অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাইচাইকেলৰ জন্ম কাহিনী

বাইচাইকেলৰ জন্ম কাহিনী

আধুনিক যুগৰ বাইচাইকেল পাবলৈ বহুতে বহুবছৰ বিভিন্ন সময়ত কষ্ট কৰিবলগীয়া হৈছিল।১৭৯১ খ্ৰীষ্টাব্দত ফ্ৰান্সৰ কমে (Comte mede de Sivrac)নামৰ লোক এজনে বহিব পৰা আসনখন ওখত স্থাপন কৰি এখন বাই চাইকেল বনাইছিল।বাই চাইকেলখনৰ পেডেল নাছিল।মাটিত ভৰি থৈ ঠেলি ঠেলিহে আগবাঢ়ি যাব লাগিছিল।১৮১৭ খ্ৰীষ্টাব্দ মানত জাৰ্মানীৰ বৰণ (Baron karl von drais de Soverbrun)নামৰ মানুহ এজনে এনে বাইচাইকেলত ঘুৰাব পৰা হেণ্ডেল লগালে আৰু সমজোখৰ দুটা চকা লগাই ৰয়েল গাৰ্ডেনত ঘুৰি ফুৰিব পৰাৰ ব্যৱস্থা কৰিলে।প্ৰথম চকাটো ঘুৰাব পাৰি,কিন্তু আগুৱাই যাবলৈ ভৰিৰে মাটিত ঠেলিহে যাব লাগে।এই বাই চাইকেল খন সম্পুৰ্ণ কাঠেৰে সজোৱা হৈছিল।এই বাইচাইকেলখন হ’বী হৰ্ছ বুলি জনাজাত হ’ল।কিন্তু সমাজত জনপ্ৰিয় নহ’ল। ১৮৩৯ খ্ৰীষ্টাব্দত স্কটলেণ্ডৰ কিৰপ্ৰেট্ৰিক মেকমিলান নামৰ এগৰাকী কমাৰে বাই চাইকেল তৈয়াৰ কৰি পেডেল লগাই দিলে যাতে পাহাৰৰ ওপৰলৈ উঠি যাব পাৰি।এনে আৰ্হিৰ বাইচাইকেলখন মানুহৰ মাজত জনপ্ৰিয় হৈ উথিল।এই বাইচাইকেলখন ‘বেগী ভৰি’হিচাপে জনাজত হৈ পৰিল।বাইচাইকেলখন সম্পুৰ্ণ কাঠেৰে নিৰ্মিত আৰু টায়াৰ বনোৱা হ’ল ধাতুৰে ।বাইচাইকেলখন চলাওঁতে ওখোৰা-মোখোৰা পথত দেহৰ হাড় জিকাৰ খাই উঠে।সেই কাৰণে বাইচাইকেলখনক ‘হাড় কঁপোৱা’যন্ত্ৰ বুলিহে মানুহে ক’বলৈ ধৰিলে। ১৮৬৫ খ্ৰীষ্টাব্দত দুটা চকাৰ বাইচাইকেল এখন ওলাল আৰু সন্মুখৰ চকাটোত পেডেলৰ ব্যৱস্থা কৰা হ’ল।১৮৭০ খ্ৰীষ্টাব্দত ধাতুৰ যন্ত্ৰ ওলোৱাত বাইচাইকেলৰ সন্মুখৰ বৃহৎ চকাটোত দীঘলীয়া স্পক আৰু কঠিন টায়াৰ তৈয়াৰসংলগ্ন কৰিলে যাতে বাইচাইকেল আৰোহীয়ে আৰমেৰে চলাব পাৰে।লাহে লাহে কাৰখানাত সন্মুখৰ চকা বনোৱা কাম আৰম্ভ হ’ল।সকলোৱেই বুজি পালে ৱযে যিমানেই চকাটো ডাঙৰ হয়,সিমানেই বেছি পেডেল মাৰিলে বাইচাইকেলখন আগুৱাই যায়। ১৮৮০ খ্ৰীষ্টাব্দত জেমছ ষ্টাৰলি নামৰ ইংৰাজ এজনে এখন বাইচাইকেল সাজি উলিয়ালে,য’ত একে আকৃতিৰ দুটা চকা আৰু চেইনৰ ব্যৱস্থা কৰিলে।সেয়েহে এনে বাই চাইকেলখন ‘নিৰাপদ বইচাইকেল’বুলি জনপ্ৰিয় হৈ উঠিল।কিছু বছৰ পিছত কাৰখানাত উন্নত ধৰণৰ বাইচাইকেল নিৰ্মাণ হ’বলৈ ধৰিলে,য’ত লোহাৰ চকাৰ ফ্ৰেম,লোহাৰ চেইন আৰু বহা আসনখন এটা নিৰ্দিষ্ট উচ্চতাত স্থাপন কৰিলে।তদুপৰি বাইচাইকেলৰ পিছফালেও আন এখন আসনৰ ব্যৱস্থা কৰা হ’ল।যাতে আৰোহীৰ স’তে আন এজনো বহি যাব পাৰে।লগে লগে বাইচাইকেলখনত পোহৰআৰু ঘণ্টাৰ ব্যৱস্থাও কৰা হ’ল।অৱশ্যে বাই চাইকেলখনত আইৰিছ পশু চিকিৎসক ডাললোপেই প্ৰথম টায়াৰ লগাই নিজৰ ল’ৰাকেই চলাবলৈ দিছিল। এইদৰে বাইচইকেল আৱিষ্কৃত হৈহৈ আজিৰ যুগৰ বিভিন্ন মডেলৰ বাইচাইকেল কাৰখানাত তৈয়াৰ হ’বলৈ ধৰিলে।

লেখক:ড০ পবিত্ৰ কুমাৰ পাটোৱাৰী (আমাৰ অসম )

শেহতীয়া উন্নীতকৰণ: : 2/26/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate