শিশুসকলৰ অধিকাৰৰ কথা হয়তো এতিয়াও আমিবোৰে বৰ গুৰুত্ব সহকাৰে ল’বলৈ টান পাওঁ। বয়সত সৰু বাবেই তেওঁলোকৰ অধিকাৰসমূহক আমি প্ৰায়েই মানি নলওঁ বা সেইসমূহ প্ৰদান কৰাৰ পৰা বিৰত থাকে। কিন্তু মানৱ জীৱনৰ অধিকাৰসমূহ প্রাপ্তবয়স্কৰ লগতে শিশুসকলৰো সমানে প্রাপ্য। পৃথিৱীৰ প্ৰতিটো শিশুৰেই এক সুন্দৰ, সুস্থ, আনন্দময় আৰু সুৰক্ষিত জীৱন-যাক আমি ‘শৈশৱ’ বোলো তাক উপভোগ কৰাৰ পূৰ্ণ অধিকাৰ আছে। এয়া তেওঁলোকৰ ঈশ্বৰপ্ৰদত্ত মানৱ অধিকাৰ। এই অধিকাৰসমূহ প্ৰদান কৰাৰ লগতে সুৰক্ষিত কৰাৰ দায়িত্ব প্ৰতিখন ৰাষ্ট্রৰ চৰকাৰ তথা সমাজৰ থকাটো অতি প্রয়োজনীয়। শিশুসকল সমাজ এখনৰ অতি স্পৰ্শকাতৰ অংগ আৰু সেইবাবেই এওঁলোকক আনতকৈ বেছি মনোযোগ আৰু সুবিধা দিয়া হয়। শিশুৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ওপৰত আমাৰ ভৱিষ্যত নিৰ্ভৰশীল। ৰাষ্ট্ৰসংঘই সেইবাবেই শিশুসকলৰ অধিকাৰসমূহ নিশ্চিত কৰাৰ লগতে সেইসমূহক সুৰক্ষা দিবলৈ ১৯৮৯ চনত এখন মানৱ অধিকাৰ সম্পৰ্কীয় চুক্তি প্রস্তুত কৰে। ৰাষ্ট্ৰসংঘৰ শিশু অধিকাৰ চনদ (চুক্তি) (United Nations Convention on Rights of the Child) খনত চহী কৰি ভাৰতবৰ্ষই ইয়াক মানি চলিবলৈ প্ৰতিজ্ঞাৱদ্ধ হয়। ১৯৯২ চনত স্বাক্ষৰৰ ভিত্তিতেই ভাৰতবৰ্ষত ‘শিশু সুৰক্ষা আয়োগ’ গঠিত হয়। আয়োগৰ ক্ষমতা আৰু কাৰ্যসমূহ এনেধৰণৰ-
এইসমূহ আয়োগৰ কৰ্তব্য আৰু ক্ষমতা। কিন্তু আইন, আয়োগ, সংবিধানৰ কৰ্তব্যৰ উৰ্দ্ধত আমাৰ অর্থাৎ প্রত্যেক জন নাগৰিকৰেই আমাৰ শিশুসকলৰ মানৱ অধিকাৰ সুৰক্ষাৰ দায়িত্ব বহুত বেছি। আমাৰ সজাগতা, দায়িত্ব আৰু কর্তব্যবোধেহে শিশুসকলৰ হেৰাই যাবলৈ ধৰা শৈশৱ ওভতাই অনাত সহায় কৰিব। আহক, আমি তেওঁলোকক সোণালী শৈশৱ ওভতাই দিওঁ।
লেখিকা: ৰঞ্জু গোস্বামী।
শেহতীয়া উন্নীতকৰণ: : 2/13/2023