অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পৰীক্ষাৰ বতৰ: ছাত্ৰ-ছাত্ৰীসকল কিদৰে সুস্বাস্থ্যৰ অধিকাৰী হ’ব?

পৰীক্ষাৰ বতৰ: ছাত্ৰ-ছাত্ৰীসকল কিদৰে সুস্বাস্থ্যৰ অধিকাৰী হ’ব?

সমাগত বিভিন্ন পৰীক্ষাৰ বতৰ। পৰীক্ষা বুলি ক’লে প্ৰধানকৈ মাধ্যমিক-উচ্চ মাধ্যমিক পৰীক্ষা ছাত্ৰ-ছাত্ৰীৰ অতি গুৰুত্বপূর্ণ। আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনৰ মূল আধাৰশিলা হ’ল প্ৰৱেশিকা আৰু উচ্চ মাধ্যমিক পৰীক্ষা। এই পৰীক্ষা দুটা আহিলে ছাত্ৰ-ছাত্ৰীৰ মন দুৰু দুৰুকৈ কঁপে। যিমানে মেধাৱী ছাত্ৰ-ছাত্ৰী নহওক কিয়, পৰীক্ষা ওচৰ চাপি আহিলে মনত উগুল-থুগুল ভাৱৰ সৃষ্টি হয়। গতিকে ছাত্ৰ-ছাত্ৰীসকলে নিজকে প্রস্তুত কৰি ল’ব লাগিব।

পৰীক্ষাৰ প্ৰস্তুতি

পৰীক্ষাৰ বতৰত ছাত্র-ছাত্ৰীয়ে বিষয় পুনৰাবৃত্তি কৰাৰ বাবে ৰুটিন তৈয়াৰ কৰা আৰু নির্দিষ্ট সময়মতে পঢ়া-শুনা কৰক। তেতিয়া ছাত্ৰ-ছাত্ৰীৰ অর্থাৎ পৰীক্ষাৰ্থীৰ আত্মবিশ্বাস বাঢ়িব।

  • যিখিনি জটিল বিষয় বা ভালদৰে প্ৰস্তুতি হোৱা নাই, সেইবোৰ নিৰ্দিষ্ট সময় বান্ধি লৈ উত্তৰসমূহ লিখি ল’ব লাগে।
  • পঢ়াৰ সময়ত যিখিনি মূল প্রশ্ন তাৰ উত্তৰবোৰ ভালদৰে লিখি নোট কৰি ল’ব।
  • পাঠ্যপুথিৰ মূল্যাংকনৰ বিষয়বোৰ সুন্দৰভাৱে অধ্যয়ন কৰি সেইবোৰ ভালদৰে লিখি লোৱা উচিত।
  • খোৱা-বোৱাৰ প্ৰতি মনোযোগ দিব লাগিব।

সুস্বাস্থ্য সাধনা

পৰীক্ষাৰ সময়ত অত্যধিক মানসিক চাপ তথা উদ্বিগ্নতা বৃদ্ধি হয়। একেৰাহে কেবাঘণ্টা পঢ়ি থাকিলে মন-মগজু ভাগৰুৱা হয়। মনলৈ অৱসাদ আহে। ছাত্ৰ-ছাত্ৰীয়ে মানসিক চাপ পালে মন আতংকিত হয়, হাত-ভৰি কঁপিবলৈ ধৰে। হৃদস্পন্দন বাঢ়ে, ৰাতি ভাল টোপনি নহয়, টোপনি নহ’লে মন অস্থিৰ হয়। তেতিয়া আমাৰ পিতৃ-মাতৃ অভিভাৱকসকলে জিৰণি ল’বলৈ দিব লাগে।

  • ছাত্ৰ-ছাত্ৰীসকলৰ মন-মগজু সুস্থ হৈ থাকিবলৈ বিশেষকৈ ভিটামিন আৰু প্ৰ’টিনযুক্ত আহাৰ খুৱাব লাগে।
  • সতেজ শাক-পাচলি, ফল-মূল খাবলৈ দিয়া উচিত।
  • ছাত্ৰ-ছাত্ৰীক কুহুমীয়া পানী খাবলৈ দিব লাগে। কুহুমীয়া গৰম পানীয়ে শৰীৰৰ অতিৰিক্ত মেদ হ্ৰাস কৰে। ফলত কেল’ৰি ইনটেক্‌ কম হয়। ওজন বৃদ্ধি নহয়। তদুপৰি কুহুমীয়া গৰমপানী খালে পৰিপাক প্রণালী ভাল হয়। শৰীৰৰ ৰক্ত সঞ্চালন ভাল হয়। টোপনিৰ ভাৱ নাইকীয়া হয়। সেইকাৰণে দিনটোত ৮/১০ গিলাচ পানী খোৱা অতি প্ৰয়োজন।
  • পঢ়াৰ সময়ত ছাত্ৰ-ছাত্ৰীক কাণত বতাহ লাগিবলৈ দিব নালাগে। এই সময়ত চৰ্দি-কাহ, জ্বৰ-পানীলগা, মূৰৰ বিষ আদি ৰোগ হ’ব পাৰে।
  • মনটো আশাবাদী কৰি তুলিব লাগে। এই সময়ত দুঃশ্চিন্তা আৰু নেতিবাচক চিন্তাৰ পৰা মনটো যাতে দূৰত থাকে অভিভাৱকে লক্ষ্য ৰাখিব লাগে।
  • ৰাতিপুৱা ৫ বজাত শুই উঠা আৰু নিশা ১০ বজাত শুব লাগে। ৰাতিপুৱাৰ সময়খিনিক অমৃত বায়ু বুলি কয়। কিয়নো এই সময়ত গছ-গছনিয়ে অম্লজান গেছ অধিক এৰি দিয়ে। এই সময়ত পঢ়িলে মনত থাকে। স্মৃতিশক্তি বৃদ্ধি হয়। মন-মগজু শান্ত হৈ থাকে।
  • নিশা খোৱাৰ সময়ত এগিলাচ গৰম গাখীৰ খাব লাগে। যাতে নিশা ভাল টোপনি হয়। নিশা ৭/৮ ঘণ্টা সুনিদ্ৰা হোৱা উচিত।
  • পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থকা উচিত। সদায় মন-মগজু সুস্থ আৰু সতেজ হোৱাৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত।
  • ৰাতিপুৱা প্ৰাণায়ম বা প্রার্থনা কৰা উচিত। প্রার্থনা কৰিলে মনটো ইতিবাচক চিন্তাৰে ভৰি পৰে। প্ৰাণায়ম কৰাটো মন আৰু শৰীৰৰ বাবে বৰ উপকাৰী। মনলৈ উৎসাহ আৰু প্ৰেৰণা আহিব। তদুপৰি মনটো সতেজ কৰি ৰাখিবলৈ খোজকঢ়া, চাইকেল চলোৱা আদি কাম কৰা অতি প্ৰয়োজন।
  • পৰীক্ষাৰ সময়ত কুহুমীয়া পানীত লেভেণ্ডাৰ অইল মিহলাই গা ধুলে সতেজ ভাৱ আহে।
  • বিলাহী, গাজৰ, তিয়হ আদিৰ চালাড আৰু জৈৱিক পদ্ধতিৰে উৎপাদন কৰা শাক-পাচলি খোৱা উচিত।

লিখক: ধনেশ্বৰ হুজুৰী।

শেহতীয়া উন্নীতকৰণ: : 2/20/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate