অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেৰিয়াৰ গঢ়াত কিছু নতুন চিন্তা

কেৰিয়াৰ গঢ়াত কিছু নতুন চিন্তা

প্ৰযুক্তিবিদ্যাৰ উন্নয়নৰ লগে লগেই জীৱন ধাৰণৰ প্ৰণালীও প্ৰতিদিনেই সলনি হৈ গৈ আছে। বৰ্তমান সময়ত যিকোনো কামতেই কম্পিউটাৰৰ প্ৰয়োজনীয়তা কোনেও নুই কৰিব নোৱাৰে। আজিকালি যেনেদৰে প্ৰতিটো কামতেই মানুহে কম্পিউটাৰ ব্যৱহাৰ কৰে, তেনেবোৰেই ইয়াক মনোৰঞ্জনৰ আহিলা হিচাপেও ব্যৱহাৰ কৰে। মনোৰঞ্জনৰ কথা অহাৰ লগে লগে আমাৰ মনলৈ আহে বিভিন্ন কম্পিউটাৰ গেমৰ কথা। এই গেমবোৰ বিভিন্ন কম্পিউটাৰ গেম বনোৱা কোম্পানীয়ে নিৰ্মাণ কৰে। আজিৰ দিনত কম্পিউটাৰৰ এনিমেচন আৰু গেম আদি নিৰ্মাণ কৰা বিষয়ত অধ্যয়ন কৰি এক সুন্দৰ কেৰিয়াৰ গঢ়াৰ যথেষ্ট থল আছে আৰু বহুতো ছাত্ৰ-ছাত্ৰী ইয়াৰ জড়িতেও হৈছে। তদুপৰি এই বিষয়ক কেৰিয়াৰত কিছু গ্লেমাৰো আছে এই বিষয়ত আপুনি কেনেদৰে, ক’ত অধ্যয়ন কৰিব-

কম্পিউটাৰ এনিমেচন আৰু গেম আদি নিৰ্মাণ কৰা বিষয়ত গঢ়িব খোজা ছাত্ৰ-ছাত্ৰী এজন নিজেও কিছু ক্ৰিয়েটিভ হোৱা প্ৰয়োজন। এই বিষয়টো অধ্যয়ন কৰিবৰ বাবে বিভিন্ন শিক্ষানুষ্ঠানে এই বিষয়ক পাঠ্যক্ৰম আগবঢ়াইছে। ভাৰতৰ আগশাৰীৰ শিক্ষানুষ্ঠান, যেনে-ভাৰতী বিদ্যাপীঠ, পুনে, এৰেনা এনিমেচন, মায়া একাডেমী অব্‌ এডভান্স চিনেমেটিক, পুনেৰ ডি এছ কে আদিয়ে এনিমেচন আৰু গেমিং বিষয়ত বি এছ চি পাঠ্যক্ৰম আগবঢ়াইছে ছাত্ৰ-ছাত্ৰীৰ বাবে। তদুপৰি ছাত্ৰ-ছাত্ৰীয়ে ভিডিঅ’ গেম ডিজাইনিঙত স্নাতকোত্তৰ পাঠ্যক্ৰমতো নামভৰ্তি কৰিব পাৰে। স্নাতক পাঠ্যক্ৰমৰ বাবে শিক্ষাগত অৰ্হতা বিজ্ঞান শাখাত উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হ’ব লাগিব।

বৰ্তমান ভিডিঅ’ গেমৰ উপৰি কম্পিউটাৰ, ম’বাইল ফোন আদিত গেমবোৰ থকাৰ বাবে ই মানুহৰ মাজত অতিকৈ জনপ্ৰিয়। এনেধৰণৰ পাঠ্যক্ৰম সাং কৰি এজন ছাত্ৰ-ছাত্ৰীয়ে গেম ডিজাইনাৰ, গেম প্ৰগ্ৰেমাৰ, গেম এনিমেচন, গেম আৰ্ট ক্ৰিয়েটৰ ইন টু-ডি এণ্ড থ্ৰি-ডি আদি বিভিন্ন পদত নিয়োজিত হ’ব পাৰে। নতুনকৈ এনেধৰণৰ কাম এটাত নিয়োজিত হোৱা এজনে মাহিলি ১২,০০০ ৰ পৰা ১৮,০০০ পৰ্য্যন্ত দৰমহা পায় আৰু পিছলৈ এই দৰমহা ৪০,০০০-১,০০,০০০ পৰ্য্যন্ত হোৱা দেখা যায়। এনেধৰণৰ পাঠ্যক্ৰম কৰি ছাত্ৰ-ছাত্ৰীসকল নিয়োজিত হোৱা বিভিন্ন ভিডিঅ’ গেম বনোৱা কোম্পানীবোৰৰ ভিতৰত আগশাৰীত আছে- অজুৰা, ডিজিটেল চকলেট, চাইনা-জি, গেমছ টু উইন, নাজাৰা, হচটগ, আইএনাৰ্জিযাৰ, অক্ট্ৰো ইত্যাদি।

লিখক: অৰূপ কুমাৰ ডেকা, সম্ভাৰ।

শেহতীয়া উন্নীতকৰণ: : 9/13/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate