অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰেলৱে শিশু সকলৰ অধিকাৰ ৰক্ষা কৰা

ৰেলৱে শিশু সকলৰ অধিকাৰ ৰক্ষা কৰা

শিশুৰ অধিকাৰ ৰক্ষাৰ কর্মীবৃন্দৰ লগত আৰু বিভিন্ন ধৰনৰ এনজিও লগত এনচিপিচিআৰ এ এতিয়ালৈকে বহুতো মিটিংত ভাগ লৈ শিশুৰ অধিকাৰ ৰক্ষাৰ বাবে ৰেলৰ প্লেটফর্মত বিভিন্ন নমুনা নির্দেশাৱলী ৰচনা কৰিছে। উক্ত মিটিং বিলাকত সভাপতিত্ব কৰে এনচিপিচিআৰৰ সদস্য সন্ধ্যা বাজাজে, শিশূ সকলৰ বিভিন্ন ধৰনৰ সমষ্যা বিলাক আলোচনা কৰিছে যেনে শিশুসকলৰ ড্রাগ লোৱা,শাৰীৰিক ভাবে ৰেলৱে পুলিচ বলে শিশু সকলক হানি ঘটোৱা, থকাৰ ঠাইৰ নাটনি, পৰিচয়ৰ সমষ্যা আৰু পুনৰ সংস্থানৰ সমষ্যা, স্বাস্থ্যা সম্পর্কিত সুযোগ সুবিধাৰ নাটনি থকা আৰু এইচ আই ভি আৰু এইডচ্‌ ৰ ভয়াবহতা।

প্রায় ২৫ টাতকৈও বেছি এনজিও লগতে ৰেলৰ প্লেটফর্মত থকা শিশু সকলৰ লগত যোৱা বছৰৰ অক্টোবৰ আৰু নভেম্বৰ মিটিং বিলাক অনুষ্টিত হৈছিল। এই এনজিওৰ ভিতৰত আছিল সাথী, অনুভৱ, প্রজেক্ট কনচার্ন ইন্টাৰনেচনেল, দিল্লী ব্রাদাৰহুড ছ’চাইটি, চেতনা, চালাম বালাক ট্রাষ্ট, অকচন এইড, হিউমেন ৰাইটচ্‌ ল’ নেটৱার্ক, চাইল্ডলাইন ইণ্ডিয়া ফাউণ্ডেচন আৰু চাইল্ডচ্‌ ৰাইটচ্‌ ফ’ৰাম।

কেইবাটাও পৰামর্শ (তলত উল্লেখ কৰা হৈছে) উক্ত মিটিংখনৰ পৰা উঠি আহিছে। বাজাজৰ মতে, এই পৰামর্শ বিলাক ৰেলৰ প্লেটফর্মত থকা শিশু সকলৰ অধিকাৰ ৰক্ষাৰ জাতীয় কর্মশালাত আলোচনা কৰা হব। তাৰ পিছত ৰেলৰ কতৃপক্ষৰ উদ্দেশ্যত জাৰী কৰা হব।

পৰামর্শ

  • বগা ৰঙৰ তৰল পদার্থ ৰেলৰ প্লেটফর্মত বিক্রী কৰা বন্ধ কৰিব লাগিব কিয়নো এই বিলাক বস্তুয়ে শিশু সকলে বেয়া কামত ব্যৱহাৰ কৰিব পাৰে।
  • ৰেলৰ প্লেটফর্মত থকা শিশু সকলৰ অধিকাৰ ৰক্ষাৰ বাবে ৰেল কতৃপক্ষই দায়িত্ববান হব লাগিব।
  • চিকিৎসা সংক্রান্ত নানান ধৰনৰ সুবিধা বিলাক ৰেলৰ প্লেটফর্মত শাৰীৰিক আৰু যৌন হায়ৰানী হোৱা শিশু সকলক ততাতিয়াকৈ দিব লাগিব।
  • ৰেলৰ প্লেটফর্মত থকা শিশু সকলক বিভিন্ন ভাগত ভাগ কৰা হৈছে।
  • ফটা ছিঙা কাগজ বা কাপোড় বুটলা শিশু বিলাকৰ অধিকাৰক সুৰক্ষিত কৰা উচিত কিয়নো তেওঁলোকে এই কাম বিলাক কৰি লেতেৰা বস্তু বিলাক সেই ঠাইৰ পৰা আতঁৰ কৰি সমাজৰ যথেষ্ট উপকাৰ কৰে।
  • আৰ পি এফ এ এনজিও সংস্থা বিলাকলৈ পৰিচয় পত্র যোগান দি ৰেলৰ প্লেটফর্মত থকা শিশু সকলৰ অধিকাৰ ৰক্ষা কৰে।
  • এনচিপিচিআৰ এ আৰপিএফৰ উদ্দেশ্যে শিশু সকলৰ অধিকাৰ ৰক্ষাৰ বাবে চার্কুলাৰ জাৰী কৰে।
  • ৰেলৰ প্লেটফর্মত হেৰাই যোৱা শিশু সকলৰ বাবে এট কেন্দ্রীভূত অভিযোগ পদ্ধতি থাকিব লাগে।
  • এনচিপিচিআৰ এ এটা কেন্দ্রীভূত সংখ্যাতত্বযুক্ত পদ্ধতি হাতত লৈ উক্ত তথ্য বিলাকৰ আদান প্রদান কৰে।
  • ৰেলৰ প্লেটফর্মত হেৰাই যোৱা বা স্থানান্তৰ হোৱা শিশু সকলৰ বাবে এটা অতি বেগাবেগীকৈ মাথোন ১০ মিনিটৰ ভিতৰত ততাতিয়াকৈ আচৰনবিধি থাকিব লাগে।
  • এনচিপিচিআৰ এ এটা প্রাথমিক মধ্যস্থতাকাৰী ব্যৱস্থা তৈয়াৰ কৰিব লাগে।
  • শিশুৰ মঙ্গলৰ বাবে চাইল্ড ৱেলফেয়াৰ কমিটি (CWC) ৰেলৰ প্লেটফর্মৰ ওচৰত সদায় থাকিব লাগে।
  • আশ্রয়কাৰী ঘৰ বিলাক জেলৰ দৰে হব নেলাগে। সেই ঘৰ বিলাকত শিশুবিলাকৰ পুনৰবাসনৰ বাবে মুক্ত বতাহ অহা যোৱা কৰিব লগা হব লাগে।
  • এই আশ্রয়কাৰী ঘৰ বিলাকৰ কার্যকাৰীতা সম্পর্কে ছ’চাল অডিটে এটা পর্যালোচনা চলায়।
  • এনচিপিচিআৰ এ এনজিওৰ এটা ছ’চাল অডিট গঠন কৰি পুনৰবাসন কেন্দ্র আৰু আশ্রকাৰী ঘৰ বনাই হেৰাই যোৱা বা স্থানান্তৰিত হোৱা শিশু সকলক, ৰেলৰ প্লেটফর্মত বেয়া কামত লিপ্ত হোৱা শিশু সকলক সাহায্য কৰিব পাৰে।

শেহতীয়া উন্নীতকৰণ: : 3/17/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate