অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়বোৰত থকা স্নাতকোত্তৰ পাঠ্যক্রমবোৰ

অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়বোৰত থকা স্নাতকোত্তৰ পাঠ্যক্রমবোৰ

অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়বোৰত বিভিন্ন বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰা সুবিধা আছে । ইয়াৰ বিষয়ে তলত আলোচনা কৰা হৈছে ।

অসম বিশ্ববিদ্যালয়:

‘অসম বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল – ভাষাবিজ্ঞান, বাংলা, হিন্দী, মণিপুৰী, সংস্কৃত, ভাৰতীয় সাহিত্যৰ তুলনা, ইংৰাজী , আৰবিক, ফৰাচী, অৰ্থনীতি বিজ্ঞান, বাণিজ্য, ৰাজনীতি বিজ্ঞান , বুৰঞ্জী, সমাজতত্ব, সমাজ সেৱা, গণসংযোগ, ভিজুৱেল আৰ্টচ, দৰ্শন, শিক্ষা,  পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, কম্পিউটাৰ বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান, জীৱ বিজ্ঞান আৰু বায়ইনৰ্ফমেটিক্স, মাইক্ৰ’বায়’লজী , জৈৱ-প্ৰযুক্তিবিজ্ঞান, পৰিস্থিতিবিজ্ঞান আৰু পৰিৱেশ বিজ্ঞান, কৃষি অভিযান্ত্ৰিক, প্ৰায়োগিক ভূ-বিজ্ঞান, আইন, তথ্য প্ৰযুক্তিবিদ্যা, লাইব্রেৰী ছায়েন্স এণ্ড ইনমৰমেচন ছায়েন্স  আৰু ব্যৱসায় ব্যৱস্থাপনা |‘অসম বিশ্ববিদ্যালয়’ৰ ডিফু কেম্পাচত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল – অসমীয়া, নৃতত্ব, বাণিজ্য , ইংৰাজী,  বুৰঞ্জী, জীৱ বিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰাজনীতি বিজ্ঞান আৰু ট্ৰাইবেল ষ্টাডিজ ।

বড়োলেণ্ড বিশ্ববিদ্যালয় :

‘বড়োলেণ্ড বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল – অসমীয়া, জৈৱ-প্ৰযুক্তিবিজ্ঞান, বড়ো, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, কম্পিউটাৰ এপ্লিকেচন, কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তিবিদ্যা, অৰ্থনীতি বিজ্ঞান, ইংৰাজী, বুৰঞ্জী, গণিত বিজ্ঞান, ব্যৱসায় ব্যৱস্থাপনা, পদাৰ্থ বিজ্ঞান, ৰাজনীতি বিজ্ঞান আৰু প্ৰাণীবিজ্ঞান।

কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়:

‘কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল – নৃতত্ব, আৰবিক, অসমীয়া, বাংলা, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, কম্পিউটাৰ এপ্লিকেচন, অৰ্থনীতি বিজ্ঞান, শিক্ষা, ইংৰাজী, ভূগোল, ভূতত্ত্ব, হিন্দী, বুৰঞ্জী, গণিত, ফাৰ্চী, দৰ্শন, পদাৰ্থ বিজ্ঞান, ৰাজনীতি বিজ্ঞান, সংস্কৃত, পৰিসংখ্যা বিজ্ঞান  , সমাজ বিজ্ঞান, আৰু প্ৰাণীবিজ্ঞান।

ডিব্ৰুগড় বিশ্ববিদ্যালয়:

‘ডিব্ৰুগড় বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল – নৃতত্ব, প্ৰায়োগিক ভূ-বিজ্ঞান, এক্সপ্লৰেচন জিঅ’ফিজিক্স, অসমীয়া, ইংৰাজী, ৰসায়ন বিজ্ঞান, বাণিজ্য, অৰ্থনীতি বিজ্ঞান, শিক্ষা, বুৰঞ্জী, জীৱ বিজ্ঞান,গণিত, পেট্ৰলিয়াম এক্সপ্লৰেচন এণ্ড প্ৰডাকচন,ফাৰ্মাচিউটিকেল ছায়েন্স,পদাৰ্থ বিজ্ঞান,ৰাজনীতি বিজ্ঞান,সমাজ বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান, প্ৰায়োগিক মনোবিজ্ঞান, বায়ইনৰ্ফমেটিক্স, জৈৱ-প্ৰযুক্তিবিজ্ঞান, কম্পিউটাৰ এপ্লিকেচন, ভূগোল, গণসংযোগ, আইন,হিন্দী, লাইব্রেৰী ছায়েন্স এণ্ড ইনমৰমেচন ছায়েন্স, ব্যৱসায় ব্যৱস্থাপনা,পাৰফ’মিং আৰ্টচ, দৰ্শন, ফিজিকেল এডুকেচন  আৰু সমাজ সেৱা ।

গুৱাহাটী বিশ্ববিদ্যালয়:

‘গুৱাহাটী বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল – আৰবিক, অসমীয়া, বাংলা, বড়ো,অৰ্থনীতি বিজ্ঞান, বিজিনেচ ইকনমিক্স, শিক্ষা, ইংৰাজী, ইংলিচ লেংগুৱেজ টিচিং, হিন্দী, বুৰঞ্জী, লাইব্রেৰী ছায়েন্স এণ্ড ইনমৰমেচন ছায়েন্স,ভাষাবিজ্ঞান,ফাৰ্চী,দৰ্শন,ৰাজনীতি বিজ্ঞান,মনোবিজ্ঞান,সংস্কৃত, সমাজ বিজ্ঞান, ৱ’মেনজ ষ্টাডিজ, নৃতত্ব,উদ্ভিদ বিজ্ঞান,ৰসায়ন বিজ্ঞান, পৰিৱেশ বিজ্ঞান,ভূগোল, ভূতত্ত্ব,গণিত, পদাৰ্থ বিজ্ঞান, পৰিসংখ্যা বিজ্ঞান,প্ৰাণীবিজ্ঞান, এনিমেল ইকলজি এণ্ড ৱাইল্ডলাইফ বায়লজি, জৈৱ-প্ৰযুক্তিবিজ্ঞান,কম্পিউটাৰ বিজ্ঞান  ,তথ্য প্ৰযুক্তিবিদ্যা, ইলেকট্ৰনিক্স এণ্ড কমিউনিকেচন টেকন’লজি,ইন্সট্ৰুমেন্টেশ্যন,গণসংযোগ,বাণিজ্য, ব্যৱসায় ব্যৱস্থাপনা আৰু আইন ।

তেজপুৰ বিশ্ববিদ্যালয়:

‘তেজপুৰ বিশ্ববিদ্যালয়’ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল – কম্পিউটাৰ এপ্লিকেচন,ইংৰাজী, কালচাৰেল ষ্টাডিজ, সমাজ বিজ্ঞান, গণসংযোগ আৰু সাংবাদিকতা, হিন্দী,সমাজ সেৱা, শিক্ষা, গণিত, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান,নেন’ছায়েন্স এণ্ড টেকনলজি,পৰিৱেশ বিজ্ঞান, ম’লিকুলাৰ বায়’লজী এণ্ড বায়টেকনলজি ,তথ্য প্ৰযুক্তিবিদ্যা,ফুড ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি,ইলেকট্ৰনিক্স ডিজাইন এণ্ড টেকনলজি, বায়’ইলেকট্ৰনিক্স, এনাৰ্জি টেকনলজি, পলিমাৰ ছায়েন্স এণ্ড টেকনলজি আৰু যান্ত্ৰিক অভিযান্ত্ৰিক ।

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়:

কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল -সংস্কৃত সাহিত্য ,সংস্কৃত বেদিক অধ্যয়ন, শিক্ষা,ৰাজনীতি বিজ্ঞান,অসমীয়া  আৰু দৰ্শন ।

অসম মহিলা বিশ্ববিদ্যালয়  :

অসম মহিলা বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল -অসমীয়া, কালচাৰেল ষ্টাডিজ, অৰ্থনীতি বিজ্ঞান,ইংৰাজী, গণসংযোগ, ৰাজনীতি বিজ্ঞান, মনোবিজ্ঞান,সমাজ বিজ্ঞান, টুৰিজিম মেনেজমেণ্ট, কম্পিউটাৰ এপ্লিকেচন, ব্যৱসায় ব্যৱস্থাপনাআৰু ফেচন ডিজাইন এণ্ড টেকন’লজী।

অসমৰ মহাবিদ্যালয়বোৰত থকা স্নাতকোত্তৰ পাঠ্যক্রমবোৰ :

অসমৰ কেইখনমান মহাবিদ্যালয়তো বিভিন্ন বিষয়ত স্নাতকোত্তৰ পাঠ্যক্রম অধ্যয়ন কৰা সুবিধা আছে। এইবোৰৰ কেইখনমান মহাবিদ্যালয় আৰু তাত অধ্যয়ন কৰিব পৰা বিষয়বোৰ হ’ল - উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ত অসমীয়া, ৰাজনীতি বিজ্ঞান, গণসংযোগ, ৰসায়ন বিজ্ঞান আৰু ইলেকট্ৰনিক্স; ভোলানাথ বৰুৱা মহাবিদ্যালয়  ত উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু প্ৰাণীবিজ্ঞান  ; বজালী মহাবিদ্যালয়ত প্ৰাণীবিজ্ঞান, ভূগোল  আৰু অসমীয়া  ; সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অসমীয়া , উদ্ভিদ বিজ্ঞান আৰু প্ৰাণীবিজ্ঞান; আনন্দৰাম ঢেকীয়াল ফুকন মহাবিদ্যালয়ত অসমীয়া  আৰু হাৰ্বেল ছায়েন্স এণ্ড টেকন’লজী; আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ত গণিত  ; বি. এইছ. কলেজত বাণিজ্য ;বঙাইগাঁও মহাবিদ্যালয়ত ইংৰাজী  ;দৰং মহাবিদ্যালয়ত অসমীয়া, প্ৰাণীবিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান ;দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ত অৰ্থনীতি বিজ্ঞান  ;ডিমৰীয়া মহাবিদ্যালয় ত অসমীয়া, অৰ্থনীতি বিজ্ঞানআৰু পৰিৱেশ ব্যৱস্থাপনা  ;জাগীৰোড মহাবিদ্যালয়  ত টুৰিজিম মেনেজমেণ্ট  ; জগন্নাথ বৰুৱা মহাবিদ্যালয় ত ভূগোল আৰু দৰ্শন  ;নগাঁও মহাবিদ্যালয় ত অসমীয়া, উদ্ভিদ বিজ্ঞান  আৰু বুৰঞ্জী; প্রাগজ্যোতিষ মহাবিদ্যালয় ত অসমীয়া আৰু টুৰিজিম মেনেজমেণ্ট ।

এই শিক্ষানুষ্ঠানবোৰৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে বিশ্ববিদ্যালয়বোৰৰ ৱেবছাইটত চাব পাৰে । লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয় ।

 

লেখক - ড° বুলজিৎ বুঢ়াগোহাঁই

উৎস:জোনাকীৰ বাটেৰে(ই-আলোচনী)

শেহতীয়া উন্নীতকৰণ: : 6/17/2022



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate