অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ফটোগ্ৰাফী এক আকৰ্ষণীয় পেছা

ফটোগ্ৰাফী এক আকৰ্ষণীয় পেছা

১৮শ শতিকাত ফটোগ্রাফী আৰম্ভ হোৱাৰেপৰা মানৱ জীৱন তথা সমাজ জীৱনত গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে। লগতে ফটোগ্রাফী পেছাটোৱেও এক আকৰ্ষণীয় পেছাৰূপে প্ৰতিষ্ঠা লাভ কৰিছে। বিশ্বৰ আন ঠাইৰ দৰে অসমতো ফটোগ্রাফী পেছাটোৱে আন পেছাৰ দৰে জনপ্রিয়তা লাভ কৰিছে সি কিম্বা প্ৰেছ ফটোগ্রাফী, ফেশ্বন ফটোগ্রাফী বা অন্য বিষয়ৰ ফটোগ্রাফীয়েই নহওক কিয়। আজি ফটোগ্রাফী কৰিও সমাজত নিজৰ স্থানৰ লগতে নিজৰ পৰিয়ালৰো ভালদৰে ভৰণ পোষণ কৰিব পাৰি। অসমত, বিশেষকৈ প্ৰেছ ফটোগ্রাফীৰ লগত জড়িত ব্যক্তি যথেষ্ট। কাৰণ এইক্ষেত্ৰত সংস্থান পোৱাটো সহজ। কাৰণ অসমত প্ৰতিদিনে নতুন নতুন বাতৰি কাকতৰ জন্ম হৈ আছে। তদুপৰি ফেশ্বন ফটোগ্রাফী, মেৰেজ ফটোগ্রাফী, ইণ্ডাষ্ট্ৰিয়েল ফটোগ্রাফী, ডকুমেণ্টৰী ফটোগ্রাফী আদিতো যথেষ্ট কর্মসংস্থান পোৱাৰ সুবিধা আছে।

আমাৰ অসমত যথেষ্ট সংখ্যক বাতৰি কাকত থকাৰ বাবে প্ৰেছ ফটোগ্রাফী জনপ্রিয়। কিন্তু প্ৰেছ ফটোগ্ৰাফী কৰিবলৈ যথেষ্ট সাহস-ধৈৰ্যৰ প্ৰয়োজন। কাৰণ দেখা যায় প্ৰেছ ফটোগ্রাফী কৰিবলৈ দুর্গম-বিপজ্জনক ঠাইলৈও যাব লগা হয়। আৰু কেতিয়াবা ফটোগ্রাফাৰসকল যথেষ্ট বিপদৰ সন্মুখীন হোৱা দেখা যায়। কিন্তু যিসকলে এনেকুৱা বিপদ নেওচি আমাৰ সমাজ ব্যৱস্থাৰ প্ৰকৃত স্বৰূপ আমাৰ সন্মুখত উদঙাই দিয়ে, তেওঁলোকে প্ৰশংসাৰ যোগ্য। বৰ্তমান অসমৰ এনে কেবাজনো সুদক্ষ ফটোগ্রাফাৰ আছে যিসকলে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত সুনাম অৰ্জন কৰিছে।

অন্যান্য ফটোগ্রাফী বিষয়বোৰৰ ভিতৰত বৰ্তমান ফেশ্বন ফটোগ্রাফীয়ে ফটোগ্রাফী কেৰিয়াৰ হিচাপে ল’বলৈ বিচৰা নতুন প্ৰজন্মৰ মাজত বেছি জনপ্ৰিয়। আমাৰ অসমতো ফেশ্বন ফটোগ্ৰাফী জগতখন দেশৰ অন্যান্য ঠাইৰ ফটোগ্রাফীৰ লগত ফেৰ মাৰিব পৰা হৈছে। বৰ্তমান আমাৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ফেশ্বন জগতখন যথেষ্ট উন্নত হৈছে। তাৰ বাবে ফেশ্বন ফটোগ্রাফীতো কামৰ সংখ্যা বাঢ়িছে। ডিজাইনাৰ ফেশ্বন ছ্যুট, মডেলিং, পৰ্টফলিঅ’, এডভাৰটাইজিং, ছ্যুট আদিৰ সংখ্যা বাঢ়িছে। এজন ফেশ্বন ফটোগ্রাফাৰৰ গ্লেমাৰ যথেষ্ট, লগতে উপাৰ্জনৰ পৰিমাণো বেছি। সমাজত সোনকালে পৰিচিত হয়। সেইবাবে নৱপ্ৰজন্মৰ বহুতে ফেশ্বন ফটোগ্রাফীক কেৰিয়াৰ হিচাপে ল’বলৈ আগ বাঢ়ি আহিছে। অসমত যোৱা কেইবছৰ মানৰপৰা বহুতো কল-কাৰখানা স্থাপন হৈছে আৰু এইবোৰৰ বাবে ইণ্ডাষ্ট্ৰিয়েল ফটোগ্রাফী জৰুৰী হৈ পৰে। আজি কেইবছৰমান আগলৈকে এই ক্ষেত্ৰত অসমৰ বাহিৰৰ ফটোগ্রাফাৰৰ সহায় লোৱা হৈছিল। কিন্তু বৰ্তমান অসমৰ কেবাজনো এনে ধৰণৰ ফটোগ্ৰাফী কৰা ব্যক্তি ওলাই আহিছে। যাৰ ফলত যথেষ্ট সংখ্যক ফটোগ্রাফাৰে এইবোৰত সংস্থান লাভ কৰিছে। ইণ্ডাষ্ট্ৰিয়েল ফটোগ্ৰাফী যথেষ্ট বিপজ্জনক আৰু বহুতো ফটোগ্রাফী সা-সঁজুলিৰ প্রয়োজন। আজিকালি অভিভাৱকসকলেও ফটোগ্ৰাফী যে এটা সন্মানজনক পেছা সেইটো উপলব্ধি কৰি নিজৰ সন্তানক এই বৃত্তিৰ প্ৰতি আগুৱাই দিছে।

উৎস: জনসাধাৰণ।

শেহতীয়া উন্নীতকৰণ: : 1/23/2024



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate