মূল পৃষ্ঠা / শিক্ষা / পেশাগত পথপ্ৰদৰ্শক / পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পাঠ্যপুথিৰ শিক্ষাৰ উপৰিও :

পাঠ্যপুথিৰ শিক্ষাৰ বিষয়ে লিখা হৈছে ।

 

যুগৰ পৰিবৰ্তনবোৰ বিভিন্ন গতিৰে আহিবলৈ ধৰিছে, কিন্তু ভাল-বেয়া বিচাৰ কৰি লোৱাৰ দায়িত্ব সম্পুৰ্ণ নিজৰ। কাৰণ আজিৰ যুগ হৈছে বিজ্ঞানৰ যুগ, গ্ল’বেলাইজেচনৰ যুগ, ইণ্টাৰনেটৰ যুগ। বিজ্ঞানৰ নতুন নতুন প্ৰযুক্তি কৌশলৰ আৱিষ্কাৰৰ ফলত যুক্তিবাদী চিন্তা-চৰ্চাই ল’ৰা-ছোৱালীৰ মনক পাশ্চাত্যমুখী কৰি তুলিছে। তদুপৰি আজি প্ৰত্যেকজন মানুহৰ মাজতে এক নতুন সচেতনতাই পৰিবৰ্তনৰ প্ৰতি আগ্ৰহ জন্মাইছে। দ্ৰুত গতিত হোৱা এই পৰিবৰ্তনৰ ফলত মানুহৰ জীৱন যাত্ৰা আৰু শিক্ষাৰ ওপৰত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। শিক্ষাৰ আৱশ্যকতাৰ কথা মানুহৰ মনত বাঢ়িলেও ল’ৰা-ছোৱালীক শিক্ষা দিয়াৰ ব্যৱস্থাও এতিয়া অতিমাত্ৰা ব্যয়বহুল হৈ পৰিছে। বহুত পৰিয়ালৰ অৰ্থনৈতিক মান ইমান তল খাপৰ যে, অৰ্থ সংকটৰ সমস্যা আৰু অভাৱ- অনাটনৰ মাজত তেওঁলোকে ল’ৰা-ছোৱালীক উপযুক্ত শিক্ষা দিব নোৱাৰি হীনমন্যতাত ভোগাও দেখা গৈছে। তেওঁলোকৰ জীৱন-নিৰাশাৰ ক’লা ডাৱৰে ছাটি পেলাইছে। অতি দুখজনকভাৱে বহুতো নৱদম্পতীয়ে সন্তান জন্ম দিবলৈকে সাহস গোটাব নোৱাৰা অৱস্থাও হৈছে। এখন শান্তিৰ সমাজ গঢ়ি তুলিবলৈকে আমাৰ মাজত থাকিব লাগিব সমতাৰ ভাব, সততাৰ ভাব, সম্প্ৰীতিৰ ভাব। কিন্তু এনে পৰিবেশত তেনে কথা চিন্তা কৰাটোও যেন আকাশত চাং পতা কথাৰ নিচিনাহে হ’ব। কাৰণ আজিৰ যুগটো হৈছে প্ৰতিযোগিতাৰ যুগ। পঢ়া-শুনা, শিল্প-সংস্কৃতি, খেলা-ধুলা সকলোতেই প্ৰতিযোগিতাই আগবাঢ়ি যাবলৈ উৎসাহ যোগাইছে। সেইদৰেই জীৱন-যাত্ৰাৰ বিভিন্ন বিষয়তো প্ৰতিযোগিতাৰ প্ৰভাৱ পৰিলক্ষিত হৈছে। ৰাজনীতি –সমাজনীতি সংস্কৃতিৰ উপৰিও দুৰ্নীতিৰ টকা ঘটাত, অট্টালিকা সজাত, ঘৰুৱা নতুন নতুন অত্যাধুনিক সামগ্ৰী কিনা-বেচা কৰাত, বিয়াত ছোৱালীৰ লগত দিয়া যৌতুকক, বিয়াৰ জোৰোণত দিয়া আ-অলংকাৰ , কাপোৰ-কানি, প্ৰসাধন আদিত জন্ম দিনত, বিবাহ বাৰ্ষিকীত, পুজা-পাৰ্বণতো মানুহে প্ৰতিযোগিতাৰ পিচত দৌৰি ফুৰিছে। এইদৰে বাহ্যিকতাক গুৰুত্ব আৰোপ কৰোতে মানুহৰ আত্মিক সম্পৰ্কৰ সৌন্দৰ্যম্লান পৰিবলৈ ধৰিছে। ফলত মানুহৰ মনত হিংসা, ঈৰ্ষা, লোভ, লালসা আদি অশুভ ৰিপুসমুহে মুৰ দাঙি উঠি সমাজ জীৱনক কলুষিত কৰিছে।

আমাৰ শিক্ষা পদ্ধতি আজি আঁসোৱাহপুৰ্ণ হোৱাত ছাত্ৰ-ছাত্ৰীয়ে নিজৰ বিষয়ে ভালকৈ জানিবলৈ, বুজিবলৈ সুযোগ নোপোৱাত তেওঁলোকৰ মনৰ মাজত অজ্ঞতাই বাহ সাজি লৈছে। কিয়নো বিদ্যালয়সমুহত বৰ্তমান বেছিভাগ জানিবলগীয়া কথা কেৱল মুখস্থ কৰিবলৈ দিয়া হয়। ফলত ছাত্ৰ-ছাত্ৰীসকলে একো নুবুজাকৈয়ে বিষয়বোৰ পৰীক্ষাৰ কাৰণে মাত্ৰ মুখস্থ কৰে। গতিকে উত্তৰবোৰ শুদ্ধকৈ দিয়াৰ ক্ষেত্ৰত বেছিভাগেই আত্মবিশ্বাস হেৰুৱায়।

এনেকৈয়েই আজি আমাৰ ল’ৰা-ছোৱালীবোৰে পিঠিত কিতাপৰ মেটমৰা বোজা কঢ়িয়াই শিক্ষা গ্ৰহণ কৰিবলগীয়া হৈছে আৰু এনেকুৱা শিক্ষা পদ্ধতিৰেই পৰীক্ষাবোৰত উত্তীৰ্ণও হৈছে, কিন্তু বাস্তৱ জীৱনৰ বিষয়ে তেওঁলোকে উপলব্ধি কৰিবলৈ, যুক্তিৰে চিন্তা চৰ্চা কৰিবলৈ সুযোগ পোৱা নাই। মানুহৰ মাজত থকা আত্মিক সম্পৰ্কৰ কথা তেওঁলোকে অনুভৱ কৰিব নোৱাৰে, কাৰণ সৰহখিনি সময় তেওঁলোকে স্কুলৰ পাঠ্যপুথিৰ মাজতে বুৰ গৈ থাকিবলগীয়া হয়। সেইকাৰণে নিজৰ ঠাইখনৰ আপোন মানুহৰ জীৱন-ধাৰণৰ ৰীতি-নীতি, ঐতিহ্য, পৰম্পৰা, বিশ্বাস-আশ্বাস, সাধুকথা, সাঁথৰ, গীত-মাত, নৃত্য-নক্সা, প্ৰবাদ বাক্য যোজনা, লোকশিল্প-লোকাচাৰ আদিৰ বিষয়ে তেওঁলোকে অজ্ঞ হৈয়েই থাকে। সেয়েহে সৃষ্টিশীলতা, মনৰ নমনীয়তা, বদান্যতা, আপোন মানুহৰ প্ৰতি থাকিবলগা আত্মীয়তাবোধ আদি গুণবোৰ আহৰণ কৰিবলৈ তেওঁলোকৰ মাজৰ খুব কম সংখ্যকেহে সুযোগ-সুবিধা পায়। অথচ এইবোৰ গুণ আৰু প্ৰতিভা যে, আমাৰ সুস্থ জীৱন-যাপনৰ কাৰণে অতি আৱশ্যকীয় কথা, সেয়া উপলব্ধি কৰিব নোৱাৰাটো অতি দুখৰ বিষয়। তেওঁলোকে মানৱীয় প্ৰমুল্যবোধৰ অৱক্ষয়ৰ সময়ত নিজৰ জন্মভুমিৰ , নিজৰ জাতিৰ বুৰঞ্জী, ভুগোল কলা-কৃষ্টিৰ বিষয়েও জ্ঞান লাভ কৰাটো অতি আৱশ্যকীয় কথা হৈ পৰিছে। কাৰণ নিজৰ মেৰুদণ্ড পোনাই ৰাখিবলৈকে অতীতৰ কলা-কৃষ্টিক আমি পুনৰুদ্ধাৰ কৰিবই লাগিব। কাৰণ কলা-কৃষ্টিতেই, ঐতিহ্য-পৰম্পৰাতেই একো খন দেশৰ , একোখন সমাজৰ, একোটা জাতিৰ পৰিচয় ফটফটীয়াকৈ জিলিকি থাকে। শিশু অৱস্থাৰ পৰাই নৱপ্ৰজন্মক প্ৰকৃতিপ্ৰেমী হ’বলৈকো উৎসাহিত কৰিব লাগে। গছপুলি ৰোৱা, ফুলনি পতা, য’তে-ত’তে জাবৰ-জোঁথৰ নেপেলোৱা আৰু আমাৰ ঠাইবোৰক পৰিষ্কাৰ পৰিচ্চন্ন কৰি ৰখাৰ মানসিকতা যাতে গঢ় লৈ উঠে, ইয়াৰ কাৰণে পিতৃ-মাতৃসকল অধিক সচেতন আৰু সজাগ হ’ব লাগে। তেতিয়াহে অপৰাধ প্ৰৱণতাই তেওঁলোকৰ ফুলকুমলীয়া মনক আকৃষ্ট কৰিব নোৱাৰিব। স্বাৰ্থপৰতা আৰু আত্মকেন্দ্ৰিকতাই তেওঁলোকক সহজে স্পৰ্শ কৰিব নোৱাৰিব। পিতৃ-মাতৃয়ে সৰুতেই সন্তানক আৰ্থিক অৱস্থাৰ কথাও অৱগত কৰাটো প্ৰয়োজনীয়। টকা-পইচাৰ মুল্যও বুজাব লাগে, নহ’লে তেওঁলোকে বিচৰা বস্তুটো নাপালে হতাশগ্ৰস্ততাত ভুগিবও পাৰে। দুখীয়া মানুহৰ প্ৰতি মৰমিয়াল হ’বলৈও শিকালে তেওঁলোকৰ নিজৰ অৱস্থাৰ লগত দুখীজনৰ  অৱস্থা ৰিজাই চাই অলপতে সন্তুষ্ট হোৱা গুণটো আহৰণ কৰিব পাৰিব। ভৱিষ্যতে তেওঁলোক একো একোজন নিষ্ঠাৱান ব্যক্তি হৈ দুৰ্নীতি-দুষ্কৃতিৰ পৰা আঁতৰি থাকি সমাজক সুন্দৰ কৰাৰ মধুৰ সপোন ৰচিও দুচুকুৰ মণিত আৰু সেই সপোনেই এদিন আশাৰ ৰেঙনিৰে আমাৰো মনত আকাশ ৰঙাই তুলিব। আমি সদায় মনত ৰাখিব লাগিব ‘উপদেশতকৈ আৰ্হি ভাল’ এই আপ্তবাক্যশাৰী।

লেখিকা: গীতা হাতীকাকতি (সাদিন)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top