অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্সৰ পাঠ্যক্রম

লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্সৰ পাঠ্যক্রম

‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ পঢ়ি ছাত্র-ছাত্রীসকলে কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে যিকোনো শাখা স্নাতক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ৰ চাৰ্টিফিকেট, ডিপ্লমা, স্নাতক তথা স্নাতকোত্তৰ পাঠ্যক্রমত নাম ভৰ্তি কৰিব পাৰে। ইয়াৰ উপৰিও ‘‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ত এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে।

দেশৰ বিভিন্ন স্থানৰ লগতে অসমতো ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। অসমৰ গুৱাহাটী বিশ্ববিদ্যালয় www.gauhati.ac.in ত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২৫ খন। ইয়াত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীগৰাকী যিকোনো বিষয়ত স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক (মেজৰ কোৰ্চ বা জেনেৰেল কোৰ্চ) ডিগ্রীধাৰী হ’ব লাগে আৰু বাছনি পৰীক্ষাৰ জৰিয়তে শিক্ষাৰ্থীসকলক নিৰ্বাচন কৰে। লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ত পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

অসম বিশ্ববিদ্যালয় www.aus.ac.in ত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২৫ খন। ইয়াত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীগৰাকী যিকোনো বিষয়ত স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত ৪৫% নম্বৰেৰে সৈতে উত্তীৰ্ণ হ’ব লাগে। এই পাঠ্যক্রমত নাম ভৰ্ত্তিৰ বাবে শিক্ষাৰ্থীসকলে এটা বাছনি পৰীক্ষা, গ্রুপ ডিচকাচন (Group Discussion) আৰু সাক্ষাৎকাৰৰ মুখা-মুখি হ’ব লাগে। অসম বিশ্ববিদ্যালয়ত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ত এম.ফিল. আৰু পি.এইচ.ডি. পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে।

ডিব্রুগড় বিশ্ববিদ্যালয় www.dibru.ac.in ত ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ২৪ খন আৰু স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২০ খন।

‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ বিষয়ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল:

দিল্লী বিশ্ববিদ্যালয় (http://www.du.ac.in),

কলকতা বিশ্ববিদ্যালয় (www.caluniv.ac.in),

বেনাৰস হিন্দু বিশ্ববিদ্যালয় (http://www.bhu.ac.in),

অলাগপ্পা বিশ্ববিদ্যালয় (http://alagappauniversity.ac.in),

আলিগড় মুছলিম বিশ্ববিদ্যালয় (www.amu.ac.in),

অন্ধ্ৰ বিশ্ববিদ্যালয় (www.andhrauniversity.edu.in),

আন্নামালাই বিশ্ববিদ্যালয় (http://annamalaiuniversity.ac.in),

বাঙ্গালোৰ বিশ্ববিদ্যালয় (http://bangaloreuniversity.ac.in),

মুম্বাই বিশ্ববিদ্যালয় (www.mu.ac.in),

দেৱী অহল্যা বিশ্ববিদ্যালয় (www.dauniv.ac.in),

ড° বি. আৰ. আম্বেদকাৰ বিশ্ববিদ্যালয় (www.dbrau.ac.in),

ড° হৰিসিং গৌৰ বিশ্ববিদ্যালয় (www.dhsgsu.ac.in),

গুজৰাট বিশ্ববিদ্যালয় (www.gujaratuniversity.org.in),

গুলবাৰগা বিশ্ববিদ্যালয় (www.gulbargauniversity.kar.nic.in),

গুৰু ঘাচিদাস বিশ্ববিদ্যালয় (www.ggu.ac.in),

গুৰু নানক দেৱ বিশ্ববিদ্যালয় (www.gndu.ac.in),

যাদবপুৰ বিশ্ববিদ্যালয় (www.jaduniv.edu.in),

জামিয়া মিলিয়া ইছলামিয়া (jmi.ac.in),

কুৰুক্ষেত্র বিশ্ববিদ্যালয় (www.kuk.ac.in),

লক্ষ্নৌ বিশ্ববিদ্যালয় (www.lkouniv.ac.in),

এম. এচ. ইউনিভাৰ্চিটি অৱ বৰ’ডা (www.msubaroda.ac.in),

উত্তৰ-পূৱ পাৰ্বত্য বিশ্ববিদ্যালয় (www.nehu.ac.in),

ওছমানিয়া বিশ্ববিদ্যালয় (www.osmania.ac.in),

পাঞ্জাৱ বিশ্ববিদ্যালয় (puchd.ac.in),

পাটনা বিশ্ববিদ্যালয় (www.patnauniversity.ac.in),

হায়দৰাবাদ বিশ্ববিদ্যালয় (www.uohyd.ac.in),

জন্মু বিশ্ববিদ্যালয় (www.jammuuniversity.in),

কাশ্মীৰ বিশ্ববিদ্যালয় (www.kashmiruniversity.net),

কেৰেলা বিশ্ববিদ্যালয় (www.keralauniversity.ac.in),

এলাহাবাদ বিশ্ববিদ্যালয় (www.allduniv.ac.in),

মাদ্রাছ বিশ্ববিদ্যালয় (www.unom.ac.in),

মহীশূৰ বিশ্ববিদ্যালয় (www.uni-mysore.ac.in),

পুণে বিশ্ববিদ্যালয় (www.unipune.ac.in),

ৰাজস্থান বিশ্ববিদ্যালয় (www.uniraj.ac.in)।

দূৰ শিক্ষাৰ যোগেদিও ‘লাইব্রেৰী এণ্ড ইনফৰমেচন ছায়েন্স’ পাঠ্যক্রম অধ্যয়ন কৰিব পাৰি। এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হ’ল – ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় www.ignou.ac.in

‘লাইব্রেৰী এণ্ড ইনৰমেচন ছায়েন্স’ৰ বিভিন্ন ডিপ্ল’মা আৰু ডিগ্রী লাভ কৰা সকলে চৰকাৰী-বেচৰকাৰী খণ্ডৰ সকলো শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ বিভিন্ন গ্রন্থাগাৰত বিভিন্ন পদত নিযুক্তি লাভ কৰিব পাৰে। যেনে – এচিচষ্টেণ্ট লাইব্ৰেৰিয়ান (Assistant Librarian), কেটেলগাৰ (Cataloguer), টেকনিকেল এচিচষ্টেণ্ট (Technical Assistant), ৰেকৰ্ড মেনেজাৰ (Records Manager), ৰেফাৰেন্স লাইব্ৰেৰিয়ান (Reference Librarian), ডেপুটি লাইব্ৰেৰিয়ান (Deputy Librarian), ডকুমেণ্টেচন অফিচাৰ (Documentation Officer), ইণ্ডেক্সাৰ (Indexer), ইনফৰমেচন এনালিষ্ট (Information Analyst), ইনফৰমেচন আৰ্কিটেক্ট (Information architect), ইনফৰমেচন এক্সিকিউটিভ (Information Executive), ইনফৰমেচন অফিচাৰ (Information Officer), জুনিয়ৰ ইনফৰমেচন এনালিষ্ট (Junior Information Analyst), জুনিয়ৰ লাইব্ৰেৰিয়ান ( Junior Librarian), ল` লাইব্ৰেৰিয়ান (Law Librarian), লাইব্ৰেৰিয়ান (Librarian), চিফ্ লাইব্ৰেৰিয়ান (Chief Librarian), লাইব্রেৰী এণ্ড ইনফৰমেচন অফিচাৰ (Library and Information Officer), লাইব্রেৰী এচিচষ্টেণ্ট (Library Assistant), চাইণ্টিষ্ট (লাইব্রেৰী ছায়েন্স), চাইণ্টিষ্ট (ডকুমেণ্টেচন Documentation), চিনিয়ৰ ইনফৰমেচন এনালিষ্ট (Senior Information Analyst), লাইব্রেৰী এচিচষ্টেণ্ট (Senior Library Information Assistant ) আদি।

ড° বুলজিৎ বুঢ়াগোহাঁই, সহকাৰী অধ্যাপক, যান্ত্রিক অভিযান্ত্রিক বিভাগ,

গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী,

শেহতীয়া উন্নীতকৰণ: : 6/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate