অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানুহে কিয় হাঁহে?

মানুহে কিয় হাঁহে?

মানুহে কিয় হাঁহে এই প্ৰশ্নটোৰ এটা সহজ উত্তৰ পোৱা নাযায়। ইয়াৰ এটা সহজ উত্তৰ থকা হ’লে প্ৰত্যেকজন ৰসিক ব্যক্তিয়ে এইকথা জানিলেহেতেন। কিন্তু হাঁহি এটা খুব জটিল বিষয় আৰু ইয়াৰ ব্যাখ্যা কেৱল তত্বসমূহৰ মাজতে সীমাবদ্ধ। আমাৰ বিভিন্ন অনুভূতি প্ৰকাশ কৰিবলৈ আমি হাঁহো। সমগ্ৰ জীৱজগতৰ মাজত কেৱল মানুহেহে হাঁহে। মনোবৈজ্ঞানিকসকলে হাঁহিৰ বিষয়ে এতিয়ালৈকে দুটা প্ৰাথমিক প্ৰশ্নৰ ওঅপৰত অধ্যয়ন চলাই আছে। সেই দুটা হ’ল-মানুহে কিয় হাঁহে আৰু হাঁহিৰ কাম বা উদ্দেশ্য কি?

মানুহে কিয় হাঁহে বা মানুহে কি কি বিষয়ক হাঁহিৰ বিষয়বস্তু হিচাবে লয়, সেইবিষয়ে লক্ষ্য কৰিলে দেখা যায় যে, প্ৰত্যেক মানুহে আন মানুহক বিভিন্ন পৰিস্থিতিত হাঁহে। শাৰিৰীকভাৱে কদৰ্য মানুহ দেখিলে মানুহে হাঁহে। কিয়?

হাঁহিৰ আন এটা ব্যাখ্যা হ’ল-মানুহে অস্বাভাৱিক কিবা এটা দেখিলে হাঁহে। এজন অত্যাধিক শকত মানুহ দেখিলে বা খুব চাপৰ মানুহ এজনক এগৰাকী মহিলাৰ লগত দেখিলে আমাৰ হাঁহি উঠে। কিন্তু এইটো তত্বই বিভিন্ন ৰসাল কথাক ঘটনাত আমাৰ উঠা হাঁহিৰ বিষয়ে কোনো ব্যাখ্যা দাঙি নধৰে।

শাৰিৰীকভাৱে দৃষ্টিকোণৰ ফালৰ পৰা, হঁহাটো স্বাস্থ্যৰ পক্ষে উপকাৰী। বেজবৰুৱাদেৱেও আমাক হাঁহিৰ উপকাৰিতাৰ বিষয়ে নানান কথা কৈ গৈছে। হাঁহিৰ যথেষ্ট সামাজিক মূল্যও আছে। এটা হাঁহিৰ যোগেদিয়েই এজনে আনজনক আপোন কৰি ল’ব পাৰে।

 

লেখিকাৰ নাম: বৰ্নালী শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate