ৰবট এটাত থকা বিভিন্ন যন্ত্ৰাংশ আদি বিষয় বা ৰবট এটাৰ আঁৰৰ সকলোখিনিয়েই সাধাৰণ ভাষাত ৰবটিক্ছ বুলিব পাৰো। সাধাৰণতে এই কথা ভবা নাযায় যে ইও এক বহুলভাৱে অধ্যয়ন কৰিবলগীয়া বিষয়বস্তু হ’ব পাৰে। কিন্তু প্ৰকৃতাৰ্থত ইয়াৰ অধ্যয়নৰ পৰিসৰ খুবেই বহল। সেয়ে ভাৰতৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানে আগবঢ়াইছে এই ৰবটিক্ছ বি টেক আৰু এম টেক ডিগ্ৰীৰ পাঠ্যক্ৰম।
‘ৰবট’ শব্দটো আমাৰ সকলোৰে কাৰণে এটা খুবেই পৰিচিত শব্দ। বিশেষকৈ ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ-ছাত্ৰীয়ে হওক বা কোনো এজন ইঞ্জিনীয়াৰিং পঢ়িব খোজা ছাত্ৰ-ছাত্ৰীয়ে হওক তেওঁলোকৰ কাৰণেতো কথাই নাই। ৰবট এটাত থকা বিভিন্ন যন্ত্ৰাংশ আদি বিষয় বা ৰবট এটাৰ আঁৰৰ সকলোখিনিয়েই সাধাৰণ ভাষাত ৰবটিক্ছ বুলিব পাৰো। সাধাৰণতে এই কথা ভবা নাযায় যে ইও এক বহুলভাৱে অধ্যয়ন কৰিবলগীয়া বিষয়বস্তু হ’ব পাৰে। কিন্তু প্ৰকৃতাৰ্থত ইয়াৰ অধ্যয়নৰ পৰিসৰ খুবেই বহল। সেয়ে ভাৰতৰ বিভিন্ন আগশাৰীৰ শিক্ষানুষ্ঠানে আগবঢ়াইছে এই ৰবটিক্ছ বিষয়টোত বি টেক আৰু এম টেক ডিগ্ৰীৰ পাঠ্যক্ৰম। ৰবটিক্ছ বিষয়ত বি টেক বা স্নাতক ডিগ্ৰীত নামভৰ্তিৰ বাবে বিজ্ঞান শাখাৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগে যদিও গণিত, জীৱ-বিজ্ঞান আৰু কম্পিউটাৰ বিষয়কেইটা থকাটো বাঞ্ছনীয়। তেনেদৰে এম টেক বা স্নাতকোত্তৰ ডিগ্ৰীত নামভৰ্তিৰ বাবে মেকানিকেল, কম্পিউটাৰ ছায়েন্স, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰ’নিকছ এণ্ড কমিউনিকেচন, মেকাট্ৰ’নিক্ছ, এৰ’ন’টিকেল ইত্যাদি যিকোনো এটা বিষয়ত ইঞ্জিনীয়াৰিঙৰ স্নাতক হ’ব লাগে। ভাৰতৰ আটাইকেইখন আই আই টিতে এই বিষয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আছে।
তদুপৰি আই আই টি হায়দৰাবাদ, বি আই টি এছ পিলানি, পি এছ জি কলেজ অব্ ডেৰাডুন আদি আগশাৰীৰ শিক্ষানুষ্ঠানে এই বিষয়ত স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম আগবঢ়াইছে। নিয়োগৰ ক্ষেত্ৰতো নতুনকৈ নিয়োজিত হোৱা একোজন ৰবটিক্ছ ইঞ্জিনীয়াৰৰ দৰমহা অতি লোভনীয়। নতুনকৈ নিয়োজিতজনৰো বাৰ্ষিক আয় ৫ ৰ পৰা ৮ লাখ পৰ্যন্ত হোৱা দেখা যায় আৰু পদোন্নতি আৰু অভিজ্ঞতাৰ লগে লগে ই বাঢ়ি যায়।
ৰবটিক্ছ ইঞ্জিনীয়াৰ এজনৰ নিয়োগৰ ক্ষেত্ৰত ভাৰতৰ আগশাৰীৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত আছে:
লিখক: অৰূপ কুমাৰ ডেকা, সম্ভাৰ, অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 3/18/2020
ইক’লজিকেল ইঞ্জিনীয়াৰিং
নেচনেল ইনষ্টিটিউট অব্ ফায়াৰ এণ্ড ছেফ্টি ইঞ্জিনীয়...
উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানবোৰত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা শ...
ৰাজ্য চৰকাৰৰ বিনামুলীয়া নামভৰ্তি আঁচনি