অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফকৰা যোজনা

ফকৰা যোজনা

ফকৰা যোজনা ফকৰা যোজনা (ইংৰাজী ভাষাত: Assamese Proverb) হৈছে অসমীয়া ভাষাত প্ৰবাদৰূপে ব্যৱহৃত চিৰন্তন সাধাৰণ জ্ঞানৰ শিক্ষা, যাক সাধাৰণতে সাধাৰণ অসমীয়া গঞা ৰাইজে বুজি পাবৰ কাৰণে সৰল ভাষা, প্ৰতীক আৰু ছন্দ ব্যৱহাৰ কৰি আকৰ্ষণীয় ৰূপত প্ৰকাশ কৰা হয়। ফকৰা যোজনাবোৰ দৈনন্দিন কথা-বতৰাত প্ৰায়ে ব্যৱহৃত হয়। ইয়াক ইংৰাজী ভাষাৰ Proverb-অৰ লগত তুলনা কৰিব পাৰি। কিছুমান ফকৰা যোজনাক "ডাকৰ বচন" বুলি জনপ্ৰিয় নামেৰে জনা যায়। আক্ষৰিক অৰ্থত ই "প্ৰবাদ" বুজালেও অসমীয়া গঞাই এইবোৰ "ডাক পুৰুষ" বুলি এক কাল্পনিক ঐতিহাসিক চৰিত্ৰই কোৱা কথা বুলি কল্পনা কৰে। ডাকৰ বচনবোৰ সাধাৰণতে গ্ৰামীন জীৱনৰ বৈষয়ীক দিশত সাধাৰণ জ্ঞান বা উপদেশ দিয়ে। অসমীয়া ভাষাৰ ফকৰা যোজনাৰ ভাণ্ডাৰটো যথেষ্ট ডাঙৰ। সৰল অথচ বুদ্ধিদীপ্ত এই প্ৰবাদবোৰ সাধাৰণ অসমীয়া মানুহৰ জীৱনৰ প্ৰতি থকা গভীৰ আস্থা, দৃষ্টিভংগী আৰু বোধৰ গম্ভীৰ প্ৰকাশ। ইহঁত অসমীয়া জাতিৰ বিশ্বাস, জাতিসত্বা, সমাজ ব্যৱস্থা আৰু বুৰঞ্জীৰ উৎকৃষ্ট সমল। পুৰণি হলেও যথেষ্ট সংখ্যক ফকৰা যোজনাৰ প্ৰাসংগিকতা আজিও অটুত আছে। কথা কওঁতে বা লিখাৰ মাজত উপযুক্ত ফকৰা যোজনাৰ অলংকাৰ ব্যৱহাৰ কৰি লিখিব পাৰিলে বক্তাৰ ভাষাজ্ঞান উন্নত বুলি গণ্য কৰা হয়। ফকৰা যোজনাৰ সংগ্ৰহ অধিক মাছত বগলী কণা: বহুত বেছি বিকল্প থাকিলে তাৰ মাজৰ পৰা এটা বাচনি কৰা অসুবিধা হয়। বগলীয়ে মাছ খাই ভাল পায়। ই মাছ ধৰাৰ ক্ষেত্ৰতো অত্যন্ত পাৰ্গত। কিন্তু চৌদশে মাছৰ উভৈনদী হ'লে কোনটো ধৰোঁ কোনটো নধৰোঁ হৈ বগলীয়ে মাছ ধৰিব নোৱাৰা হয়। সেয়েহে অত্যাধিক বিকল্পৰ ক্ষেত্ৰত বাচ-বিচাৰ কৰি থাকোতে বাচনিত ভুল হোৱাৰ বা বাচনি কৰিব নোৱাৰা নহ'বলৈ এই যোজনাৰদ্বাৰা সঁকিয়াই দিয়া হৈছে। অভ্যাসৰ নৰ, কৰ্ণপথে কৰে শৰ: নিয়মিত অভ্যাস কৰিলে যিকোনো কামেই সহজে কৰিব পাৰি। কাণৰ কেৰু বা থুৰীয়া পিন্ধা ফুটাটো সৰু। ইয়াৰ মাজেৰে কাঁড় মৰাৰ অভ্যাস কৰিবলৈ কাঁড়ীজন অত্যন্ত পাৰ্গত নহলে লক্ষ্য হোৱা ব্যক্তিজনৰ প্ৰাণ যোৱাৰো আশংকা থাকে। কিন্তু অভ্যাস কৰিলে মানুহ ইয়াতো পাৰ্গত হয়। সেয়ে অভ্যাস কৰিলে টান কামো কৰিব পৰা যায় বুলি এই যোজনাৰদ্বাৰা অনুপ্ৰাণিত কৰা হৈছে। অধিক ভোজন পেটলৈ বেয়া: যিকোনো বস্তুৰে প্ৰয়োজনতকৈ বেছি হোৱাতো বেয়া। ভোজন বা খাদ্য মানুহৰ বাবে অত্যন্ত প্ৰয়োজনীয়। কিন্তু অত্যাধিক ভোজনৰ ফলত শৰীৰৰ অনিষ্ট হোৱাৰহে সম্ভাৱনা। তেনেদৰে যিকোনো কামৰ ক্ষেত্ৰতে এই কথা প্ৰযোজ্য। প্ৰয়োজনাধিক উপভোগ/ ব্যৱহাৰৰ ফলত উপকাৰী বস্তুৰ পৰাও অপকাৰ হব পাৰে। অতি ভক্তি চোৰৰ লক্ষণ অতিপাত শলাগণি ফুচুলনিৰ চিন, আপুনি আতৰি যাবা তাক কৰি ঘিণ: প্ৰয়োজনাধিক বা অহৈতুক তোষামোদৰ অন্তৰালত সাধাৰণতে ন্যস্তস্বাৰ্থ জড়িত থাকে। গতিকে এনে তোষামোদত ভোল গৈ কামত প্ৰবৃত্ত হ'লে ভালতকৈ বেয়া হোৱাৰহে সম্ভাৱনা অধিক। গতিকে ইয়াক চিনি পাই এনে উচতনিত ভোল যোৱাৰপৰা বিৰত থকাই ভাল। অভাবত স্বভাব নষ্ট: অতি প্ৰয়োজন পৰিলে সৎ‍ মানুহ এজনেও অসৎ‍ কাম কৰিব পাৰে। মানুহ সাধাৰণতে পৰিস্থিতিৰ দাস। গতিকে কোনো কাৰ্য্যৰ ভাল-বেয়া বিচাৰ কৰোঁতে কৰ্তাই কি পৰিস্থিতিত পৰি এনে কাৰ্য্য কৰিছে সেয়াও বিবেচনা কৰি চোৱা উচিত। অচিন কাঠৰ থোৰা নলগাবা: ঢেঁকীৰ থোৰাটো মজবুত হব লাগে, অন্যথা ভাগি গৈ অনিষ্ট কৰিব পাৰে। ঢেঁকীথোৰাৰ কামটো অত্যন্ত গুৰুত্বপূৰ্ণ - ইয়াক আগৰ দিনত চাউল খুন্দাৰপৰা আৰম্ভ কৰি বাৰুদ খুন্দালৈকে বিভিন্ন গুৰুত্বপূৰ্ণ কাৰ্য্যত ব্যৱহাৰ কৰা হৈছিল। সেয়ে উপযুক্ত পৰীক্ষা-নিৰীক্ষা নকৰাকৈ এনে কামৰ বাবে যিকোনো কাঠ বাচনি কৰিলে ভাগি গৈ কামত বাধা বা অথন্তৰ কৰিব পাৰে। তেনেদৰে গুৰুত্বপূৰ্ণ কামত অচিনাকী মানুহ বা উপাদান বা আহিলা ব্যৱহাৰ কৰা অনুচিত। অল্প বিদ্যা ভয়ঙ্কৰী: আধৰুৱা জ্ঞান যিকোনো ক্ষেত্ৰত বিপদজনক হ’ব পাৰে। অবুজনক বুজোৱা, ঢেৰুৱা ঠাৰী সিজোৱা: ঢেৰুৱা ঠাৰী যিমান সিজলেও নিসিজে, ঠিক তেনেদৰে যি বুজিব নোখোজে তাক যিমান বুজাব চেষ্টা কৰিলেও লাভ নাই। অবাবত তৰ্ক কৰা মুৰ্খৰ চিন: মুৰ্খইহে যেতিয়াই তেতিয়াই তৰ্ক কৰি থাকে, জ্ঞানী মানুহে পৰিস্থিতি চাইহে তৰ্ক কৰে। অকলশৰীয়া পহু, গায়ে মূৰে খহু: অকলশৰীয়া মানুহৰ বেমাৰ-আজাৰ হলেও চোৱা চিতা কৰা মনুহৰ অভাৱ। অথাই সাগৰত কাঠি-জাল বোৱা: অপ্ৰয়োজনীয় কাম কৰা। অনভ্যাসে হত বিদ্যা: বহুদিন অভ্যাস নকৰিলে জনা বিদ্যাও নজনা হৈ যায়। অহঙ্কাৰেই পতনৰ মুল (নীতি-বচন) আগফালে তেতেলি পিছফালে ঔ, সেই ঘৰ মানুহৰ উঠিবৰ হ’ল নে নৌ?: যি ঘৰৰ চাৰিওফালে ডাঙৰ ডাঙৰ গছে আগুৰি থাকে, সেই ঘৰত ৰাতিপুৱা সুৰ্য্যৰ পোহৰ ভালদৰে নপৰে, সেয়েহে সেই ঘৰৰ মানুহে ৰাতিপুৱা পলমকৈ উঠে। আইৰ সমান হব কোন, নৈৰ সমান বব কোন: মাকৰ সমান মৰম কোনেও কৰিব নোৱাৰে, যেনেকৈ নৈৰ সমান পানী কোনেও বব নোৱাৰে। আইয়ে চায় মুখলৈ, ঘৈণিয়ে চায় হাতলৈ: পুৰুষ এজন ঘৰলৈ আহিলে মাকে মুখলৈ চায়, তেঁও খোৱা লোৱা ভালদৰে কৰিছে নে নাই চাবলৈ; আনহাতে ঘৈনিয়েকে হাতলৈ চায় তেঁওলৈ কি আনিছে চাবলৈ। আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল: থকা সম্পদ এটা যদি ব্যৱহাৰ কৰা নহয়, তেনেহলে সেয়া নথকাই ভাল। আঠুৱা চাই ঠেং মেলিবা। অল্প আৰ্জন বিস্তৰ ভোজন, সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ: যিমান সামৰ্থ্য সিমানহে খৰছ কৰিব লাগে, নহলে বিপদত পৰিব লাগে। আদাক দেখি উঠিল গা, কেঁটুৰিয়ে বোলে মোকো খা: সামৰ্থ্য নাথাকিলেও আনক দেখি কোনো কাম কৰিবলৈ যোৱা। আদা আৰু কেঁটুৰি দেখিবলৈ একে, কিন্ত আদা হে খোৱাত ব্যৱহাৰ হয়, কেটুৰি কোনো কামত ব্যৱহাৰ নহয়। আনলৈ হুল পুতি নিজে মৰে ফুটি: আনৰ অনিষ্ট কৰাৰ চেষ্ঠা কৰিলে নিজৰে অনিষ্ট হয়। আপোন ভালেই জগত ভাল: যি নিজে ঠিক থাকে, তেওঁৰ বাবে বাকী সকলো ঠিকেই থাকে। আহক বাৰিষা কাটক পাত, ৰৈ যা ভিনিহি খাই যা ভাত: ভবিষ্যতত কোনো কাম হ’ব বুলি আশা কৰি বহি থাকি লাভ নাই। আছে হেংদাং, লোৱা নাই; ললে হেংদাং চাৰন নাই বা আছে বেক্ৰা দা, লোৱা নাই; ললে বেক্ৰা দা চাৰন নাই: যুজিবলৈ আগবাঢ়ি নাহিলে কাৰোবাক দূৰ্বলী বা ভয়াতুৰ বুলি ভাবিব নালাগে। খং উঠিলে সকলোৱেই ভয়ংকৰ হৈ উঠিব পাৰে। আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ: নিজৰ অনিষ্ট কৰি হলেও শত্ৰুৰ অনিষ্ট কৰা - অৰ্থত ব্যংগ কৰি এই যোজনা ব্যৱহাৰ কৰা হয়। সাধাৰণতে এগৰাকী সতিনীয়ে অন্য সতিনীক ভাল নাপায় আৰু শত্ৰুতা আচৰণ কৰে বুলি ভবা হয়। কেতিয়াবা এনে আচৰণ এনে পৰ্যায়লৈ যাব পাৰে (হাস্যাৰ্থত) যে এগৰাকীয়ে আনগৰাকীক ক'ৰবালৈ ওলাই যোৱাত বা কোনো কামৰ আৰম্ভনিত বাধা দিবলৈ নিজৰ নাকটো কাটি লৈ তেওঁৰ আগত দেখা দিব পাৰে - যাতে "বিকৃত দৃশ্য দেখিলোঁ" বুলি তেওঁৰ উৎসাহত যতি পৰে। কেতিয়াবা শত্ৰুতা এনে অবিবেচনাপূৰ্ণ পৰ্যায়লৈ গতি কৰে যে এজনে কেৱল শত্ৰুৰ অনিষ্ট কৰাৰ খাতিৰতে এনে আচৰণ কৰিবলৈ পাচ নোহোঁহকে। হিতাহিত জ্ঞানশুণ্য হৈ কৰা এনে আচৰণে ব্যক্তি বা সমাজৰ অনিষ্ট কৰে। সেয়ে এনে নকৰিবৰ কাৰণে এই যোজনাৰ জৰিয়তে ব্যংগ আৰোপ কৰি এনে অবিবেচক কাৰ্য্যৰপৰা মানুহক দুৰত ৰাখিবলৈ প্ৰয়াস কৰা হৈছে। আৰ চিগা চুলি, তাৰ চিগা চুলি, বান্ধি যাওঁ নেঘেৰী খোপা: লোকৰ বস্তু সংগ্ৰহ কৰি ব্যৱহৰ কৰা। আৰৈতকৈ উখুৱাৰ খচখচনি বেছি আলিবাটত চুৰিয়াৰ ফেৰ, ঘৰত ঢকুৱাৰ বেৰ: ঘৰত যিমান আছে বাহিৰত তাতকৈ বেছি দেখুওৱা। আগ তপা লনী, মাজ তপা ধনী, পিছ তপা শনি (ডাকৰ বচন): যি মানুহৰ মাজ মুৰতো তপা, তেও ধনী হব বুলি ভবা হয়। যি মানুহৰ পিছ মুৰতো তপা, তেওৰ দিন ভাল নহব বুলি ভবা হয়। আগফালে দুৱাৰ দাং, পাছফালে ধোবাং-বাং: আগফালৰ দুৱাৰ ভালদৰে মাৰি পিছফালৰ দুৱাৰ খোলা ৰখা। অৰ্থাৎ অনৰ্থক ভাৱে কোনো কাৰ্য্য কৰা ৷ আগৰ হাল যিফালে যায়, পাছৰ হালো সিফালে যায়: নেতৃবৃন্দ যিফালে যায় অনুসৰনকাৰী সকলো সেইফালে যায়। আনলৈ হুল পুতি নিজে মৰে ফুতি: আনৰ অনিষ্ট কৰিব গলে নিজৰহে ক্ষতি হয়। আপোন হাত জগন্নাথ, পৰত আশ, বনত বাস: নিজৰ কাম আনে কৰি দিব বুলি ৰৈ থকিলে বিপদত পৰিব লাগে, সেয়েহে নিজে কৰিব লাগে। আহু চাবা গধুলি, শালি চাবা পুৱা, জাকৈ বাওঁতে ছোৱালী চাবা কোন কেনেকুৱা (ডাকৰ বচন): আহু ধান গধুলি চাব লাগে, আনহাতে শালি ধান ৰাতিপুৱা চাব লাগে। ঠিক তেনেদৰে ছোৱালী চাবলৈ হলে জাকৈ বাই থকা অবস্থাত চাব লাগে। আদা বেপাৰীক জাহাজৰ খবৰ: অপ্ৰয়োজনীয় খবৰ বিচৰা। আৰ্জিলে নন্দ গোৱালে, খালে বোন্দা শিয়ালে: কোনোবাই কষ্ট কৰিলে, কিন্তু আন কোনোবাইহে ফল ভোগ কৰিলে আগ নুগুণি গুণে পাছ, লোভত মৰে বৰষিৰ মাছ: ভালদৰে চিন্তা-চৰ্চা নকৰি লোভত কিবা কাম কৰিলে বিপদত পৰিবলগীয়া হব পাৰে। ইয়াত মাৰিলো টিপা, গড়গাওঁ পালেগৈ শিপা: সাধাৰণতে উৰা-বাতৰি যি দ্ৰুত বেগে বিয়পে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। উল্লেখনীয় যে কেতিয়াবা ইয়াক সাঁথৰ হিচাবেও ব্যৱহাৰ কৰা হয়। উত্তৰটো হৈছে "ভুমিকম্প"। কোনটো আগতে সৃষ্টি কৰা জনা নগলেও ভুমিকম্প আৰু উৰাবাতৰিৰ বিস্তাৰৰ বেগৰ তুলনা কৰা হৈছে বুলি অনুমান কৰিব পৰা যায়। উত্তৰে গাজিলে জানিবা খৰ, দক্ষিণে গাজিলে মাৰিবা লৰ (ডাকৰ বচন): উত্তৰ ফালে মেঘে গাজিলে বৰষুণ নহয়, কিন্তু দক্ষিণ ফালে গাজিলে যথেষ্ট বৰষুণ হয়। উপকাৰীক অজগৰে খায়: অজগৰ সাপক উপকাৰ কৰিলেও সুবিধা পালে উপকাৰি জনক খায়, অৰ্থাৎ যাকে তাকে উপকাৰ কৰিব নালাগে। উপদেশতকৈ আৰ্হি ভাল: কিবা এটা কাম কৰাৰ উপদেশ দিয়াতকৈ নিজে কৰি দেখুওৱা ভাল। উৰহৰ খং ভঙা ঢাৰীত জৰা: সাধাৰণতে বিচনা লেতেৰা হ'লে তাত উৰহ নামৰ পোক বিধ হয় আৰু ৰাতি সি শুই থকা মানুহক কামোৰে৷ আনহাতে বিচনাৰ তলত থকা ভগা ঢাৰীতে সেই উৰহ থাকে বুলি জানি উৰহক বিচাৰি নাপাই ঢাৰীকে মৰিয়াই হাৰাশাস্তি কৰে৷ অৰ্থাৎ কাৰোবাৰ খং কাৰোবাৰ ওপৰত সৰা বিষয়ত ইয়াক ব্যৱহাৰ কৰা হয়৷ উমৈহতিয়া শ বাহী শ হয়: ৰাজহুৱা সম্পত্তি চোৱা চিতা কৰা মানুহৰ অভাৱ। উদঙিয়া গৰু, ঢাকণি নাইকিয়া চৰু: নিয়ন্ত্ৰনহীন। উদক ভেটা ৰখিয়া পতা: সাধাৰণতে সকলোৱে জানে যে উদে মাছ খায়৷ কিন্তু সেই উদকে যদি মাছ ধৰিবৰ কাৰণে মৰা ভেটা ৰাখিবলৈ দিয়া হয় তেন্তে তাৰ ফল উলোটাহে হ'ব৷ অৰ্থাৎ যি মানুহ যি বস্তুৰ প্ৰতি অধিক আসক্ত বা দূৰ্বলতা আছে তাক সেই বস্তুৰে ৰখিয়া পতা৷ উদৰ সম্মুখৰ শালপোণা: উদৰ সম্মুখত শাল মাছ বা পোনা মাছৰ কোনো বাচ বিচাৰ নোহোৱাৰ দৰে চিকাৰিৰ সন্মুখত কোনো চিকাৰৰ বাচ বিচাৰ নহয়৷ উদৰ সাতপুৰুষ গ'ল কেঁচা মাছ খাওতেই: উদ মাছ খোৱা জীৱ, সি সাধাৰণতে মাছ কেচাই খায় আৰু তেনেদৰেই চলি আছে৷ অৰ্থাৎ আগৰ প্ৰচলিত ৰীতি সহজতে এৰিব নোৱাৰা। উলুৰ লগত বগৰী পোৰা যোৱা: সাধাৰণতে উলুৱনিত বগৰি গছ থাকে, কিন্তু উলুৱনিত জুই দিয়াৰ সময়ত সেই বগৰি গছো পোৰা যায়৷ অৰ্থাৎ অসৎ মানুহৰ সঙ্গত ভাল মানুহ থাকিলেও তেওঁৰো বিপদ হ'ব পাৰে৷ এদেও, দুদেও, লোটা নিয়াৰ চেওঁ: সুবিধা পালে চুৰি কৰা। এন্দুৰক সেন্দুৰ পিন্ধোৱা: কুৰূপ ব্যক্তিক কৃত্ৰিম উপায়েৰে অধিক সুন্দৰ কৰিবলৈ যত্ন কৰা৷ এনেয়ে উৰ্বশী দুৱাৰে বাট দিয়া: সুযোগ বিচাৰি ফুৰা মানুহক অধিক দুষ্টালি কৰিবলৈ চল দিয়া৷ এবাৰ সাপে খালে কেঁচুলৈকো ভয়: এবাৰ বিপদত পৰিলে পিছ্ত বেছি সাৱধান হোৱা। একে গছৰ পাণ, সি নো হব কি আন: একে বংশৰ মানুহৰ স্বভাৱ-চৰিত্ৰ একে হয়। এশ গৰু মাৰিলে বাঘৰো মৰণ: বনৰ বাঘ মাজে মাজে গাওত আহি পোহনীয়া গৰু মহ আদি মাৰি খায়, কিন্তু কোনো এটা বাঘে যদি নিয়মিয়াকৈ আহি পোহনীয়া জন্তু আক্ৰমন কৰে তেনেহলে গাওৰ ৰাইজে মিলি বাঘটো মাৰি পেলায়। অৰ্থাৎ বহু বেছি বেয়া কাম কৰিলে শেষত নিজে বিপদত পৰিব লাগে। এশ এজুপি ৰুবা কল মাহেকে পষেকে চিকুনাবা তল পাত-পচলা লাভত খাবা লংকাৰ বাণিজ্য ঘৰত পাবা (ডাকৰ বচন) এখন হাতেৰে চাপৰি নাবাজে: কাজিয়া লাগিবলৈ কমেও দুটা পক্ষ্য লাগে। যেনেদৰে এখন হাতেৰে চাপৰি বজাব নোৱাৰি তেনেদৰে এটা পক্ষ্যই অকলে কাজিয়া কৰিব নোৱাৰে। এগুন চাউল দুগুন পানী, জল দিবা টানি টানি (ডাকৰ বচন): ভাত বনাওতে যিমান চাউল দিয়া হয়, তাৰ দুগুন পানী দিব লাগে। এঘৰৰ পাটনাদ, এঘৰৰ জৰী, এঘৰে পানী তুলে হুৰূস হুৰূস কৰি: লোকৰ বস্তুৰে নিজৰ কাম কৰা। এদিন বামুনৰ, এদিন বহুৱাৰ: সকলোৰে এদিন নহয় এদিন ভাল দিন আহে। এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া: বুঢ়ী এগৰাকীয়ে যদি নাচি ভাল পায়, তেনেহলে নাতিনিয়েকৰ বিয়া হলেতো কথাই নাই, মন প্ৰাণ ঢালি নাচিব।। অৰ্থাৎ যি কাম কৰিব ভাল পায়, সেই কামকে কৰিব সুবিধা পোৱা। এনেই মৰিচো ঋষিৰ শাপত, তাতে দিছে ধানৰ ভাপত: বিপদত পৰি থকোতে অন্য এটা বিপদ হোৱা। এৰি দিয়া শৰ ঘুৰাই আনিব নোৱাৰি: কোৱা কথা ঘুৰাই আনিব নোৱাৰি। এৰিলে মন ঘোৰাৰ ছুটি, বান্ধিলে মন শিলৰ খুটি: নিজৰ মনক নিজে নিয়ন্ত্ৰন কৰিব পাৰি। মনটো এৰি দিলে ঘোৰাৰ দৰে দৌৰি ফুৰিব, আনহাতে বান্ধি ৰাখিলে শিলৰ খুটিৰ দৰে স্থিৰ হৈ থাকিব। এহাত এমুঠন দিবা পোত, তেতিয়াহে চাবা কলৰ গোট (ডাকৰ বচন): কলপুলি ৰুলে মাতিৰ এহাত এমুঠি তলত ৰুব লাগে। এবাৰ হাগি দহ বাৰ উলটি চোৱা: খুব বেছি কৃপণ, ইমানেই কৃপণ যে শৌচ কৰি উঠি বাৰে বাৰে উলটি চায় বেছিকৈ শৌচ কৰিলে নেকি। ব্যঙ্গত্মক ভাবত ব্যৱহাৰ হয়। এলেকৰ পেলেক কুকুৰা চৰাইৰ ভাগিনীয়েক: ইমান বেছি দুৰ সম্পৰ্কৰ মানুহ যে সম্পৰ্কীয় বুলি কব নোৱাৰি। ওচৰৰ আলহী নকৰে কাণ, নৰিয়াত পৰিলে আহে কাম: ওচৰ-চুবুৰিয়াক কেতিয়াও অৱজ্ঞা কৰিব নালাগে, কাৰণ বিপদত ওচৰ-চুবুৰিয়াই সহায় কৰে। ওস্তাদৰ খেল শেষ ৰাতি: পাৰ্গত লোকে প্ৰথমতে হাৰিলেও শেষত জিকিবই। ওপৰলৈ পানী চতিয়ালে নিজৰ গাতে পৰে: নভবা নিচিন্তাকৈ কাম কৰিলে নিজলৈকে বিপদ আহে। ওঁঠ চেপিলে গাখীৰ ওলোৱা: সৰু হৈ ডাঙৰৰ দৰে কথা কলে অপমান সুচক ভাবত ব্যৱহাৰ কৰা হয়৷ ওলায়েই দেখিবা যাক, শতৰু নুবুলিবা তাক: ওচৰ-চুবুৰিয়াৰ লগত শত্ৰুতা কৰিব নালাগে।

 

(তথ্য সংগ্ৰহ:- ইণ্টাৰনেট, অসমীয়া ৱিকিপিডিয়া)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate