অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰিসংখ্যা বিজ্ঞানৰ প্ৰতি আগ্ৰহী নেকি:

পৰিসংখ্যা বিজ্ঞানৰ প্ৰতি আগ্ৰহী নেকি:

 

পৰিসংখ্যা বিজ্ঞানৰ নামৰ শব্দটো ইংৰাজী ষ্টেটষ্টিকছ(Statistics) শব্দৰ অসমীয়া ৰূপান্তৰ। পুৰণি কালত ৰজাই ৰাজ্য চলাবলৈ লগা মানুহ আৰু ধন-সম্পত্তি গণনা কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতিক ষ্টেটিষ্টিকছ বোলা হৈছিল। খ্ৰীষ্টপূৰ্ব ৩৫০ মানত ইজিপ্ত বা মিছৰত ৰজাই এনে পৰিমাণাত্মক সংখ্যা সংগ্ৰহ কৰাৰ কথা শুনা যায়। ভাৰতত সম্ৰাট চন্দ্ৰগুপ্ত মৌৰ্যই লোকপিয়লত পৰিসংখ্যা বিদ্যাৰ প্ৰয়োগ প্ৰথমবাৰৰ বাবে কৰিছিল বুলি বুৰঞ্জীবিদসকলে কয়।

এইবিধ অতিশয় পুৰণি বিজ্ঞান যদিও ১৮৩৪ চন মানলৈকে পৰিসংখ্যা বিজ্ঞান গণিতৰ ভিতৰুৱা আছিল। ১৮৩৪ চনত লণ্ডনত ‘দ্য ৰয়েল ষ্টেটিষ্টিকেল ছ’চাইটী’ প্ৰতিষ্ঠা হোৱাৰ পিছত এই বিষয়টোৱে পৃথক বিজ্ঞান হিচাপে স্বীকৃতি পায়।

পৰিসংখ্যা বিজ্ঞানৰ সীমাবদ্ধতা আছে যদিও কল্যাণকামী ৰাষ্ট্ৰ ব্যৱস্থা আৰু মুক্ত প্ৰতিযোগিতা আধাৰিত অৰ্থনীতিত ইয়াক ন’হলেই নহয়। আধুনিক কৃষি, বাণিজ্য, অৰ্থনীতি, জীৱবিজ্ঞান, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, ইঞ্জিনীয়াৰিং, মনোবিজ্ঞান, বতৰ বিজ্ঞান, জ্যোতিৰ্বিজ্ঞান, বীমা, সংগণক এক্সুৰিয়েল ছায়েন্স, ডিজেষ্টাৰ মেনেজমেন্ট আদিত পৰিসংখ্যা বিজ্ঞানৰ প্ৰয়োগ আৰু যোগদান অনিবাৰ্য।

পৰিসংখ্যা বিজ্ঞানীসকলে শিক্ষকতা, গৱেষণা আৰু চৰকাৰী চাকৰিত নিজৰ কেৰিয়াৰ গঢ়িব পাৰে। বীমা কোম্পানী, ইনভেষ্টমেন্ট এনালাইছিছ, মাৰ্কেট ৰিছাৰ্চ, এক্সুৰিয়েল ছায়েন্স আৰু কোৱালিটী কন্ট্ৰ’লৰ সৈতে জড়িত ক্ষেত্ৰবিলাকত পৰিসংখ্যা বিজ্ঞানীসকলক নিযুক্তি নিদিলেই নহয়। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডিপাৰ্টমেন্ট অৱ ষ্টেটিষ্টিকেল এনালাইছিছ নামৰ বিভাগটোত প্ৰায় প্ৰতিবছৰে প্ৰতিযোগিতামূলক বাছনি পৰীক্ষাৰ জৰিয়তে পৰিসংখ্যা বিজ্ঞানী নিযুক্ত কৰা হয়।

ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ ‘ইণ্ডিয়ান ষ্টেটিষ্টিকেল ছাৰ্ভিচ’ নামৰ সেৱা আছে। এইটো আই এ এছ, আই পি এছৰ নিচিনা সেৱা। ষ্টেটিষ্টিকছ বা এপ্লাইড ষ্টেটিষ্টিকছত এই আই এ এছ এছ, আই পি এছৰ নিচিনা সেৱা। ষ্টেটিসটিকছত এম এ বা এম এছ চি পাছ কৰাসকলে এই আই এ এছ এছ পৰীক্ষাত বহিব পাৰে। তাৰ বাবে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিছনে প্ৰতিবছৰে পৰীক্ষা অনুষ্ঠিত কৰে। এই পৰীক্ষাৰ জাননী দি এমপ্লইমেন্ট নিউজকে ধৰি সকলো সৰ্বভাৰতীয় বাতৰিকাকত আৰু ইউ পি এছ চিৰ ৱেবছাইটত জাৰি কৰা হয়।

ভাৰতৰ কেন্দ্ৰীয় চৰকাৰৰ ‘ইণ্ডিয়ান ষ্টেটিষ্টিকেল ছাৰ্ভিচ’ নামৰ সেৱা আছে। এইটো আই এ এছ, আই পি এছৰ নিচিনা সেৱা। ষ্টেটিষ্টিকছ বা এপ্লাইড ষ্টেটিষ্টিকছত এম এ বা এম এছ চি পাছ কৰাসকলে এই আই এ এছ এছ পৰীক্ষাত বহিব পাৰে। তাৰ বাবে ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিছনে প্ৰতিবছৰে পৰীক্ষা অনুষ্ঠিত কৰে। এই পৰীক্ষাৰ জাননী দি এমপ্লইমেন্ট নিউজকে ধৰি সকলো সৰ্বভাৰতীয় বাতৰিকাকত আৰু ইউ পি এছ চিৰ ৱেবছাইটত জাৰি কৰা হয়।

পৰিসংখ্যা বিজ্ঞানত কেৰিয়াৰ গঢ়িব খোজাসকলে গণিত আৰু পৰিসংখ্যাসহ উচ্চতৰ মাধ্যমিক পৰীক্ষা পাছ কৰি উঠি বি এছ চি উইথ ষ্টেটিষ্টিকছ ডিগ্ৰী ল’ব লাগে। তাৰ পিছত পৰিসংখ্যা বিদ্যা বা ফলিত পৰিসংখ্যা বিদ্যাৰ এম এছ চি উপাধি ল’ব লাগে।

ভাৰতৰ প্ৰায় ৭৫ খন মান বিশ্ববিদ্যালয়ত এই বিষয় পঢ়াৰ বন্দৱস্ত আছে। অসমত গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়তো পৰিসংখ্যা বিজ্ঞানৰ বি এছ চি আৰু এম চি পঢ়াৰ সুবিধা আছে।

পৰিসংখ্যা বিজ্ঞান পঢ়াৰ বাবে আমাৰ দেশৰ শ্ৰেষ্ঠতম শিক্ষানুষ্ঠান হ’ল ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, ২০৩ বেৰেকপুৰ ট্ৰাংক ৰোড, কলিকাতা- ৭০০১০৮। তাত পঢ়িব পৰা পাঠ্যক্ৰমবোৰ হ’ল-

১)বি ষ্টেট,

২)বি মেথ,

৩)এম ষ্টেট,

৪)এম মেথ,

৫)এম এছ ইন কোকন্টিটেটিভ ইক’নমিক্স,

৬)এম টেক ইন কম্পিউটাৰ ছায়েন্স আৰু কোৱালিটী বিলায়েবিলিটী এণ্ড অপাৰেচনছ ৰিছাৰ্চ।

তদুপৰি আই আই টি মুম্বাই আৰু ওচমানিয়া বিশ্ববিদ্যালয় হায়দৰাবাদত এম এছ চি ইন এপ্লাইড ষ্টেটিষ্টিকছ পঢ়িব পাৰি।

  1. M.Sc. (Applied Statistics): Osmania University, Hyderabad- 500007.

2.  M.Sc. (Applied Statistics & Informatics): IIT Bombay, Mumbai- 400076.

3.  M.Sc. (Statistics): About 75 Indian University including Gauhati and Dibrugarh University offer M.Sc. in Statistics programme. The best institute to learn statistics in India is the Indian Statistical Institute, 203 Barrackpore Trunk Road, Kolkata- 700108, West Bengal.

লেখক: ড° গৌৰাংগ কুমাৰ শৰ্মা(শিক্ষা বাৰ্তা)

শেহতীয়া উন্নীতকৰণ: : 1/11/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate