অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অ'লিংগুইট'

অ'লিংগুইট'

অ'লিংগুইট' ( বৈজ্ঞানিক নাম-Bassaricyon neblina) শেহতীয়াকৈ আৱিষ্কাৰ হোৱা ‘Bassaricyon’ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ স্তন্যপায়ী প্ৰাণী৷ অ'লিঙ্গোৰ স’তে “ ইটো (-ito)” সংযোগ কৰি ইয়াৰ নামকৰণ কৰা হৈছে৷ অলিঙ্গো (Olingo) হ’ল ইয়াৰ নিকট সম্পৰ্কীয় এক প্ৰাণী ৷ অ'লিঙ্গোইটো দেখাত ইয়াৰ সৈতে প্ৰায় একে কিন্তু আকাৰত সৰু হোৱা ইয়াৰ অ'লোঙ্গোৰ সৈতে “ ইটো (-ito)” যোগ দিয়া হ'ল , যাৰ স্পেনিচ ভাষাত অৰ্থ হ’ল-সৰু৷ স্মিথছনিয়ান নেশ্যনেল মিউজিয়াম অব নেশ্যাৰেল হিষ্ট’ৰি(Smithsonian National Museum of Natural History) নামৰ প্ৰতিষ্ঠানটোৱে ২০১৩ চনৰ ১৫ আগষ্টত এই প্ৰাণীবিধৰ আৱিষ্কাৰৰ কথা ঘোষণা কৰে৷ যোৱা ৩৫ বছৰৰ ভিতৰত নতুন বিশ্ব (New World) ত নতুনকৈ আৱিস্কাৰ হোৱা ইয়েই প্ৰথম মাংসভোজী
প্ৰাণী৷

আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন সংগ্ৰহালয়ত এই প্ৰাণীবিধৰ সংৰক্ষিত নমুনা আছিল যদিও এই সকলোবোৰ যোৱা প্ৰায় এশবছৰ ধৰি ইয়াৰ দৰে দেখাত মিল থকা অ'লিঙ্গো (olingo) নামৰ প্ৰাণীটো বুলি ভুলকৈ চিনাক্ত কৰি ৰখা হৈছিল৷ আনকি ১৯৬০ ৰ দশকত আমেৰিকাৰ কিছু চিৰিয়াখানাত অ'লিংগুইট' থকাৰো তথ্য পোৱা গৈছে৷ কিন্তু ইয়াক অন্য অ'লিঙ্গোৰ সৈতেই ৰখা হৈছিল আৰু ই অ'লিঙ্গোৰ সৈতে প্ৰজনন নকৰাটো আশ্চৰ্য্যজনক আছিল যদিও কোনেও বিশেষ গুৰুত্ব সহকাৰে লোৱা নাছিল৷ অৱশেষত স্মিথছনিয়ান নেশ্যনেল মিউজিয়াম অব নেশ্যাৰেল হিষ্ট’ৰি (Smithsonian National Museum of Natural History) নামৰ প্ৰতিষ্ঠানটোৰ স্তন্যপায়ী প্ৰাণী বিভাগৰ কিউৰেটৰ ক্ৰিষ্টোফাৰ হেলগেন (Kristofer Helgen) ২০১৩ চনৰ ১৫ আগষ্টৰ দিনটোতে শৰীৰস্থান (anatomical) তথা জিনীয় তথ্যৰ সহায়ত এই প্ৰাণীবিধক অন্য প্ৰাণীবোৰৰ পৰা পৃথক এক নতুন স্তন্যপায়ী প্ৰাণী বুলি ঘোষণা কৰে৷

বাহ্যিক গঠনৰ ফালৰ পৰা ইয়াক বিজ্ঞানীসকলে ঘৰচীয়া মেকুৰী আৰু টেডী ভালুকৰ মাজৰ এটা প্ৰাণী বুলি বৰ্ণনা কৰিছে৷ অ'লিংগুইট'ৰ দেহটো নোমাল, অ'লিঙ্গোৰ দৰেই ই নিশাচৰ প্ৰাণী কিন্তু আকাৰ যথেষ্ট সৰু৷ ইয়াৰ গড় ওজন প্ৰায় ০.৯ কিলোগ্ৰাম৷ ই সৰ্বভক্ষী৷ খাদ্য হিচাপে ই মাংসৰ লগতে ফল-মূল, পোক-পতংগ তথা ফুলৰ মৌ আদিও গ্ৰহণ কৰে৷

অ'লিংগুইট' Bassaricyon গোত্ৰৰে ইয়াৰ ওচৰ সম্পৰ্কীয় অ'লিঙ্গোবোৰতকৈ সৰু আকাৰৰ৷ তাৰোপৰি ইয়াৰ দেহ বেছি নোমাল, নেজ চুটি আৰু কাণ অ'লিঙ্গোতকৈ সৰু৷
বাহ্যিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি বৰ্ত্তমান ইয়াক চাৰিটা উপ-প্ৰজাতিত ভাগ কৰা হৈছে- Bassaricyon neblina neblina
Bassaricyon neblina osborni
Bassaricyon neblina hershkovitzi
Bassaricyon neblina ruber

Achyut Bhuyan's photo.

ই অকলশৰে থাকে বুলি জনা গৈছে৷ তথ্য অনুসৰি ই নিশাচৰ আৰু লাজকুৰীয়া৷ তাৰোপৰি ই সকলো

সময়তে গছত থাকি ভাল পায়৷ ইহঁতে এবাৰত এটাকৈ পোৱালি জন্ম দিয়ে বুলিও তথ্য পোৱা গৈছে৷
ই কলম্বিয়া আৰু ইকুৱেডৰৰ ঘন বনাঞ্চলৰ মাজত বাস কৰে৷

এই দুস্প্ৰাপ্য প্ৰাণীবিধৰ প্ৰতি প্ৰধান ভাবুকি হৈ পৰিছে বনাঞ্চল ধ্বংস৷ তথ্য অনুসৰি ইয়াৰ বাসস্থানৰ প্ৰায় ৪২% অঞ্চলেই ইতিমধ্যে নগৰীকৰণ নাইবা খেতি পথাৰলৈ পৰিৱৰ্ত্তন হৈছে৷ গতিকে অনাগত দিনত ইয়াৰ সংৰক্ষণৰ বাবে উপযুক্ত ব্যৱস্থা নল'লে ইও অন্যান্য বহুতো আপুৰুগীয়া প্ৰাণীৰ দৰেই বিলুপ্তিৰ পথত আগবঢ়াৰ সম্ভাৱনা আছে৷

অচ্যুত ভূঞা

শেহতীয়া উন্নীতকৰণ: : 5/30/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate