অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পদার্থ বিজ্ঞান

 

বিজ্ঞানৰ বিভিন্ন বিষয়ৰ ভিতৰত অন্যতম হৈছে পদার্থ বিজ্ঞান। বেছিভাগ ছাত্র-ছাত্ৰীয়ে পদার্থ বিজ্ঞানৰ নিচিনা বিষয় বাছনি নকৰে যদিও এই বিষয় অধ্যয়ন কৰি বিভিন্নজনে বিভিন্ন ধৰণৰ কেৰিয়াৰ গঢ়িব পাৰে। পদার্থ বিজ্ঞান অধ্যয়ন কৰাৰ পিছত যে কোনোবাই কেবল শিক্ষকতা কৰিবলগীয়া হ’ব তেনেকুৱা নহয়। এই বিষয়ৰ জৰিয়তে আমাৰ দেশত বা বিদেশত বিভিন্ন ধৰণৰ কামত কৰ্মৰত হোৱাৰ সুযোগ আছে।

পদাৰ্থ বিজ্ঞানত স্নাতক বা স্নাতকোত্তৰৰ পাঠ্যক্ৰম সমাপ্ত কৰাৰ পিছত ছাত্র-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ কাম কৰিব পাৰে। মেডিকেল ফিজিচিষ্ট, গৱেষক, বৈজ্ঞানিক লেবৰ টেকনিচিয়ান, ৰেডিয়েশ্বন প্ৰটেক্‌শ্বন এডভাইজাৰ তথা সামৰিক বাহিনীতো বিভিন্নজনে কৰ্মৰত হ'ব পাৰে।  বেছিভাগেই বিভিন্ন বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় আদিত শিক্ষকতা তথা বিভিন্ন গবেষণা কেন্দ্ৰৰ লগত জড়িত হোৱা দেখা যায়। ইয়াৰ বাহিৰেও বিভিন্ন ক্ষেত্র, যেনে— এৰ’স্পেচ, অভিযান্ত্ৰিক কৰ্ম, মহাকাশ টেলিকমিউনিকেশ্বন আদিৰ লগত কৰ্মৰত হোৱা দেখা পোৱা যায়। কিছুমানে আকৌ পদার্থবিজ্ঞান সমাপ্ত কৰাৰ পিছত ভাল লেখক অথবা চলচ্চিত্র নির্মাতা হ’বলৈ সক্ষম হৈছে।

আমি পদার্থ বিজ্ঞানৰ বিষয়ে ইয়াত বহলাই লিখিবলৈ বিচৰা নাই যদিও পদার্থ বিজ্ঞানৰ লগত জড়িত কিছুমান কেৰিয়াৰৰ দিশৰ বিষয়েহে লিখিবলৈ চেষ্টা কৰিছো। পদার্থ বিজ্ঞানৰ কথা কওঁতে আমাৰ মনলৈ আহে মহাকাশৰ কথা। বহু ছাত্র-ছাত্রীয়ে মোক প্রশ্ন কৰে মহাকাশচাৰী হ'বলৈ কি কৰিব লাগে? মহাকাশচাৰী হ’বলৈ ছাত্র-ছাত্ৰীসকলে পদার্থবিজ্ঞান অধ্যয়ন কৰিব পাৰে আৰু Astrophysics বিষয় বিশেষভাবে অধ্যয়ন কৰিব পাৰে। পদার্থ বিজ্ঞানৰ এটা বিষয় হিচাপে এই বিষয়ৰ জৰিয়তে মহাকাশ তথা ইয়াৰ লগত জড়িত বিষয়সমূহ অধ্যয়ন কৰা হয়।

মহাকাশৰ নিচিনাকৈ স্বাস্থ্যৰ ক্ষেত্ৰতো পদার্থ বিজ্ঞানৰ প্রয়োজন আছে। বিভিন্নজনে মেডিকেলসমূহত কাম কৰিব পাৰে মেডিকেল ফিজিচিষ্ট হিচাপে। সাধাৰণতে বিভিন্ন গৱেষণাৰ বাবে পদার্থ বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্রয়োজন হয়। পদার্থ বিজ্ঞানৰ কিছুমান বেলেগ বিভাগ এনেধৰণৰ,

Astrophysics, Fluid Physics, Optical Physics, Geophysics, Nuclear Physics, Plasma Physics, অভিযান্ত্ৰিক ফিজিক্স ইত্যাদি।

পদার্থ বিজ্ঞানত স্নাতক সমাপ্ত কৰাৰ পিছত আমাৰ ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন বিশ্ববিদ্যালয়ত নামভৰ্তি কৰিব পাৰে। বিশ্ববিদ্যালয়সমূহৰ বাহিৰেও কেইখনমান বিশেষ শিক্ষানুষ্ঠান আছে, যিবোৰৰ পৰা পদার্থ বিজ্ঞানৰ বিশেষ বিষয়সমূহত স্নাতকোত্তৰৰ পাঠ্যক্ৰম সমাপ্ত কৰাৰ সুবিধা আছে। কেইখনমান তেনেধৰণৰ শিক্ষানুষ্ঠান হৈছে-

এনেধৰণৰ শিক্ষানুষ্ঠানৰ বাহিৰেও বিদেশতো বিভিন্নজনে অধ্যয়ন কৰাৰ পৰিকল্পনা কৰিব পাৰে। পদার্থ বিজ্ঞানৰ বাবে ছাত্র-ছাত্ৰীসকল মেধাবী হোৱাৰ প্রয়োজন। পদার্থ বিজ্ঞান তথা অংক স্নাতকত থাকিলে তেওঁলোকে সামৰিক বাহিনীৰ নৌসেনা তথা বায়ুসেনাৰ বিষয়াৰ বাবে হোৱা বাছনি পৰীক্ষাত অবতীর্ণ হ’ব পাৰে। ছাত্র-ছাত্ৰীসকলে মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা সময়ৰে পৰা বিভিন্ন ধৰণৰ সংস্থাসমূহৰ লগত জড়িত হৈ থাকিবলৈ চেষ্টা কৰা উচিত। ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানসমূহত নামভৰ্তিৰ বাবে স্নাতকৰ পিছত JAM পৰীক্ষাত অৱতীৰ্ণ হোৱা বাঞ্ছনীয়।

আমাৰ ছাত্র-ছাত্ৰীসকলে গৱেষণাৰ দিশত গ’লে কেবল ভাৰতবৰ্ষ বুলিয়েই নহয়, বৰঞ্চ বিভিন্ন অন্যান্য দেশত কাম কৰাৰ সুযোগ লাভ কৰিব পাৰে। বিদেশত কাম কৰাৰ যিসকলৰ মন তেওঁলোকে বিদেশী ভাষা শিকিব পাৰে, কিয়নো কিছুমান দেশত বেলেগ ভাষাত শিক্ষা প্রদান কৰা হয়। সকলো ছাত্র-ছাত্রীয়ে মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ পিছত নিজৰ কেৰিয়াৰক লৈ পৰিকল্পনা কৰা উচিত, কিয়নো উচ্চ শিক্ষাৰ বাবে আমাৰ বিশ্ববিদ্যালয়সমূহত এতিয়াও আসন কিছু সীমিত।

জলপানি নৰোত্তম শেখসাৰিয়া ফাউণ্ডেশ্বনৰ জলপানি

 

ভাৰতীয় ছাত্র-ছাত্ৰীসকলক স্নাতকোত্তৰৰ উচ্চ শিক্ষাৰ কাৰণে নৰোত্তম শেখসাৰিয়া ফাউণ্ডেশ্বনৰ তৰফৰ পৰা সুত নথকা ঋণ জলপানি প্রদান কৰা হ’ব। ভাৰতবৰ্ষৰ আগশাৰীৰ শিক্ষানুষ্ঠান তথা কিছুমান আন্তর্জাতিক শিক্ষানুষ্ঠানত অধ্যয়ন কৰাৰ বাবে এই জলপানি উপলব্ধ থাকিব। বিজ্ঞানৰ আদি বিভিন্ন পাঠ্যক্ৰমৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে জলপানিৰ বাবে আবেদন কৰিব পাৰিব। আবেদন জনোৱাৰ শেষ তাৰিখ হৈছে ২৮ মার্চ।

কমনৱেলথ জলপানি

Common wealth Shared Scholarships Schme (CSSS) হৈছে মার্কিন যুক্তৰাজ্যৰ Common wealth Scholarships Commison (CSC) যুটীয়া প্ৰচেষ্টা, যাৰ জৰিয়তে কমনৱেলথৰ অধীনত থকা উন্নয়নশীল দেশসমূহৰ ছাত্ৰ-ছাত্ৰীসকলক মাৰ্কিন যুক্তৰাজ্যত থকা ৫০ খনমান বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ বাবে শৈক্ষিক জলপানি প্রদান কৰা হ’ব। আগ্রহী ছাত্র-ছাত্ৰীসকলে ২৯ মাৰ্চৰ আগতে উক্ত জলপানিৰ বাবে আবেদন জনাব পাৰে।

Conventry বিশ্ববিদ্যালয়ৰ জলপানি

 

ভাৰতীয় ছাত্র-ছাত্ৰীসকলৰ বাবে মার্কিন যুক্তৰাজ্যৰ Conventry বিশ্ববিদ্যালয়ত অধ্যয়ন কৰাৰ বাবে জলপানি আগবঢ়োৱা হ’ব। অনলাইনযোগে ছাত্র-ছাত্ৰীসকলে ৩১ মাৰ্চৰ আগতে উক্ত জলপানিৰ বাবে আবেদন জনাব পাৰে।

নিউজিলেণ্ড কমনৱেল্‌থ জলপানি

 

কমনৱেল্‌থৰ বিভিন্ন জলপানিৰ ভিতৰত এটা হৈছে নিউজিলেণ্ড কমনৱেল্‌থ জলপানি, যিটো নিউজিলেণ্ড চৰকাৰৰ তৰফৰ পৰা প্রদান কৰা হয়। আগ্রহী ছাত্র-ছাত্ৰীসকলে ৩০ মাৰ্চৰ আগতে উক্ত জলপানিৰ বাবে আবেদন জনাব পাৰে।

কে চি মহিন্দ্ৰা জলপানি

 

ভাৰতীয় ছাত্র-ছাত্ৰীসকলক বিদেশত অধ্যয়ন কৰাৰ কাৰণে কে চি মহিন্দ্ৰা শৈক্ষিক ন্যাসে সুত নথকা শৈক্ষিক ঋণ জলপানি প্রদান কৰিব। এই জলপানিৰ বাবে আবেদন জনোৱাৰ অন্তিম তাৰিখ হৈছে ৩১ মার্চ।

লিখক: ৰঞ্জন কে বৰুৱা, পূৰ্বাচল।

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate