দুটা কাৰণত মানুহে হীৰা বিচাৰে। এটা কাৰণ হ’ল, মানুহে জনাৰ ভিতৰত সকলোতকৈ টান দ্ৰব্যবিধ হ’ল হীৰা। সেইবাবে ইয়াক উদ্যোগ আদিত ব্যৱহাৰ কৰিব পাৰি। দ্বিতীয় কাৰণ হ’ল, হীৰা দেখিবলৈ ধুনীয়া আৰু মানুহ ইয়াৰ সৌন্দৰ্য্যত মোহিত হয়।
হীৰাবোৰ দৰাচলতে প্ৰাকৃতিকভাৱে সংঘটিত হোৱা কিছুমান ঘটনাৰ ফল। বহু কোটি বছৰৰ আগতে, পৃথিৱীখন লাহে লাহে চেঁচা হৈ আহিল। তেতিয়া মাটিৰ তলত জুলীয়া অৱস্থাত উত্তপ্ত শীলাখণ্ড আছিল। এইখিনি প্ৰচণ্ড উত্তাপ আৰু চাপৰ সন্মুখীন হৈছিল। ফলত কাৰ্বনৰ মৌলবোৰ একেলগে ঘনীভূত হ’ল আৰু হৈ পৰিল উজ্জ্বল স্ফটিক। দৰাচলতে এটুকুৰা হীৰা হ’ল শুদ্ধ কাৰ্বনৰ স্ফটিক। খহটা অৱস্থাত হীৰাৰ বাহিৰ ফালটো দেখিবলৈ বেয়া হয়। মানুহৰ হাতত পৰি হীৰা সুন্দৰ ৰত্ন হৈ পৰিল।
লেখিকাৰ নাম: বৰ্নালী শৰ্মা
শেহতীয়া উন্নীতকৰণ: : 3/14/2020