অসমৰ ভিন প্ৰান্তত অৱস্থিত আই টি আই প্ৰতিষ্ঠানসমূহত ছাত্ৰ-ছাত্ৰীয়ে ৱেলডাৰ আৰু ৱায়াৰমেনৰ কোৰ্ছ পঢ়িব পাৰে। এই কোৰ্ছ দুটাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাগত অৰ্হতা হ’ব লাগিব অষ্টম শ্ৰেণী উত্তীৰ্ণ। এই কোৰ্ছসমূহ কৰিব বিচৰা শিক্ষাৰ্থীৰ অষ্টম শ্ৰেণীৰ মাৰ্কশ্বিট থাকিব লাগিব। লগতে অংক আৰু বিজ্ঞানত ভাল নম্বৰ থাকিব লাগিব। তাৰ উপৰি শিক্ষাৰ্থীয়ে ফৰ্মেট-১ ফৰ্ম পূৰণ কৰি স্কুল পৰিদৰ্শকৰ পৰা স্বাক্ষৰ কৰোৱাই আনিব লাগিব। সবিশেষ জানিবলৈ শিক্ষাৰ্থীয়ে www.itiassam.nic.in ত চাব পাৰিব। ৱেলডাৰ আৰু ৱায়াৰমেনৰ ভৰ্তি মাচুলসমূহ এনেধৰণৰ- ৱেলডাৰ: এন চি ভি টিৰ দ্বাৰা স্বীকৃত ১,৮৫০ টকা, মাহেকীয়া মাচুল নালাগে। এন চি ভি টিৰ দ্বাৰা স্বীকৃত ৱেলডাৰ আৰু ৱায়াৰমেনৰ বিভিন্ন প্ৰতিষ্ঠানৰ আসনৰ সংখ্যা এনেধৰণৰ-
ঠাই |
ৱেলডাৰ |
ৱায়াৰমেন |
গুৱাহাটী |
৪৮ |
২১ |
যোৰহাট |
৩২ |
২১ |
নগাঁও |
৪৮ |
২১ |
তেজপুৰ |
৩২ |
২১ |
বৰপেটা |
৩২ |
২১ |
বঙাইগাঁও |
৩২ |
২১ |
শ্ৰীকনা |
৪৮ |
২১ |
হাফলং |
১৬ |
০ |
ডিফু |
১৬ |
০ |
তিনিচুকীয়া |
৩২ |
২১ |
ধেমাজি |
১৬ |
০ |
এছ চি ভি টিৰ দ্বাৰা স্বীকৃত ৱেলডাৰ আৰু ৱায়াৰমেনৰ বিভিন্ন প্ৰতিষ্ঠানৰ আসনৰ সংখ্যা এনেধৰণৰ-
ঠাই |
ৱেলডাৰ |
ৱায়াৰমেন |
ডিফু |
১৬ |
০ |
গোৱালপাৰা |
১৬ |
০ |
কোকৰাঝাৰ |
১৬ |
০ |
আই এম চিৰ দ্বাৰা স্বীকৃত ৱেলডাৰ আৰু ৱায়াৰমেনৰ বিভিন্ন প্ৰতিষ্ঠানৰ আসনৰ সংখ্যা এনেধৰণৰ-
ঠাই |
ৱেলডাৰ |
ৱায়াৰমেন |
ধনশিৰি |
১৬ |
০ |
গড়গাঁও |
৩২ |
০ |
তিনিচুকীয়া |
১৬ |
০ |
তেজপুৰ |
১৬ |
০ |
যোৰহাট |
১৬ |
০ |
ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা আই টি আইসমূহৰ সৈতে যোগযোগ কৰিব পাৰে। জুলাই মাহৰ ভিতৰতে সকলো প্ৰতিষ্ঠানত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।
উৎস: শিক্ষা বাৰ্তা
যুৱক-যুৱতীসকলক এইবাৰ মীনপালনৰ কেইখনমান শিক্ষা অনুষ্ঠান আৰু পাঠ্যক্ৰমৰ বিষয়ে অৱগত কৰিব খুজিছোঁ।
অসমৰ গুৱাহাটীৰ পৰা ১০০ কিঃমিঃ আৰু যোৰহাটৰ পৰা ২০০ কিঃমিঃ নিলগৰ নগাঁৱৰ ৰহাত ১৯৮৮ চনত মীন মহাবিদ্যালয় স্থাপন হয়। এই মহাবিদ্যালয়ৰ পাঠ্যক্ৰমসমূহ- ৮টা ষাণমাসিকৰ মীন বিজ্ঞানৰ স্নাতক:
এই পাঠ্যক্ৰমৰ বিষয়সমূহ হৈছে-
৪টা ষাণমাসিকৰ মীন বিজ্ঞানৰ স্নাতকোত্তৰ:
এই পাঠক্ৰমৰ বিষয়সমূহ হৈছে-
ডক্টৰেট ডিগ্ৰীৰ পাঠ্যক্ৰমত জলজ প্ৰাণীৰ পালন বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে।
ভাৰতৰ কেইখনমান মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ে মীন বিষয়ত স্নাতক, স্নাতকোত্তৰ আৰু এম ফিলৰ পাঠ্যক্ৰম আগবঢ়াইছে।
মহাবিদ্যালয়/প্ৰতিষ্ঠানসমূহে আগবঢ়োৱা পাঠ্যক্ৰমসমূহ হৈছে-
ভাৰতৰ কেইখনমান বিশ্ববিদ্যালয়ৰ সংক্ষিপ্ত বিৱৰণ হ’ল-
উপৰিউক্ত পাঠ্যক্ৰমৰ বাবে যোগ্যতাৰ বিৱৰণ হ’ল-
স্নাতকৰ বাবে: ১০+২(জীৱবিদ্যাৰ সৈতে)
স্নাতকোত্তৰৰ বাবে: স্নাতক(কৃষি বা জীৱ বিজ্ঞান)
এম ফিলৰ বাবে: স্নাতকোত্তৰ কৃষি বা মীন বিষয়ৰ স্নাতকোত্তৰ
উপৰিউক্ত তথ্যসমূহ www.indiaeduinfo.co.in ত উপলব্ধ।
শেষত মীনপালনৰ যিকোনো বিষয়ে বিশদ তথ্য জানিব বিচাৰিলে স্থানীয় মীন প্ৰদৰ্শক, মীন সম্প্ৰসাৰণ বিষয়া, মহকুমা বা জিলা মীন উন্নয়ন বিষয়া আৰু মীন সঞ্চালকালয়ৰ কাৰ্যালয়ৰ লগত যোগাযোগ কৰিব পাৰে।
e-mail: assamfishery@gmail.com
Website: www.fishassam.gov.in
লেখক: ড° প্ৰশান্ত মাধৱ গোস্বামী(শিক্ষা বাৰ্তা)
শেহতীয়া উন্নীতকৰণ: : 3/24/2020