অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ ক’ত পঢ়িবা কি পঢ়িবা:

অসমৰ ক’ত পঢ়িবা কি পঢ়িবা:

 

এতিয়া তোমালোকৰ পৰীক্ষা শেষ হ’ল। পৰীক্ষাৰ ফলাফল দুই এদিনতে প্ৰকাশ হ’ব। বহুতে বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সাজু হৈছে। বহুতে পৰীক্ষাত অৱতীৰ্ণও হৈছে। কিন্তু সকলোৰে চিন্তা পৰীক্ষাত পাছ কৰাৰ পাছত কি পঢ়িম? কিহত বা মেজৰ ল’ম? কোন কলেজত কি বিষয়ত মেজৰ লোৱাৰ সুবিধা আছে? কৃষি বিশ্ববিদ্যালয়ত কি কি পঢ়ুৱায়, তেজপুৰ বিশ্ববিদ্যালয়ত কি কি পঢ়াৰ সুবিধা আছে? এনে এশ একুৰি প্ৰশ্ন। তোমাৰ সুবিধাৰ বাবে আৰু এই একুৰি প্ৰশ্নৰ উত্তৰ পাবৰ বাবেই তোমালৈ এই শিতান। ইয়াত অসমৰ কেইখনমান মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত কি কি পঢ়িব পাৰি তাৰ সবিশেষ জনোৱা হৈছে তোমাৰ অৰ্হতাৰে ভালপোৱা বিষয় বাছি অধ্যয়নৰ চেষ্টা কৰা।

হনুমান বক্স সূৰজমল কানৈ কলেজ

 

Dibrugarh Hunuman Box Surajmal Kanoi College, KC Gogoi Path, Dibrugarh 786001, Ph: 0373-2324105.

১৯৪৫ চনতে প্ৰতিষ্ঠা লাভ কৰা ঐতিহ্যমণ্ডিত মহাবিদ্যালয় ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানৈ কলেজ বা সংক্ষেপে কানৈ কলেজ। প্ৰথমে ডিব্ৰুগড় কলেজ নামেৰে পৰিচিত এই মহাবিদ্যালয় ১৯৫৭ চনত মহাবিদ্যালয়খনৰ দাতাৰ নামেৰে নামকৰণ কৰা হয়। মান্যতা লাভ কৰা ডিব্ৰুগড়ৰ অন্যতম শিক্ষায়তন হনুমান বক্স সুৰজমল কানৈ কলেজ। চহৰখন মাজমজিয়াত থকা এই শিক্ষায়তনত উচ্চতৰ মাধ্যমিক কলা আৰু বিজ্ঞাপন পাঠ্যক্ৰম কৰাৰো সুবিধা আছে। এই শিক্ষায়তনত উচ্চতৰ মাধ্যমিক স্তৰত অধ্যয়ন কৰিব পৰা বিষয়সমূহ: ইংৰাজী, অসমীয়া, বাংলা, এনথ্ৰোপলজি, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, প্ৰাণী বিজ্ঞান, উদ্ভিদ বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, ভূগোল, হিন্দী, ইতিহাস, ৰাজনীতি বিজ্ঞান, দৰ্শন, গণিত, সংস্কৃত, ষ্টেটিছটিকছ আদি। শিক্ষায়তনখনৰ পৰিষ্কাৰ, পৰিচ্ছন্ন আৰু শান্ত পৰিৱেশে শিক্ষা গ্ৰহণৰ এক সুন্দৰ বাতাবৰণ সৃষ্টি কৰিছে। এই শিক্ষায়তনত নামভৰ্তিৰ বাবে আবেদন উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পাছতেই প্ৰদান কৰা হ’ব। ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰম প্ৰদান কৰা এই শিক্ষায়তনত দূৰৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেলৰ সু-ব্যৱস্থা আছে। এই মহিদ্যালয়ত উন্নত গৱেষণাগাৰ আৰু পুথিভঁৰালৰ সুবিধা উন্নত। লগতে আছে অত্যাধুনিক জিমনেছিয়াম। ছাত্ৰছাত্ৰীৰ ভৱিষ্যতে সফল কৰাৰ ক্ষেত্ৰত মহাবিদ্যালয়খনে সকলো ধৰণৰ সুবিধা আগবঢ়োৱাৰ লগতে ছাত্ৰ-ছাত্ৰীয়ে নিজকে যাতে সুদক্ষ ব্যক্তি হিচাপে গঢ় দিব পাৰে তাৰ বাবে সময়ে সময়ে বিভিন্ন বিষয়ৰ কৰ্মশালা অনুষ্ঠিত কৰি আহিছে। অলপতে অনুষ্ঠিত সাংবাদিকতাৰ কৰ্মশালাত বিবিচিৰ পূব ভাৰত মণ্ডলৰ প্ৰাক্তন মুখ্য সাংবাদিক আৰু ৰয়টাৰ আৰু অলজাজিৰাৰ সাংবাদিক অমৰজ্যোতি বৰাই ছাত্ৰ-ছাত্ৰীসকলক প্ৰশিক্ষণ দিয়ে। আবেদন প্ৰ-পত্ৰ ৱেবছাইটৰ পৰাও ডাউনলোড কৰিব পাৰি। অথবা হাৰ্ডকপি নিজে কলেজলৈ গৈয়ো আনিব পাৰিবা। ইতিমধ্যে ৱেবছাইটত বিজ্ঞাপন প্ৰকাশিত হৈছে।

দৰং কলেজ:

 

উত্তৰ অসমৰ অন্যতম ঐতিহ্যসম্পন্ন মহাবিদ্যালয় দৰং কলেজত কলা, বিজ্ঞান আৰু বাণিজ্যৰ উচ্চতৰ মাধ্যমিক স্নাতক পাঠ্যক্ৰম পঢ়িব পৰা সুবিধা আছে। মহাবিদ্যালয়খনৰ মেজৰ বিষয়সমূহ হ’ল: ইংৰাজী, অসমীয়া, বাংলা, হিন্দী, সংস্কৃত, ছাইকোলজি, অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, ইতিহাস, শিক্ষা, দৰ্শন, হোম ছায়েন্স, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, পৰিসংখ্যা, ভূগোল, উদ্ভিদ বিজ্ঞান, প্ৰাণী বিজ্ঞান, মেনেজমেন্ট, ফিনান্স আৰু একাউনটেন্সি। এই সমূহ বিষয়ৰ উপৰি নতুনকৈ আৰু অধিক বিষয় অন্তভূৰ্ক্ত কৰা হৈছে। অৱশ্যে এই বিষয়সমূহৰ সকলোতে মেজৰ লোৱাৰ সুবিধা দিয়া হোৱা নাই। যেনে- ছাইকোলজি(মেজৰ), ছচিঅ’লজি, বি এছ চি বায়’টেকনোলজি, কম্পিউটাৰ ছায়েন্স আদি।

শিক্ষায়তনখনত অন্যান্য পাঠ্যক্ৰম যেনে ভকেছনেল পাঠ্যক্ৰম হিচাপে আছে কম্পিউটাৰ হাৰ্দৱেৰ, মোবাইল ফোন ৰিপেয়াৰিং আৰু পেৰামেডিকেলৰ পাঠ্যক্ৰম হিচাপে লেবৰেটৰী টেকনিচিয়ান, এ এন এম পাঠ্যক্ৰম আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুমোদিত কনজাৰভেচনেল ইকলজিৰ পাঠ্যক্ৰমজ আৰম্ভ কৰা হৈছে। এইবোৰ পাঠ্যক্ৰম এই মহাবিদ্যালয়ত অতি কম খৰচতে পঢ়াৰ সুবিধা লাভ কৰিব পাৰি। আগ্ৰহী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব পাৰে। মহাবিদ্যালয়খনত ছাত্ৰ বাস এটা, ছাত্ৰী বাস এটা আছে। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে পুথিভঁৰালত: প্ৰায় ৪৫,০৫০ গ্ৰন্থ, বিদেশী জাৰ্নেলকে ধৰি বিবিধ বাতৰিকাকত আৰু আলোচনী আছে। এই আটকধুনীয়া পুথিভঁৰালত ই লাইব্ৰেৰীৰ ব্যৱস্থা আছে।

অন্যান্য সা-সুবিধা হিচাপে মহাবিদ্যালয়খনৰ নিজস্ব খেলপথাৰ, জিম ক্লাব, কেৰিয়াৰ গাইডেন্স্ৰ চেল, বিজ্ঞানাগাৰ, প্ৰেক্ষাগৃহ আছে। এই শিক্ষায়তনত দুখীয়া মেধাবী শিক্ষাৰ্থীক মাহেকীয়া ষ্টাইপেণ্ড দিয়াৰ ব্যৱস্থা আছে। তদুপৰি আছে বহু কেইটা শিক্ষা বৃত্তি।

দৰং মহাবিদ্যালয়ে এইবাৰ নামভৰ্তিৰ ক্ষেত্ৰত কিছু সালসলনি কৰিছে। নামভৰ্তিৰ বাবে কাট অফ ৰখা হ’ব। তদুপৰি মহাবিদ্যালয়ৰ সকলোবোৰ বিষয়তে নামভৰ্তিৰ বাবে আসনসংখ্যা বৃদ্ধি কৰা হৈছে। নামভৰ্তি হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ফলাফল ঘোষণাৰ পাছত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব।

Darrang College, Tezpur, Sunitpur 784001, Ph:03712-220014

Email: tezdarrangcollege@rediffmail.com.

Website: www.darrangcollege.org Tezpur.

সোণাপুৰ কলেজ:

 

১৯৯১ চনতে স্থাপিত কলেজে ইতিমধ্যে ৰূপালী জয়ন্তী বৰ্ষ পালন কৰিলে। সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশেৰে শুৱনি এই মহাবিদ্যালয়ে মধ্য অসমৰ শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। এই মহাবিদ্যালয়ৰ পৰা অধ্যয়ন কৰি যোৱা শিক্ষাৰ্থীয়ে অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হৈছে।

সোণাপুৰ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক আৰু স্নাতক স্তৰত কলা, বাণিজ্য আৰু বেচেলৰ অব ভকেচন এই তিনিও শাখাৰ মেজৰ বিষয়সমূহ হ’ল- ভূগোল, অৰ্থনীতি, ৰাজনীতি, শিক্ষা, ইতিহাস, দৰ্শন, সংস্কৃত, হিন্দী, অসমীয়া, ইংৰাজী।

বাণিজ্য শাখাৰ মেজৰ বিষয়সমূহ হ’ল:

একাউনটেন্সী, বিজিনেছ মেনেজমেন্ট।

বেচেলৰ অব ভকেচন: বৃত্তিমুখী এই পাঠ্যক্ৰমত আছে ৰিটেইল মেনেজমেন্ট এণ্ড আই টি, থিয়েটাৰ এণ্ড ষ্টেজ ক্ৰাফট, টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেন্ট। মহাবিদ্যালয়খনৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা প্ৰায় দুহেজাৰ। শিক্ষকৰ সংখ্যা ৫৩।

এক অত্যাধুনিক পুথিভঁৰাল আছে। এই পুথিভঁৰালত থকা গ্ৰন্থৰ সংখ্যা ১২,৪১৮। জাৰ্ণেলৰ সংখ্যা ১৪, বাতৰিকাকতৰ সংখ্যা ১০।

অন্যান্য সা-সুবিধা:

ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে হোষ্টেলৰ ব্যৱস্থা আছে। তদুপৰি আছে এটি ষ্টেডিয়া, আটকধুনীয়া মিউজিয়াম আৰু অডিটৰিয়াম। নাকৰ ৰেংক বি গ্ৰেড(২.৫৮)।

Sonapur College, Milanpur, P.O: Sonapur

Dist: Kamrup, Pin: 782402

Email: principalsonapurcollege@gmail.com

Phone No: 9435354374

ছদুৱাৰ কলেজ:

 

১৯৬৭ চনতে স্থাপিত ছয়দুৱাৰ কলেজত কলা, বিজ্ঞান, বাণিজ্য এই তিনিওটা শাখাতে অধ্যয়নৰ সুবিধা আছে। এই মহাবিদ্যালয়ে উত্তৰ অসমৰ শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে।

পাঠ্যক্ৰম:

গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ত কলা, বিজ্ঞান আৰু বাণিজ্য এই তিনিও শাখাতে স্নাতক স্তৰলৈকে অধ্যয়ন কৰিব পাৰি।

স্নাতক স্তৰৰ মেজৰ বিষয়সমূহ হ’ল: অসমীয়া, বড়ো, ইংৰাজী, অৰ্থনীতি, ৰাজনীতি, শিক্ষা, ইতিহাস, হিন্দী, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, প্ৰাণী বিজ্ঞান, গণিত, উদ্ভিদ বিজ্ঞান, একাউনটেন্সি, ফিনান্স আৰু মেনেজমেন্ট আদি।

অন্যান্য পাঠ্যক্ৰম:

ইয়াৰ উপৰি এই মহাবিদ্যালয়ত আছে বৃত্তিমূলক তিনিবছৰীয়া বি ভক বা বেচেলৰ অব ভকেচন হিচাপে আছে মেডিকেল লেবৰেটৰী টেকনিচিয়ান আৰু মাছ মেডিয়া।

কমিউনীত কলেজৰ অধীনত আছে নাৰ্চিং এণ্ড হেলথ কেয়াৰ, থিয়েটাৰ ষ্টেজ ক্ৰাফট এণ্ড এক্টিং।

মহাবিদ্যালয়খনৰ মুঠ শিক্ষাৰ্থীৰ সংখ্যা ২৫৩৯।

শিক্ষাৰ্থীৰ মুঠ সংখ্যা: ৭৭।

অন্যান্য সা-সুবিধা:

মহাবিদ্যালয়খনত অধ্যয়নৰত শিক্ষাৰ্থীৰ বাবে হোষ্টেলৰ সুন্দৰ ব্যৱস্থা আছে। আটক ধুনীয়া পুথিভঁৰালত আছে ২৫০০০ খন গ্ৰন্থ, নিয়মীয়া জাৰ্নেলৰ সংখ্যা ৪২। বাতৰিকাকতৰ সংখ্যা ৮।

ছয়দুৱাৰ মহাবিদ্যালয়ত নিজস্ব অডিটৰিয়াম, খেলপথাৰ লেবৰেটৰী আদি সকলো সুবিধা আছে।

স্নাতক স্তৰত কাট অফ মাৰ্কৰ ভিত্তিত নামভৰ্তি কৰা হ’ব। ১ জুনৰ পৰা প্ৰ-পত্ৰ পদান কৰা হ’ব।

Chaiduar College

P.O: Gohpur

Dist Biswanath, Phone No: 03715-243158(O), 9435187475

Email: chaiduarcollege@gmail.com.

নগাঁও কলেজ:

 

১৯৪৪ ৮চনতে স্থাপিত নগাঁও কলেজত কলা, বিজ্ঞান আৰু বাণিজ্য পাঠ্যক্ৰম পঢ়াৰ সুবিধা আছে। মহাবিদ্যালয়খনৰ মেজৰ বিষয়সমূহ হ’ল: অসমীয়া, ইংৰাজী, বাংলা, হিন্দী, সংস্কৃত, আৰবী, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, ইতিহাস, শিক্ষা, দৰ্শন, ভূগোল, পৰিসংখ্যা বিজ্ঞান, গণিত, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান, উদ্ভিদ বিজ্ঞান, একাউনটেন্সি, মেনেজমেন্ট, ফিনান্স।

নগাঁও মহাবিদ্যালয়ত স্নাতকোত্তৰ পৰ্যায়ত কলা আৰু বিজ্ঞান শাখাৰ বিভিন্ন পাঠ্যক্ৰম কৰাৰ সুবিধা আছে। স্নাতকোত্তৰ পাঠ্যক্ৰমকেইটা হ’ল: বুৰঞ্জী, ইংৰাজী, দৰ্শন, শিক্ষা, ৰসায়ন বিজ্ঞান, উদ্ভিদ বিজ্ঞান আৰু অসমীয়া।

মধ্য অসমৰ মধ্যমনি এই মহাবিদ্যালয়ত বিদেশী ৮ভাষা শিকাৰো সুবিধা আছে। এই ভাষাকেইটা হ’ল জাৰ্মান ভাষা, ফৰাচীভাষা আৰু চীনা ভাষা। এনেধৰণৰ পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে সহজে বিদেশী কোম্পানীত চাকৰি কৰাৰ সুবিধা লাভ কৰিব পাৰে।

মহাবিদ্যালয়খনত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুকলি বিশ্ববিদ্যালয়ৰ অধীনত শিক্ষা বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰম কৰাৰ সুবিধা আছে। তদুপৰি ইনষ্টিটিউট অব ডিষ্টেন্স অপেন লাৰ্ণিঙ IDOLৰ জৰিয়তে এম কম, টুৰিজিম, কম্পিউটাৰ ৱাটাৰ এণ্ড ছইল এনালাইছিছৰ সুবিধা আছে। মহাবিদ্যালয়খনত প্ৰায় ৫২,৫০০ গ্ৰন্থ, জাৰ্নেল ১৬ আৰু বাতৰিকাকত ১৮ আছে। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে এটা ছাত্ৰ নিবাস আৰু এটা ছাত্ৰী নিবাস আছে। জুন মাহৰ ১ তাৰিখৰ পৰা প্ৰ-পত্ৰ দিয়া হ’ব।

Nagaon College

Nagaon, Pin: 782001

Ph:03672235640

E-mail: principal@nowgoncollege.org.

জাগীৰোড কলেজ:

 

জাগীৰোড মইহাবিদ্যালয়ত কলা আৰু বিজ্ঞানৰ উচ্চতৰ মাধ্যমিক আৰু স্নাতক স্তৰৰ পাঠ্যক্ৰম গ্ৰহণৰ ব্যৱস্থা আছে। লগতে আছে বৃত্তিমুখী স্নাতকোত্তৰ পাঠ্যক্ৰম। এই বছৰৰ পৰা মহাবিদ্যালয়ত আৰম্ভ কৰা হৈছে বেচেলৰ অব ভকেচন বা বি ভক(B Vok) পাঠ্যক্ৰম। বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৃষ্ঠপোষকতাত আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত প্ৰদান কৰা বি ভক পাঠ্যক্ৰমত আছে মেনেজমেন্ট আৰু এন্টাৰটেইনমেন্ট(অভিনয়)।

মহাবিদ্যালয়খনৰ মেজৰ বিষয়: অসমীয়া, ইংৰাজী, হিন্দী, বাংলা, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি, ভূগোল, শিক্ষা, গণিত, পৰিসংখ্যা বিজ্ঞান, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জীৱ বিজ্ঞান, প্ৰাণী বিজ্ঞান, উদ্ভিদ বিদ্যা আদি।

অন্যান্য পাঠ্যক্ৰম:

ট্ৰেভেল এণ্ড টুৰিজিমৰ স্নাতকোত্তৰ পাঠ্যক্ৰম, ভকেছনেল পাঠ্যক্ৰম হিচাপে আছে কম্পিউটাৰ এপ্লিকেছন, কমিউনিটি কলেজৰ অধীনত মুকলি কৰা হৈছে এডভান্স ফেছন ডিজাইনিং, পেপাৰ এণ্ড পাল্প টেকনোলজি আদি।

মহাবিদ্যালয়খন হোষ্টেল: এটা ছাত্ৰাবাস আৰু এটা ছাত্ৰীবাসৰ ব্যৱস্থা আছে। শিক্ষাৰ্থীৰ সুবিধাৰ্থে মহাবিদ্যালয়খনৰ পুথিভঁৰালত: প্ৰায় ১৫,০০০ গ্ৰন্থ, বহুতো জাৰ্নেল, আৰু বাতৰিকাকত আছে।

মহাবিদ্যালয়খনৰ লেবৰেটৰী, নিজা খেলপথাৰ, অত্যাধুনিক অডিটৰিয়াম, ডিজেটেল লাইব্ৰেৰী আদি আছে।

উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ এমাহৰ ভিতৰত সকলো নামভৰ্তি সম্পূৰ্ণ হ’ব।

Jagiroad College, Town Jagiroad,

Ph: 03678-242308

www.jagiroadcollege.org.

বি বৰুৱা কলেজ:

 

১৯৪৩ চনতে স্থাপিত বি বৰুৱা কলেজে অসমৰ শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। এই মহাবিদ্যালয়ৰ পৰা অধ্যয়ন কৰি যোৱা শিক্ষাৰ্থীয়ে অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ আনকি বিদেশতো প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হৈছে।

বি বৰুৱা মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক স্তৰত কলা, বিজ্ঞান আৰু বাণিজ্য এই তিনিও শাখাতে অধ্যয়ন কৰিব পাৰি। স্নাতক স্তৰৰ মেজৰ বিষয়সমূহ হ’ল: পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, প্ৰাণী বিজ্ঞান, গণিত, অৰ্থনীতি, ৰাজনীতি, শিক্ষা, ইতিহাস, দৰ্শন, সংস্কৃত, হিন্দী, অসমীয়া, ইংৰাজী আদি।

এই কলেজখনত গুৱাহাটী বিশ্ববিদ্যালৰ ৰসায়ন বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰম আৰু বি বি এ অধ্যয়ন কৰিব পাৰি। সম্প্ৰতি ডুৱেল ডিগ্ৰী প্ৰদান কৰা বি বৰুৱা কলেজখনত পোষ্ট গ্ৰেজুৱেট ডিপ্লমা ইম বিজিনেছ মেনেজমেন্ট, জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেচন, পোষ্ট গ্ৰেজুৱেট ডিপ্লমা ইন কম্পিউটাৰ এপ্লিকেচন আৰু ৰিহেবিলিটেচন কাউন্সিলৰ অধীনত স্পেচিয়েল এডুকেচনৰ পাঠ্যক্ৰম কৰাৰ সুবিধা আগবঢ়াইছে। মহাবিদ্যালয়খনৰ স্নাতক স্তৰৰ ছাত্ৰ-ছাত্ৰীয়ে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুকলি বিশ্ববিদ্যালয়ৰ জৰিয়তে স্নাতক স্তৰৰ বিভিন্ন পাঠ্যক্ৰম গ্ৰহণ কৰিব পাৰে। বেচেলৰ অব ছচিয়েল ৱৰ্ক আদি কৰাৰ সুবিধা আছে। সম্পূৰ্ণ মেধাৰ ভিত্তিত নামভৰ্তি কৰা এই কলেজখনৰ ছাত্ৰ-ছাত্ৰী তিনিহেজাৰৰো অধিক।

চল্লিচ হাজাৰৰো অধিক গ্ৰন্থ, ১৪ খন বাতৰিকাকত আৰু ২০ খন জাৰ্ণেল।

অন্যান্য সা-সুবিধা:

শিক্ষায়তনখনত ছাত্ৰ-ছাত্ৰী উভয়ৰে বাবে হোষ্টেলৰ বিশেষ ব্যৱস্থা আছে। নিজস্ব বিজ্ঞানাগাৰ, খেলপথাৰ, প্ৰেক্ষাগৃহ আদিৰ সুবিধা থকা মহাবিদ্যালয়খনৰ শিক্ষকৰ সংখ্যা ১১০।

B Baruah College, Dr. BB Road, Near Nehru Stadium, Guwahati 781007, Ph:2543538

E-mail: bbcollege@yahoo.com.

বিজনী কলেজ:

 

১৯৬৯ চনতে স্থাপিত বিজনী কলেজে অসমৰ শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য বৰঙণি আগবঢ়াই আহিছে। এই মহাবিদ্যালয়ৰ পৰা অধ্যয়ন কৰি যোৱা শিক্ষাৰ্থীয়ে অসম তথা দেশৰ বিভিন্ন প্ৰান্তৰ আনকি বিদেশতো প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হৈছে।

বিজনী মহাবিদ্যালয়ত কলা আৰু বিজ্ঞান শাখাত অধ্যয়ন কৰিবপৰা সুবিধা আছে। উচ্চতৰ মাধ্যমিক আৰু স্নাতক পাঠ্যক্ৰম পঢ়িবৰ সুবিধা থকা এই মহাবিদ্যালয়ৰ স্নাতক স্তৰত দৰ্শন, ইংৰাজী, অসমীয়া, হিন্দী, বড়ো, অৰ্থনীতি বিজ্ঞান, ৰাজনীতি বিজ্ঞান, বুৰঞ্জী আদি বিষয়ত অধ্যয়নৰ সুবিধা আছে। স্নাতক জেনেৰেল পাঠ অধ্যয়নৰো সুবিধা আছে।

এই মহাবিদ্যালয়খনত স্নাতক আৰু উচ্চতৰ মাধ্যমিকৰ লগতে অন্যান্য বৃত্তিমূলক পাঠ্যক্ৰম যেনে: কম্পিউটাৰ হাৰ্ডৱেৰ মেইনটেনান্স এণ্ড নেটৱৰ্কিঙৰ চাৰ্টিফিকেট পাঠ্যক্ৰম কৰাৰ সুবিধা আছে। মেধাৰ ভিত্তিত নামভৰ্তি কৰা এই কলেজখনৰ ছাত্ৰ-ছাত্ৰী প্ৰায় দুহেজাৰ পাঁচশ। এই শিক্ষায়তনত উচ্চতৰ মাধ্যমিকৰ বাবে ন্যূনতম ৪০ শতাংশ নম্বৰ লাভ কৰাতো অতি প্ৰতিজনীয়। স্নাতক স্তৰত আসন খালী থকালৈকে নামভৰ্তিৰ সুবিধা পাবা।

পুথিভঁৰালত থকা কিতাপৰ সংখ্যা ৩৩৬৪২। জাৰ্ণেলৰ সংখ্যা ৯।

অন্যান্য সা-সুবিধা:

শিক্ষায়তনখনত ছাত্ৰ-ছাত্ৰী উভয়ৰে বাবে হোষ্টেলৰ বিশেষ ব্যৱস্থা আছে। নিজস্ব বিজ্ঞানগাৰ, খেলপথাৰ, বীৰেন্দ্ৰগিৰি বসুমাতাৰী প্ৰেক্ষাগৃহ আদিৰ সুবিধা থকা মহাবিদ্যালয়খনৰ শিক্ষকৰ সংখ্যা ৫১।

Bijni College, Bijni, Chirang, BVTAD, Guwahati 781007, Ph: 2543538,

Email: bbcollege@yahoo.com.

ফৰকাটিং কলেজ:

 

গোলাঘাট জিলাৰ অন্যতম শিক্ষায়তন হ’ল ফৰকাটিং মহাবিদ্যালয়। এই শিক্ষায়তনত কেৱল কলা শাখাৰ লগতে এইবাৰৰ পৰা বিজ্ঞান শাখাতো অধ্যয়ন কৰাৰ সুবিধা আগবঢ়োৱা হৈছে। এই শিক্ষায়তনত মেজৰ ল’ব পৰা বিষয়সমূহ হৈছে: অসমীয়া, ইংৰাজী, অৰ্থনীতি, শিক্ষা, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান, ছচিঅ’লজি, ভূগোল আদি। আসন-সংখ্যা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ ২০০, স্নাতক প্ৰথমবৰ্ষ ২০০।

অন্যান্য পাঠ্যক্ৰমৰ সা-সুবিধা:

ফৰকাটিং মহাবিদ্যালয়ত নেচনেল স্কিন ডেভেলপমেন্ট কৰ্পোৰেচনৰ অধীনত মেডিকেল ইৰ্মাজেন্সি বেছিকৰ এটি পাঠ্যক্ৰম চলি আছে। তদুপৰি বিভিন্নধৰণৰ ভকেচনেল পাঠ্যক্ৰম গ্ৰহণৰ সুবিধা আছে। ছাত্ৰ-ছাত্ৰীৰ বাবে আছে শীত-তাপ নিয়ন্ত্ৰিত আধুনিক পুথিভঁৰালৰ ব্যৱস্থা। এই পুথিভঁৰালত প্ৰায় ৭,০০০ খন গ্ৰন্থ আছে।

Furkating College, Golaghat-786510.

Ph: 03774-246079.

ICA-পাণবজাৰ আৰু জে এইচ স্কলাৰচ একাডেমী:

 

আজিৰ প্ৰায়ভাগ যুৱক-যুৱতীয়ে উপযুক্ত শিক্ষাৰে শিক্ষিত হৈয়ো, নিজক উপাৰ্জনমুখীৰূপে গঢ়ি তুলিব পৰা নাই। কিন্তু সঠিক পৰিকল্পনা আৰু দিক নিৰ্ণয়ৰ যোগেদি এই নিৱনুৱা সমস্যা সমাধান বহু পৰিমাণে লাঘৱ কৰিব পাৰি। বৰ্তমান প্ৰায়বোৰ ঠাইত বৃত্তিমুখী কাৰিকৰী প্ৰশিক্ষণৰ মাজেৰে ল’ৰা-ছোৱালীবোৰক প্ৰশিক্ষণপ্ৰাপ্ত কৰি বিভিন্ন বিষয়ত নিয়োগৰ সুবিধা কৰি দিয়াৰ অনুষ্ঠান গঢ়ি উঠিছে। এনে অনুষ্ঠানৰ ভিতৰত এটা হ’ল গুৱাহাটীৰ পাণবজাৰ ডেনিছ ৰোডত অৱস্থিত ICA-শাখা। ইয়াত কম্পিউটাৰৰ ব্যৱহাৰিক জ্ঞানৰ যোগেদি একাউন্টছ আৰু ফাইনেন্সৰ কেৰিয়াৰ প্ৰদান কৰে। বিগত পঁচিশ বছৰ ধৰি ICA-ই কলা, বিজ্ঞান, বাণিজ্য বিভাগৰ উভয় শাখাৰ মুঠ এক লাখ পঞ্চাছ হাজাৰ ছাত্ৰ-ছাত্ৰীক ভাৰতৰ বিভিন্ন নগৰ আৰু চহৰৰ বিভিন্ন প্ৰতিষ্ঠানত নিযুক্তি দিবলৈ সক্ষম হৈছে। এই শিক্ষায়তনৰ বিভিন্ন বিষয়সমূহ হ’ল:

Computerised Spplication, Advanced Accounts Financian Accounting Package, Tally, ERP & Telly, Payroll, VAT, Service, Tex Exercise, Spoken English, Import Export, ERP, Share Market, Bank PO, আৰু Personality Development-ৰ ব্যৱহাৰিক জ্ঞান।

ৰাজ্য চৰকাৰে গ্ৰহণ কৰা BPL-অৰ্থাৎ দৰিদ্ৰ সীমা ৰেখাৰ তলৰ লোকসকলক বিনামূলীয়া প্ৰশিক্ষণ দিবৰ বাবে এখন আঁচনি হাতত লৈছে। এই ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীসকলে যোগাযোগ কৰিব পাৰে।

২০১১ চনত স্থাপিত গুৱাহাটীৰ জে এইচ স্কলাৰচ একাডেমী আৰু জুনিয়ৰ কলেজ জে এইচ স্কলাৰছ ছচাইটিৰ অধীনত মুকলি কৰা হৈছে। এই মহাবিদ্যালয়ত কলা আৰু বাণিজ্য দুয়োটা শাখাতে পাঠ অধ্যয়নৰ সুবিধা আছে। মাধ্যম অসমীয়া আৰু ইংৰাজী। অভিজ্ঞতা সম্পন্ন শিক্ষক-শিক্ষয়িত্ৰীয়ে পাঠদান কৰায়। ২০১২ চনৰ পৰা ইয়াৰ শিক্ষাৰ্থীয়ে যথেষ্ট সুখ্যাতিৰে ফলাফল দেখুৱাবলৈ সক্ষম হৈছে। ছাত্ৰ-ছাত্ৰীৰ কেৰিয়াৰৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুবিধাৰ বাবে চেমিনাৰ, এডুকেচনেল টুৰ আদিৰ ব্যৱস্থা কৰা হয়। কম মাচুলেৰে মহাবিদ্যালয়ত কম্পিউটাৰৰ বিনামূলীয়া পাঠদান কৰা হয়। স্কলাৰছ ছচাইটিৰ অধীনত প্ৰতি বছৰে পঞ্চাশ জন ছাত্ৰক যিসকলে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ স্কলাৰছ একাডেমীত নামভৰ্তি কৰে তেওঁলোকক বিনামূলীয়াকৈ নামভৰ্তিৰ সুবিধা দিয়া হয়।

JH Scholars Academy, Gunavi Narayan Academy, 3rd Floor Near BIO Denish Road, Panbazar, Guwahati-781001.

কটন বিশ্ববিদ্যালয়:

 

শাখা- কলা, বিজ্ঞান।

ৱেবছাইট- cotton college.org.in

ঠিকনা- কলেজ হোষ্টেল ৰোড, পাণবজাৰ, গুৱাহাটী।

বিষয়- নৃতত্ত্ব, আৰবী, অসমীয়া, বেংগলী, বড়ো, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, কম্পিউটাৰ ছায়েন্স এণ্ড আই টি, অৰ্থনীতি বিজ্ঞান, শিক্ষা, ইংৰাজী, প্ৰাণীবিজ্ঞান, ভূগোল, ভৃতত্ত্ব, হিন্দী, বুৰঞ্জী, গণিত, পাৰ্চী, দৰ্শন, পদাৰ্থ বিজ্ঞান, সংস্কৃত, পৰিসংখ্যা ইত্যাদি।

ৰামানুজন জুনিয়ৰ কলেজ:

শাখা- কলা আৰু বিজ্ঞান।

ঠিকনা- বি এম ৰোড, আমোলাপট্টি, নগাঁও।

ৱেবছাইট- www.ramanujanjuniorcollege.com

আসন- কলা- ৩২০

বিজ্ঞান- ৪৫০

অৰ্হতা- বিজ্ঞান শাখাত নামভৰ্তিৰ বাবে ৭৫ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব। কলা শাখাৰ বাবে ৫০ শতাংশ নম্বৰসহ উত্তীৰ্ণ হ’ব লাগিব।

বিষয়- বিজ্ঞান- ইংৰাজী, আধুনিক ভাৰতীয় ভাষা(অসমীয়া, বিকল্প ইংৰাজী, বেংগলী আৰু হিন্দী), ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, গণিত, জীৱবিজ্ঞান, পৰিসংখ্যা, কম্পিউটাৰ ছায়েন্স।

কলা- ইংৰাজী, আধুনিক ভাৰতীয় ভাষা(অসমীয়া, বিকল্প ইংৰাজী, বেংগলী, হিন্দী) অৰ্থনীতি বিজ্ঞান, ৰাজনীতি বিজ্ঞান, শিক্ষা, তৰ্কশাস্ত্ৰ আৰু দৰ্শন, সমাজশাস্ত্ৰ, ঐচ্ছিক অসমীয়া, সংস্কৃত, ভূগোল, বুৰঞ্জী।

বি এইচ কলেজ, হাউলী:

 

শাখা- কলা, বাণিজ্য, বিজ্ঞান।

পাঠ্যক্ৰম- উচ্চতৰ মাধ্যমিক, বি এ, বি কম, বি এছ চি।

ঠিকনা- হালাপুখুৰী, বৰপেটা-হাউলী ৰোড।

ৱেবছাইট- www.bhcollege.in

আসন- উচ্চতৰ মাধ্যমিক প্ৰতিটো শাখাত ১৫০খনকৈ। স্নাতক কলা আৰু বাণিজ্য শাখাত ৩০০ কৈ। বিজ্ঞান শাখাত ১৫০খন আসন।

বিষয়- ইংৰাজী, আধুনিক ভাৰতীয় ভাষা(অসমীয়া, বেংগলী, হিন্দী, বড়ো বিকল্প ইংৰাজী), অৰ্থনীতি বিজ্ঞান, ৰাজনীতি বিজ্ঞান, তৰ্কশাস্ত্ৰ আৰু দৰ্শন, বুৰঞ্জী, গণিত, সংস্কৃত, আৰবী, ঐচ্ছিক অসমীয়া, ঐচ্ছিক বড়ো, পৰিসংখ্যা, কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেচন, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, জীৱবিজ্ঞান, বাণিজ্য শাখাৰ বিভিন্ন বিষয়সমূহ।

আনন্দৰাম বৰুৱা একাডেমী, পাঠশালা:

 

শাখা- কলা, বিজ্ঞান, বাণিজ্য।

ঠিকনা- লাচিত নগৰ, পাঠশালা, বৰপেটা।

ৱেবছাইট-

বিষয়- ইংৰাজী, আধুনিক ভাৰতীয়া ভাষা(অসমীয়া, বড়ো, হিন্দী), অৰ্থনীতি বিজ্ঞান, শিক্ষা, ৰাজনীতি বিজ্ঞান, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, গণিত, জীৱ বিজ্ঞান, কম্পিউটাৰ ছায়েন্স, ভূগোল, বুৰঞ্জী, নৃতত্ত্ব, দৰ্শন, বাণিজ্য শাখাৰ অন্যান্য বিষয়সমূহ।

প্ৰাগজ্যোতিকা একাডেমী, তিতাবৰ:

 

শাখা- কলা, বিজ্ঞান, বাণিজ্য।

ঠিকনা- তিতাবৰ, যোৰহাট।

ৱেবছাইট- www.pragjyotik.org.in

পাঠ্যক্ৰম- উচ্চতৰ মাধ্যমিক, আই আই টি জে ই ই, নীট আৰু এইমছৰ বাবে ফাউণ্ডেচন ক’ৰ্ছ।

পলিটেকনিক

 

চৰকাৰী পলিটেকনিকসমূহত কাৰিকৰী শিক্ষাগ্ৰহণ কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীয়ে অসম আভিযান্ত্ৰিক প্ৰতিষ্ঠান, গাৰ্লছ পলিটেকনিক, বঙাইগাঁও, শিলচৰ, নগাঁও, ডিব্ৰুগড় আৰু ডিফু পলিটেকনিক, POWI, যোৰহাট, ৰেচিডেন্সিয়েল গাৰ্লছ পলিটেকনিক, আছাম টেক্সটাইল ইনষ্টিটিউট আদিত শিক্ষাগ্ৰহণ কৰিব পাৰে। ইন্টাৰনেটত এইসমূহ পলিটেকটিকৰ সবিশেষ তথ্য উপলব্ধ।

দৰং মহাবিদ্যালয়:

 

শাখা- কলা, বিজ্ঞান, বাণিজ্য।

ঠিকনা- মহাভৈৰৱ পৰোৱা ৰোড, তেজপুৰ।

ৱেবছাইট- www.darrangcollege.in

আসন- (উচ্চতৰ মাধ্যমিক)

বিজ্ঞান- ২৫০

কলা- ৩০০

বাণিজ্য- ২৫০

(স্নাতক, মেজৰ) বিজ্ঞান- ২০০

কলা- ৪৪৫

বাণিজ্য- ১২০

(স্নাতক, সাধাৰণ)বিজ্ঞান- ১০০

কলা- ২০০

বাণিজ্য- ১৫০

বিষয়- ইংৰাজী, অসমীয়া, ৰাজনীতি বিজ্ঞান, অৰ্থনীতি বিজ্ঞান, শিক্ষা, বেংগলী, বুৰঞ্জী, ভূগোল, দৰ্শন, সংস্কৃত, হিন্দী, গণিত, পৰিসংখ্যা, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, প্ৰাণী বিজ্ঞান, উদ্ভিদ বিজ্ঞান, বাণিজ্য আদি।

 

গুৱাহাটী কমাৰ্চ কলেজ:

 

শাখা- বাণিজ্য

ঠিকনা- আৰ জি বৰুৱা ৰোড, গুৱাহাটী।

ৱেবছাইট- www.gauhaticommercecollege.in

আসন- উচ্চতৰ মাধ্যমিক- ৪৫০

বি কম- ৬০০

এম কম- ১২০

বি বি এ- ৬০

এম বি এ- ৬০

পি জি ডি চি এ- ৩০

বিষয়- একাউটেন্সী বিজনেছ মেনেজমেন্ট, অৰ্থনীতি বিজ্ঞান, গণিত আৰু পৰিসংখ্যা, অসমীয়া, ইংৰাজী, তথ্য-প্ৰযুক্তি, পৰিৱেশ বিজ্ঞান, আধুনিক ভাৰতীয় ভাষা ইত্যাদি।

বি বৰুৱা কলেজ, গুৱাহাটী:

 

শাখা- বিজ্ঞান, কলা, বাণিজ্য

ঠিকনা- ড° বি বৰুৱা ৰোড, উলুবাৰী, গুৱাহাটী

ৱেবছাইট- www.bborooahcollege.co.in

আসন- উচ্চতৰ মাধ্যমিক

বিজ্ঞান- ৪৬৮

কলা- ৫৬৫

বাণিজ্য- ২২৮

স্নাতক, কলা- ১,০৪১

বিজ্ঞান- ৭৬৭

বি এছ চি আইটি- ৫৬

বি বি এ- ৭৭

এম এছ চি- ৭২(উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, প্ৰাণীবিজ্ঞান)

বিষয়- অসমীয়া, বেংগলী, ইংৰাজী, অৰ্থনীতি বিজ্ঞান, শিক্ষা, বুৰঞ্জী, গণিত, দৰ্শন, পৰিসংখ্যা, সংস্কৃত, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, প্ৰাণীবিজ্ঞান, উদ্ভিদ বিজ্ঞান, বাণিজ্য ইত্যাদি।

কে চি দাস কমাৰ্চ কলেজ, গুৱাহাটী:

 

শাখা- বাণিজ্য

ঠিকনা- ছাত্ৰীবাৰী, গুৱাহাটী

ৱেবছাইট- www.kcdcollege.com

আসন- উচ্চতৰ মাধ্যমিক- ৩০০

বি কম- ৪৫০

বি চি.এ- ২৫

বি বি এ- ৫০

বিষয়- ইংৰাজী, আধুনিক ভাৰতীয় ভাষা/বিকল্প ইংৰাজী, একাউন্টেন্সী, বিজনেছ ষ্টাডিজ, অৰ্থনীতি বিজ্ঞান, বেংকিং, কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেচন, কমাৰ্চিয়েল এৰিথমেটিক এণ্ড এলিমেন্টছ অব ষ্টেটিষ্টিকছ ইত্যাদি।

ছল্ট ব্ৰুক একাডেমী:

 

শাখা-কলা, বিজ্ঞান আৰু বাণিজ্য

ঠিকনা- বৈৰাগীমঠ, ডিব্ৰুগড়

ৱেবছাইট- www.saltbrookacademy.com

আসন-

কলা- ১৮০খন

বাণিজ্য- ১৫০খন

বিজ্ঞান- ৫২০খন

বিষয়- বিজ্ঞান- ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, গণিত, জীৱবিজ্ঞান, কম্পিউটাৰ ছায়েন্স এণ্ড এপ্লিকেচন, পৰিসংখ্যা।

কলা- শিক্ষা, অৰ্থনীতি বিজ্ঞান, মনোবিজ্ঞান, ৰাজনীতি বিজ্ঞান, পৰিসংখ্যা আৰু গণিত।

বাণিজ্য- বিজনেছ ষ্টাডিজ, একাউন্টেন্সী, অৰ্থনীতি বিজ্ঞান, গণিত, বেংকিং।

আইটিআই:

 

দশম শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে আই টি আইত নামভৰ্তি কৰি বিভিন্ন ট্ৰেডত শিক্ষাগ্ৰহণ কৰিব পাৰে। এনে বৃত্তিমুখী শিক্ষাৰ দ্বাৰা নিয়োগৰ সম্ভাৱনা প্ৰবল। বৰ্তমান সময়ত বিভিন্ন চৰকাৰী বিভাগ আৰু কোম্পানীত আই টি আইৰ চাৰ্টিফিকেটধাৰী ছাত্ৰ-ছাত্ৰীৰ যথেষ্ট চাহিদা আছে। গুৱাহাটীৰ লগতে নগাঁও, ধুবুৰী, তিনিচুকীয়া, ধেমাজি, তেজপুৰ, গোলাঘাট, গোৱালপাৰা, বৰপেটা, বঙাইগাঁও, শিবসাগৰ, মৰিগাঁও, কৰিমগঞ্জ, ডিমা হাছাও আদি বহু স্থানত এনে ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান আছে।

অসমৰ কেইখনমান আইন মহাবিদ্যালয়:

 

১) এন ই এফ ল কলেজ, গুৱাহাটী

২)জে বি ল কলেজ, গুৱাহাটী

৩)দিছপুৰ ল কলেজ, গুৱাহাটী

৪)এ কে চন্দা ল কলেজ, কাছাৰ

৫)বৰপেটা ল কলেজ

৬)ধুবুৰী ল কলেজ

৭)ডিব্ৰুগড় ল কলেজ

৮)গোৱালপাৰা ল কলেজ

৯)নগাঁও ল কলেজ

১০)তেজপুৰ ল কলেজ

১১)তিনিচুকীয়া ল কলেজ

১২)উত্তৰ লক্ষীমপুৰ ল কলেজ

ইয়াৰ উপৰি অসমৰ প্ৰায় আটাইকেইখন বিশ্ববিদ্যালয়তে আইন বিভাগ আছে।

ইঞ্জিনীয়াৰিং:

 

ইঞ্জিনীয়াৰিঙৰ প্ৰতি আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে অসম ইঞ্জীনিয়াৰিং কলেজ, যোৰহাট ইঞ্জিনীয়াৰিং কলেজ, JIST, বিনেশ্বৰ ব্ৰহ্ম ইঞ্জিনীয়াৰিং কলেজ, আই আই টি গুৱাহাটী, এন আই টি শিলচৰ, অসম বিশ্ববিদ্যালয় GIMT গুৱাহাটী, গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আভিযান্ত্ৰিক আৰু কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান, GIMT তেজপুৰ আদিত শিক্ষা গ্ৰহণ কৰিব পাৰে। তাৰ বাবে প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। প্ৰয়োজনীয় অৰ্হতা আৰু বিতং তথ্য অসম কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট www.dteassam.in ত চাব পাৰে।

ৰেচম উদ্যোগ:

 

ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে ৰেচম খণ্ডত উপযুক্ত প্ৰশিক্ষণেৰে কেৰিয়াৰ নিৰ্বাচন কৰিব পাৰে। যোৰহাটৰ তিতাবৰত থকা ৰেচম প্ৰশিক্ষণ প্ৰতিষ্ঠানত ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰিব পাৰে। তাৰ বাবে প্ৰয়োজনীয় অৰ্হতা তথা বিতং তথ্য এই ঠিকনাত যোগাযোগ কৰিলে লাভ কৰিব পাৰিব। ছেৰিকালচাৰ ট্ৰেইনিং ইনষ্টিটিউট, বগাৰ গাঁও, তিতাবৰ, যোৰহাট- ৭৮৫৬৩০।

আইআইটি

 

দেশৰ কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান গুৱাহাটী আৰু খড়গপুৰ আই আই টিকে ধৰি মুঠ ২৩খন আই আই টিত ইচ্ছুক মেধাৱী ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰিব পাৰে। তাৰ বাবে আই আই টি জে ই ই প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিব। ইচ্ছুক ছাত্ৰ-ছাত্ৰীয়ে মেট্ৰিকৰ ডেওনা পাৰ হোৱাৰে পৰাই আই আই টিৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব। দ্বাদশ শ্ৰেণী উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীয়ে আই আই টিত নামভৰ্তি কৰি কেৰিয়াৰ গঢ় দিব পাৰে। গুৱাহাটী আই আই টিৰ সবিশেষ তথ্যৰ বাবে প্ৰয়োজনীয় ৱেবছাইট www.iitg.ac.in

ভাৰতৰ কেইখনমান উল্লেখযোগ্য মহাবিদ্যালয়ৰ বিতং বিৱৰণ:

 

লেডী শ্ৰী ৰাম কলেজ অব অ’মেন, নতুন দিল্লী:

শাখা- কলা, বাণিজ্য, বিজ্ঞান

ঠিকনা- লালা, লাজপট ৰায় ৰোড, অমৰ কলনী, লাজপট নগৰ ৪, নতুন দিল্লী।

ৱেবছাইট- lsr.edu.in

পাঠ্যক্ৰম- বি এ, বি এছ চি, বি কম, প্ৰাথমিক শিক্ষাৰ স্নাতক পাঠ্যক্ৰম ইত্যাদি।

মিৰাণ্ডা হাউছ, নতুন দিল্লী:

শাখা- কলা, বিজ্ঞান

ঠিকনা- দিল্লী বিশ্ববিদ্যালয়, ১১০০০৭

ৱেবছাইট- www.mirandahouse.ac.in

পাঠ্যক্ৰম- বি এ, বি এছ চি, বি ই আই এড(চাৰি বছৰীয়া পাঠ্যক্ৰম), এম এ, এম এছ চি ইত্যাদি।

আসন- বি এ- ১৮৫, বি এ(অনাৰ্চ)- ৪৮৪, বি এছ চি(অনাৰ্চ)- ২৬৩, বি এছ চি(প্ৰগ্ৰেম)- ৬৯, বি ই আই ই ডি- ৫৩।

ছেইন্ট জেভিয়াৰ্ছ কলেজ, কলকাতা:

শাখা- কলা, বাণিজ্য, বিজ্ঞান

ঠিকনা- ৩০, মাদাৰ টেৰেছা ছাৰাণী, মালিক বাজাৰ, টলটলা, কলকাতা, পশ্চিমবংগ।

ৱেবছাইট- www.sxccal.edu

পাঠ্যক্ৰম- বি এ, বি এছ চি, বি কম, বি এম এছ, এম এছ চি- বায়’টেকন’লজী, মাল্টিমিডিয়া আৰু অন্যান্য।

লয়লা কলেজ, চেন্নাই:

শাখা- কলা, বাণিজ্য, বিজ্ঞান

ঠিকনা- ষ্টালিং ৰোড, নিয়েৰ নুংগামবাক্কাম ৰেলৱে ষ্টেচন, চেন্নাই, তামিলনাডু।

ৱেবছাইট- loyolacollege.edu

পাঠ্যক্ৰম- বি এ, বি কম, বি এছ চি, বি ভক(থ্ৰি ডি এনিমেচন/ডিজিটেল জাৰ্নেলিজম), বি বি এ, বি কম, বি চি এ, বি এম এম(মাল্টিমিডিয়া এণ্ড এনিমেচন) ইত্যাদি।

বিছপ হেবাৰ কলেজ, তামিলনাডু:

শাখা- কলা, বিজ্ঞান, বাণিজ্য

ঠিকনা- ভায়ালুৰ ৰোড, পুথুৰ, তিৰুচিৰাপল্লী, তামিলনাডু।

ৱেবছাইট- www.bhc.edu.in

পাঠ্যক্ৰম- বি এ, বি কম, বি এছ চি, বি বি এ, বি চি এ আৰু বিভিন্ন স্নাতকোত্তৰ পাঠ্যক্ৰম।

 

অসমৰ বাহিৰৰ আগশাৰীৰ কেইখনমান শিক্ষা প্ৰতিষ্ঠান:

 

১)নেচনেল ইনষ্টিটিউট অব ফেশ্বন টেকন’লজী, দিল্লী(ফেশ্বন) ৱেবছাইট- nift.ac.in

২)খ্ৰাইষ্ট ইউনিভাৰছিটী, বাংগালোৰ- (বিচিএ/বিবিএ)

ৱেবছাইট- christuniversity.in

৩)ছিমবায়’ছিছ ইনষ্টিটিউট অব মিডিয়া এণ্ড কমিউনিকেচন, পুনে(সাংবাদিকতা)

ৱেবছাইট- www.simc.edu

৪)ফেকাল্টী অব ভিজুৱেল আৰ্টছ- বি এইচ ইউ- বাৰাণসী,(সুকুমাৰ কলা)

ৱেবছাইট- www.bhu.ac.in>visualarts

৫)নেচনেচ ল স্কুল অব ইণ্ডিয়া-ইউনিভাৰছিটী, বাংগালোৰ(আইন)

ৱেবছাইট- www.nls.ac.in

৬)সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লী(চিকিৎসা)

ৱেবছাইট- www.aiims.edu.

৭)ইনষ্টিটিউট অব হোটেল মেনেজমেন্ট, নতুন দিল্লী(হোটেল মেনেজমেন্ট)

ৱেবছাইট- ihmpusa.net

ছেইন্ট ষ্টিফেনছ কলেজ, দিল্লী:

শাখা- কলা, বিজ্ঞান

ঠিকনা- ইউনিভাৰ্চিটী এনক্লেভ, নৰ্থ কেম্পাছ, দিল্লী, ১১০০০৭

ৱেবছাইট- www.ststephens.edu

পাঠ্যক্ৰম- বি এ/বি এছ চি- অৰ্থনীতি বিজ্ঞান, ইংৰাজী, বুৰঞ্জী, দৰ্শন, সংস্কৃত, গণিত, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ফিজিকেল ছায়েন্স আদি। এম এ/এম এছ চি।

শ্ৰীৰাম কলেজ অব কমাৰ্চ, দিল্লী:

শাখা- বাণিজ্য

ঠিকনা- মৰিচ নগৰ, দিল্লী বিশ্ববিদ্যালয়ৰ সমীপত, নতুন দিল্লী, ১১০০০৭

ৱেবছাইট- www.srcc.edu

পাঠ্যক্ৰম- বি কম

আসন- ৫০১

 

উৎস-কেৰিয়াৰ গাইড

শেহতীয়া উন্নীতকৰণ: : 11/25/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate