অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৌৰজগতৰ কিছু বিচিত্ৰ তথ্য

সৌৰজগতৰ কিছু বিচিত্ৰ তথ্য

আপুনি জানেনে সূৰ্যৰ পৰা যি পোহৰ আমাৰ পৃথিৱীত আজি পৰিছেহি সেই পোহৰ আজিৰ পৰা প্ৰায় ৪০ হাজাৰ বছৰ আগতে সূৰ্যৰ কেন্দ্ৰত সৃষ্টি৷ ইয়াৰ কাৰণ হ’ল সূৰ্যৰ অত্যাধিক ঘনত্ব আৰু সূৰ্যত অবিৰত ভাবে ঘটি থকা নিউক্লিয় সংযোজন বিক্ৰীয়া৷ সূৰ্যৰ কেন্দ্ৰত এবাৰ ফ’ট’ন কণাৰ উৎপন্ন হ’লে তাক পুনৰ হাইড্ৰ’জেন পৰমাণুৱে শোষণ কৰি লয় আক’ ফ’ট’ন কণাৰ উৎপত্তি হয় যদিও পুনৰ একে ধৰণে শোষণ কৰি পেলায় এই কাৰ্য পৌনপৌনিক ভাবে ঘটি থাকে এই কাৰ্যৰ মাজেৰে সূৰ্যৰ কেন্দ্ৰত সৃষ্টি হোৱা এটা ফ’ট’ন অণুক একা বেকা পথেৰে ৭ লাখ কিঃমিঃ পথ অতিক্ৰমী সূৰ্যৰ পৃষ্ঠ পাবলৈ সময় লাগে প্ৰায় ৪০ হাজাৰ বছৰ আনহাতে এই ফ’ট’ন অণুক ১৫ কোটি কিঃমিঃ অতিক্ৰমী পৃথিৱী পাবলৈ সময় লাগে মাথো ৮ মিনিট ১৮ চিকেণ্ড৷

The sun rises in the east এই কথাষাৰ সৌৰজগতৰ সকলো স্থানতে প্ৰজোয্য নহয়৷ যি বোৰ গ্ৰহৰ মেৰুদণ্ডৰ কোণ ৯০ডিগ্ৰীতকৈ বেছি সেই গ্ৰহ সমুহৰ ক্ষেত্ৰত এই বাক্য প্ৰজোয্য নহয়৷ শুক্ৰ আৰু ইউৰেনাচ এনে গ্ৰহ৷
নিকট ভবিষ্যতত পৃথিৱী বাসীয়ে আকাশত দুটা সূৰ্য দেখিবলৈ পাব৷ অৱশ্যে এইয়া বৰ বেছি দিনৰ বাবে নহয়৷ এনে হোৱাৰ কাৰণ আমাৰ পৰা বহু আলোকবৰ্ষ দূৰত সূৰ্যতকৈ বহুগুণে ডাঙৰ নক্ষত্ৰৰ ইন্ধন শেষ হৈ চুপাৰন’ভাৰ বিষ্ফোৰণ৷

পৃথিৱীৰ দৰেই ভূমিকম্প বুধ শুক্ৰ মংগল চন্দ্ৰ আৰু বৃহস্পতিৰ উপগ্ৰহ আইও তো হয়৷ অৱশ্যে এই ঘটনাক ভূমিকম্প নকয় কম্পন বুলিহে কোৱা হয়৷ সৌৰজগতৰ আইও এ আটাইতকৈ কম্পনশীল তাৰ পাচতে স্থান আমাৰ পৃথিৱীৰ৷

আপুনি জানেনে আমাৰ পৃথিৱীৰ মেৰুৰ স্থানৰ পৰিবৰ্তন হয়৷ এতিয়ালৈ ৭৪ বাৰ এই স্থানৰ পৰিবৰ্তন হৈছে আজিৰ উত্তৰ মেৰু এদিন দক্ষিণ মেৰু আৰু দক্ষিণ মেৰু এদিন উত্তৰ মেৰু হ’ব৷ এই পৰিবৰ্তন হয় পৃথিৱীৰ অন্তভাগট থকা গলিত লৌহৰ পদাৰ্থৰ গতিৰ বাবে৷ বৰ্তমান সময়ত পৃথিৱীয়ে ১৬ কিঃ মিঃ কৈ বছৰি মেৰুৰ স্থান সলনি কৰি আছে আৰু ই ক্ৰমাৎ আৰু তীব্ৰ হোৱাৰ সম্ভাৱনা আছে৷

লেখক: পংকজ বৰুৱা(অসমীয়া কথা-বতৰা)

শেহতীয়া উন্নীতকৰণ: : 2/8/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate