অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ POCSO-ই-বক্স

Help


POCSO e-Box

শিশু নিৰ্যাতন ভাৰতবৰ্ষত:

শিশুৰ ওপৰত যৌন নিৰ্যাতনৰ এক দৈনিক ঘটনাত পৰিনত হৈছে যিটো বিষয়ে খুব কমসংখ্যক গোচৰহে ৰুজো হোৱা দৃষ্টিগোচৰ হোৱা দেখা যায়।এক পৰিক্ষামূলক অনুসন্ধানত এই তথ্য পোহৰলৈ আহিছে যে ৫৩% শিশুৰ জীৱনতে তেওঁলোকে প্ৰায়েই যৌন নিৰ্যাতনৰ বলি হোৱাৰ কথা স্বীকাৰ কৰা দেখা যায়। এইক্ষেত্ৰত প্ৰায়েই দেখা যায় যে এইক্ষেত্ৰত অপৰাধীজন প্ৰায়েই শিশুৰ সমন্ধীয় তথা চিনাকী পৰিচয়ৰ ভিতৰতেই হয়।সাধাৰনতে দেখা যায় যে শিশুৰ ক্ষেত্ৰত দেখা পোৱা এনেধৰনৰ যৌন নিৰ্যাতনৰ ঘটনাৰ বিষয়ে  শিশুৱে কাকোকে অৱগত নকৰে।যৌন নিৰ্যাতনৰ ঘটনাই নিৰ্যাতিত শিশুৰ ওপৰত বেয়া প্ৰভাৱ পেলায় যি গোটেই জীৱনতে এক মানসিক ভয়ৰ মাজেৰে কটাবলগীয়া হয়।শিশুৰ ওপৰত চলা যৌন নিৰ্যাতনৰ ঘটনাই সেই শিশুটোৰ মানসীক স্তৰৰ ওপৰত খুবেই বেয়া প্ৰভাৱ পেলায় যত নিৰ্যাতিত শিশুটি হতাশগ্ৰস্থ,হিংসুক তথা মানসীক অস্থিৰতাৰ আচৰন কৰা দেখা যায়।নিজকে দোষী তথা অপৰাধবোধ অনুভৱ কৰাটো যৌন নিৰ্যাতনৰ বলি হোৱাৰ আন কিছুমান মানসিক লক্ষন দেখা পোৱা যায়।

 

পোচকো ই-বক্স শিশুৰ বাবে:

পোচকো ই-বক্স হল এক অনলাইন অভিযোগ বাকচ যত শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ গোচৰ প্ৰদান কৰিব পাৰিব।এইটো হৈছে ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এক পদক্ষেপ যত শিশুৰ ওপৰত চলা এনে ধৰনৰ নিৰ্যাতন অভিযোগ পোনে পোনে আয়োগৰ ওচৰত দাখিল কৰিব পাৰিব।এই অনলাইন অভিযোগ পৰ্য্যবেক্ষন ব্যৱস্থাপনাই এনে অপৰাধত জড়িত ব্যক্তিক সঠিক সময়ত শাস্তি আৰু সময়ত এনে অভিযোগ দাখিল কৰিব পৰা সুবিধা প্ৰদান কৰিছে পিচকো আইন ২০১২ অধীনত। এই ই-বক্স ব্যৱহাৰ কৰিবলৈ অতি সহজ আৰু ইয়াত দাখিল কৰা গোচৰবোৰ গোপনীয়তা ৰক্ষা কৰা হয়।

ই কেনেকৈ কাম কৰে?

  • পিচকো বক্স পাবলৈ ইয়াত ক্লিক কৰক। এই পিকচো বক্সৰ লিংকটো ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগৰ মুখ্যপৃষ্ঠাতো উপলদ্ধ যত ব্যৱহাৰকাৰীয়ে কেৱল পিকচো বক্স লিখাত ক্লিক কৰিব লাগিব।

 

 

 

 

প্ৰথম পদক্ষেপ:

ওপৰত দেখোৱাৰ দৰে এই উইণ্ড পৃষ্ঠাত ইয়াত এখনি এনিমেশ্বন চিনেমা আপুনি পাব।এই এনিমেশ্বন তথ্য চিত্ৰখনত এইটো বুজোৱা হৈছে যে শিশুজনৰ লগত যি সংঘটিত হৈছে তাত তেওঁৰ অলপো ভূল নাই আৰু তাৰ বাবে তেওঁলোকে কোনো অপৰাধবোধত ভুগিব নালাগে।এই বিষয়ত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা আয়োগে শিশুক উপযুক্ত সহায়ৰ হাত আগবঢ়াব।

 

 

 

 

দ্বিতীয় পদক্ষেপ:

ইয়াৰ পিছত ব্যৱহাৰকাৰীয়ে arrow page টিপি দিলে ইয়ে আন এখন পৃষ্ঠালৈ লৈ যাব যত তেওঁ বা তাইয়ে তলত দিয়া এখনি চিত্ৰ নিৰ্বচিত কৰিব লাগিব যত শিশুৰ ওপৰত কৰা নিৰ্যাতনৰ শ্ৰেনী বিভাজন কৰি দেখুওৱা হৈছে।

 

 

 

 

 

তৃতীয় পদক্ষেপ:

ইয়াৰ পিছত এখনি প্ৰপত্ৰ পূৰন কৰিব লাগিব যত তেওঁৰ মোবইল নম্বৰ ইমেইল আইডি,তথা কেনেধৰনৰ নিৰ্যাতনৰ সন্মুখীন হৈছে এই কথা উল্লেখ কৰি সংৰক্ষন বোটামটো ক্লিক কৰিব লাগিব।এইয়াৰ পিচত এই অভিযোগ দাখিলৰ এটা সুকীয়া অভিযোগ নম্বৰ দেখা পোৱা যাৱ।

 

পোচকো আইন সমন্ধে:

 

 

 

শিশুৰ ওপৰত হোৱা এনে ধৰনৰ নিৰ্যাতনৰ কথা লক্ষ্য কৰিয়েই চৰকাৰে পোচকো আইন সৃষ্টি কৰিছিল যাতে এই আইনৰ দ্বাৰা শিশুৰ ওপৰত হোৱা যৌন উপীড়ন,যৌন নিৰ্যাতন,প্ৰতিটো পৰ্যায়তে শিশুক সুৰক্ষা প্ৰদান কৰি বিশেষ আদালতৰ মাধ্যমেদি এই ধৰনৰ গোচৰ খৰকটীয়াভাৱে মিমাংসা কৰি শিশুক ন্যায় প্ৰদান তথা সুৰক্ষা প্ৰদান কৰাটোৱেই এই আইনৰ উদ্দেশ্য।এই পোচকো আইনৰ অধীনত ১৮ বছৰ বয়সৰ সকলো মানুহকে শিশু বুলি গন্য কৰা হব।।।

উৎস: নেচনেল কমিচন ফৰ্‌ প্ৰক্টেস্‌ন



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate