অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কেৰিয়াৰ হিচাপে বিদেশী ভাষা

চমু বিৱৰণ

বিদেশী ভাষা (Foreign Languages) পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে ।  আমাৰ  দেশৰ শিক্ষানুষ্ঠানসমূহত  বিভিন্ন  বিদেশী  ভাষা,  যেনে- আৰবী (Arabic),  বুলগেৰিয়া(Bulgarian), চীনা(Chinese), ফৰাছী(French),  জাৰ্মান(German), হাঙ্গেৰিয়া(Hungarian), ইটালিয়ান(Italian),জাপানী(Japanese), পৰ্তুগীজ(Portuguese), পাৰ্চি(Persian), ৰুজ(Russian),  স্পেনিচ(Spanish), আদি  ভাষাত  চাৰ্টিফিকেট ,  ডিপ্লমা ,  স্নাতক ,  স্নাতকোত্তৰ ,  এম.ফিল. আৰু পি.এইচ.ডি.  পাঠ্যক্রম অধ্যয়ন   কৰিব   পাৰে ।

বিতং তথ্য

দেশৰ  বিভিন্ন  স্থানৰ  লগতে  অসমতো  ‘বিদেশী ভাষা’ত শিক্ষা  গ্রহণ  কৰিব  পৰা  শিক্ষানুষ্ঠান  আছে ।গুৱাহাটী বিশ্ববিদ্যালয় (http://www.gauhati.ac.in)ত ‘আৰবী(Arabic)’ বিষয়ৰ  স্নাতকোত্তৰ  পাঠ্যক্রমত আসনৰ  সংখ্যা  ৬০  খন  আৰু  পি.এইচ.ডি. পাঠ্যক্রম  অধ্যয়ন কৰিব পৰা সুবিধা  আছে ।  ফৰাছী ভাষাৰ  প’ষ্ট  গ্ৰেজুৱেট  চাৰ্টিফিকেট  পাঠ্যক্রমত আসনৰ  সংখ্যা  ১৫ খন, প’ষ্ট  গ্ৰেজুৱেট  ডিপ্ল’মা পাঠ্যক্রমত  আসনৰ  সংখ্যা  ১২ খন,  ইনটেনছিভ কোৰ্ছত  আসনৰ  সংখ্যা  ৩০  খন  আৰু  পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা  সুবিধা  আছে । পাৰ্চি(Persian)  বিষয়ৰ  স্নাতকোত্তৰ  পাঠ্যক্রমত  আসনৰ সংখ্যা ১০ খন,  প’ষ্ট  গ্ৰেজুৱেট  চাৰ্টিফিকেট পাঠ্যক্রমত  আসনৰ  সংখ্যা  ১০ খন,  প’ষ্ট  গ্ৰেজুৱেট ডিপ্ল’মা পাঠ্যক্রমত আসনৰ  সংখ্যা  ১০  খন  আৰু পি.এইচ.ডি.  পাঠ্যক্রম  অধ্যয়ন  কৰিব  পৰা  সুবিধা  আছে ।ডিব্ৰুগড় বিশ্ববিদ্যালয়ত  চীনা (Chinese) ভাষাত  এবছৰীয়া  চাৰ্টিফিকেট  পাঠ্যক্রম অধ্যয়ন  কৰিব পৰা সুবিধা  আছে  আৰু  আসনৰ  সংখ্যা  ৩০ খন । অসম বিশ্ববিদ্যালয়ত আৰবী (Arabic),   বিষয়ৰ স্নাতকোত্তৰ  পাঠ্যক্রমত  আসনৰ  সংখ্যা ৩১খন,এম.ফিল. , পি.এইচ.ডি.  আৰু ডি.লিট.  পাঠ্যক্রম  অধ্যয়ন কৰিব  পৰা  সুবিধা  আছে । ফৰাছী(French) বিষয়ৰ  স্নাতকোত্তৰ  পাঠ্যক্রমত  আসনৰ  সংখ্যা  ২০খন, চাৰ্টিফিকেচন অব্‌ প্ৰফিচিয়েন্সি(Certificate of proficiency) পাঠ্যক্রমত আসনৰ সংখ্যা ১৮খন,  ডিপ্ল’মা অব্‌ প্ৰফিচিয়েন্সি(Diploma of proficiency) পাঠ্যক্রমত আসনৰ সংখ্যা ১৮খন,  এডভান্স ডিপ্ল’মা(Advanced Diploma)  পাঠ্যক্রমত আসনৰ সংখ্যা ১৮খন,  ফাষ্ট ট্ৰেক কোৰ্ছ (Fast track course) পাঠ্যক্রমত আসনৰ সংখ্যা ১৮খন আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।তেজপুৰ বিশ্ববিদ্যালয়ত চীনা    (Chinese) ভাষাত এবছৰীয়া চাৰ্টিফিকেট পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে ।কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ত ‘আৰবী (Arabic)’,   বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ১০ খন আৰু স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩০খন ।  পাৰ্চি   বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ৮ খন আৰু স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২০খন ।

অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল

কেৰেলা বিশ্ববিদ্যালয়,  কুৰুক্ষেত্র বিশ্ববিদ্যালয়  ,  কলকতা বিশ্ববিদ্যালয়,  গোৱা বিশ্ববিদ্যালয়,  গুৰু নানক দেৱ বিশ্ববিদ্যালয়,  দিল্লী বিশ্ববিদ্যালয়  , মুম্বাই বিশ্ববিদ্যালয় আদি।

বিদেশী ভাষা অধ্যয়ন কৰি বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে ।  যেনে- এয়াৰ হোষ্টেছ ,  বিদেশী ভাষা শিক্ষক, মুক্ত লেখক ,  দোভাষী ,  ভাষা বিশেষজ্ঞ,   জনসম্পৰ্কৰক্ষী বিষয়া,  গৱেষক সহযোগী,  টুৰিষ্ট গাইড,  অনুবাদক আদি।

লেখক:-ড° বুলজিৎ বুঢ়াগোহাঁই,

ফোন: ৯৪৩৫১-৮৮৬৩০

উৎস:- ই-আলোচনী জোনাকীৰ বাটেৰে

শেহতীয়া উন্নীতকৰণ: : 1/23/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate