অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মকৰা

মকৰাৰ বিশযে লিখা হৈছে

 

পৃথিৱীক সুন্দৰ কৰি ৰখা ভালেমান প্ৰাণী ইতিমধ্যে বিলুপ্ত হৈছে আৰু আন বহু প্ৰাণীয়ে বিলুপ্তিৰ পথ ধৰিছে।বিলুপ্তিৰ পথত ভৰি দিয়া এবিধ প্ৰাণী হ’ল আমাৰ বাৰীয়ে –ঘৰে,গছে-বনে সুতাৰ জাল তৰি চিকাৰৰ সন্ধানত ৰৈ থকা মকৰা।

সমগ্ৰ বিশ্বত মকৰাৰ প্ৰজাতিৰ সংখ্যা প্ৰায় ৪০,০০০।ইয়াৰে ১,৬০০ টামান প্ৰজাতি ভাৰতত পোৱাৰ তথ্য আছে।সৰুৱেই হওক বা ডাঙৰেই হওক,মকৰাৰ দুটা বিশেষত্ব হ’ল ভাজযুক্ত আঠোখনকৈ ঠেং।ভৰি বা পদ বা ঠেঙত সন্ধি বা ভাঁজ থাকে বাবে ইহঁত সন্ধিপদী আৰু আঠখন ঠেং বা পদ বা ভৰি থকা বাবে ইহঁত অষ্টপদী প্ৰাণী।

মকৰাৰ স্পৰ্শ অনুভুতি অতি প্ৰবল আৰু সেই কাৰণে সিহঁতে বিপদ-আপদৰ উমান তৎক্ষণাত পায় আৰু লগে লগে পলোৱাৰ চেষ্টা কৰে।বহু নিযুত বছৰৰ আগেয়েই পৃথিৱীত মকৰাৰ সৃষ্টি হৈছিল আৰু আজিও বহু প্ৰজাতিৰ মকৰা এই পৃথিৱীত জীয়াই আছে।কিছুমান মকৰাই গছ-গছনিক আশ্ৰয় কৰি বসবাস কৰে,আন কিছুমানে ঘৰৰ আশে-পাশে বা ঘৰৰ ভিতৰত জাল সাজি,আন কিছুমানে জাল নসজাকৈয়ো বসবাস কৰে।পানীক আশ্ৰয় কৰি থকা পানীৰ ওপৰেৰে বগাই যাব পৰা মকৰাও আছে।এনে মকৰাই সাধাৰণতে পানীৰ ওচৰে পাজৰে থকা গছ-বনত বা পানীত গজা গছ-বনত বসবাস কৰি পানীত বগাই ফুৰা পোক-পতংগ ভক্ষণ কৰে।সকলো মকৰাই পতংগভোজী।একোজনী মাইকী মকৰাই এবাৰত বহুত পোৱালি জন্ম দিয়ে যদিও বিভিন্ন কাৰণত বহু পোৱালি মৰি গৈ কম সংখ্যক পোৱালিহে বাচি থাকেগৈ।ঘৰৰ ভিতৰত জাল গুঠা মকৰাৰ বহুত পোৱালি জেঠী আৰু অন্যান্য বিভিন্ন প্ৰাণীয়ে খায়,আনহাতে,গছ-গছনিত জাল গুঠি বসবাস কৰা মকৰাৰ পোৱালিবোৰ বিভিন্ন প্ৰজাতিৰ চৰায়ে খায়।অসমত সচৰাচৰ দেখা পোৱা মকৰা কেইবিধমানৰ বিষয়ে কোৱা হ’ল।

বাঘ মকৰা:অসমত পোৱা মকৰাবোৰৰ ভিতৰত বাঘ মকৰাই সৰ্ববৃহৎ।ইহঁত দীঘলে প্ৰায় তিনি –চাৰেতিনি ইঞ্চি পৰ্যন্ত হ’ব পাৰে।শৰীৰটো অনুপাতে ইহঁতৰ ঠেং কেইখনো বৰ দীঘল।ইহঁতৰ ৰ্ং ডাঠ ক’লা আৰু গাটোত সাধাৰণতে হালধীয়া ৰঙৰ কিছুমান দীঘল আঁচ থাকে।এইবিধ মকৰাৰ জালৰ আকাৰ বহু ডাঙৰ হোৱাৰ লগতে জালৰ সুতাবোৰো ডাঙৰ।আমাৰ অসমত পোৱা মকৰাবোৰৰ ভিতৰত বাঘ মকৰাৰ জালখনেই আটাইতকৈ মজবুত।ইহঁতৰ জালখন ইমানেই মজবুত আৰু আঠাযুক্ত যে পোক-পতংগৰ কথা বাদেই কেতিয়াবা অতি সৰু চৰাই বা বাদুলিও লাগি ধৰে।

চাহী মকৰা:এই মকৰাবিধৰ আকাৰ অতি সৰু।চাহী মকৰাই গছৰ পাতৰ তল পিঠিত বাহ সাজি বসবাস কৰে।ইহঁতে গছত বাস কৰা সৰু সৰু পোক-পতংগ খায় জীয়াই থাকে।

পানী-মকৰা:এইবিধ মকৰাই সাধাৰণতে পানীৰ আশে-পাশে বা পানীত গজা গছ-গছনিত বসবাস কৰে।পানীৰ ওপৰত অনায়াসে অতি বেগেৰে বগাই বা জঁপিয়াই জঁপিয়াই যাব পাৰে।পানীৰ ওপৰত বগাই ফুৰা বা পানীত গজা গছ বনত বসবাস কৰা পোক-পত্ংগ ভক্ষণ কৰি জীয়াই থাকে।

মকৰাৰ জাল

 

মানুহে মাছ ধৰাৰ কাৰণে জাল তৈয়াৰ কৰি পানীত পতাৰ দৰে মকৰায়ো চিকাৰ ধৰাৰ কাৰণে জাল গোঠে বা সাজে।জালত কণী পাৰি পোৱালি তোলা আজিলৈকে আমাৰ দৃষ্টিগোচৰ হোৱা নাই।জাল তৈয়াৰ কৰিবলৈ বিভিন্ন প্ৰজাতিৰ মকৰাই বিভিন্ন কৌশল প্ৰয়োগ কৰে।কিছুমান মকৰাই মলদ্বাৰৰ ফালৰপৰা সুতা এডাল উলিয়াই গছ-গছনি,বেৰ-ছালৰ যিকোনো স্থানত লগই লৈ তাৰ পৰা সেই সুতাডালেৰেই বগাই গৈ সুতাডালৰ মধ্য ভাগৰ লগত সংযোগ কৰি তাতেই ওলমি তললৈ নামি আহি আকৌ কোনো স্থানত সংযোগ কৰি আগৰ দৰে বগাই গৈ সুতাডালৰ মধ্য অংশত সংযোগ কৰি পুনৰ তললৈ নামি আহি অন্য কোনো স্থানত সংযোগ কৰে।এনেদৰে বিভিন্ন স্থানত একাধিক সুতা সংযোগ কৰে।আন কিছুমান মকৰাই সুতাডাল ওপৰৰ কোনো স্থানত সংযোগ  কৰি সেই সুতাডালতে ওলমি তলৰ দিশলৈ আহি তলৰ কোনো স্থানত সংযোগ কৰি লয়।এইবোৰ হ’ল মকৰাজালৰ দীঘৰ সুতা।ইয়াৰ পিছত দীঘৰ সুতাবোৰেৰে বগাই বগাই প্ৰতিডাল দীঘৰ সুতাৰ লগত বাণি সুতাবোৰ একো একোটা বৃত্ত বা গোলাকাৰ ক্ষেত্ৰত সংযোগ কৰি জালখনৰ আকাৰ ডাঙৰ কৰি গৈ থাকে।জালৰ মধ্য অংশৰ বৃত্তবোৰ ঘন আৰু ক্ৰ্মান্বয়ে দুৰলৈ পাতলকৈ সংযোগ কৰে।এনেদৰে এখন পুৰ্ণাংগ ঘুৰণীয়া জাল তৈয়াৰ কৰে।কিছুমান মকৰাই জালখনৰ মাজৰ অংশত বগা ৰঙাৰ পুৰণ চিনৰ দৰে কিবা দাগ কৰি লয় আৰু সেই স্থানতে মকৰাটো থাকে।জাল গোঠাৰ সময়ত সুতা সংযোগ কৰোঁতে ঠেংকেইখনো বিশেষভাৱে কামত লগায়।

মকৰাৰ জালবোৰত জ্যামিতিৰ দৰে বিভিন্ন নক্সা যেনে-ত্ৰিভুজ,বৰ্গ,আয়ত,চতুৰ্ভুজ,পঞ্চভুজ আদি দেখিবলৈ পোৱা যায়।মকৰা জালৰ সুতাবোৰ বৰ মিহি।কিছুমান সুতা ইমানেই মিহি যে চকুৰে মনিবই নোৱাৰি।সুতাবোৰ অকল মিহিয়েই নহয় বৰ পাতলো।এক অধ্যয়নত পোৱা মতে,মকৰাই সৃষ্টি কৰা সুতা এডালেৰে যদি গোটেই পৃথিৱীখনৰ চাৰিওফালে এপাক মেৰিয়াই দিয়া হয় আৰু সেই মেৰিয়াই দিয়া সুতাখিনি গোটাই ওজন কৰা হয়,তেনেহ’লে সেই সুতাখিনিৰ ওজন মাত্ৰ ছয় আউন্সমানহে হ’ব।

মকৰাৰ বিশেষত্ব

 

আমি দেখা বা জনা অন্যান্য সন্ধিপদ প্ৰাণীবোৰে সাধাৰণতে কণী পাৰে আৰু সেই কণী ফুটি পোৱালি জাগে।মকৰা এই ক্ষেত্ৰত কিছু ব্যতিক্ৰম ।মতা আৰু মাইকী মকৰাৰ মাজত প্ৰজনন ঘটাৰ পিছত মাইকীজনীৰ যেতিয়া কণী পৰাৰ সময় হয়,তেতিয়া দেহৰ পৰা চেপেটা গোলাকাৰ বগা ৰঙৰ মোনাৰদৰে এটা বস্তু সৃষ্টি কৰি লয় আৰু সেই মোনাটোৰ ভিতৰতে কণীবোৰ আবদ্ধ কৰি ৰাখে।কিছুদিনৰ পিছত কণী পুৰঠ হৈ মোনাটোৰ ভিতৰতে পোৱালি জগে আৰু কেইদিনমান মোনাৰ ভিতৰতে থাকি পোৱালিবোৰ অলপ ডাঙৰ-দীঘল হয়।এনেদৰে মোনাৰ ভিতৰতে পোৱালিবোৰ ডাঙৰ-দীঘল হৈ ঘুৰা-পকা কৰিব পৰা হৈছে বুলি যেতিয়া মাকে অনুমান কৰিব পাৰে,তেতিয়া মোনাটোৰ নিৰ্দিষ্ট দিশত মাকে এৰুৱাই দিয়ে আৰু পোৱালিবোৰ ইফালে-সিফালে বগায় যায়।কিছুমান মকৰাই পোৱালি নজগালৈকে কণী ভৰ্তি মোনাটো লগতে লৈ ঘুৰি ফুৰে।আন কিছুমান মকৰাই মোনাটো নিৰাপদ ঠাইত লুকুৱাই ৰাখে আৰু তাতে মোনাৰ ভিতৰতে পোৱালিবোৰ অলপ ডাঙৰ হ’লে মোনাটো নিজে নিজে খোল খায় আৰু পোৱালিবোৰ যেনি-তেনি বগাই যায়।পোৱালি জগাৰ পিছত মাক বাপেকে পোৱালিৰ কোনো দায়িত্ব বহন নকৰে।নিজৰ দায়িত্ব নিজে বহন কৰি ডাঙৰ-দীঘল হৈ আগৰ দৰে একো একোটা পুৰ্ণাংগ মকৰাত পৰিণত হৈ জাল গোঠা,চিকাৰ ধৰা আদি কাৰ্যত ব্যস্ত হৈ পৰে।

মকৰাৰ অন্য এটা বৈচিত্ৰ্যপুৰ্ণ দিশ হ’ল মতা মকৰাৰ অকাল মৃত্যু।এদল জাৰ্মানীৰ বিজ্ঞানীৰ গৱেষণাৰ তথ্য মতে,কেইজনীমান মাইকী মকৰা লগ হৈ পুৰঠ মতা মকৰা একোটাক হত্যা কৰে আৰু মকৰাটোৰ খাদ্য উপযোগী অংশখিনি ভক্ষণ কৰে।মতা মকৰা খাই পেলোৱাৰ কাৰণো বিজ্ঞানীসকলে উদঘাটন কৰিলে।সেই মতে,বৰ্ণসংকৰ ৰোধ কৰিবলৈকে এবাৰ প্ৰজননত ভাগ লোৱাৰ পিছত মতা মকৰা একোটাক কেইবাজনী মাইকী মকৰা লগ হৈ হত্যা কৰে।এই কাৰণতে আমাৰ ঘৰৰ চেপত বা অন্য স্থানত কেতিয়াবা তেনেধৰণৰ শুকান মকৰাৰ কেৱল ঠেংকেইখন আৰু শুকান জকা একোটা আমি দেখিবলৈ পাওঁ।

উৎস:দৈনিক অসম।

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top