অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

দশম আৰু দ্বাদশ শ্ৰেণীৰ পাছত কি পঢ়িব?

দশম আৰু দ্বাদশ শ্ৰেণীৰ পাছত কি পঢ়িব?

হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাবোৰত কৃতকাৰ্য্য হোৱা সকলোবোৰ ছাত্ৰ-ছাত্ৰীৰে নিজৰ পচন্দৰ পাঠ্যক্ৰম লৈ উচ্চ শিক্ষা লাভ কৰিবৰ বাবে পৰ্যাপ্তসংখ্যক শিক্ষানুষ্ঠান আমাৰ ৰাজ্যখনৰ নাই। তদুপৰি নতুন নতুন পাঠ্যক্ৰমৰ সকলোবোৰ বিষয় অসমৰ শিক্ষানুষ্ঠানসমূহত নাই। গতিকে অসমৰ কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী প্ৰত্যেক বছৰে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত উচ্চ শিক্ষা লাভ কৰিবলৈ যাবৰ বাবে বাধ্য হয়।

কিন্তু ৰাজ্যখনৰ বহুতো ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে বহুত কথা নাজানে যেনে- হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত কি কি পঢ়িব পাৰি, অসম তথা দেশ-বিদেশৰ বিভিন্ন শিক্ষানুস্থানসমূহত শিক্ষা লাভ কৰিবলৈ কি কি অৰ্হতা লাগে, প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ বাবে কেনেদৰে পঢ়া-শুনা কৰিব লাগে, বিভিন্ন চাকৰিৰ কাৰণে কি কি অৰ্হতা লাগে, চাকৰিবোৰৰ বিজ্ঞাপনবোৰ ক’ত পোৱা যাব, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাবোৰৰ বিষয় কেনেকৈ গ’ম পোৱা যাব, ইণ্টাৰনেটৰ জৰিয়তে কেনেকৈ শুদ্ধ তথ্য সংগ্ৰহ কৰিব পাৰ ইত্যাদি। কিন্তু ইয়াৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক দোষ দি লাভ নাই। যিহেতু এইবোৰ কথা আলোচনা কৰিবলৈ বিদ্যালয়-মহাবিদ্যালয়বোৰত সাধাৰণতে কোনো পিৰিয়ড ধাৰ্য কৰা নহয়, গতিকে ছাত্ৰ-ছাত্ৰীসকলে এই কথাবোৰ জনাৰ সুবিধা নাপায়।

 

হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত

  • ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ বা আই টি আই
  • পলিটেকনিক
  • উচ্চতৰ মাধ্যমিক (কলা-বাণিজ্য-বিজ্ঞান) পঢ়িব পাৰে।

ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ বা আই টি আই

ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ বা আই টি আইৰ বিভিন্ন ট্ৰেডত পঢ়িবৰ বাবে শিক্ষাগত অৰ্হতা বেলেগ বেলেগ হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নোহোৱাসকলে এবছৰীয়া পাঠ্যক্ৰম কাটিং এণ্ড ছিউইং, প্লাম্বাৰ আৰু টেক্টৰ মেকানিক ট্ৰেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে তলত উল্লেখ কৰা ট্ৰেডত অধ্যয়নৰ বাবে নামভৰ্তি কৰিব পাৰে।

 

দুবছৰীয়া পাঠ্যক্ৰম

ড্ৰাফটমেন (চিভিল), ড্ৰাফটমেন (মেকানিক), ছাৰ্ভেয়ৰ, ফিটাৰ, টাৰ্নাৰ, মেকানিক ৰেডিঅ’ এণ্ড টিভি, মেকানিক এয়াৰ কণ্ডিচনাৰ, ইনষ্টুমেণ্ট মেকানিক, ইলেক্ট্ৰনিক মেকানিক, ইনফ’ৰমেচন টেকন’লজী এণ্ড ইলেক্ট্ৰনিক ছিষ্টেম মেইনটেনেন্স, মেচিনিষ্ট, ইলেকট্ৰিচিয়ান, ৱায়াৰমেন মেকানিক, ইলেক্ট্ৰপ্লেটৰ, লেবৰেটৰী এছিষ্টন্ট (কেমিকেল)।

এবছৰীয়া পাঠ্যক্ৰম

ষ্টেনোগ্ৰাফী, ৱেল্‌ডাৰ, ডিজেল মেকানিক, এমব্ৰইডাৰী এণ্ড নিডল ৱৰ্ক, প্লাষ্টিক প্ৰচেছিং, ফটোগ্ৰাফী, লেডাৰ গুডছ মেকাৰ, ছেক্ৰেটেৰিয়েল প্ৰেকটিচ, হেয়াৰ এণ্ড স্কিন কেয়াৰ, ড্ৰেছ মেকিং, উইভিং এণ্ড উলেন ফেব্ৰিক।

দুবছৰীয়া পাঠ্যক্ৰম ‘কম্পিউটাৰ অপাৰেচন প্ৰোগামি এছিষ্টেণ্ট ট্ৰেডত অধ্যয়নৰ বাবে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। ইয়াৰ উপৰি আই টি আই বোৰত হ্ৰস্বম্যাদী পাঠ্যক্ৰম আছে। যেনে- ট্ৰেভেল এজেণ্ট এণ্ড ট্যুৰ অপাৰেটৰ তিনিমহীয়া পাঠ্যক্ৰম, ফল-মূল আৰু শাক-পাচলি সংৰক্ষণ তিনিমহীয়া পাঠ্যক্ৰম, ষ্টীল ফাৰ্ণিচাৰ মেকিঙৰ তিনিমহীয়া পাঠ্যক্ৰম, গ্ৰীল এণ্ড এলাইড প্ৰডাক্ট মেকিঙৰ তিনিমহীয়া পাঠ্যক্ৰম, ৰিফ্ৰিজাৰেটৰ এণ্ড এয়াৰ কণ্ডিচনাৰৰ ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্ৰম, পাম্প ৰিপেয়াৰিঙৰ তিনিমহীয়া পাঠ্যক্ৰম আদি আছে।

 

হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ’লে নম্বৰ ভিত্তিত পোনপটীয়াকৈ নামভৰ্তিৰ সুবিধা আছে আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহ’লে এটি প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তিৰ সুবিধা আছে।

অসমত থকা ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ বা আই টি আইকেইখনৰ নাম হ’ল-

  • আই টি আই, কৰিমগঞ্জ
  • আই টি আই, কোকৰাঝাৰ
  • আই টি আই, গড়গাঁও
  • আই টি আই, গোৱালপাৰা
  • আই টি আই, গুৱাহাটী
  • আই টি আই, ডিব্ৰুগড়
  • আই টি আই, তেজপুৰ
  • আই টি আই, তিনিচুকীয়া
  • আই টি আই, দক্ষিণ শালমাৰা
  • আই টি আই, নগাঁও
  • আই টি আই, বঙাইগাঁও
  • আই টি আই, বৰপেটা
  • আই টি আই, যোৰহাট
  • আই টি আই, শিলচৰ
  • আই টি আই, ধনশিৰি
  • আই টি আই, ধেমাজি
  • আই টি আই, নলবাৰী
  • আই টি আই, ভেৰগাঁও
  • আই টি আই, মৰিগাঁও
  • আই টি আই, হাইলাকান্দি
  • আই টি আই, মাজুলী
  • আই টি আই, ডিফু
  • আই টি আই, হাফলং

মহিলাৰ বাবে সংৰক্ষিত আই টি আইকেইখন হ’ল-

  • আই টি আই, লক্ষীমপুৰ
  • আই টি আই, গুৱাহাটী
  • আই টি আই, তিনিচুকীয়া
  • আই টি আই, মাজবাট
  • আই টি আই, শিলচৰ

পলিটেক্‌নিক

 

পলিটেকনিকবোৰত তিনি বছৰীয়া ডিপ্লমা পাঠ্যক্ৰম প্ৰদান কৰা হয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাসকলে এটি প্ৰৱেশ পৰীক্ষাৰ উত্তীৰ্ণ হোৱাসকলে এটি প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে নামভৰ্তিৰ সুবিধা আছে।

অসমত থকা পলিটেকনিককেইখন হ’ল-

  • অসম ইঞ্জিনীয়াৰিং ইনষ্টিটিউট, গুৱাহাটী
  • গালৰ্ছ পলিটেকনিক, গুৱাহাটী
  • বঙাইগাঁও পলিটেকনিক
  • শিলচৰ পলিটেকনিক
  • প্ৰিন্স অব ৱেলছ ইনষ্টিটিউট অব ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজী, যোৰহাট
  • ডিব্ৰুগড় পলিটেকনিক
  • গাৰ্লছ পলিটেকনিক, গোলাঘাট
  • চেন্ট্ৰেল ইনষ্টিটিউট অব টেকন’লজী, কোকৰাঝাৰ
  • অসম টেক্সটাইল ইনষ্টিটিউট, গুৱাহাটী।

পলিটেকনিকবোৰ পঢ়াৰ সুবিধা থকা বিভিন্ন বিভাগবোৰ হ’ল- চিভিল, মেকানিকেল, ইলেকট্ৰিকেল, ইলেকট্ৰনিকছ এণ্ড টেলিকমিউনিকেচনছ, অ’টোমোবাইল, কম্পিউটাৰ ইঞ্জিনীয়াৰিং, ইনষ্টুমেনটেচন, টেক্সটাইল টেকন’লজী, এগ্ৰিকালচাৰ, আৰ্কিটেক্ট এছিষ্টণ্ট আদি।

লিখকঃ ড বুলজিৎ বুঢ়াগোঁহাই

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate