অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেৰিয়াৰ বাৰ্তা

ৰেডিঅ’জকী


ভাৰতবৰ্ষত টেলিভিছনৰ আগমনৰ লগে লগে ৰেডিঅ’ৰ জনপ্রিয়তা যে অটুট থাকিব সেই কথা কোনোৱে বিশ্বাস কৰা নাছিল। কিন্তু মিলিনিয়ামৰ আৰম্ভণিৰ লগে লগে ৰেডিঅ’ আকৌ মানুহৰ এটা অবিচ্ছেদ্য অংগ হৈ পৰিল। এই সকলোবোৰৰ জনপ্রিয়তা বাঢ়িল মূলত: এফ এমৰ জৰিয়তে। আমি প্রত্যেক ঠাইতে ৰেডিঅ’ মিৰ্চি, ৰেডিঅ’ চিঠি, ৰেডিঅ’ এফ এম, এ আই আৰ এফ এম আৰু ৰেডিঅ’ মন্ত্ৰাৰ দৰে চেনেল ব্যাপ্তি লাভ কৰিছো। বর্তমান নতুন নতুন এফ এম চেনেলৰ সংখ্যা বৃদ্ধি পাইছে। এনে সময়ত এই ক্ষেত্ৰখনত সম্ভাৱনাৰ প্ৰসাৰতা হোৱাটো নিশ্চিত। আজি সৰুৰ পৰা আৰম্ভ সকলোৱে এফ এম শুনে আৰু তাত ঘোষণা কৰা এংকৰসকলৰ লগত বন্ধুত্ব গঢ়ি তোলে। বৰ্তমান সময়ত ৰেডিঅ’জকীৰ কার্যক্ষেত্ৰখন যথেষ্ট বহুল হৈ পৰিল। য’ত তেওঁলোকে সম্পূর্ণ প্ৰগ্ৰেমৰ তৈয়াৰী কৰে তাতে তেওঁলোকৰ নিজৰ মাতটোৰে শ্ৰোতাক আমোদত দিয়ে। এফ এম চেনেলসমূহ অহাৰ পিছত যেনেদৰে কেৰিয়াৰৰ সম্ভাৱনা সমূহ বাঢ়িছে, তেনেদৰে যুৱকসকলেও এই জগতখনৰ লগত নিজকে নিয়োজিত কৰিছে । ৰেডিঅ’ৰ আৱিষ্কাৰৰ সূচনাক দেশৰ দশকৰ বুলি বুজা গৈছিল। কিন্তু এফ এম ৰেডিঅ’ৰ আৰম্ভণিয়ে দেশক এটা নতুন ৰূপত দাঙি ধৰিছে।

ৰেডিঅ’জকী নো কোন?

ৰেডিঅ’জকী সেইগৰাকী ব্যক্তি দিয়ে ৰেডিঅ’ত প্ৰচাৰিত হোৱা সংগীতময় অনুষ্ঠান সমূহৰ ঘোষণা কৰে। ৰেডিঅ’ জকীত এনে ধৰণৰ কলা নিয়োজিত থাকিব লাগিব য’ত তেওঁ সংগীতৰ অনুষ্ঠানসমূহৰ সময়েৰে নিজৰ কণ্ঠৰে শ্রোতাৰ মনোৰঞ্জন দিব পাৰিব লাগিব। ইয়াৰ বাবে তেওঁ শ্ৰোতাৰ প্ৰয়োজন সমূহক গুৰুত্ব দিব লাগিব আৰু ট্রেফিক আপডেট, সেইদিনটোৰ বতৰৰ আগজাননী দি অনুষ্ঠানত আগবাঢ়িব পাৰে। এইটো এনে ধৰণৰ পেছা য’ত কষ্ট আৰু কণ্ঠৰ যথেষ্ট প্রয়োজন। ইয়াত যুৱকসকলৰ সৰ্বাধিক গুৰুত্ব দিয়া হয় কিয়নো তেওঁলোকৰ ভিতৰত নতুন আশা নতুন চিন্তা নতুন উৎসাহৰ সন্নিৱিষ্ট থাকে। প্রত্যেকগৰাকী ৰেডিঅ’ জকীৰ কথা-বতৰা কোৱাৰ ধৰণ থাকে যিয়ে তেওঁৰ পৰিচয়ত সহায় কৰে। এই ক্ষেত্ৰখন বেছিকৈ চহৰ অঞ্চলত তীব্ৰভাৱে বিকাশ হৈছে য’ত চাকৰিৰ সুবিধাত পৰিলক্ষিত হোৱা দেখা গৈছে।

শিক্ষাগত অৰ্হতা

বর্তমান সময়ৰ লগে লগে প্রত্যেক ক্ষেত্ৰতে যুঁজাৰুৰ সংখ্যা বেছি হৈছে। এই ক্ষেত্ৰখনো অত্যন্ত প্রতিযোগিতাৰে ভৰা হয়। এই জগতখনত বতমান প্রফেচনেল ডিগ্ৰীধাৰীসকলকহে গুৰুত্ব দিয়া হয়। চাবলৈ গ’লে দেশৰ বিভিন্ন শৈক্ষিক সংস্থানত জনসংসাৰৰ ওপৰত অধ্যয়ন কৰাৰ পিছত এইক্ষেত্ৰখনত চাকৰিৰ সন্ধান কৰিব পাৰে। ইয়াৰ বাহিৰেও দেশৰ বহুতো সংস্থানত ৰেডিঅ’জকীৰ ডিপ্লমা আৰু চাৰ্টিফিকেটৰ কৰ্ছ কৰোৱা হয়। স্নাতক ডিগ্ৰী ল’বলৈ হ’লে উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হোৱাটো আৱশ্যকীয়।

ব্যক্তিগত গুণ

এইক্ষেত্ৰখনত সেইসকল যুৱক-যুৱতীৰ বাবে, যাৰ চিন্তাধাৰা আধুনিক কল্পনা শক্তি অপৰিসীম আৰু স্মৃতিৱান হয়। দেখা যায় যে প্রত্যেকগৰাকী আৰ জে (ৰেডিঅ’ জকী) ৰ চিন্তা-ভাৱনা বেলেগ বেলেগ। শ্ৰোতাৰ হৃদয়ত নিজৰ কন্ঠস্বৰ সমূহ স্থায়ী কৰিবলৈ হ’ল আৰ জেসকলৰ লগত এটা সুন্দৰ কণ্ঠস্বৰৰ লগত বন্ধু গঢ়াৰ প্ৰৱণতা আৰু অত্যন্ত সৰল আৰু সংযোগ থাকিব লাগিব। কণ্ঠসমূহো স্পষ্ট আৰু শুনিবলৈ শুৱলা হ’ল লাগিব। ৰেডিঅ’ জকী হ’ব বিচৰাসকলে এফ এমত প্ৰচাৰিত হোৱা অনুষ্ঠানসমূহ গুৰুত্ব দি শুনাটো প্রয়োজন।  লগতে এইটোও ধ্যান দিব লাগে যে তেওঁলোকে ফোন ক’লসমূহ কেনেদৰে গ্ৰহণ কৰে। এই ধৰণৰ অনুশীলনসমূহ ঘৰতেই কৰিব পাৰে। শব্দৰ উচ্চাৰণ সম্পূৰ্ণকৈ কোৱাৰ অভ্যাস কৰিব লাগিব। তাৰ লগতে সময় সাপেক্ষে কণ্ঠস্বৰ সমূহৰ উঠা-নমা কৰাৰ ক্ষমতাও থাকিব লাগিব।

ক’ত ক’ত বেছি ব্যৱহাৰ হয়

এই ক্ষেত্ৰসমূহৰ চহৰ অঞ্চলত সর্বাধিক ব্যৱহাৰ হয়। ৰেডিঅ’ অনুষ্ঠানসমূহ বনোৱাত সহায় কৰে। এগৰাকী আৰ জেৰ কণ্ঠস্বৰ শ্ৰোতাৰ সংখ্যাৰ ভাল আৰু বেয়া দুয়োটা দিশেই দেখিবলৈ পোৱা যায়। ৰেডিঅ’ জকীসকলৰ অডিঅ’ চফটওৱেৰৰ সম্বন্ধেত কিছু জ্ঞান থাকিব লাগে, যাৰ সহায়ত তেওঁ অনুষ্ঠানটো বিনা দ্বিধাই আগুৱাই নিব পাৰে। কম্পিউটাৰ জ্ঞানৰ লগতে দৈনিক ঘটনা আৰু চলচ্চিত্ৰৰ বিষয়েও জ্ঞান থাকিব লাগিব। এই ক্ষেত্ৰখনত ছফটওৱেৰ প্রফিউচিং কোম্পানী আৰু এংকৰিঙ দুয়োক্ষেত্ৰতে অগ্ৰাধিকাৰ দিয়া হয়। মুখ্যত অল ইণ্ডিয়া ৰেডিঅ’ প্রত্যেক তিনি মাহৰ অন্তৰে অন্তৰে আৰ জেৰ বাবে সাক্ষাৎকাৰ অনুষ্ঠিত কৰে। ইয়াৰ বাহিৰে কোনো কোনো কোম্পানীত দুমাহৰ অন্তৰে অন্তৰে সাক্ষাৎকাৰ অনুষ্ঠিত হয়। এইক্ষেত্ৰখনত অল ইণ্ডিয়া ৰেডিঅ’ এফ এম টাইমছ অফ এম. ৰেডিঅ’ মিড ডে ছফটৱেৰৰ প্ৰডিউচাৰ, ৰেডিঅ’ বাণী আদিত আবেদন কৰিব পাৰে।

দৰমহা আমদানি

এইক্ষেত্ৰখনত আমদানিৰ বাবে যথেষ্ট ভাল। প্রথম অৱস্থাত ১৫ ৰ পৰা ২০টকাৰ ভিতৰত দৰমহা দিয়ে। এইটো বেলেগ কথা যে ইয়াৰ বাবে বিভিন্ন ধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগে। ইয়াৰ বাহিৰে ছফটৱেৰৰ প্ৰডিউচিং কোম্পানীসমূহত উচ্চ দৰমহাৰ নিৰিখত প্রার্থীক নিমন্ত্রণ কৰে। ইয়াৰ উপৰি বিজ্ঞাপন সমূহতো যথেষ্ট ধন উপার্জন কৰিব পাৰে। কিছুমান বিদেশী ৰেডিঅ’ কোম্পানীয়ে প্রতিঘণ্টাত তিনিৰ পৰা চাৰি হাজাৰ টকাত ৰেডিঅ’ জকী নির্বাচন কৰে।

স্বনিয়ন্ত্রিত বিভাগ

ৰেডিঅ’ জকী বা আৰ জে হ’বৰ বাবে সকলোতকৈ প্রয়োজনীয় কথাটো পেছা। যদি আপোনাৰ কণ্ঠস্বৰ সুন্দৰ নহয়, তেতিয়া তেওঁক যথেষ্ট অনুশীলনৰ প্রয়োজন হ’ব। যদি আপুনি সুন্দৰ উত্তৰ আৰু বিমাসী হয় তেতিয়া এই বিভাগৰ বাবে যথেষ্ট সুবিধাদায়ক হ’ব। ৰেডিঅ’ জকীৰ বাবে নিজকে যিমান উপস্থাপন কৰিব পাৰিব সিমানেই মানুহৰ মাজত নিজক পচন্দৰ কৰি তুলিব পাৰিব। যিসকল যুৱপ্ৰজন্মই এই কেৰিয়াৰত নিয়োজিত হ’ব বিচাৰে, তেওঁ বুজিব লাগিব যে এইটো এটা স্বনিৰ্ভৰশীলতাৰ পথাৰ। য’ত ইন্টানশ্বিপ কৰি আপুনি শীর্ষস্থানত উপনীত হ’ব পাৰিব।

মুখ্য সংস্থানসমূহ

এই ক্ষেত্ৰখনত জনসংসাৰত পঢ়াৰ পিছত আবেদন কৰিব পাৰিব। কিন্তু যদি কাৰোবাৰ মাত্র এই ক্ষেত্ৰত অধ্যয়ন কৰিব বিচাৰে তেওঁ আৰ জে ডিপ্লমা বা চাৰ্টিফিকেট কৰ্ছসমূহ তলত দিয়া প্ৰতিষ্ঠানসমূহত কৰিব পাৰে-

মেডিয়া এণ্ড ফিল্ম ইনষ্টিটিউট অফ ইণ্ডিয়া, মুম্বাই

কেৰিয়াৰ ফেম কলকাতা।

চেন্টাৰ ফৰ ৰিছাৰ্চ ইন আর্ট অফ ফিল্ম এণ্ড টেলিভিছন, নতুন দিল্লী।

ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেছন, নতুন দিল্লী।

এজেকে এম চি আৰ চি জামিয়া মিলিয়া ইছলামিয়া নতুন দিল্লী।

 

স্নাতক ডিগ্ৰীৰ পিছত


আমাৰ দেশত ন্যূনতম ৰম বছৰ অৰ্থাৎ বছৰৰ আনুষ্ঠানিক শিক্ষাৰ অন্তত্ত্ব স্নাতক ডিগ্রী এটা লাভ কৰিব পাৰি। অৱশ্যে বেছিভাগ কাৰিকৰী আৰু পেছাদাৰী পাঠ্যক্ৰমৰ ক্ষেত্ৰত স্নাতক পাঠ্যক্ৰমটো চাৰিবছৰীয়া হোৱা দেখা যায়। আনহাতে B. ArchÖ+1 n. MBBS হ’ল পাঁচ বছৰীয়া স্নাতক পাঠ্যক্রম। B.A., B. Com আৰু B.Sc এই তিনিটা পাঠ্যক্রমকে শিক্ষার্থীসকলে সাধাৰণতে ডিগ্রী পাঠ্যক্রম বুলি ধৰি লয় যদিও দৰাচলতে Bachelore শব্দটো জড়িত হৈ থকা আৰু 10+2 ব্যৱস্থাৰ পিছত পঢ়িব পৰা বেছিভাগ তিনি-চাৰিবছৰীয়া (কোনো ক্ষেত্ৰতে পাঁচবছৰীয়া) পাঠ্যক্রমেই হ’ল ডিগ্ৰী পাঠ্যক্রম। উদাহৰণস্বৰূপে B.Sw, B.B.A., B.Tech, B. P.T., L.L.B., B.C.A., B.E., B. Des, B.V.Sc. B.A.M.S এই আটাইকেইটা হ’ল ডিগ্ৰী বা স্নাতক পাঠ্যক্রম। যিকোনো এটা ডিগ্ৰীয়েই এখন স্বীকৃতি প্রাপ্ত বিশ্ববিদ্যালয়েহে প্ৰদান কৰিব পাৰে আৰু এই স্বীকৃতি বিশ্ববিদ্যালয় এখনে University Grants Commission [UGC] ৰ পৰা লাভ কৰে।

স্নাতক পাঠ্যক্ৰমৰ গুৰুত্ব

আমাৰ দেশৰ প্ৰায়বোৰ চৰকাৰী আৰু বেচৰকাৰী চাকৰিৰ ক্ষেত্ৰতে ন্যূনতম অৰ্হতা হ’ল স্নাতক ডিগ্রী। সামৰিক আৰু অসামৰিক  সেৱাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদতেই যোগদানৰ ক্ষেত্ৰত স্নাতক ডিগ্ৰীয়েই যথেষ্ট। অর্থাৎ ইণ্ডিয়ান চিভিল চাৰ্ভিছ আৰু কম্বাইন্দ ডিফেন্স ছাৰ্ভিচেজ পৰীক্ষাৰ বাবে প্রার্থীৰ ন্যূনতমক অৰ্হতা হ’ল স্নাতক উত্তীর্ণ। কেন্দ্রীয় লোক সেৱা আয়োগৰ দ্বাৰা পৰিচালিত এই দুয়োটা গুৰুত্বপূর্ণ পৰীক্ষাৰ ক্ষেত্ৰত অৱশ্যে দেখা গৈছে যে বয়সৰ ক্ষেত্ৰত থকা সীমাৰ বাবে CDSE পৰীক্ষাৰ প্ৰাৰ্থীসকল স্নাতক হয়। যদিও চিভিল ছাৰ্ভিচ পৰীক্ষাৰ ক্ষেত্ৰত দেখা

যায় অধিকাংশই স্নাতকোত্তৰ।

স্নাতকোত্তৰ পাঠ্যক্ৰম কেতিয়া জৰুৰী

স্নাতকৰ পিছত পঢ়িব পৰা পাঠ্যক্ৰমবোৰক মাষ্টাৰ্চৰ আৰু পোষ্ট গ্ৰেজুৱেট ডিপ্ল’মা-এই দুই ভাগত ভগাব পাৰি। বেছিভাগ ত্নণ্ড Diploma পাঠ্যক্ৰমৰ দৈৰ্ঘ্য এবছৰীয়া যদিও, কেতিয়াবা দুবছৰীয়া। অসম লোকসেৱা আয়োগৰ দ্বাৰা পৰিচালিত কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেচনৰ ক্ষেত্ৰত ন্যূনতম অৰ্হতা স্নাতক হ’লেও, পৰীক্ষাৰ পাঠ্যসূচী চাই দেখা গৈছে যে স্নাতকোত্তৰ উত্তীর্ণ এগৰাকীৰ বাবে এই পৰীক্ষা বেছি সুবিধাজনক। যিসকলে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষকতাৰ প্ৰতি আগ্ৰহী, যিসকলে নিজস্ব বিষয়ত গৱেষণা কৰিব বিচাৰে-তেওঁলোকৰ বাবে স্নাতকোত্তৰ পাঠ্যক্ৰম অপৰিহাৰ্য। তেনেকৈ RBI ৰ উচ্চপদস্থ চাকৰিৰ বাবে UPSC ৰ দ্বাৰা পৰিচালিত Indian Economic Service পৰীক্ষাৰ বাবেও ন্যূনতম অৰ্হতা হ’ল ৱৰ্ক আৰু মেনেজমেন্ট- এই তিনিটা ক্ষেত্ৰতো উচচ পদস্থ চাকৰিৰ ক্ষেত্ৰত সাধাৰণতে স্নাতকোত্তৰ ডিগ্রী প্রয়োজনীয় হৈ পৰে। মাছ-মিডিয়া তথা সাংবাদিকতাৰ ক্ষেত্ৰখনত, বেচৰকাৰী খণ্ডত অৱশ্যে ত্নণ্ড Diploma পর্যায়ৰ পাঠ্যক্রমবোৰহে বেছি সহায়ক বুলি দেখা যায়।

স্নাতকোত্তৰ কেতিয়া জৰুৰী নহয়

বি এ, বি কম অথবা বি এছ চি এই তিনিটা শাখাৰ ক্ষেত্ৰত সাধাৰণতে নম্বৰৰ ভিত্তিতেই বিশ্ববিদ্যালয়ত এম এ, এম কম আৰু এম এছ চি ত নামভৰ্তি কৰোৱা হয়। স্নাতক স্তৰত কোনো এক বিষয়ত 'মেজৰ’ নাথাকিলে, সেই বিষয়টোত স্নাতকোত্তৰ মহলাত নামভর্তি কৰোৱা বর্তমান সময়ত প্ৰায় অসম্ভৱ। আনহাতে, ‘মেজৰ’ বিষয়ত কম নম্বৰ পালেও ‘আসন’ পোৱা কঠিন হৈ পৰে। এই ক্ষেত্ৰত ক’ব লাগিব যে যদিহে শিক্ষার্থীগৰাকীৰ “ৰিজাল্ট” বেছি ভাল নহয়, যদিহে শিক্ষার্থী এগৰাকীয়ে স্নাতকোত্তৰ মহলাত ন্যূনতম গুপ্ত শতাংশ নম্বৰ লাভ কৰাৰ ক্ষেত্ৰত নিজে আত্মবিশ্বাসী নহয় আৰু যদিহে শিক্ষাৰ্থীগৰাকী শিক্ষকতা আৰু গৱেষণাৰ কেৰিয়াৰৰ পিনে যাবলৈ আগ্রহী নহয়, তেনেহ’লে স্নাতকোত্তৰ নপঢ়াটোৱে বুদ্ধিমানৰ কাম হ’ব।

গৱেষণা আৰু শিক্ষকতাৰ চাকৰিৰ ক্ষেত্ৰত শিক্ষার্থী এগৰাকীৰ ‘ৰিজাল্ট’ খুবেই উচ্চ স্তৰৰ হোৱা উচিত। National Eligibily Test (NET) বা State Lavel Eligibility Test (SLET) দিবলৈ, অর্থাৎ কলেজ বা বিশ্ববিদ্যালয়ৰ শিক্ষক হ’বলৈ অথবা জুনিয়ৰ ৰিছার্চ ফেল’ (JRF) লাভ কৰাৰ বাবে স্নাতকোত্তৰ মহলাত ন্যূনতম ৫৫ শতাংশ নম্বৰ বাধ্যতামূলক। দুবছৰ মাষ্টাৰ্চ পাঠ্যক্ৰমত পঢ়ি এই দিশত অকৃতকার্য হোৱা মানে শিক্ষার্থীগৰাকীৰ মূল্যৱান দুবছৰ নষ্ট হোৱা। ইয়াৰ বিপৰীতে এই একেগৰাকী শিক্ষার্থীয়ে অইন কোনো বৃত্তিমুখী পাঠ্যক্রম পঢ়ি বেছি লাভৱান হ’ব পাৰিব। বর্তমান সময়ত চৰকাৰীতকৈ বেচৰকাৰী খণ্ডত অধিক নিয়োগ সৃষ্টি হৈছে। বেচৰকাৰী ক্ষেত্ৰতো বেছিভাগ চাকৰিৰ ক্ষেত্ৰতে স্নাতকহে বিচাৰে। ক’ৰ্প’ৰেট বেংক, ইঞ্চুৰেন্স, টেলিকম আটাইবোৰ ক্ষেত্ৰতে স্নাতক ডিগ্রীধাৰীয়েই ভৰি আছে। অৱশ্যে MBA.- Master of Bussiness Administration হ’ল এক স্নাতকোত্তৰ পাঠ্যক্রম।

অচেন’গ্ৰাফী


অচেন’গ্ৰাফী পঢ়ি ছাত্ৰ-ছাত্ৰীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে। অচেন'গ্ৰাফী হ’ল বিজ্ঞানৰ এটা শাখা, ইয়াত মহাসাগৰৰ শাৰীৰিক আৰু জৈৱিক বৈশিষ্ট্য তথা পৰিঘটনা আদি বিষয়ে অধ্যয়ন কৰা হয়। অচেন'গ্ৰাফীৰ কেইবাটাও শাখা আছে, যেনে-বায়লজিকেল অচেন'গ্ৰাফী, কেমিকেল অচেন'গ্ৰাফী, জিয়লজিকেল অচেন'গ্ৰাফী, ফিজিকেল অচেন'গ্ৰাফী আদি। অচেন'গ্ৰাফী পাঠ্যক্ৰম সাধাৰণতে স্বাতকোত্তৰ স্তৰত পঢ়োৱা হয়। ইয়াৰ উপৰি অচেন'গ্ৰাফীত স্নাতক, এম ফিল, পিএইচডি আদি পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। অচেন'গ্ৰাফীৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত নাম ভর্তি কৰিব বাবে ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে প্রাণী বিজ্ঞান, উদ্ভিদ বিজ্ঞান, ৰসায়ন বিজ্ঞান, কৃষি বিজ্ঞান, মীন বিজ্ঞান, পদাৰ্থ বিজ্ঞান, মাইক্ৰ’বায়ল’জী প্ৰায়োগিক বিজ্ঞান আদি বিষয়ত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। এই পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰয়োজন হোৱা ন্যূনতম নম্বৰ শিক্ষানুষ্ঠান অনুযায়ী হয়। কিছুমান শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত হয়।

এজন সফল অচেন’গ্ৰাফাৰ হ’বলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে-অনুসন্ধিৎসু মন, কষ্ট কৰাৰ মানসিকতা, যথেষ্ট ধৈর্য কৰিব পৰা মানসিকতা, সু-স্বাস্থ্যৰ অধিকাৰী হোৱা আদি। অচেন'গ্ৰাফীত শিক্ষা গ্ৰহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল- অন্ধ্ৰ বিশ্ববিদ্যালয় (http:// www.andhrauniversity.edu.in), আন্না বিশ্ববিদ্যালয় (https://

www.amnauniv.edu/), আন্নামালাই বিশ্ববিদ্যালয়(www.amnamalaiuniversity.ac.in),

কোচিন ইউনিভাৰছিটী অৱ ছাইঞ্চ এণ্ড টেকন’লজী (www.cusat.ac.in), কলকাতা বিশ্ববিদ্যালয় (www.calumiv.ac.in), গোৱা বিশ্ববিদ্যালয়(www.unigoa.ac.in), ড° বাবাচাহেব আম্বেদকাৰ মৰাথৱাদা বিশ্ববিদ্যালয় (www.bamu.net), নেচনেল ইনষ্টিটিউট অৱ অচেন টেকন’লজী (www.niot.res.in), বেৰহামপুৰ বিশ্ববিদ্যালয় (www.buodisha.edu.in), ভাৰতিদাসন বিশ্ববিদ্যালয় (www.bdu.ac.in), ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান, মাদ্ৰাছ (www.iitm.ac.in) আদি।

অচেন'গ্ৰাফীৰ শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ড (অইল ইণ্ডিয়া, জিঅ’লজিকেল’ছাৰ্ভে অৱ ইণ্ডিয়া, ছাৰ্ভে অৱ ইণ্ডিয়া, মেটিয়ৰ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া, অ’ এনজি চি, ডিপার্টমেণ্ট অৱ অচেন’গ্ৰাফী আদি বিভিন্ন পদত (যেনে- ছাইণ্টিষ্ট, ইঞ্জিনীয়াৰ, টেকনিছিয়ান আদি) নিযুক্তি লাভ কৰিব পাৰে। ইয়াৰ উপৰি মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। অচেন'গ্ৰাফীৰ সাংবাদিক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। অচেন'গ্ৰাফীৰ ওপৰত গৱেষণাও এটা কেৰিয়াৰ হ’ব পাৰে।

 

কেৰিয়াৰ গঢ়ো আহক


আমাৰ সমাজত সতকাই দেখিবলৈ পোৱা এটা কথা হ’ল যেতিয়া কোনো শিক্ষার্থীয়ে দ্বাদশ শ্রেণী উত্তীর্ণ হয়। তেতিয়া তেওঁক কোৱা হয় যে এইটো কৰ্ছ কৰি লোৱা, এইটো কথা সত্য হয় যে আমাক ভালপোৱাসকলে আমাক কেতিয়াও বেয়া উপদেশ নিদিয়ে। ভাল কেৰিয়াৰ গঢ়িবলৈ হ’লে আমি কিছুমান বিশেষ কথাৰ ওপৰত ধ্যান দিয়াটো অত্যন্ত প্রয়োজনীয়। যেনে ভাল দৰমহা, বছৰি কিমান গ্রোথ হয় তাৰ ওপৰত ধ্যান দিহে আমি মনে বিচৰা চাকৰি বা কেৰিয়াৰটোত সেইটো ক'ৰ্ছ কৰি নিজকে নিয়োজিত কৰিব পাৰিম। দ্বাদশ উত্তীৰ্ণৰ পিছত আপুনি যিকোনো প্রফেচনেল ক’ৰ্ছ কৰিব পাৰে। আমি আজি আপোনাক তেনে ধৰণৰ কেইটামান সুন্দৰ আৰু মনে বিচৰা চাকৰিৰ বিষয়ে আপোনাক অৱগত কৰিম।

চার্টার্ড একাউটেণ্ট

চার্টার্ড একাউটেন্ট (চি এ) হ’বৰ বাবে আপুনি কমার্চ বা বাণিজ্য শাখাৰ স্নাতক বা স্নাতকোত্তৰ হ’ব লাগে যদিও বাণিজ্য শাখাত অধ্যয়ন কৰা শিক্ষার্থীসকলে তিনিটা বিভাগত পৰীক্ষাত অৱতীর্ণ হ’ব লাগে। ইয়াৰ বাবে প্রথমতে চিপিটি টেষ্টত উত্তীর্ণ হ’ব লাগিব। উত্তীর্ণ হোৱাটো বাধ্যতামূলক। যদি আপুনি এবাৰ চিএৰ পৰীক্ষাত উত্তীর্ণ হয় তেতিয়া আপুনি ভাল চাকৰিৰ সন্ধান পাব আৰু লগতে উচ্চহাৰত দৰমহাও পাব। এই ক'ৰ্ছটো কৰাৰ পিছত চিএসকলক ২১ লাখ টকাৰ দৰমহাৰ পেকেজ আগবঢ়োৱা হয়।

বি এছ চি আৰু এম এছ চি কম্পিউটাৰ ছাইন্স

বর্তমানৰ পৃথিৱীত ছফটৱেৰ ইঞ্জিনীয়াৰৰ ডিমাণ্ড যথেষ্ট। এই ছেক্টৰটোত চাকৰিৰ সুৰক্ষা বেছি। আইটি ছফটৱেৰ ইঞ্জিনীয়াৰে ৫-৬ লাখ দৰমহা, বছৰি প্ৰায় ১০-২০ লাখ টকাৰ অফাৰ পায়। এইক্ষেত্ৰখন বর্তমান যুৱ প্ৰজন্মৰ বাবে যথেষ্ট সুৰক্ষিত।

বি এছ চি মেকানিকেল আৰু মেৰিন ইঞ্জিনীয়াৰিং

যদি আপোনাৰ ৰোমাঞ্চ আৰু ঘূৰা-ফুৰাটো বেছি পচন্দ কৰে তেতিয়া আপুনি নৌ সেনা বিভাগত যাব পাৰে। ইয়াৰ বাবে বি.এছ.চি মেকানিকেল আৰু মেৰিন ইঞ্জিনীয়াৰিঙত অধ্যয়ন কৰিব লাগিব। মেৰিন ইঞ্জিনীয়াৰিঙৰ কাম হ’ল জাহাজৰ মেৰামতি কৰা তথা তাৰ সম্পূৰ্ণ চোৱা-চিতা কৰা। আজিকালিৰ আধুনিক জাহাজত উন্নত মানৰ সা-সৰঞ্জাম প্ৰয়োগ কৰা হয়। সমুদ্ৰৰ ইঞ্জিনীয়াৰসকলৰ নতুন নতুন কৌশলসমূহ বা উপকৰণসমূহ বুজোৱাৰ দায়িত্ব থাকে। এজন জুনিয়ৰ ইঞ্জিনীয়াৰৰ প্রতি মাহে দৰমহাৰ নিৰিখ ৭০,০০০ টকাৰ পৰা আৰম্ভ হয়। ইয়াৰ পিছত আপুনি যিমান দূৰ ভাল পৰিদৰ্শন কৰি উচ্চ শিখৰলৈ যাব সিমানেই আপোনাৰ দৰমহাৰ পৰিমাণ বাঢ়ি গৈ থাকিব।

 

মাৰ্চেন্ট নেভী


যিকোনো ৰাষ্ট্ৰতে তিনি প্রকাৰৰ সেনা থাকে। স্থল সেনা, বায়ু সেনা, জলসেনা বা নেভী। জলসেনাই আমাৰ সাগৰীয় সীমাসমূহৰ ২৪ ঘণ্টাই সুৰক্ষা প্ৰদান কৰে। বায়ুসেনা তেওঁলোকে স্থল আৰু জলসেনাক এৰি আকাশত কর্তব্য কৰে আৰু শত্ৰুসকলৰ লগত আকাশত আকাশী জাহাজেৰে আক্রমণ কৰে। ৰাষ্ট্ৰৰ এই তিনিওটা বিভাগতে সন্মান, দেশভক্তি আৰু পৰিচয় পোৱা যায়। কিন্তু মাৰ্চেন্ট নেভী অলপ বেলেগ। ইয়াৰ মূল লক্ষ্য ব্যৱসায় ভিত্তিক। কষ্ট মাৰ্চেণ্ট নেভীটো যথেষ্ট হয়। ইয়াৰ মূল সম্বন্ধ সমুদ্ৰৰ ব্যৱসায়ীসকলৰ সামগ্ৰীসমূহ ইপাৰৰ পৰা সিপাৰলৈ কোনো বাধা বিঘিনি নোহোৱাকৈ পাৰ কৰি দিয়া।

যুৱকসকলৰ বাবে মাৰ্চেণ্ট নেভীত চাকৰি কৰাটো এটা অত্যন্ত কঠিন কাম। কোনো যুৱকেই যদি আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হয় আৰু যিকোনো ধৰণৰ দুৰ্ঘটনাৰ বাবে নিজকে সাজু কৰি ৰাখে তেতিয়াহে মাৰ্চেন্ট নেভীত নিজৰ কেৰিয়াৰ গঢ়িব পাৰে। এই ক্ষেত্ৰখনত পদ, টকা আৰু নাম এই তিনিওটা সম্পূৰ্ণৰূপে যুৱকসকলে হাতৰ মুঠিত ল’ব পাৰে। মাৰ্চেন্ট নেভীসকলে ভিন্ন ভিন্ন দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ উৎপাদনসমূহক উপযুক্ত স্থানত প্ৰেৰণ কৰিব লাগে। জাহাজ সমুদ্রত ব্যৱসায়ীৰ উপযোগী হোৱাকৈ বস্তুসমূহৰ আমদানি-ৰপ্তানি কৰা হয় বাবে তেওঁলোকক মাৰ্চেন্ট নেভী বোলা হয়। কেতিয়াবা সামগ্ৰীৰ লগে লগে মানুহো আনিবৰ বাবে এইসকল নেভীয়ে কাম কৰে। যিদৰে আমাৰ দেশ ভাৰতবৰ্ষ ব্যৱসায়ৰ ক্ষেত্ৰখনত অগ্ৰসৰ হৈছে, সেইবোৰত ধ্যান দিবৰ বাবে মাৰ্চেন্ট নেভীৰ যথেষ্ট আৱশ্যক। যদি কোনোৱে নেভীৰ পৰীক্ষাসমূহত উত্তীৰ্ণ হৈছে তেতিয়া তেওঁলোকৰ বাবে মাৰ্চেন্ট নেভীত সন্মান আৰু পইচা দুয়োটাই উপযুক্ত পৰিমাণে গ্ৰহণ কৰিব পাৰে।

আপুনি মাৰ্চেণ্ট নেভী কিয় বাছিব পাৰে

সঁচা কথা এইটোৱেই যে, ভাৰতবৰ্ষত বহুতো ছাত্ৰৰ মাৰ্চেণ্ট নেভী সম্পৰ্কে কোনো জ্ঞানেই নাই। আজি আমি আপোনাক মাৰ্চেন্ট নেভীৰ কেৰিয়াৰ গঢ়ি তুলিবৰ বাবে কিছুমান লাগতীয়াল কথা মাৰ্চেণ্ট নেভীৰ বাবে পঢ়া-শুনাসমূহ ইঞ্জিনীয়াৰ বা মেডিকেলৰ দৰে নহয় কিয়নো ইয়াত কেৱল শীৰ্ষস্থান পোৱাসকলকে আৱশ্যক নহয়। যিজন ছাত্র সি পঢ়াত মধ্যমীয়া বা খুব চোকা নহয় তেওঁ বিধাদ্বিধাই মাৰ্চেণ্ট নেভীত আৱেদন কৰিব পাৰে।

মাৰ্চেণ্ট নেভীত ন্যূনতম কোনো আৱশ্যকতা নাই-এই বিষয়টো শিকাৰুৰ বাবে যথেষ্ট কম সময়ৰ আৱশ্যক। মাত্র ছয় মাহৰ ভিতৰতে আপুনি এই কৰ্ছটো কৰিব পাৰে। এইটো মাত্র এনেধৰণৰ কেৰিয়াৰ য’ত হাইস্কুলৰ দেওনা পাৰ কৰা শিক্ষার্থীয়ে মাত্র ছয় মাহ পিছতে ১৪,০০০ ৰ পৰা ২০,০০০ প্রতিমাহে উপাৰ্জন কৰিব পাৰে। গোটেই ভাৰতবৰ্ষত আৰু অন্য কোনো ধৰণৰ কেৰিয়াৰত এই সুবিধা নাই। কেৰিয়াৰ আপোনাৰ, ভৱিষ্যৎ আপোনাৰ আপুনি নিজে ভাবিব পাৰে যে মাৰ্চেণ্ট নেভী কেৰিয়াৰ হিচাপে লৈ বহু কম সময়তে আপুনি আপোনাৰ জীৱন সুৰক্ষিত কৰিব পাৰে বা অন্য কোনো ডিগ্ৰী বা ডিপ্লমাৰ ক’ৰ্ছ কৰিও ভাৰতবৰ্ষৰ ডাঙৰ ডাঙৰ কোম্পানীসমূহত অংশগ্রহণ কৰিব পাৰে।

যোগ্যতা

যিসকল যুৱকে এই ক্ষেত্ৰখনলৈ যাবলৈ বিচাৰে তেওঁলোকে দুটা পর্যায়ত সক্ষম হ’ব পাৰে। প্ৰথমটো হ’ল সাগৰীয় অভিযান্ত্রিক শাখাৰ উপাধি গ্রহণ বা বি এছ চি ডিগ্ৰী গ্রহণ কৰা আৰু সম্পূৰ্ণৰূপে নেভীৰ ক'ৰ্ছ সম্পূর্ণ কৰা। এইদৰে মাৰ্চেণ্ট নেভীলৈ যাব বিচৰা সকলে দ্বাদশ উত্তীৰ্ণৰ পিছত সাগৰীয় ক’ৰ্ছ কৰাটো আৱশ্যকীয়। যিসকল যুৱকে দ্বাদশ শ্রেণীত পঢ়ি আছে আগন্তুক লক্ষ্য মাৰ্চেণ্ট নেভীৰ সেৱাত বর্তি হোৱাৰ তেতিয়া ৰায়াসন বিজ্ঞান আৰু গণিত এই তিনিওটা বিষয় থকাটো অনিবার্য।

পাঠ্যক্ৰম

মাৰ্চেন্ট নেভীত যদি চাকৰি বিচাৰে তেন্তে কেইটামান বিষয় অনিবার্য। এই পাঠ্যক্ৰমটোৰ প্ৰশিক্ষণ কিছুমান সংস্থাই প্রদান কৰে-

১ । এক্সাটিক ইনষ্টিটিউট ফৰ মেৰীনটাইম ষ্টাডী নতুন দিল্লী।

২ |  ইনষ্টিটিউট অফ মেৰীনটাইম ষ্টাডী গোৱা। এই দুয়োখন প্রতিষ্ঠানতে পাঠ্যক্রম গ্রহণ কৰিব পাৰি।

সম্ভাৱনা

মাৰ্চেণ্ট নেভী, মেৰিন ইঞ্জিনীয়াৰ বা জাহাজ ঘৰত সম্ভাৱনাৰ কথা ক’বলৈ হ’লে প্রমুখ্যে ৰূপত জাহাজ, মালবাহক জাহাজ আৰু মাৰ্চেন্ট নেভীত চাকৰি বিচাৰিব পাৰে। ভাৰতবৰ্ষৰ বাহিৰে এই পৃথিৱীখনত বিদেশত যথেষ্ট গুৰুত্ব আছে। এজন জাহাজ নির্মাতা বা মেৰিন ইঞ্জিনীয়াৰৰ ওপৰতে জাহাজৰ দায়িত্ব থাকে। মেৰিন ইঞ্জিনীয়াৰসকলৰ দৰমহাৰ লগতে কেৰিয়াৰটোও যথেষ্ট সম্ভাৱনাময় হৈ উঠা দেখা যায়। ভাল প্রদর্শনৰ কৰিলে প্রমোচনৰো সুবিধা থাকে।

প্রমুখ্যে সংস্থানসমূহ- ইণ্ডিয়ান মেৰীটাইম ইউনিভাৰছিটী, চেন্নাই হিন্দু ইনষ্টিটিউট অফ নাওটিকেল ছাইন্স এণ্ড ইঞ্জিনীয়াৰিং উত্তৰ প্রদেশ। ইণ্ডিয়ান ইনষ্টিটিউট অফ প'ৰ্ট মেনেজমেন্ট, কলকাতা, তুলানী মেৰীটাইম ইনষ্টিটিউট, পুণে আৰএল ইনষ্টিটিউট অফ নাওটিকেল ছাইন্সেছ, কোচিন প’র্ট ট্ৰষ্ট, কোচিন।

 

দ্বাদশ শ্ৰেণীৰ পিছত বিজ্ঞান শাখাৰ কেৰিয়াৰ


চাওতে চাওঁতে উচতৰ মাধ্যমিক পৰীক্ষাসমূহো শেষ হ’ল। এতিয়া দ্বাদশ শ্ৰেণী উত্তীর্ণ হোৱাৰ পিছত বিদ্যাৰ্থীসকল কেৰিয়াৰক লৈ অনেক শংকাত ভোগা দেখা যায়। কোনে কোন শাখাত নামভর্তি কৰিব প্রাইভেট কৰ্ছ কৰিব নে ডিগ্ৰী গ্রহণ কৰিব ইত্যাদিক লৈ বিভিন্ন সমস্যাত ভোগা দেখা যায়। কেৰিয়াৰ কাউনিচেলিং বা বিশেষজ্ঞৰ সহায় নহ’লেও কিছুমান বিশেষ দিশত গুৰুত্ব দিব লাগে। দ্বাদশ উত্তীর্ণৰ পিছত এইকেইটা বিষয়ক কেৰিয়াৰ হিচাপে লৈ আগুৱাই যাব পাৰি—

মেডিকেল

বিজ্ঞান শাখাৰ শিক্ষাৰ্থীসকলৰ প্ৰথম কেৰিয়াৰ হৈছে মেডিকেল। এটা কথা বুজা দৰকাৰ যে কোনো কোনো শিক্ষার্থীয়ে মেডিকেল বিষয়ৰ কেৰিয়াৰ গঢ়িবলৈ চীন, ৰাছিয়া ইত্যাদিত ডিগ্ৰী লৈ পঢ়ি আহে মনত ৰখা প্রয়োজন যে ভাৰতক কেৱল সেইটো শিক্ষাই গ্রহণ যোগ্য যি মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ অধীনত হয়। যদি আপুনি দেশৰ বাহিৰত মেডিকেলৰ ডিগ্ৰী গ্ৰহণ কৰি আহে তেতিয়া হ’লে ভাৰতত মেডিকেল কাউন্সিলৰ অধীনত এটি পৰীক্ষাত অৱতীর্ণ হোৱাটো  বাধ্যতামূলক নহ’লে আপোনাৰ ডিগ্ৰীটোক অবৈধ ঘোষণা কৰা হ’ব। আপুনি জানে যে ভাৰতীয় মেডিকেল সংস্থাত চিবি এছ চিৰ দ্বাৰা প্রত্যেক বছৰেই মেডিকেল পৰীক্ষা অনুষ্ঠিত কৰা হয়। যাৰ সহায়ত চৰকাৰী বা প্রাইভেট অনুষ্ঠানসমূহত এম বি বি এছ পাঠ্যক্রম গ্রহণ কৰিব পাৰি।

দন্ত বিশেষজ্ঞ

বিজ্ঞান শাখাৰ ছাত্র-ছাত্ৰীসকলৰ বাবে দন্ত চিকিৎসকো এটা উত্তম কেৰিয়াৰ বুলি গণ্য কৰা হয়। চাৰি বছৰীয়া ডিগ্রী গ্রহণ কৰাৰ পিছত দন্ত বিষয়ত স্নাতকোত্তৰ ডিগ্রী গ্রহণ কৰে তেতিয়া আপুনি পিছলৈ ঘূৰি চোৱাৰ প্ৰয়োজন নাথাকে| মান্য সংস্থানসমূহৰ বিষয়ে অধিক জানিবলৈ হ’লে ডেন্টল কাউন্সিল অফ ইণ্ডিয়াৰ ৱেবছাইটত সবিশেষ বার্তা থাকিব। বি ডি এছ ডিগ্রী গ্রহণ কৰিবলৈ হ’লেও আপুনি চি বি এন চিৰ অধীনত আয়োজিত অল ইণ্ডিয়া প্ৰি মেডিকেল টেষ্টত উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক।

বায়টেকন’লজী

আপুনি যদি গৱেষণা কৰি ভাল পায় তেতিয়াহ’লে বায়টেকন’লজী কেৰিয়াৰ আপোনাৰ বাবে উত্তম। এই বিষয়টোৰ দুটা পাঠ্যক্রম উপলব্ধ তিনি বছৰীয়া বি.এছ.চি বায়টেকন’লজীত আৰু চাৰি বছৰীয়া বিটেক বায়টেকন’লজীত।

মেডিচিন

এম বি বি এছৰ উপৰি হোমিঅ’পেথিক, আয়ুর্বেদিকৰ দৰে অন্য কেৰিয়াৰৰ বিকল্পত আছে যিয়ে আপোনাক ডাক্টৰৰ ৰূপত সংস্থাপন কৰিব।

নাছিং

বর্তমান সময়ত নাৰ্ছিং এটা আটাইতকৈ আকর্ষণীয় কেৰিয়াৰ। নাৰ্ছিঙৰ ক্ষেত্ৰখনত বহুতো পাঠ্যক্ৰম আছে। যেনে এক বছৰীয়া কর্চ এএনএমৰ সৈতে চাৰি বছৰীয়া বি এন চি নাৰ্ছিঙলৈকে মান্যতাপ্রাপ্ত সংস্থানৰ সূচীত কাউন্সিলৰ ৱেবছাইট ডব্লিউ ডব্লিউ ডট ইণ্ডিয়ান নাছিং কাউন্সিল ডট অ’আৰজীত উপলব্ধ হ’ব।

এনেধৰণেৰে বিজ্ঞান শাখাৰ শিক্ষার্থীয়ে কেৰিয়াৰ গঢ়ি জীৱনটো সুন্দৰভাৱে সংস্থাপিত কৰিব পাৰে।

পাঁচটা শ্রেষ্ঠ কেৰিয়াৰ গঢ়াৰ উপায়


যদি আপোনাৰ নামভৰ্তি কোনো গতানুগতিক মহাবিদ্যালয়ত নহ’ল, তেন্তে আপুনি নিৰাশ নহ’ব। বিশ্বায়নৰ এই পৃথিৱীখনত সফলতা লাভ কৰিবলৈ আপোনাৰ লগত বিভিন্ন বিকল্প সুবিধা আছে।

বাতৰি কাকত পঢ়া কৰক

দূৰশিক্ষাৰ সহায়ত আপুনি ঘৰত বহি বহিয়েই পঢ়িব পাৰে। বাতৰি কাকতৰ মাধ্যমৰ জৰিয়তে আপুনি আপোনাৰ পচন্দৰ পাঠ্যক্ৰমৰ অধ্যয়ন কৰিব পাৰে। যদি আপুনি চাকৰি কৰে তেন্তে ডিগ্ৰী ল’বৰ বাবেও এইটো এটা সুন্দৰ মাধ্যম। বিশ্বৰ সকলো দেশতে ইন্দিৰা ১৪খন মুক্ত আৰু এশতকৈ অধিক এনেধৰণৰ গতানুগতিক বিশ্ববিদ্যালয় আছে য’ত দূৰ শিক্ষাৰ মাধ্যমেৰে স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ উপৰি ডিপ্লমা আৰু ডিগ্ৰী ক'ৰ্ছত অধ্যয়ন কৰিব পাৰে।

চমু সময়ৰ প্রফেচনেল কৰ্ছ কৰিব পাৰে - আজিৰ প্রতিযোগিতামূলক যুগৰ এই সময়ত আপুনি কেৱল বি এ, এম এ বা বি এছ চি. এম এছ চি কৰিও কেৰিয়াৰ গঢ়িব পাৰে। বৰ্তমান সময়ত শীর্ষস্থানত কৰিবলৈ আপোনাৰ লগত কিবা নহয় কিবা এটা প্ৰফেচনেল ক'ৰ্ছৰ ডিপ্লমা থাকিব লাগিব। দৰাচলতে আজিৰ যুগত বা আজিৰ ক্ষেত্ৰখনত টেকনিকেল স্কিলৰ মাধ্যমত মানুহৰ ডিমাণ্ড বাঢ়িছে। ইয়াৰ বাবে কম্পিউটাৰ কোনো এটা কম সময়ৰ ক'ৰ্ছ কৰিব পাৰে, যিয়ে আপোনাক বুদ্ধি সমতা বনোৱাত সহায় কৰিব পাৰে। ইয়াৰ দ্বাৰা আপুনি চাকৰি পোৱাত সহায় হ'ব। লগতে অতিৰিক্ত শিক্ষাই দ্বিতীয়জনতকৈ আগবঢ়াত সহায় কৰিব।

প্রধানমন্ত্রী কুশল বিকাশ যোজনাত আন্তর্ভুক্ত হওক।

ভাৰত চৰকাৰৰ দ্বাৰা আৰম্ভ কৰা প্রধানমন্ত্রী কুশল বিকাশ যোজনাৰ লাভো আপুনি গ্রহণ কৰিব পাৰে। এই যোজনাটো বিশেষকৈ যুৱকসকলৰ বাবে যিসকলে ১০ বা ১২ শ্রেণীতে পাঠগ্রহণ সমাপ্ত কৰিছিল বা দ্বাদশ উত্তীৰ্ণৰ পিছত কোনো ব্যক্তিগত কলেজত পাঠদানৰ সুবিধাৰ পৰা বঞ্চিত হ’ল। এই যোজনাৰ মুখ্য উদ্দেশ্য হ’ল যুৱকসকলক উপযুক্ত জ্ঞান দি ৰোজগাৰ সম্বন্ধে উপলব্ধি কৰোৱা। ভাৰতৰ শ্ৰম বজাৰত বহুতো সম্ভাৱনা আছে। বিশ্বৰ সকলোৰে চকুত আজি এই যোজনা জিলিকি উঠিছে। এই সুবিধাৰে যুৱকসকলে স্বয়ং বজাৰৰ অনুৰূপ গঢ়ি তোলাত সহায় কৰিব।

লঘু উদ্যোগত ধ্যান দিয়া

পত্ৰাচাৰ বা বাতৰি কাকত পঢ়ি থাকিলেও যুৱকসকলে লঘু উদ্যোগত ধ্যান দিব পাৰে। চৰকাৰী আৰু ব্যক্তিগত ক্ষেত্ৰত চাকৰিৰ সংখ্যা সমিতি। লগতে এইবোৰত আগবাঢ়ি যোৱা আৰু পইচা উপাৰ্জন কৰাটো যথেষ্ট কম হ’ব। ইয়াৰ বাবে কেন্দ্রীয় চৰকাৰেই নহয় বিভিন্ন ৰাজ্য চৰকাৰে সস্তাত কামসমূহ উপলব্ধ কৰিছে। ইয়াৰ মাধ্যমত আপুনি হ’ব পাৰিব লগতে আৰু বহুতো লোকক ৰোজগাৰ দিব পাৰিব।

চৰকাৰী চাকৰিৰ বাবে প্রস্তুত হওক

যদি আপুনি পঢ়ি-শুনি চৰকাৰী চাকৰিয়ে কৰিবলৈ বিচাৰে তেন্তে বাতৰি কাকত পঢ়াৰ লগে লগে আপুনি প্রতিযোগিতামূলক পৰীক্ষাৰ বাবেও প্রস্তুতি কৰিব পাৰে। বাতৰি কাকত পঢ়াৰ সময়ত আপোনাৰ লগত বহুতো সময় থাকিব যিবোৰ আপুনি সদ ব্যৱহাৰ কৰি প্রতিযোগিতামূলক পৰীক্ষাৰ তৈয়াৰী কৰিব পাৰে। ইয়াৰ বাবে আপুনি প্রতিযোগী পৰীক্ষা সমন্বিত মেগাজিন আৰু কোচিঙৰ সহায়ত প্রস্তুত হৈ অন্যৰ লগত সমানে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

উৎস: গণ অধিকাৰ।

 

 

শেহতীয়া উন্নীতকৰণ: : 1/10/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate