অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আকৰ্ষণীয় পেশা হিচাপে সাংবাদিকতা :

আকৰ্ষণীয় পেশা হিচাপে সাংবাদিকতা :

 

প্রথমে এটা কথা উল্লেখ কৰা লোৱা ভাল হ’ব যে সাংবাদিক হোৱাৰ বাবে সাংবাদিকতাৰ পাঠ্যক্রম পঢ়িবই লাগিব কোনো ধৰা বন্ধা কথা নাই । তথাপি সাম্প্ৰতিক সময়ত এটা জনপ্রিয় পাঠ্যক্রম হ’ল – সাংবাদিকতা পাঠ্যক্রম । এই পাঠ্যক্রম প্রথাগত পদ্ধতি অথবা দূৰ শিক্ষাৰ জৰিয়তে পঢ়িব পাৰি । এতিয়া কথা হ’ল- যি পদ্ধতিৰে সাংবাদিকতা পাঠ্যক্রমৰ শিক্ষা গ্রহণ কৰক বা নকৰক কিয়, সাংবাদিক হ’ব বিচৰা গৰাকীয়ে প্রমাণ কৰি দেখুৱাব লাগিব যে তেওঁৰ তেনে ধৰণৰ কাম কৰিবৰ বাবে যোগ্য।

এজন সফল সাংবাদিক হ’বলৈ কিছুমান দক্ষতা থকা দৰকাৰ , যেনে – ভাল যোগাযোগ দক্ষতা থকা , বিভিন্ন ধৰণৰ বাতৰি উৎসৰ লগত সংষ্পৰ্শ থকা , সাহস বিশ্লেষণ ক্ষমতা, সকলো ধৰণৰ ৰাজনৈতিক তথা সাম্প্রতিক ঘটনা প্রবাহৰ বিষয়ে সচেতন হোৱা , নেতৃত্বসুলভ গুণ থকা , সঠিক আৰু চমুকৈ লিখিব পৰা দক্ষতা, প্রখৰ বুদ্ধি, উন্নত চিন্তাধাৰা, গভীৰ অধ্যয়ন , কষ্ট কৰাৰ মানসিকতা আদি গুণ থকা প্রয়োজন।

বিভিন্ন বিভাগৰ জাৰ্নেলিজম বা সাংবাদিকতাৰ পাঠ্যক্রম আছে । এইবোৰৰ ভিতৰৰ কিছুমান হ’ল ১) স্প’ৰ্টছ জাৰ্নেলিজম, ছাইন্স জাৰ্নেলিজম, ইক’ন’মিক্স জাৰ্নেলিজম, মাৰ্কেটিং জাৰ্নেলিজম , ক্ৰাইম্ জাৰ্নেলিজম , ফটো জাৰ্নেলিজম, ইনভেষ্টিগেট জাৰ্নেলিজম, ইত্যাদি ।

উচ্চতৰ মাধ্যমিক (কলা/বাণিজ্য/বিজ্ঞান) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত সাংবাদিকতাৰ পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে। সাংবাদিকতাৰ পাঠ্যক্রমত ডিপ্লমা , স্নাতক , স্নাতকোত্তৰ আৰু পি.এইচ.ডি. কৰিব পাৰি ।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো সাংবাদিকতা শিক্ষা গ্রহণ কৰিব পৰা বহুত শিক্ষানুষ্ঠান আছে । সাংবাদিকতাৰ পাঠ্যক্রম তথা প্রশিক্ষণ আগবঢ়োৱা শিক্ষানুষ্ঠান কেইখনমান হ’ল-

১)ইণ্ডিয়ান ইনষ্টিটিউট অৱ মাছ কমিউনিকেছন (http://www.iimc.nic.in/),

২)জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় (http://ajkmcrc.org/) ,

৩)ছিমবায়’ছিছ ইনষ্টিটিউট অৱ মাছ কমিউনিকেছন (http://simc.edu/),

৪)পুনে বিশ্ববিদ্যালয় (http://www.unipune.ac.in/) ,

৫)এমিটি স্কুল অৱ জাৰ্নেলিজম এণ্ড কমিউনিকেছন ,

৬)কলকতা বিশ্ববিদ্যালয় (http://www.caluniv.ac.in/),

৭)বেনাৰস হিন্দু বিশ্ববিদ্যালয় (http://www.bhu.ac.in/) ,

৮)গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gumasscom.org/),

৯)তেজপুৰ বিশ্ববিদ্যালয় (http://www.tezu.ernet.in/),

১০)অসম বিশ্ববিদ্যালয় (http://www.aus.ac.in/),

১১)ডিব্রুগড় বিশ্ববিদ্যালয় (http://www.dibru.ac.in/)

১২)ইন্দিৰা গান্ধী ৰাষ্ট্রীয় মুকলি বিশ্ববিদ্যালয় (http://rcguwahati.ignou.ac.in/)

১৩)কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় (http://www.kkhsou.in/)

ড°ভূপেন হাজৰিকা চেণ্টাৰ ফৰ মাছ কমিউনিকেচন এণ্ড জাৰ্নেলিজম , ইণ্টাৰপ্রিনাৰশ্বিপ ডেভেলপমেণ্ট চেল, কটন কলেজ (http://edccottoncollege.org/)

ইনষ্টিটিউট অৱ ডিচটেন্স এণ্ড অ’পেন লাৰ্নিং , গুৱাহাটী বিশ্ববিদ্যালয় (http://www.idolgu.in/)

অসম সাংবাদিকতা বিদ্যালয় , গুৱাহাটী আদি ।

লগতে উল্লেখ কৰা ভাল হ’ব যে পঞ্জাৱ কৃষি বিশ্ববিদ্যালয় (http://www.pau.edu/)ত মাথোঁ বিজ্ঞানৰ স্নাতকৰ বাবে সাংবাদিকতাৰ দুবছৰৰ বাবে পাঠ্যক্রম আগবঢ়োৱা হয়।

এই শিক্ষানুষ্ঠানবোৰৰত সাংবাদিকতাৰ পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে। লগতে নাম ভৰ্তি বাবে বিজ্ঞাপন বাতৰি কাকতত প্রকাশ হয় । সাংবাদিকতা পাঠ্যক্রম সমাপ্ত কৰা পিছত ছপা আৰু ইলেক্টনিক -দুয়োটা মাধ্যমতে চাকৰি পায় ।  সাংবাদিকতা পাঠ্যক্রম শেষ কৰাৰ পিছত চৰকাৰী-বেচৰকাৰী সংবাদ সংস্থা, ভিন্ন প্রতিষ্ঠানৰ জনসংযোগ বিভাগ, দৈনিক, সাপ্তাহিক, মাহেকীয়া আদি কাকতত চাকৰি পায় ।

লেখক: ড° বুলজিৎ বুঢ়াগোহাঁই (অসমীয়াৰ সুখ-দুখ)

 

শেহতীয়া উন্নীতকৰণ: : 11/25/2021



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate