অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

“ভগৱান কণিকা”নো কি?

কেইদিনমানৰ পৰা খবৰ কাকত, ৰেডিঅ’, দূৰদৰ্শন, ইণ্টাৰনেট আদি সকলোতে “ভগৱান কণিকা” বা “ভগৱান কণা” বিশেষভাৱে চৰ্চিত হৈছে। কোনোবাই লিখিছে ভগৱান কণিকাৰ পৰা‍ই সকলো বস্তুৰ সৃষ্টি হৈছে, কোনোবাই পঢ়িছে ভগৱান কণিকা আৱিষ্কাৰ পদাৰ্থ বিজ্ঞানৰ এটা ডাঙৰ আৱিষ্কাৰ, অকৌ কোনোবাই বা শুনিছে ছাৰ্ণৰ বিজ্ঞানীসকলে সৃষ্টিৰ ৰহস্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে। কিন্ত আচলতে এই “ভগৱান কণিকা” নো কি? ক’ৰ পৰা আহে সি? কামেই বা কি তাৰ? কিয় তাৰ ইমান গুৰুত্ব? ওফ…আৰু কিমান যে প্ৰশ্ন…?

এই এশ এবুৰি প্ৰশ্নৰ উত্তৰত “…….” ইয়াকে চমুকৈ ভগৱান কণিকা বোলে বা “……..” ইয়েই ভগৱান কণিকা বুলি কোৱা সম্ভৱ নহয়।

“ভগৱান কণিকা” বা “ভগৱান কণা” (God Particle) বা “হিগ্‌ছ বোসন” (Higgs Boson) পদাৰ্থ বিজ্ঞানৰ এটা মৌলিক কণা। ১৯৬৪ চনত ব্ৰিটিছ বিজ্ঞানী পিটাৰ হিগ্‌ছে এবিধ নতুন মৌলিক কণাৰ ধাৰণা আগবঢ়াইছিল। পিছলৈ গুৰালনিক, ব্ৰাউট, ইংলাৰ্ট, কিৱল আদি বিজ্ঞানীসকলে পিটাৰ হিগছৰ ধাৰণাটোৰ গাণিতিক ৰূপ আৰু ভৌতিক বিশ্লেষণ দিছিল।

হিগছ বোসনৰ বিষয়ে ভালদৰে বুজিবলৈ হ’লে মৌলিক কণা পদাৰ্থ বিজ্ঞান (Elementary Particle Physics), প্ৰকৃতিৰ মৌলিক বলসমূহ (Fundamental Forces of Nature) আৰু কণা পদাৰ্থ বিজ্ঞানৰ ‘গুণগত আৰ্হি’ (Standard Model of Particle Physics)ৰ থুলমুল ধাৰণা এটা থাকিব‍ই লাগিব‍। তলত ইয়াৰে কিছু প্ৰয়াস (নে দুঃসাহস?)কৰা হ’ল।

মৌলিক কণা পদাৰ্থ বিজ্ঞান

পদাৰ্থ সৃষ্টিকাৰী কণা

বিদ্যালয় পঠ্যক্ৰমতে আমি অণু পৰমাণুৰ বিষয়ে  শিকি আহিছোঁ যে সকলো পদাৰ্থ পৰমাণুৰে গঠিত; আৰু পৰমাণু এটা ইলেক্ট্ৰন আৰু নিউক্লিয়াছেৰে গঠিত। পৰমাণু হ’ল এনে এটা প্ৰণালী (System) যাৰ ভিতৰত প্ৰ’টন আৰু নিউট্ৰনেৰে গঠিত নিউক্লিয়াছৰ চাৰিওপিনে ইলেক্ট্ৰনবোৰ ঘূৰি থাকে। গতিকে আমি দেখা সকলো পদাৰ্থ ইলেক্ট্ৰন, প্ৰ’টন আৰু নিউট্ৰনেৰে গঠিত বুলি সম্যক ধাৰণা এটা আমাৰ সকলোৰে আছে।

কুৰি শতিকাৰ প্ৰথম ভাগত ইলেক্ট্ৰনৰ লগতে প্ৰ’টন আৰু নিউট্ৰনকো পদাৰ্থৰ মৌলিক কণা হিছপেই ধৰি লোৱা হৈছিল। পিছলৈ প্ৰট’ন আৰু নিউট্ৰনৰ গঠন সম্পৰ্কে নানান চিন্তা চৰ্চা আৰম্ভ হ’ল। প্ৰ’টন আৰু নিউট্ৰনৰ গঠন বিশ্লেষণ কৰিবলৈ গৈ ১৯৬৪ চনত মুৰেই গেল-ম্য়ান  আৰু জৰ্জ যোয়েঙে ‘কোৱাৰ্ক’ নামৰ  একধৰনৰ নতুন কণাৰ গাণিতিক উপাপাদ্য আগবঢ়া‍ইছিল।
এই উপাপাদ্য মতে এটা প্ৰ’টন দুটা up কোৱাৰ্ক আৰু এটা down কোৱাৰ্কেৰে গঠিত; এটা নিউট্ৰন দুটা down কোৱাৰ্ক আৰু এটা up কোৱাৰ্কেৰে গঠিত।

গাণিতিকভাৱে আৰু পিছলৈ পৰীক্ষাগাৰত মুঠ ছটা কোৱাৰ্ক আৱিষ্কৃত হৈছিল । সেইবোৰ হ’ল ক্ৰমে up, down, strange, charm, bottom আৰু top কোৱাৰ্ক। এই প্ৰতিটো কোৱাৰ্কৰে অকৌ প্ৰতিকণাও (Antiparticle) আছে; সিহতক প্ৰতিকোৱাৰ্ক বা এণ্টিকোৱাৰ্ক বুলি কোৱা হয়। এই কোৱাৰ্কবোৰক আকৌ সাধাৰণ নিউক্লিয় পৰীক্ষাৰদ্বাৰা পৃথক কৰিব নোৱাৰি ।

কোৱাৰ্ক পৰিয়ালৰ ওপৰিও “লেপ্টন” নামৰ আন এক মৌলিক কণা পৰিয়াল আছে। আমাৰ সকলোৰে মৰমৰ ‘ইলেক্ট্ৰন’ এই লেপ্টন পৰিয়ালৰেই সদস্য। পিছলৈ কেবাটাও নিউক্লিয়, ত্বৰিত মৌলিক কণাৰ সংঘৰ্ষ পৰীক্ষা আৰু মহাজাগতিক ৰশ্মিৰ অধ্যয়নৰ পৰা আৰু তিনিটা নতুন মৌলিক কণা ক্ৰমে ‘মিঊৱন’, ‘টাও’ আৰু ‘নিউত্ৰিন’’ (Muon, Tau and Neutrino) ৰ সম্ভেদ পোৱা গ’ল । নিউত্ৰিন’ৰ ও অকৌ তিনিটা বেলেগ বেলেগ সোৱাদ (flavors) আছে: ইলেক্ট্ৰন-নিউত্ৰিন’, মিঊৱন-নিউত্ৰিন’ আৰু টাও-নিউত্ৰিন’।

গতিকে লেপ্টন পৰিয়ালৰো কোৱাৰ্ক পৰিয়ালৰ সমানে সৰ্বমূঠ ছজন সদস্য হ’ল:  ইলেক্ট্ৰন, মিঊৱন, টাও, ইলেক্ট্ৰন-নিউত্ৰিন’, মিঊৱন-নিউত্ৰিন’ আৰু টাও-নিউত্ৰিন’।

এই পদাৰ্থ সৃষ্টিকাৰী পৰিয়ালদুটা (লেপ্টন আৰু কোৱাৰ্ক পৰিয়াল)ক একেলগে “ফাৰ্মিঅ’ন” (Fermions; কণা পদাৰ্থ বিজ্ঞানী এৰিক’ ফাৰ্মিৰ নামেৰে) বুলি কোৱা হয়। (অৱশ্যে ফাৰ্মিঅ’ন চুবুৰীত আৰু বহুত বেলেগ কণাও থাকে)

 

প্ৰকৃতিৰ মৌলিক বলসমূহ

বল কঢ়িওৱা কণা

পদাৰ্থ গঠনকাৰী মৌলিক কণাবোৰৰ বিষয়ে আমাৰ কিছু ধাৰণা হ’ল। এতিয়া প্ৰশ্ন হ’ল, এই পদাৰ্থ গঠনকাৰী মৌলিক কণাবোৰ(বা পদাৰ্থবোৰ)ক কি বলে একেলগে বান্ধি ৰাখিছে?  আমি আটায়ে জনা মহাকৰ্ষণ বল আৰু বৈদ্যুতিক বলৰ বাহিৰেও পদাৰ্থ বিজ্ঞানত আৰু দুটা বল অছে। গতিকে পদাৰ্থবোৰক একেলগে ধৰি ৰখা চাৰিটা বল হ’ল: মহাকৰ্ষণ বল, বৈদ্যুত-চুম্বকীয় বল, শক্তিশালী নিউক্লিয় বল আৰু দুৰ্বল নিউক্লিয় বল ।

১) মহাকৰ্ষণ বল

নিউটনৰ আপেলৰ দিনৰ পৰাই আমি আটায়ে মহাকৰ্ষণ বলৰ লগত পৰিচিত। আমি সকলোৱে পঢ়ি আহিছোঁ, বিশ্বব্ৰহ্মাণ্ডৰ যিকোনো পদাৰ্থ‍ই আন এটা পদাৰ্থক আকৰ্ষণ কৰে; এই আকৰ্ষণ বলটোকে মহাকৰ্ষণ বল বোলে। কিন্তু এই আকৰ্ষণ বল কিহৰ কাৰণে হয়?
‘গ্ৰেভিট্ৰন’ নামৰ কণাবিধেই মহাকৰ্ষণ বল কঢ়িয়ায়। সূৰ্য আৰু পৃথিৱীৰ মাজৰ মহাকৰ্ষণ বলৰ কাৰণো হ’ল এই গ্ৰেভিট্ৰন কণিকাবিধ। কৌটি কৌটি গ্ৰেভিট্ৰন কণা সূৰ্যৰ পৰা পৃথিৱীৰ মাজেৰে পাৰ হৈ গৈছে আৰু পৃথিৱীয়েও অহৰহ কৌটি কৌটি গ্ৰেভিট্ৰন কণা নিৰ্গত কৰি আছে….  গতিকে এই গ্ৰেভিট্ৰন কণা (মহাকৰ্ষণ বল) ৰ বাবেই বিভিন্ন গ্ৰহ, নক্ষত্ৰ, সৌৰজগত, হাতীপটি তাৰকাপুঞ্জ, লাখ লাখ বহিঃ তাৰকাপুঞ্জ এই বিশ্বব্ৰহ্মাণ্ডত বান্ধ খাই আছে ।

২) বৈদ্যুত-চুম্বকীয় বল

‘ফ’টন’ নামৰ মৌলিক কণিকাটোৱে বৈদ্যুত-চুম্বকীয় বল কঢ়িয়ায়। পৰমাণু এটাৰ ভিতৰভাগত ইলেক্ট্ৰন আৰু নিউক্লিয়াছৰ মাজৰ বৈদ্যুত-চুম্বকীয় আকৰ্ষণ বল এই ফ’টন কণাৰ মাধ্যমেৰেই হয়।

৩) শক্তিশালী নিউক্লিয় বল

এই শক্তিশালী নিউক্লিয় বলেই ইলেক্ট্ৰন বা প্ৰ’টনৰ ভিতৰত থকা কোৱাৰ্কবোৰক ওলাই যাব নোৱাৰাকৈ ধৰি ৰাখে । ‘গ্লুৱন’ নামৰ মৌলিক কণিকা বিধৰ আদান প্ৰদানেই এই শক্তিশালী নিউক্লিয় বলৰ কাৰক।

৪) দুৰ্বল নিউক্লিয় বল

এই বল কিছুমান নিউক্লিয় বিকিৰণৰ কাৰক। ‘W বোসন’ আৰু ‘Z বোসন’ নামৰ দুই ধৰণৰ কণাই এই বল কঢ়িয়ায়।

কণা পদাৰ্থ বিজ্ঞানত এই চাৰিওবিধ বল কঢ়িওৱা  কণাবোৰক একেলগে “বোসন” পৰিয়ালত ৰখা হৈছে। প্ৰসিদ্ধ ভাৰতীয় বিজ্ঞানী সত্যেন্দ্ৰ নাথ বোসৰ নামেৰেই এই পৰিয়ালৰ নাম ৰখা হৈছে, কাৰণ এই পৰিয়ালৰ সকলো সদস্যই বোস-আইনষ্টাইন পৰিসংখ্যা (Bose-Einstein Statistics) মানি চলে।

মহাকৰ্ষণ বলক বাদ দি বাকী তিনিওটা বলকে “মহা-বল(?) সূত্ৰ” (Grand Unified Theory) নামৰ এটা সংযুক্ত সূত্ৰৰে বিভিন্ন ৰূপ বুলি দেখুৱাব পাৰি। গতিকে ফ’টন, গ্লুৱন, W বোসন আৰু Z বোসন কণাবোৰৰ ভৌতিক বিশ্লেষণ এটা গাণিতিক সূত্ৰৰ (Grand Unified Theory) দ্বাৰা‍ই সম্ভৱ।

গুণগত আৰ্হি

কণা পদাৰ্থ বিজ্ঞানৰ ‘গুণগত আৰ্হি’ হ’ল কিছুমান সংগত গাণিতিক সূত্ৰ আৰু সেইবোৰৰ ভৌতিক বিশ্লেষণৰ সংহতি, যিয়ে ওপৰত উল্লেখ কৰি অহা পদাৰ্থ সৃষ্টিকাৰী কোৱাৰ্ক আৰু লেপ্টন মৌলিক কণাবোৰৰ বিভিন্ন বিক্ৰিয়া আৰু পৰিঘটনা তথা তিনিবিধ মৌলিক বল (মহাকৰ্ষণ বলৰ বাদে)ৰ নমনীয় গাণিতিক বিশ্লেষন আগবঢ়ায়। সাধাৰণ ভাষাত গুণগত আৰ্হিয়ে আমি দেখা সকলো পদাৰ্থ সৃষ্টিকাৰী মৌলিক কণা  আৰু মৌলিক বলবোৰৰ (মহাকৰ্ষণ বলৰ বদে) বিভিন্ন বিক্ৰিয়া আৰু পৰিঘটনাৰ সফল বাখ্যা আগবঢ়াই বা আগবঢ়াব প্ৰয়াস কৰে।

১৯৬৭ চনত ষ্টিৱেন ৱেইনবাৰ্গ আৰু আব্দুছ চালাম নামৰ দুগৰাকী বিজ্ঞানীয়ে ‘হিগ্‌ছ মেকানিজম’ নামৰ এটা নতুন পৰিঘটনা ‘গুণগত আৰ্হি’ত যোগ দিয়ে। [ৰাইজ এতিয়াহে আহিছোঁ আচল কথালৈ] ‘হিগ্‌ছ ক্ষেত্ৰ’ (Higgs Field), আৰু ইয়াৰ লগত জড়িত মৌলিক কণাটোকে ‘হিগছ বোসন’ (Higgs Boson) বুলি কোৱা হয়। ১৯৬৪ চনত ব্ৰিটিছ বিজ্ঞানী পিটাৰ হিগ্‌ছে  এটা বিশেষ কণা (আৰু তাৰ লগত জড়িত ক্ষেত্ৰ)ৰ গাণিতিক উপাপাদ্য  প্ৰস্তাৱ কৰিছিল। পিছলৈ বিজ্ঞানীজনৰ নামেৰেই নতুন মৌলিক কণাটোৰ নাম ‘হিগছ বোসন’ (Higgs boson) আৰু ক্ষেত্ৰখনক ‘হিগছ ক্ষেত্ৰ’ (Higgs field) নামাকৰণ কৰা হয়। এই উপাপাদ্যই ‘গুণগত আৰ্হি’ত থকা মৌলিক কণাবোৰৰ ভৰ (mass of elementary particles)ৰ  কাৰণ  বিশ্লেষণ  কৰিব পাৰিছিল। এই সূত্ৰমতে, ‘হিগ্‌ছ ক্ষেত্ৰ’ এখন অশূন্য ক্ষেত্ৰ, যি সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডতে সৰ্বব্যাপী বিৰাজমান। আন সকলো মৌলিক কণাৰ ভৰৰ কাৰণ হ’ল এই হিগ্‌ছ ক্ষেত্ৰৰ সৈতে হোৱা নিৰবিচ্ছিন্ন প্ৰক্ৰিয়া (continuous interaction); এই প্ৰক্ৰিয়াটোৰে নামেই হ’ল ‘হিগ্‌ছ মেকানিজম’। [সাধাৰণ ভাষাত, সকলো পদাৰ্থৰ ভৰ মাত্ৰ এক পৰিঘটনাহে।] সকলোৱে বুজিব পৰা এই সাধাৰন ধাৰণা আৰু উপাপাদ্যৰ গুৰুত্ব কিন্তু অপৰিসীম। এই তত্ব‍ই মৌলিক কণাৰ ভৰ- মানে সকলো পদাৰ্থ, বস্তু, জীৱ, জড়, গ্ৰহ, নক্ষত্ৰ , তাৰকাপুঞ্জ – সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ অস্তিত্ব বাখ্যা কৰে; সেয়েহে polular culture ত হিগ্‌ছ বোসন ক “ভগৱান কণা” (God  particle) বুলি কোৱা হয়। {উল্লেখযোগ্য যে লিঅ’ন ল’ডম্যনৰ জনপ্ৰিয় কিতাপ,  “The God Particle: If the Universe Is the Answer, What Is the Question?” (১৯৯৩) ৰ পিছৰপৰাহে হিগ্‌ছ বোসনক “God particle’’ বা “ভগৱান কণা”  বুলি জনা যায়।}

পদাৰ্থ বিজ্ঞানত যিকোনো ধাৰণা এটাৰ গাণিতিক বাখ্যা আৰু ভৌতিক বিশ্লেষণ শুদ্ধ হ’লেই তাক সফল সূত্ৰ আৰু আৱিষ্কাৰ হিছাপে মানি লোৱা নহয়। তাৰ বাবে ভৌতিক গবেষণাগাৰত পৰীক্ষাৰদ্বাৰা সত্যতা প্ৰতিপন্ন কৰিব‍ই লাগিব। “ভগৱান কণা” ধাৰণাও ইয়াৰ ব্যতিক্ৰম নহয়। ‘হিগ্‌ছ মেকানিজম’ বুজিবলৈ যিমানেই সহজ, তাৰ ভৌতিক অস্তিত্ব প্ৰমাণ কৰা সিমানেই টান। সাধাৰন নিউক্লিয় আৰু পদাৰ্থ কণা পৰীক্ষাগাৰত নিউক্লিয় বা মৌলিক কণা বিক্ৰিয়াৰ দ্বাৰা হিগ্‌ছ বোসন সৃষ্টি কৰাটো সম্ভৱ নহয়। এই কণা নিৰীক্ষণৰ বাবে আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ কেঁচুৱা (Baby Universe) অৱস্থাটো পৰ্যবেক্ষণ কৰিব লাগিব । অৰ্থাত আমি ১৩৭০০০০০০০০ বছৰ পিছুৱাই গৈ গবেষণাগাৰত এনে এটা অৱস্থাৰ সৃষ্টি কৰিব লাগিব যিটো অৱস্থা বিশ্বব্ৰহ্মাণ্ডখনৰ জন্মলগ্নত অছিল। [আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ বৰ্ত্তমান বয়স প্ৰায় ১৩৭০০০০০০০০ বছৰ; চফল ডেকা]। কেঁচুৱা অবস্থাত বিশ্বব্ৰহ্মাণ্ডখনৰ শক্তি ঘনত্ব অছিল অসীম; আৰু তাত কোনো অণু-পৰমাণু গঠন হোৱা নাছিল। ই কেৱল আমি ওপৰত পঢ়ি অহা কোৱাৰ্ক আৰু গ্লুৱন কণাবোৰৰ সংমিশ্ৰণহে অছিল (Quark-gluon plasma)।

কণা ত্বৰক (Particle Accelerator) বা কণা সংঘৰ্ষক (Particle Collider) এনে এটা যন্ত্ৰ য’ত প্ৰ’টন (বা নিউট্ৰন আদি) ক পোহৰৰ সমতুল্য বেগত বিপৰীত দিশত সংঘৰ্ষ ঘটাই বিশ্বব্ৰহ্মাণ্ডখনৰ কেঁচুৱা অৱস্থাটো সৃষ্টি কৰাৰ প্ৰয়াস কৰা হয়। এনে সংঘৰ্ষত বহুটো মৌলিক কণাৰ সৃষ্টি হয়। ফাৰ্মিলেব (Fermilab), ছাৰ্ণ-LHC (CERN-LHC), আই. এন. পি.(INP/ИЯФ), VECC (ভাৰতবৰ্ষ) ইত্যাদি এনে ধৰনৰ কণা ত্বৰক পৰীক্ষাগাৰ। ছাৰ্ণৰ LHC ই হ’ল পৃথিৱীৰ ভিতৰত আটাইতকৈ উচ্চ শক্তিসম্পন্ন কণা সংঘৰ্ষক।

২০০০-২০০৪ চনতেই Large Electron–Positron Collider নামৰ কণা সংঘৰ্ষ পৰীক্ষাত ১১৪.৪ GeV/c^2 ভৰৰ নতুন কণা এটাৰ সম্ভেদ পোৱা গৈছিল। এই নতুন কণাটো‍ ‘ভগৱান কণা’ই আছিল বুলি বিজ্ঞানীসকল তেতিয়াই ৯৫% নিশ্চিত হৈছিল ।
জুলাই ২০১০ ত ফাৰ্মিলেবৰ পৰীক্ষাত ১৫৮-১৭৫ GeV/c^2 ভৰৰ কণা পৰ্যবেক্ষিত হয় । হিগ্‌ছ বোসনৰ অস্তিত্ব সম্পৰ্কে বৈজ্ঞানিক মহলৰ দৃঢ়তা লাহে লাহে বাঢ়ি আহিছিল ।

২০১১ চনত ছাৰ্ণৰ উচ্চ শক্তিসম্পন্ন Large Hadron Collider ত কেবাটাও কণা (প্ৰ’টন আৰু লেড নিউক্লি) সংঘৰ্ষ পৰীক্ষা সম্পন্ন হ’য়। এই LHC সংঘৰ্ষ পৰীক্ষাবোৰৰ পৰ্যবেক্ষণ যন্ত্ৰবোৰত (Detectors- ALICE, ATLAS, CMS, LHCb, TOTEM, LHCf) বহু তথ্য গোট খাইছিল [প্ৰতিদিনে অতি কমেও ৩৫ Tb (কমেও ৩৫০০০ Gb)]। তথ্য ইমানেই বেছি আছিল যে তথ্যবোৰ CD ত এখন এখনকৈ ভৰাই গৈ সমূহ CD স্তম্ভ আকাৰে সজালে, CD স্তম্ভৰ উচ্চতা পৃথিৱীপৃষ্ঠৰ পৰা জোনবাই চুবগৈ! LHC-GRID নামৰ প্ৰকল্পটোৱে এই তথ্যসমূহ নিয়ন্ত্ৰণ কৰিছিল। GRID এ সমূহ তথ্য বিশ্লেষণৰ বাবে ৩৫ খন দেশৰ ১৪০ টা গণনা কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল; এই তথ্য LHC Optical Private Networkৰ জৰিয়তে ৩০০-১০ Gigabytes/second বেগত  প্ৰেৰিত হৈছিল।

কেইবামাহ ধৰি হোৱা তথ্য বিশ্লেষণৰ অন্তত যোৱা ৪ জুলাই (২০১২) তাৰিখে ছাৰ্ণ(জেনেভা)ত  বিজ্ঞানীসকলে ATLAS (A Toroidal LHC Apparatus) আৰু CMS (Compact Muon Solenoid) পৰ্যবেক্ষক যন্ত্ৰৰ পৰা পোৱা তথ্যৰ বিশ্লেষণৰ ফলাফল ঘোষণা কৰে:

CMS যন্ত্ৰটোৱে প্ৰায় ১২৫ GeV ভৰৰ এবিধ নতুন মৌলিক কণিকা ধৰা পেলাবলৈ সক্ষম হৈছিল; যিয়ে আৱিষ্কাৰৰ ৪.৯ ছিগমা মান চুইছিলগৈ।

ATLAS  যন্ত্ৰটোত ১২৬ GeV ভৰৰ এটা নতুন কণা পৰ্যবেক্ষিত হৈছিল; যিটোৱে আৱিষ্কাৰৰ শেষ মাত্ৰা ‘ছিগমা ৫’ অতিক্ৰমি “হিগ্‌ছ বোসন’’ বা  “ভগৱান কণা” বুলি পৰিচিত হৈছিল ।
[অৱশ্যে বিজ্ঞানীসকলে নতুন কণাটো যে “হিগ্‌ছ বোসন’’ই হয় সেয়া দৃঢ়ভাবে প্ৰতিপন্ন কৰিবলৈ এতিয়াও তথ্য বিশ্লেষণ কৰিয়েই আছে।]

হিগ্‌ছ বোসনৰ আৱিষ্কাৰৰ লগে লগে হিগ্‌ছ ক্ষেত্ৰ আৰু ‘হিগ্‌ছ মেকানিজম’ বা পদাৰ্থৰ ভৰ সৃষ্টিৰ তত্ব আৰু ৰহস্য হৈ নথাকিল। মানুহৰ অনুসন্ধিত্সু মনৰ সম্মুখত সৃষ্টিকৰ্তাই প্ৰকৃতি (বিশ্বব্ৰহ্মাণ্ড) সৃষ্টিৰ সমীকৰণ আৰু বেছি দিনলৈ লুকুৱাই ৰাখিব নোৱাৰিলে।

হিগ্‌ছ বোসন কণাৰ আৱিষ্কাৰে ‘গুণগত আৰ্হি’ তত্বৰ সত্যতা আকৌ এবাৰ প্ৰমাণ কৰিলে। কিন্তু গুণগত আৰ্হি তত্ব‍ই প্ৰকৃতিৰ সকলো ৰহস্যৰ শুদ্ধ আৰু সঠিক বাখ্যা আগবঢ়াব নোৱাৰে; তাৰ দুটা ডাঙৰ কাৰণ হ’ল:

১) এই তত্বই  বৈদ্যুত-চুম্বকীয় বল, শক্তিশালী নিউক্লিয় বল আৰু  দুৰ্বল নিউক্লিয় বলক এটা ‘মহা-বল’(?) (Grand Unified Theory ৰ দ্বাৰা)ৰেই তিনিটা ভিন্ন ৰূপ হিছাপে প্ৰকাশ কৰিবলৈ সক্ষম  যদিও ‘মহাকৰ্ষণ বল’ৰ নিজস্বতাক নমনীয় কৰিবলৈ অপৰাগ। মহাকৰ্ষণ বল ভৌতিক আৰু গাণিতিকভাৱে সম্পূৰ্ণ একক (সদায়েই আকৰ্ষণ আৰু দূৰ পৰিসৰৰ বল; always attractive and long range force)। বহু বিজ্ঞানীৰ চিন্তা-ধাৰণা মতে সৃষ্টিৰ আদিতে এটাই বল অছিল– “আদিবল”; তেওঁলোকৰ মতে, “Nature can’t have double, triple, quadruple (or multiple) standards.” গতিকে মহাকৰ্ষণ বল আৰু Grand Unified Theory লগ লগা‍ই এটা নতুন “আদিবল সূত্ৰ” (?) (Theory of Everything) প্ৰকৃতিত থাকিব‍ই লাগিব। এই “আদিবল সূত্ৰ” আৱিষ্কাৰ নোহোৱালৈকে ‘গুণগত আৰ্হি’ তত্ব কোনোমতেই সম্পূৰ্ণ নহয়।

২) গুণগত আৰ্হি তত্বই কৃষ্ণ পদাৰ্থ (Dark matter) আৰু কৃষ্ণ শক্তি (Dark Energy)ৰ কোনো ব্যাখ্যা আগবঢ়াব নোৱাৰে । বিশ্বব্ৰহ্মাণ্ডৰ মূঠ পদাৰ্থৰ ২৩% ই হ’ল কৃষ্ণ পদাৰ্থ আৰু ৭২% হ’ল কৃষ্ণ শক্তি।

“আদিবল সূত্ৰ” আৱিষ্কাৰ হ’লেও আমি বিশ্বব্ৰহ্মাণ্ডৰ মাত্ৰ ৪.৬% (প্ৰায়) পদাৰ্থ আৰু সেইবোৰৰ সৃষ্টিৰ ৰহস্যহে সম্পূৰ্ণকৈ জানিব পাৰিম। বাকী কমেও বিশ্বব্ৰহ্মাণ্ডৰ ৯৫% পদাৰ্থ আৰু শক্তিৰ ৰহস্য তেতিয়াও সৃষ্টিকৰ্তাৰ হাততেই থাকিব!

গতিকে ৰাইজ, ‘ভগৱান কণা’ৰ আৱিষ্কাৰ(?) মানৱ সভ্যতাৰ জ্ঞান অন্বেষণৰ এটা দীঘলীয়া জাপ (quantum leap) হে মাত্ৰ; প্ৰকৃত সত্য (Absolute Truth)লৈ এতিয়াও বহু বাকী।

বি: দ্ৰ:
# মহাবল, আদিবল, কণা ত্বৰক, কণা সংঘৰ্ষক আদি লিখকে দিয়া নামহে। কণা পদাৰ্থ বিজ্ঞানৰ বিভিন্ন সূত্ৰ বা যন্ত্ৰৰ অসমীয়া প্ৰতিশব্দ লেখকে ক’তো বিচাৰি নোপোৱা বাবেহে নামবোৰ তেনেধৰণে দিয়া হ’ল ।
# চিত্ৰসহ এই লেখাটো লিখকৰ ব্যক্তিগত ব্লগত পাব: http://dhanjitsarma.blogspot.in/p/blog-page.html

জানি থোৱা ভাল

# পদাৰ্থ বিজ্ঞানৰ কোনো ‘ধ্ৰুৱ সূত্ৰ’ (?) বা শেষ সুত্ৰ (Ultimate Theory) নাই।
# কণা পদাৰ্থ বিজ্ঞানত প্ৰায় সকলোবোৰ মৌলিক কণাৰে প্ৰতিকণা (Antiparticle) আছে।
# কণা পদাৰ্থ বিজ্ঞানত হিগ্‌ছ বোসনৰ চিহ্ন: H০ (এইছ ন’ট), ভৰ: ১২৫.৩ ~ ১২৬.৫ GeV/c^2 ,
বৈদ্যুতিক অাধান: ০  , কোৱাণ্টাম ঘূৰ্ণন: ০

LHC সম্বন্ধীয় কেইটামান যোগসূত্ৰ:
# সাধাৰণ ভাষা আৰু গ্ৰাফিক্সেৰে LHC ৰ বাখ্যা: https://www.youtube.com/watch?v=qQNpucos9wc
# Rap সংগীতেৰে LHC ৰ বাখ্যা : https://www.youtube.com/watch?v=j50ZssEojtM
# ATLAS কণা সংঘৰ্ষক আৰু পৰ্যবেক্ষণ যন্ত্ৰটোৰ ত্ৰিমাত্ৰিক চিত্ৰ (3D View): http://virtualvisit.web.cern.ch/VirtualVisit/ATLAS_dev/HTML/VThi.html

লিখক: ধনজিৎ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate