অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্মাৰ্টফোনত ক্ষুদ্ৰ আহিলাই দিব গাড়ীৰ সন্ধান

স্মাৰ্টফোনত ক্ষুদ্ৰ আহিলাই দিব গাড়ীৰ সন্ধান

আমেৰিকা যুক্তৰাজ্যৰ কেলিফ’ৰ্ণিয়াস্থিত এটা কোম্পানীয়ে এনে এটা ক্ষুদ্ৰ আহিলা তৈয়াৰ কৰি উলিয়াইছে যাক স্মাৰ্টফোনত ব্যৱহাৰ কৰি আপোনাৰ গাড়ীখনৰ অৱস্থান উলিয়াব পাৰিব| এই আহিলাটোৰ নাম ৰখা হৈছে ট্ৰেক-আৰ| এই ক্ষুদ্ৰ অত্যাধুনিক আহিলাটোৱে আপোনাৰ গাড়ীখনক চোৰৰ হাতৰ পৰা ৰক্ষা কৰাত বিশেষভাৱে সহায় কৰিব| এই আহিলাটোৱে বাৰু স্মাৰ্টফোনত কিদৰে কাম কৰে? প্ৰথমতে আপুনি ট্ৰেক-আৰ এপছ্‌টো আপোনাৰ স্মাৰ্টফোনত ইনষ্টল কৰি ল’ব লাগিব| এইটো সম্পূৰ্ণ বিনামূলীয়া এপ্‌ছ| যাক ইণ্টাৰনেটৰ পৰা সহজে ডাউনলোড কৰিব পাৰি| এই এপছ্‌টো আপোনাৰ ট্ৰেক-আৰ আহিলাটোৰ সৈতে সংযোগ কৰাৰ লগে লগে কাৰ্যক্ষম হৈ পৰিব| ট্ৰেক-আৰ আহিলাটো আপুনি আপোনাৰ গাড়ীৰ চাবি, ব্ৰীফকেছ, ধন ৰখা বেগ আদি যিকোনো বস্তুৰ সৈতে ৰাখি থ’ব পাৰে| তদুপৰি ইয়াক আপোনাৰ গাড়ীৰ ফ্লৰ মেট, ডিকী বা আন যিকোনো স্থানত চোৰে দেখা নোপোৱাকৈ ৰাখিব পাৰে| আপোনাৰ গাড়ীখন দূৰ্ভাগ্যবশত: চোৰে যদি চোৰ কৰি পলায়ন কৰিছে, তেন্তে আপোনাৰ ম’বাইলত থকা ট্ৰেক-আৰ এপছ্‌টোলৈ গৈ থকা গাড়ীখন চোৰে ক’লৈ লৈ গৈছে বা কোন পথেৰে গৈ আছে তাৰ সন্ধানত নিমিষতে উলিয়াব পাৰিব| বৰ্তমান গাড়ীখনৰ অৱস্থান জানিবলৈ জি পি এছ ছিষ্টেমৰ দৰে সুবিধা আছে যদিও সেইবোৰ ব্যয়বহুল| জি পি এছ ছিষ্টেম বা ট্ৰেকিং ছাৰ্ভিচৰ বাবদ ৫-১৫ হেজাৰ টকা পৰ্যন্ত খৰচ কৰিব লগা হয়| কিন্তু ইয়াৰ বিপৰীতে ট্ৰেক-আৰৰ মূল্য হ’ল ২৯ ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যত দুই হেজাৰ টকাতকৈয়ো কম| এই সুবিধা গ্ৰহণ কৰিবলৈ কোনো মাহেকীয়া মাচুল ভৰি থকাৰো প্ৰয়োজন নাই| গাড়ীৰ উপৰি আপোনাৰ বহুমুলীয়া লেপটপ বা মটৰ চাইকেলখনতো ট্ৰেক-আৰ স্থাপন কৰি সুৰক্ষিত ৰাখিব পাৰে| অকল সেয়াই নহয়, আপোনাৰ অতি মৰমৰ পোহনীয়া জন্তুকো নজৰত ৰাখিব পাৰিব| আপোনাৰ উন্নত জাতৰ পোহনীয়া কুকুৰটোৰ ক’লাৰত আহিলাটো স্থাপন কৰিব পাৰে| আপোনাৰ গাড়ী, মটৰ চাইকেল, লেপটপ আদিৰ দৰে মূল্যৱান সামগ্ৰীৰ উপৰি পোহনীয়া কুকুৰটোও কেনেবাকৈ যদি চোৰৰ কবলত পৰে, তেন্তে আপুনি ট্ৰেক-আৰৰ সহায়ত তাৰ প্ৰকৃত অৱস্থান নিৰ্ণয় কৰি আৰক্ষীৰ সহযোগত সহজে উলিয়াব পৰাৰ লগতে চোৰক ধৰা পেলাই শাস্তি বিহাৰ ক্ষেত্ৰতো সহায় কৰিব পাৰিব|

লেখক:- অমৰজ্যোতি ভুঞা

উৎস:-দৈনিক অসম

শেহতীয়া উন্নীতকৰণ: : 3/10/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate