অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কর্মক্ষেত্ৰৰ সমস্যাৰ সমাধান কৰিব কেনেকৈ?

ৰাম কাকতিৰ অফিচত বহু সমস্যা। তেওঁৰ কাম কৰিবলৈ মন আছে আৰু কৰেও। কিন্তু অফিচ পলিটিক্‌ছৰ ফলত তেওঁ প্ৰায়ে ভালদৰে কাম কৰিব নোৱাৰে। কাম কৰিলে তাৰ ক্রেডিট তেওঁ নাপায়। তদুপৰি যিমান কাম কৰিম বুলি ভাবে সিমান কৰিব নোৱাৰে। নানাজনৰ নিগেটিভ কথাই তেওঁক নানাধৰণে অশান্তি দিয়ে। আগতকৈ যেন অফিচত তেওঁৰ গুৰুত্ব কমিছে, এনে ভাব হয়। মনত তেওঁৰ শান্তি নাই।

কৰিশ্মা বেগমৰ সমস্যাটো বেলেগ। তেওঁ কলেজত পঢ়ায়। সময়ত আহে, নিজৰ কাম ভালদৰে কৰে। কিন্তু একেলগে কাম কৰা কিছুমান মানুহৰ কথা-কাণ্ড, কামে তেওঁক অশান্তি দিয়ে। তেওঁ অকণমান অন্তর্মুখী স্বভাৱৰ, গতিকে আনে তেওঁক কিবা ক’লেও তেওঁ সহজে ঘূৰাই তাৰ উত্তৰ দিব নোৱাৰে। দিনটো তেওঁৰ সদায় ভাঙি টুকুৰা-টুকুৰ হৈ যায়, একো কামেই ভবামতে কৰিব নোৱাৰে।

এয়া মাত্র কর্মক্ষেত্ৰৰ নানা সমস্যাৰ দুটামান সৰু উদাহৰণহে। আপোনাৰ কৰ্মক্ষেত্ৰত (অৰ্থাৎ চাকৰিত বা ব্যৱসায়ত) আপুনি আৰু নানাধৰণৰ আৰু সৰু-ডাঙৰ নানা সমস্যাৰ মুখামুখি হ’ব পাৰে। এইবোৰৰ সমাধান উলিওৱাটো অকল আপোনাৰ মানসিক শান্তি আৰু সুখৰ বাবেই জৰুৰী নহয়, ই আপোনাৰ জীৱনৰ বাবেই জৰুৰী।

জীৱনটোৰ এক বুজন অংশ আপুনি নিজৰ কর্মক্ষেত্ৰত অতিবাহিত কৰে। কোনো কোনোৱে জীৱনৰ আধা অফিচতে বা ব্যৱসায়তে খৰচ কৰে। যদি তাত আপুনি ভবা মতে, নিজৰ সামৰ্থ্য অনুযায়ী কাম কৰি, নিজে বিচৰা ফলাফলবোৰ আপুনি লাভ নকৰে, তেন্তে এই সময়বোৰ নষ্ট নহ’ল জানো? সেইবাবে কর্মক্ষেত্ৰৰ সমস্যাবোৰৰ সমাধান উলিয়াই আপোনাৰ বাবে এক পজিটিভ পৰিৱেশৰ সৃষ্টি কৰাটো আপোনাৰ বাবে খুবেই প্রয়োজনীয়। কেনেদৰে সমস্যাবোৰৰ সমাধান উলিয়াই আপোনাৰ বাবে এক পজিটিভ পৰিৱেশৰ সৃষ্টি কৰাটো আপোনাৰ বাবে খুবেই প্ৰয়োজনীয়। কেনেদৰে সমস্যাবোৰৰ সমাধান উলিয়াব পাৰি সেই বিষয়ে দুটামান উপায়ৰ কথা চাওঁ আহকচোন।

আপোনাৰ প্ৰায়'ৰিটী কি?

কোনবোৰ কথা আপোনাৰ বাবে বেছি গুৰুত্বপূর্ণ? সেইবোৰেই হ’ল আপোনাৰ প্রায়’ৰিটী। কাৰোবাৰ বাবে ল’ৰা-ছোৱালী বা পৰিয়ালটো প্ৰথমতে আহে, আন কাৰোবাৰ কাৰণে কেৰিয়াৰ আৰু চাকৰিত পদোন্নতি বেছি গুৰুত্বপূৰ্ণ হ'ব পাৰে। আন কোনবোৰ কাৰণে কর্মক্ষেত্ৰত বেছি গুৰুত্ব পোৱাটো হয়তো বেছি প্ৰয়োজনীয়।

প্ৰথমতে আপুনি ঠিক কৰি ল’ব লাগিব যে আপোনাৰ বাবে আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কথা কোনকেইটা। আপোনাৰ বাবে এইকেইটা হ’ল প্রায়’ৰিটী। তিনিটা প্ৰায়’ৰিটীয়ে যথেষ্ট হ’ব এতিয়াৰ বাবে। এবাৰ আপুনি ঠিক কৰি ল’লে আপুনি চাব লাগিব আপোনাৰ কৰ্মক্ষেত্রই পোনপটীয়াকৈ ইয়াৰ ওপৰত প্ৰভাৱ পেলায় নেকি। যদি পেলায় তেন্তে আপোনাৰ প্রায়’ৰিটীকেইটাৰ ওপৰত নিৰ্ভৰ কৰি আপুনি কিছুমান সালসলনি কৰি ল'ব লাগিব। যদি আপোনাৰ পৰিয়াল আৰু সন্তান আপোনাৰ প্রথম প্রায়’ৰিটী, আৰু যদি অফিচৰ আপুনি নানা দায়িত্ব লোৱা বাবে তেওঁলোকক সময় দিব পৰা নাই, তেন্তে আপুনি কিছুমান সালসলনি কৰি সন্তান আৰু পৰিয়ালৰ বাবে বেছি সময় উলিয়াব লাগিব। হয়তো কিছুমান দায়িত্ব আপুনি এৰিব লাগিব বা নিজৰ কৰ্মদক্ষতা বঢ়াব লাগিব বা কঠোৰভাবে সময়সীমা বান্ধি লৈ সেইমতে চলিব লাগিব। কর্মক্ষেত্ৰৰ আওপকীয়া প্ৰভাৱ থাকিবই, কাৰণ প্ৰায়’ৰিটী আৰু কৰ্মক্ষেত্ৰ দুয়োটাৰে লগত আপুনি জড়িত হৈ আছে। তেতিয়া আপুনি প্রয়োজনীয় সালসলনি কৰি প্ৰায়’ৰিটীবোৰক গুৰুত্ব দিব লাগিব। কিন্তু এই কামটো আগৰটোতকৈ অলপ হ’লেও সহজ হ'ব।

কাকতিৰ প্ৰায়’ৰিটী হ’ল একমাত্র ল'ৰাটো আৰু পৰিবাৰৰ সৈতে পৰিয়ালটো। তাৰ পিছত তেওঁ সাহিত্য চর্চা কৰে, আৰু সেয়া কৰি তেওঁ ভাল পোৱাৰ লগতে ই তেওঁৰ লিগেচী এটা এৰি যাব বুলি ভাবে। এইটো তেওঁৰ দ্বিতীয় প্রায়’ৰিটী। তৃতীয় প্রায়’ৰিটী হ’ল তেওঁৰ কামবোৰ ভালকৈ কৰা যাতে তাৰ পৰা তেওঁৰ সন্তুষ্টি আহে। তেওঁ কথাখিনি ভাবি-চিন্তি উলিয়াবলৈ এসপ্তাহ লাগিল, কিন্তু লগে লগে তেওঁ মন কৰিলে তেওঁৰ বাবে কথাবোৰ একেবাৰে পৰিষ্কাৰ হৈ পৰিল।

কৰিশ্মা বেগমৰ প্ৰথম প্ৰায়’ৰিটী তেওঁৰ কাম, তেওঁ নিজৰ বিষয়ত আটাইতকৈ ভাল শিক্ষক হ’ব খোজে অসমত। দ্বিতীয় প্রায়’ৰিটী হ’ল পৰিয়াল। ল'ৰা-ছোৱালীহঁতক সঠিকভাৱে ডাঙৰ-দীঘল কৰা যাতে কাইলৈ সিহঁতে যি কৰিব মন কৰে সেয়া কৰিবলৈ সিহঁত শাৰীৰিক, মানসিকভাৱে সক্ষম হয়। তৃতীয় প্রায়’ৰিটী হ’ল মানুহক সহায় কৰা। তেওঁ ছাত্ৰ-ছাত্ৰীসকলক কেৰিয়াৰ গাইডেন্স, নতুন নতুন কথা শিকিবলৈ উৎসাহিত কৰা, জীৱনত আৰু ভাল কৰিবলৈ উৎসাহিত কৰা আদি কামবোৰ কৰি সহায় কৰিব বিচাৰে। নতুন বছৰটোৰ দুদিন আগতে প্ৰায়’ৰিটীৰ কথাটো চিন্তা কৰিবলৈ বহি তেওঁক মাথোঁ এদিন লাগিল কথাবোৰ জুকিয়াই সেইবোৰ ঠিক কৰি ল'বলৈ। নতুন বছৰটোৰ প্ৰথম দিনটোৰ পৰাই সেই প্রায়’ৰিটী মতে চলিবলৈ তেওঁ সাজু হ’ল।

অফিচ পলিটিক্‌ছ আৰু আন আন সমস্যা-কি কৰিব?

কর্মক্ষেত্ৰত ৰাজনীতি (অফিচ পলিটিক্‌ছ) থাকিবই বেলেগ বেলেগ ৰূপত, বেলেগ কর্মক্ষেত্ৰত ই থাকে। আপুনি হয়তো তাত অংশ ল'ব পাৰে বা ইয়াক এৰাই চলিব পাৰে। কি কৰিব সেয়া আপুনি নিজে ঠিক কৰি লওক। আপোনাৰ কৰ্মক্ষেত্ৰত যদি সমস্যা আছে আপুনি নাভাবিব যে বহু টকা-পইচা পোৱা বা বহু ক্ষমতা থকা আন এটা চাকৰিত সমস্যা নাই। সমস্যাবোৰ বেলেগ বেলেগ হ’ব পাৰে, কিন্তু সকলোতে সমস্যা থাকিবই।

ৰাম কাকতি আৰু কৰিশ্মা বেগম দুয়ো এই কথাটো বুজি পায় যে সমস্যা থাকিবই। দুয়ো অফিচ পলিটিক্‌ছত কোনোধৰণে যোগ দিবলৈ ইচ্ছা নকৰে। তেওঁলোকৰ বাবে নিজৰ নিজৰ কৰ্মক্ষেত্ৰত প্ৰধান উদ্দেশ্য হ’ল নিজৰ কাম ভালদৰে কৰা যাতে তেওঁ কিবা এটা পজিটিভ সালসলনি আনিব পাৰে তেওঁৰ কামৰ দ্বাৰা। গতিকে দুয়োৰে নিজা সিদ্ধান্ত যে তেওঁলোকে কেৱল পজিটিভ কথাতহে যোগ দিব আৰু তেনে কামহে কৰিব যি কামৰ ফলত আন কাৰোবাৰ (ছাত্র-ছাত্রী বা আন সাধাৰণ মানুহ) কিবা এটা লাভ হয় বা ভাল হয়।

আপোনাৰ ব্যক্তিত্ব কেনেকুৱা ?

আপোনাৰ ব্যক্তিৰ ওপৰত বহু কথা নিৰ্ভৰ কৰি আপোনাৰ কৰ্মক্ষেত্রত। যদি আপোনাৰ ব্যক্তিত্ব শক্তিশালী নহয়, তেন্তে আন মানুহে তাৰ সুবিধা ল’ব আৰু তাৰ ফল ভুগিব লাগিব আপুনি। যদি আপোনাৰ নিজা কোনো মত নাই, আন মানুহে আপোনাক আপুনি নিবিচৰা কাম কৰাব পাৰে, মানুহে আপোনাৰ লগত কথা পাতি ভাল নাপায়, আপোনাৰ আত্মবিশ্বাস কম, আপুনি নিজৰ ভুলৰ দায়িত্ব নলয়, আনৰ আগত আপুনি কথা ক’ব নোৱাৰে, তেন্তে আপোনাক নানা ধৰণৰ সমস্যাই সদায় জুৰুলা কৰি থাকিব। এইবিলাক আপোনাৰ ব্যক্তিত্ব গুৰুত্বপূর্ণ অংশৰ কিছুমান উপাদান। আপুনি মন কৰিব আন মানুহে কিছুমান বিশেষ মানুহৰ ওচৰলৈ সহায় বিচাৰি, উপদেশ বিচাৰি আহে তেওঁলোকে সদায়ে সকলো কামতে আগভাগ লয়। তেওঁলোক নহ’লে একো কামেই নচলে; সকলোৱে তেওঁলোকৰ লগতহে কথা পাতিব বিচাৰে। যদি আপুনি এনে মানুহবোৰৰ মাজৰ এজন, তেনেহ’লে অভিনন্দন, আপোনাৰ ব্যক্তিত্ব হয়তো ইতিমধ্যে শক্তিশালী। যদি আপুনি তাৰ ভিতৰত নাই, তেন্তে এতিয়াও চিন্তা কৰিবলৈ সময় আছে। এই মানুহবোৰ আপোনাতকৈ বেলেগ নহয়, তেওঁলোক মাত্র এক শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী, তেওঁৰ আত্মবিশ্বাস আছে, তেওঁৰ কমিউনিকেশনৰ (যোগাযোগ) কৌশল শক্তিশালী। সেয়া আপুনিও শিকিব পাৰে, অভ্যাস কৰিব পাৰে আৰু তাৰ পৰা আপুনি সদায় পজিটিভ, ভাল ফলেই পাব।

কাকতিয়ে নাজানে তেওঁ অন্তর্মুখী নে বহির্মুখী ব্যক্তিত্বৰ মানুহ। সেই কথা লৈ তেওঁ বেছি মূৰ নঘমায়। তেওঁ মাত্ৰ জানে যে তেওঁৰ নিজৰ ওপৰত সম্পূর্ণ বিশ্বাস আছে আৰু সেয়ে তেওঁ কাণে ভয় কৰিবলগীয়া একো নাই। গতিকে আন মানুহে তেওঁক সতকাই কোনো কথা ক’ব নোৱাৰে বা তেওঁক জোৰকৈ তেওঁ নিবিচৰা কাম কৰাব নোৱাৰে। তেওঁ কথাবোৰ চালিজাৰি চাইহে সিদ্ধান্ত গ্ৰহণ কৰে। তেওঁ নিজৰ সিদ্ধান্তত অটল হৈ থাকে, কিন্তু সেইবুলি আনৰ কথা নুশুনাকৈ নাথাকে বা তেওঁ নতুন বস্তু শিকিবলৈ আৰু নাজানো বুলি ক’বলৈ ভয় নকৰে।

কৰিশ্মা বেগম অকণমান অন্তর্মুখী স্বভাৱৰ মানুহ। তেওঁ আন মানুহক সতকাই টানকৈ বা বেয়াকৈ ক’ব নোৱাৰে। নিজৰ মনৰ কথাও তেওঁ আনক খুলি ক'বলৈ দিগদাৰ পায়। আন মানুহে তেওঁক প্ৰায়ে অফিচৰ এনে কিছুমান কাম কৰিবলৈ বাধ্য কৰে, যিবোৰ কৰিবলৈ তেওঁ ভাল নাপায়। কিন্তু তেওঁ একো ক'ব নোৱাৰে। আনক ‘না’ বা ‘নহ’ব বুলি ক’বলৈ তেওঁ টান পায়। কিন্তু তাৰ পৰা হোৱা সমস্যাবোৰৰ কথা গম পাই লাহে লাহে তেওঁ লাহে লাহে নিজৰ ব্যক্তিত্ব, কমিউনিকেশ্বন আৰু আত্মবিশ্বাস আৰু বঢ়োৱা আৰু ভাল কৰাৰ বাবে কাম কৰিবলৈ আৰম্ভ কৰিছে। কিছুদিনৰ ভিতৰতে তেওঁ তাৰ ফল পোৱা আৰম্ভ কৰিছে।

আপোনাৰ ফ'কাছটো ক’ত ?

আপুনি ক’ত ফ’কাছ কৰি আছে, সমস্যাবোৰত নে সমস্যাবোৰৰ সমাধানত? আপুনি ফ'কাছ ক'ত কৰিছে— নিজৰ প্ৰায়’ৰিটীবোৰত নে আন আন আমনি, অশান্তি, সমস্যাবোৰত ? য'ত ফ’কাছ কৰে, সেইটোৱে আপোনাৰ বাবে বাঢ়ি যাব৷ যদি অফিচলৈ গৈ আপুনি অনবৰতে তাত পোৱা অশান্তিবোৰত ফ’কাছ কৰি থাকে, সেই অশান্তিবোৰে আপোনাক বেছিকৈ আমনি কৰিব। দিনটো নষ্ট হোৱাৰ লগতে তাৰ বিস্বাদ সন্ধিয়া আপুনি ঘৰলৈ ঘূৰি আহোঁতে আপোনাৰ ঘৰলৈ আৰু পৰিয়াললৈও আহিব।

আপোন ভালেই জগত ভাল। শুনিছেনে কেতিয়াবা ? সৰু এটি বাক্য, কিন্তু তাত বহু কথা সোমাই আছে আৰু আপুনি ইয়াক ব্যৱহাৰ কৰিব পাৰে। আপুনি নিজৰ অফিচতে নিজৰ বাবে এটা সৰু, সুকীয়া পৰিৱেশৰ সৃষ্টি কৰি ল'ব পাৰে, যিয়ে আপোনাক বেছি কাম কৰাত, বেছি ভালকৈ কাম কৰাত, শান্তি আৰু সুখী মনেৰে কাম কৰাত সহায় কৰিব। আপুনি যিমানে সৰু বা ডাঙৰ, কম ব্যস্ত বা অতিপাত বা চাকৰি এটা নকৰক কিয়, এইটো কৰি লোৱাটো সম্ভৱ।

কাকতি আৰু বেগম দুয়োগৰাকীয়ে বেলেগে বেলেগে ক’ৰবাত এই ফ’কাছৰ কথাটো শুনিছিল। তেওঁলোকে এই উপায়টো ব্যৱহাৰ কৰি চালে। এতিয়া তেওঁলোকে কিবা অশান্তি পালে তেওঁৰ ফ'কাছটো সেই সময়ত ক’ত আছে সেয়া চায়। যদি ফ’কাছটো সমস্যা, অশান্তি, আন মানুহৰ ব্যৱহাৰৰ ওপৰত আছে, তেওঁলোকে ততালিকে তাক সলনি কৰি নিজৰ প্ৰায়’ৰিটী আৰু সমস্যাৰ সমাধান এই দুটা কথাৰ ওপৰলৈ লৈ আহে। নিজৰ তিনিটা প্ৰায়'ৰিটীৰ যিটোৱে সুবিধা হয়, তাৰে ওপৰত তেওঁলোকে ফ’কাছ কৰে। প্ৰথমে প্রথমে কামটো টান লাগিছিল। প্ৰায় এমাহমান কৰাৰ পিছত এতিয়া কিন্তু দুয়োৰে বাবে কামটো সহজ হৈ আহিছে। দুয়োৰে আন এটা উপৰঞ্চি লাভ হৈছে, তেওঁলো প্রায়’ৰিটী কৰি লোৱা কৰিবলগীয়া কামবোৰ লাহে লাহে আগবাঢ়ি গৈ আছে, হৈ গৈ আছে।

ৰাম কাকতি আৰু কৰিশ্মা বেগমে নিজৰ জীৱনটোৰ এটা প্ৰধান অংশ কর্মক্ষেত্ৰখন বহুপৰিমাণে নিজৰ হাতলৈ লৈ আহিছে। আৰু কৰিবলগীয়া আছে, কিন্তু তেওঁলোকে কি কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে এই দুটা গুৰুত্বপূৰ্ণ কথা শিকি গৈছে। গতিকে তেওঁলোকে ক্ৰমান্বয়ে ইয়াতো নিজৰ বাবে ভাল ফল লাভ কৰি গৈ থাকিব আৰু লগতে আনকো সহায় কৰি গৈ থাকিব।

তেওঁলোকৰ ঠিকে আছে, পিছে আপোনাৰ কৰ্মজীৱন আৰু কৰ্মক্ষেত্র কেনে চলিছে?

লিখক: বিকাশ কলিতা।

শেহতীয়া উন্নীতকৰণ: : 2/28/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate