আমাৰ পৃথিৱীখন পানীত চহকী গ্ৰহ, ইয়াৰ উপৰিভাগৰ প্ৰায় ৭৯ শতাংশই পানী। এই পানীৰ পৰিমাণ প্ৰায় ১৪০০ নিযুত ঘন কিল’মিটাৰ। কিন্তু ইয়াৰ ৯৭ শতাংশই আছে সাগৰ-মহাসাগৰত, আৰু সেই পানী লুণীয়া কাৰণে মানুহৰ ব্যৱহাৰযোগ্য নহয়। বাকী থকা ৩ শতাংশ পানী অলৱণাক্ত বা সুজল(fresh water), আৰু ইয়াৰ পৰিমাণ প্ৰায় ৩৫ নিযুত ঘন কিল’মিটাৰ। ইয়াৰে দুই-তৃতীয়াংশ মেৰু অঞ্চলৰ বৰফ স্তূপ আৰু হিমবাহ বা গ্লেছিয়াৰত আবদ্ধ হৈ আছে, আৰু সেয়া সহজে আহৰণযোগ্য নহয়। গতিকে প্ৰায় ১ শতাংশ বা ১৪ নিযুত ঘন কিল’মিটাৰ পানীহে থাকেগৈ। আকৌ, ইয়াৰে আধাখিনি(প্ৰায় ৭ নিযুত ঘন কিল’মিটাৰ) থাকে ভূগৰ্ভত, প্ৰায় ২০০,০০০ ঘন কিল’মিটাৰ নদী, হ্ৰদ আদিত, আৰু ১৪,০০০ ঘন কিল’মিটাৰ থাকে বায়ুমণ্ডলত।
বিগত কেইদশকমান ধৰি পৃথিৱীৰ জল সমস্যাটো এটা বহুচৰ্চিত বষয় হৈ আহিছে। প্ৰকৃতিৰ আটাইতকৈ মূল্যৱান আৰু অপব্যৱহৃত সম্পদ পানী বিবাদৰ কাৰণ হৈও পৰিছে। মানৱ জাতিৰ খাদ্য আৰু অন্যান্য লাগতিয়াল বস্তুৰ উৎপাদন আৰু পাৰিপাৰ্শ্বিক সমস্যাটো যদি আজিৰ ৰূপতে থাকে, তেন্তে অচিৰেই পৃথিৱীৰ বহুতো দেশত জল সমস্যাই ভয়ানক ৰূপ ধাৰণ কৰিব। জল ব্যৱস্থাপনাৰ ক্ষেত্ৰত বিগত শতিকাৰ শেষ দশকৰপৰাই এটা নতুন ধাৰণা আৰম্ভ হৈছে, যাৰ মূল বিষয় হৈছে জল-পদাংক(water footprint) আৰু আভাসী জল/পানী(virtual water)। থোৰতে ক’বলৈ হ’লে, জল-পদাংক হ’ল এজন ব্যক্তি, এটা সম্প্ৰদায় বা এখন দেশে খৰচ কৰা পানীৰ ব্যৱহাৰ-ভিত্তিক হিচাপ(consumption-based estimation)। আভাসী পানী কোনো সামগ্ৰীৰ উৎপাদন আৰু ইয়াৰ সেৱাৰ লগত জড়িত, আৰু সেয়ে ই হ’ল পানীৰ উৎপাদন-ভিত্তিক হিচাপ(product-based estimation)।
জল সম্পদৰ বহনক্ষম ব্যৱহাৰ(sustainable use) আৰু বিজ্ঞানসন্মত ব্যৱস্থাপনাৰ বাবে শেহতীয়াভাৱে জল-পদাংক বা জল-পদচিহ্নৰ ধাৰণাটোৰ প্ৰবৰ্তন হৈছে। আমি সাধাৰণতে খোৱা, গা ধোৱা, বস্তু ধোৱা, গছ-বনত পানী দিয়া আদি কামত ব্যৱহাৰ বা খৰচ কৰা পানীৰ পৰিমাণেই আমাৰ চকুত পৰে। শস্য বা কোনো সামগ্ৰী উৎপাদনত কিমান পানী ব্যৱহাৰ হয়, তাক সাধাৰণতে বিবেচনা কৰা নহয়। সচৰাচৰ এজন নগৰবাসীয়ে দিনে বিভিন্ন কামত প্ৰায় ১৫০ লিটাৰ পানী খৰচ কৰে। কিন্তু, এজন গাওঁবাসীয়ে তাতকৈ বহুত কম পৰিমাণৰ পানী খৰচ কৰে। শস্য বা উদ্ভিদে মাটিৰপৰা পানী গ্ৰহণ কৰে, পুখুৰী, হ্ৰদ, নদী, ভূগৰ্ভ আদি উৎসৰপৰা পানী গ্ৰহণ নকৰে। জলসিঞ্চন কৰিব লগা হ’লেহে তেনেবোৰ উৎসৰ পানী ব্যৱহাৰ কৰোঁতে পানীৰ উৎস অনুসৰি দুবিধ পানীৰ কথা উল্লেখ কৰা হয়। সেয়া হ’ল: সেউজীয়া পানী(green water) আৰু নীলা পানী(blue water)। ধৰাপৃষ্ঠত পৰা বৰষুণৰ পানী সেউজীয়া আৰু নীলা অংশত বিভাজিত হৈ বৈ যায়। নদী, হ্ৰদ, পুখুৰী, বৰফ, হিমৱাহ আৰু ভূগৰ্ভত জমা হোৱা অংশই হ’ল নীলা পানী বা সুজল। মানুহ আৰু অন্যান্য প্ৰাণীয়ে নীলা পানী গ্ৰহণ কৰে। আনহাতে মাটিৰ ছিদ্ৰবোৰত জমা হোৱা অংশ হ’ল সেউজীয়া পানী। সেউজীয়া পানী উদ্ভিদে গ্ৰহণ কৰে। সেউজীয়া পানীৰ একাংশ প্ৰকৃতিৰ জলচক্ৰৰ বাষ্পন-প্ৰস্বেদন(evapotranspiration) প্ৰক্ৰিয়াত বায়ুমণ্ডললৈ উৰি যায়। নীলা পানী আৰু সেউজীয়া পানীৰ গোলকীয় অনুপাত হ’ল ৩৫:৬৫। কিন্তু দেশ ভেদে এই অনুপাত ভিন ভিন হ’ব পাৰে। উদাহৰণস্বৰূপে, ঘানাত নীলা আৰু সেউজীয়া পানীত অনুপাত ২.৫:৯৭.৫ ।
জল-পদাংকৰ ক্ষেত্ৰত নীলা আৰু সেউজীয়া পানীৰ উপৰি আৰু দুই প্ৰকাৰৰ পানীৰ কথা বিবেচনা কৰা হয়। সেয়া হ’ল: পানীৰ কথা বিবেচনা কৰা হয়। সেয়া হ’ল: ধূসৰ পানী(grey water) আৰু কৃষ্ণ জল বা ক’লা পানী(black water)। ধূসৰ পানী হ’ল মানুহৰ কামকাজৰদ্বাৰা প্ৰদূষিত হোৱা পানী, কিন্তু এই পানী মানুহৰ মল-মূত্ৰৰপৰা মুক্ত। মানুহৰ বিভিন্ন ঘৰুৱা কামকাজ(যেনে- গা ধোৱা, কাপোৰ আৰু বাচন-বৰ্তন ধোৱা), কৃষি কাৰ্যত ব্যৱহৃত সাৰ, কীটনাশক আদি ৰাসায়নিক দ্ৰব্যৰদ্বাৰা প্ৰদূষিত পানীয়েই ধূসৰ পানী। ধূসৰ পানী পুনৰাৱৰ্তিত(recycle) কৰি পুনৰ্ব্যৱহাৰ কৰিব পাৰি, কিন্তু ইয়াক খোৱা নহয়, জলসিঞ্চন আদি কামতহে ব্যৱহাৰ কৰা হয়। ধূসৰ পানীত চাবোন, চৰ্বি আদিৰ কণা আৰু অন্যান্য ৰাসায়নিক পদাৰ্থ থাকে যদিও উদ্ভিদে ইয়াক গ্ৰহণ কৰিব পাৰে। মানুহৰ মল-মূত্ৰজনিত আৱৰ্জনাযুক্ত প্ৰদূষিত পানীক কৃষ্ণ জল বা ক’লা পানী(black water) বোলা হয়। এই পানীত অপকাৰী বেক্টেৰিয়া আৰু ৰোগ সৃষ্টিকাৰী অণুজীৱ থাকে কাৰণে ই ব্যৱহাৰযোগ্য নহয়।
দেশ |
ৰাষ্ট্ৰীয়(গিগা মিটাৰ ৩/বছৰ) |
জনমূৰি(মিটাৰ ৩/ব্যক্তি/বছৰ) |
অষ্ট্ৰেলিয়া |
২৬.৫৬ |
১৩৯৩ |
বাংলাদেশ |
১১৬.৪৯ |
৮৯৬ |
ব্ৰাজিল |
২৩৩.৫৯ |
১৩৮১ |
কানাডা |
৬২.৮ |
২০৪৯ |
চীন |
৮৮৩ |
৭০২ |
ইজিপ্ট |
৬৯.৫ |
১০৯৭ |
ফ্ৰান্স |
১১০.১৯ |
১৮৭৫ |
জাৰ্মেনি |
১২৬.৯৫ |
১৫৪৫ |
ভাৰত |
৯৮৭.৩৮ |
৯৮০ |
ইণ্ডোনেছিয়া |
২৬৯.৯৬ |
১৩১৭ |
ইটালি |
১৩৪.৫৯ |
২৩৩২ |
জাপান |
১৪৬.০৯ |
১১৫৩ |
জৰ্ডান |
৬.২৭ |
১৩০৩ |
মেক্সিকো |
১৪০.১৬ |
১৪৪১ |
নেদাৰলেণ্ডছ |
১৯.৪ |
১২২৩ |
পাকিস্তান |
১৬৬.২২ |
১২১৮ |
ৰাছিয়া |
২৭০.৯৮ |
১৮৫৮ |
দক্ষিণ আফ্ৰিকা |
৩৯.৪৭ |
৯৩১ |
থাইলেণ্ড |
১৩৪.৪৬ |
২২২৩ |
ইংলেণ্ড(ইউকে) |
৭৩.০৭ |
১২৪৫ |
আমেৰিকা |
৬৩৬.০১ |
২৪৮৩ |
গোলকীয়(মুঠ/গড়) |
৭৪৫২ |
১২৪৩ |
১৯৯০ৰ দশকৰ আৰম্ভণিতে লণ্ডন বিশ্ববিদ্যালয়ৰ ‘স্কুল অৱ অৰিয়েন্টেল এণ্ড এফ্ৰিকান ষ্টাডিজ’ৰ গৱেষক জন এন্থনি এলানে(John Anthony Allan) আভাসী জলৰ ধাৰণাটোৰ উত্থাপন কৰিছিল। তেওঁ সেই সময়ত পশ্চিম এছিয়াৰ পানীৰ নাটনিৰ সমস্যাটো অধ্যয়ন কৰোঁতে এই ধাৰণাটোৰ আৱতাৰণা কৰিছিল। সৰল অৰ্থত, কোনো এবিধ বস্তু উৎপাদন কৰিবলৈ প্ৰয়োজন হোৱা পানীৰ পৰিমাণেই হ’ল আভাসী পানী। বস্তুবিধ কৃষিজাত নাইবা উদ্যোগজাত হ’ব পাৰে। ধান, ঘেঁহু, শাকপাচলি আদি কৃষিজাত বস্তু উৎপাদন কৰিবলৈ প্ৰচুৰ পৰিমাণৰ পানীৰ প্ৰয়োজন হয়। উদাহৰণস্বৰূপে, চাউল, ঘেঁহু আৰু আলুৰ আভাসী জলৰ পৰিমাণ হ’ল যথাক্ৰমে প্ৰতি কেজিত ২৮৫০, ১৪০০, আৰু ১০০০ লিটাৰ। শাকপাচলিৰ বাহিৰে অন্যান্য খাদ্যবস্তুৰ উৎপাদনত অধিক পানীৰ ব্যৱহাৰ হয়্য। তেনে ধৰণৰ খাদ্য আৰু আন কিছুমান সামগ্ৰীৰ(যেনে- ছাৰ্ট, জিন পেন্ট, গাড়ী আদি) উৎপাদনত ব্যৱহৃত পানীৰ পৰিমাণ তালিকাত দিয়া হৈছে। ১ কেজি গাহৰিৰ মাংস(boneless pork) উৎপাদন ৮কৰিবলৈ ১০ কেজি খাদ্যৰ প্ৰয়োজন হয়। সেই খাদ্যত ছয়াবিন আৰু কৰ্ন থাকে। ১ কেজি ছয়াবিন আৰু ১ কেজি কৰ্ন উৎপাদন কৰিবলৈ যথাক্ৰমে ১৯০০ লিটাৰ আৰু ৫০০ লিটাৰ পানীৰ দৰকাৰ হয়। গতিকে, ১ কেজি গাহৰিৰ মাংসৰ আভাসী পানীৰ পৰিমাণ হয়গৈ ১৫০০০ লিটাৰ।
মন কৰা উচিত যে কোনো দ্ৰব্যৰ আভাসী পানী আৰু দ্ৰব্যটোত থকা পানীৰ পৰিমাণ একে নহয়। যেনে- ১ কেজি ঘেহুঁ উৎপাদনৰ বাবে ১৪৫০ লিটাৰ পানীৰ দৰকাৰ হয়(আভাসী পানী)। কিন্তু ১ কেজি ঘেহুঁত প্ৰকৃততে ১১০ গ্ৰাম পানী থাকে। সচৰাচৰ, খাদ্য শস্যবোৰ শুকালে চপোৱা হয়, আৰু বজাৰত বিক্ৰী কৰাৰ আগতে সেইবোৰ পুনৰ শুকুৱাই সিক্ততাৰ পৰিমাণ আৰু ১৪ শতাংশ কমোৱা হয়।
খাদ্য/দ্ৰব্য |
পানী |
১ কাপ কফি |
১৪০ লিটাৰ |
১ কেজি আপেল |
৭০০ লিটাৰ |
১ কেজি চেনি |
১৫০০ লিটাৰ |
১ কেজি আলু |
১০০০ লিটাৰ |
১ কেজি ঘেঁহু |
১৪৫০ লিটাৰ |
১ কেজি চেনি |
১৫০০ লিটাৰ |
১ কেজি চাউল |
২৮৫০ লিটাৰ |
১ কেজি কণী |
৩৩০০ লিটাৰ |
১ কেজি ঘেঁহু |
১৪৫০ লিটাৰ |
১ কেজি ছাগলীৰ মাংস |
৪০০০ লিটাৰ |
১ কেজি কুকুৰাৰ মাংস |
৪৬০০ লিটাৰ |
১ কেজি পনিৰ |
৫০০০ লিটাৰ |
১ কেজি গোমাংস |
৪২৫০০ লিটাৰ |
১ যোৰ জিন পেন্ট |
১০৮০০ লিটাৰ |
১ যোৰ জোতা |
৮০০০ লিটাৰ |
১ টা টি-ছাৰ্ট |
২০০০ লিটাৰ |
১ খন নতুন গাড়ী |
৪০০০০ লিটাৰ |
ব্যক্তি, পৰিয়াল আৰু সম্প্ৰদায় বা সমষ্টিৰ জল-পদাংক গণনা:
কোনো ব্যক্তিৰ জল-পদাংক গণনা কৰিবলৈ হ’লে তেওঁ ব্যৱহাৰ কৰা প্ৰতিটো বস্তু আৰু সেই বস্তুবোৰৰ উৎপাদনৰ লগত জড়িত আভাসী পানীৰ পৰিমাণ বিবেচনা কৰা হয়, আৰু তাক ব্যক্তিজনৰ প্ৰকৃত নীলা পানীৰ লগত যোগ কৰা হয়। বিভিন্নজনৰ ব্যক্তিগত জল-পদাংকসমূহৰ সমষ্টিয়েই হ’ল কোনো এটা পৰিয়াল বা জনসমষ্টিৰ জল-পদাংক। পৰিয়ালৰ জল-পদাংকৰ ক্ষেত্ৰত সদস্যসকলে গ্ৰহণ কৰা খাদ্যৰ লগত জড়িত সেউজীয়া পানী, গা ধোৱা, কাপোৰ ধোৱা, শৌচাগাৰ, ফুলনিত পানী দিয়া আদিৰ লগত জড়িত নীলা পানীৰ পৰিমাণ বিবেচনা কৰিব লগীয়া হয়। ঘৰৰপৰা নিৰ্গত হোৱা ময়লা পানীখিনি ধূসৰ পানীৰ পদাংক হ’ব। এজন ব্যক্তিৰ জল-পদাংকৰ পৰিমাণৰ একক হ’ল জনমূৰি প্ৰতি বছৰত ঘনমিটাৰ(মিটাৰ৩/ব্যক্তি/ বছৰ; m3/cap/year)
সাধাৰণতে পৃথিৱীৰ বিভিন্ন দেশৰ মাজত উপভোক্তা দ্ৰব্যৰ আমদানি-ৰপ্তানি চলে। সেয়ে কোনো দেশে সম্পূৰ্ণভাৱে ইয়াৰ আভাসী জল সম্পদৰ ওপৰত নিৰ্ভৰ নকৰে, অথবা ইয়াৰ আভাসী জলৰ উৎপাদন সেইখন দেশতে খৰচ নহয়। গতিকে দেশ এখনৰ জল-পদাংকৰ উপাদান দুটা: অভ্যন্তৰীণ জল-পদাংক(internal water footprint; IWF) আৰু বহিঃ জল-পদাংক(external water footprint; EWF)। অভ্যন্তৰীণ জল-পদাংক হ’ল দেশৰ কৃষিকাৰ্য, ঘৰুৱা কাম, আৰু উদ্যোগত ব্যৱহৃত পানীৰ মুঠ পৰিমাণৰপৰা অন্য দেশলৈ ৰপ্তানি কৰা সামগ্ৰীৰ উৎপাদনৰ আভাসী জল বিয়োগ কৰি পোৱা পানীৰ পৰিমাণ। কোনো এখন দেশৰ বহিঃ জল-পদাংকৰ লগত সেই দেশলৈ আমদানি হোৱা আন দেশৰ সামগ্ৰীৰ সম্পৰ্ক আছে। কোনো এখন দেশলৈ হোৱা আমদানি বস্তুৰ আভাসী জলৰ(Virtual water import, VWI) আৰু ৰপ্তানি হোৱা বস্তুৰ আভাসী জলৰ(Virtual water export, VWE) পাৰ্থক্যই হ’ল বহিঃ জল-পদাংক। অৰ্থাৎ,
আমদানিৰ আভাসী জল(VWI)- ৰপ্তানিৰ আভাসী জল(VWE)= বহিঃ জল-পদাংক(EWF)।
সেইকাৰণে, এখন দেশৰ মুঠ জলপদাংক= অভ্যন্তৰীণ জল-পদাংক + বহিঃ জল-পদাংক।
এখন দেশৰ জল-পদাংকৰ একক হ’ল প্ৰতি বছৰত গিগা ঘনমিটাৰ(গিগা ঘনমিটাৰ/বছৰ; Gm3/ year)।
জল-পদাংকৰ হ্ৰাসীকৰণ আৰু ভাৰতীয় জল-পদাংক:
ব্যক্তিৰ জল-পদাংক তেওঁৰ জীৱনশৈলী, খাদ্য আৰু পানী খৰচ কৰাৰ ধৰণৰ ওপৰত নিৰ্ভৰশীল। এখন দেশে কোনো উৎপাদন সামগ্ৰীৰ ৰূপত আভাসী জলৰ আমদানি অথবা ৰপ্তানি কৰি সেই দেশৰ জল-পদাংক কমাব বা বঢ়াব পাৰে। এটা অঞ্চলৰ কৃষিকাৰ্যত মাটি ব্যৱহাৰ কৰাৰ ধৰণ সলনি কৰি ইয়াৰ জল-পদাংক কমাব পৰা যায়। কৃষিভূমিক উদ্যোগ-ক্ষেত্ৰ বা জনবসতি এলেকালৈ ৰুপান্তৰিত কৰিলে তাৰ জল-পদাংকও ভালেখিনি পৰিৱৰ্তিত হয়। কোনো এটা অঞ্চলৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ জল-পদাংক গণনা কৰি অঞ্চলটোৰ উপযুক্ত ভূমি ব্যৱহাৰৰ মূল্যায়ন কৰিব পাৰি।
যিবোৰ খাদ্য আৰু ব্যৱহৃত সামগ্ৰীৰ আভাসী জল বেছি, সেইবোৰৰ ব্যৱহাৰ কমাই জল-পদাংক হ্ৰাস কৰিব পৰা যায়। যেনে- মাংস খোৱা আৰু ইন্ধন ব্যৱহাৰ কৰা যানবাহনৰ ব্যৱহাৰ কমালে(যেনে- কম দূৰত্ব ভ্ৰমণৰ ক্ষেত্ৰত ছাইকেল আদিৰ ব্যৱহাৰ কৰিলে) জল-পদাংক হ্ৰাস পাব। কিন্তু বৰ্তমান পৃথিৱীত মাংস খোৱাৰ মাত্ৰা বৃদ্ধি পোৱা দেখা গৈছে, আৰু যানবাহন আৰু ইন্ধনৰ ব্যৱহাৰ দিনক দিনে বাঢ়ি আছে।
জল-পদাংক কমোৱাৰ আন এটা উপায় হ’ল গোলকীয় জল দক্ষতা বৃদ্ধি কৰা। এই ধাৰণাত জল সম্পদ কম থকা দেশৰপৰা জল সম্পদত চহকী দেশলৈ উৎপাদন ব্যৱস্থা স্থানান্তৰ কৰা হয়। উদাহৰণস্বৰূপে, জৰ্দানতকৈ আমেৰিকাৰ পানীৰ উৎপাদন যথেষ্ট বেছি। সেয়ে জৰ্ডানে আমেৰিকাৰপৰা ঘেহুঁ আৰু চাউল আমদানি কৰি ইয়াৰ জল-পদাংকৰ একাংশ বাহিৰৰ দেশলৈ প্ৰেৰণ কৰিছে। ভাৰতবৰ্ষৰো সকলো ৰাজ্য জলসম্পদত সমানে চহকী নহয়। সেইকাৰণে, এখন ৰাজ্যৰপৰা আন এখনলৈ আভাসী পানী প্ৰবাহিত হয়। আনকি পানীৰ অভাৱগ্ৰস্ত পঞ্জাৱ আৰু হাৰিয়ানা ৰাজ্য দুখনেও পানীত চহকী পূবৰ ৰাজ্যলৈ আভাসী জলৰ ৰপ্তানি কৰে ঘেহুঁ আৰু চাউলৰ ৰূপত।
ভাৰতৰ জল-পদাংকৰ অধ্যয়ন এতিয়াও চালুকীয়া অৱস্থাত আছে। ভাৰতৰ জল-পদাংকৰ বিষয়ে বাহিৰত হোৱা সৰহভাগ অধ্যয়নেই বৃহত্তৰ ভিত্তিত দেশখনৰ বিষয়ে অথবা কোনো এখন ৰাজ্যৰ বিষয়ে কৰা হৈছে। কোনো এটা অঞ্চলৰ জল-পদাংক, কিম্বা শস্যক্ষেত্ৰৰপৰা উপভোক্তাৰ স্তৰলৈ হোৱা আভাসী জলৰ প্ৰৱাহ আদি ধৰণৰ অধ্যয়ন স্থানীয় পৰিকল্পনা তথা উন্নয়নৰ বাবে এতিয়াও ব্যৱহাৰ হোৱা নাই। ভাৰতৰ সমস্ত জল সম্পদৰ প্ৰায় ২৫ শতাংশ ধানৰ উৎপাদনত ব্যৱহৃত হয়। ১ কেজি চাউল উৎপাদনৰ বাবে ভাৰতত ৩০০০-৫০০০ লিটাৰ পানী খৰচ হয়। অকল ধানেই নহয়, ঘেহুঁ, কুঁহিয়াৰ, কপাহ আদিৰ খেতিতো প্ৰচুৰ পৰিমাণৰ পানীৰ ব্যৱহাৰ হয়। ভাৰতৰ জল সম্পদৰ প্ৰায় ৮৩ শতাংশ কৃষিখণ্ডতেই ব্যয় হয়, বাকী ১৭ শতাংশহে ঘৰুৱা কামকাজ আৰু উদ্যোগত ব্যৱহৃত হয়।
‘ইউনেস্ক’-আইএইচই ইনষ্টিটিউট অৱ ৱাটাৰ এডুকেশ্যন’ৰ(Unesco-IHE Institute of Water Education) ২০১০ চনৰ এখন প্ৰতিবেদন অনুসৰি, ভাৰতৰ ধান উৎপাদনৰ জল-পদাংক হ’ল ২০২০ ঘন মিটাৰ/বছৰ, আনহাতে চীনৰ এই জল-পদাংক হ’ল ৯৭০ ঘন মিটাৰ/বছৰ, আৰু ধান উৎপাদনৰ গোলকীয় জল-পদাংক হ’ল ১৩২৫ ঘন মিটাৰ/বছৰ। তাৰ অৰ্থ হ’ল: আমি পৃথিৱীৰ আন দেশতকৈ ‘প্ৰতি কণা শস্যৰ বাবে অধিক বিন্দু’(‘more drop per crop’) পানী খৰচ কৰিছোঁ, যিটো আমাৰ ‘প্ৰতি বিন্দু পানীৰ বাবে অধিক শস্য’(‘more crop per drop’) উৎপাদনৰ জাতীয় উদ্দেশ্য আৰু লক্ষ্যৰ পৰিপন্থী। ভাৰতৰ জল ব্যৱস্থাপনাত জল-পদাংক আৰু আভাসী জলৰ ধাৰণাৰ উপযুক্ত প্ৰয়োগেহে দেশখনৰ পানীৰ প্ৰক্ষেপিত চাহিদা(২০৫০ চনৰ ভিতৰত ১৪৯৮ বিলিয়ন ঘন মিটাৰ) পূৰণ কৰাত অৰিহণা যোগাব।
লেখক:ক্ষীৰধৰ বৰুৱা(প্ৰান্তিক)
শেহতীয়া উন্নীতকৰণ: : 11/6/2018