ভাগ: (জীৱিকাৰ পথ নাইকীয়া কৰা)- দোকানখন উঠাই দিয়াত তাৰ ভিকচান ভাগিল।

২১)ধোদৰ পচলা: (এলেহুৱা)- সি এটা ধোদৰ পচলা।

২২)নলে-গলে লগা: (পৰম বন্ধু)- হৰি আৰু মধু একেবাৰে নলে-গলে লগা।

২৩)নলগা জেঙাত লাগ: (অযথা মূৰপাতি লোৱা)- সি নলগা জেঙাত লাগি ভাল পায়।

২৪)নগুৰ-নাগতি: (কষ্ট পোৱা)- এইবাৰ ইলেকছনত বৰ নগুৰ নাগতি হ’লো।

২৫)নপতা ফুকন: (নিজে নিজে ডাঙৰ হোৱা)- এই নপতা ফুকনক কোনে মাতিছে।

২৬)ডলাৰ বগৰী: (এনেয়ে ঘূৰি ফুৰা)- সি এটা ডলাৰ বগৰী।

২৭)ডাল দৰিদ্ৰ: (অতি দুখীয়া)- ডাল দৰিদ্ৰৰ কোনোদিনে সুখ নাই।

২৮)ঠেৰু ছিগা: (নিৰাশ্ৰয়)- সি এতিয়া ঠেৰু ছিগা মানুহ।

২৯)টাটক নাটক: (লগনীয়া)- এনে ধৰণৰ টাটক নাটক কথা ক’লে কোনে বিশ্বাস কৰিব।

৩০)টেঁটুৱা খা: (ডিঙিত চেপা খোৱা)- সি টেঁটুৱা খাই কোনো মতেহে বাচিল।

উৎস: সহায়ক হাতপুথি টেট

 

শেহতীয়া উন্নীতকৰণ: : 2/27/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate