অকণিৰ বিজ্ঞানৰ খেল (৩)

প্ৰয়োজনীয় সামগ্ৰী
এখন কাটা চামুছ, এখন চাহ চামুছ, এটা কাঁচৰ গিলাছ আৰু এটা জুইশলা কাঠি।
খেল
চিত্ৰত দেখুওৱা ধৰণে কাটা চামুছখনৰ মাজৰ দুডাল কাটাৰ মাজেদি চাহ চামুছখন সুমুৱাই ভালদৰে খাপ খুৱাই লোৱা। চামুছৰ যুটিটো হাতত লৈ ওপৰৰ কাটাডালৰ তলেদি জুইশলা কাঠিটো সৰকাই লোৱা। চামুচকেইখনৰ বুকুৰ ফালেদি ওলাই থকা অংশটো দীঘলকৈ ৰাখিবা। কাঠিটোৰ সেই অংশটোত দুটা আঙুলিৰে ধৰি অনুভূমিক কৰি ৰাখি তাত চামুছৰ যুটিটো সাৱধানে ওলমিবলৈ দি পৰীক্ষা কৰি চোৱা। প্ৰয়োজন হ'লে কাঠিডালৰ অৱস্থান বা চামুছদুখনৰ মাজৰ যোটবন্ধনটো অলপ ইফাল-সিফাল কৰিবলগীয়া হ'ব পাৰে। এইবাৰ চিত্ৰত দেখুওৱা নিচিনাকৈ চামুছৰ যুটিটোৰ সৈত্যে জুইশলা কাঠিডাল গিলাছটোৰ কাণৰ ওপৰত আলফুলে ৰাখিবলৈ চেষ্টা কৰা। কাঠিডাল আৰু চামুছৰ যুটিটো অলপ বেকা হৈ আহি আহি এটা সময়ত এক সাম্য অৱস্থা পাব আৰু বাগৰি নপৰাকৈ ৰৈ যাব। এতিয়া আৰু যতনটো হাতেৰে ধৰি থকাৰ প্ৰয়োজন নাই। দেখাত বাগৰি পৰিব যেন লাগিলেও আচলতে চামুচকেইখন এতিয়া কিন্তু তেনেকৈয়ে নপৰাকৈ থাকি যাব। জুইশলা কাঠিটোৰ কোনো এটা মূৰত সামান্য হেঁচা প্ৰয়োগ কৰিও চাব পাৰা, দেখিবলৈ পাবা যে কেৱল মাত্ৰ কাঠিটোৰ গইনা লৈয়ে ই গিলাছটোৰ বাহিৰফালে এক নিৰ্দিষ্ট গতিত দুলিবলৈ লাগিছে, কিন্তু বাগৰি পৰা নাই। এতিয়া খেলটো তোমাৰ বন্ধুক দেখুৱাই তেওঁলোকৰ পৰা বাঃ বাঃ বুটলিব পাৰা।
অন্তৰ্নিহিত বিজ্ঞান
চামুছ দুখন আৰু জুইশলা কাঠিটোৰ সমূহীয়া ভৰকেন্দ্ৰটো সেই কাঠিডালৰ পৰা সামান্য আতৰত থাকে। জুইশলা কাঠিডালৰ সহায়ত গোটেই আহিলাটো গিলাছটোৰ ওপৰত তেনেদৰে ৰখাৰ ফলত ইয়াৰ প্ৰতিটো বিন্দুতে ক্ৰিয়া কৰা মধ্যাকৰ্ষণ বলৰ প্ৰভাৱ প্ৰায় সমান সমান হয় আৰু ই সমূহীয়াকৈ ভাৰসাম্য বজাই ৰখাত সক্ষম হয়। ইপিনে, সামগ্ৰীসমূহৰ বিভিন্ন সংযোগ বিন্দুত উৎপন্ন হোৱা ঘৰ্ষণ বলেও ইহঁতক পিচলি অহাত বাধা প্ৰদান কৰে বাবে দুলি থকা অৱস্থাতো সহজে আহিলাটো পৰি নাযায়।
ল'বলগীয়া সাৱধানতা
(১) কাঁচৰ গিলাছ ওপৰৰ পৰা পকা মজিয়াত বাগৰি পৰিলে ভাগি যাব পাৰে, যাৰ ফলত অঘটন হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।
(২) চামুছৰ যুটিটোৰ ওজনতকৈ গিলাছটোৰ ওজন যঠেষ্ট বেছি হোৱা প্ৰয়োজন, যাতে আহিলাটো ওলোমাই দিয়াৰ সময়ত গিলাছটোৱে তাৰ ওজন বহন কৰি বাগৰি নপৰাকৈ থাকিব পাৰে।
অকণিৰ বিজ্ঞানৰ খেল (৪)
প্ৰয়োজনীয় সামগ্ৰী
এডাল মম, মমডাল জ্বলাবৰ কাৰণে কাঠিৰে সৈত্যে এটা জুইশলা বাকছ আৰু এটা চুপি।
খেল
মমডাল জ্বলাই ঠিয়কৈ ৰাখি লোৱা। দৰ্শকৰ হাতত চুপিটো দি চুপিৰ নলীডালৰ ফালৰ পৰা ফুৱাই তেওঁক মমডাল নুমাই দেখুৱাবলৈ হুকুম দিয়া। প্ৰতিজন দৰ্শকৰ বাবে সময়সীমা আধা মিনিট বুলি জনাই দিবা। অধিকাংশ দৰ্শকেই চেষ্টা কৰি মমডাল নুমুওৱাত বিফল হ'ব আৰু হাৰ মানিব। আচলতে চুপি এটাৰে এনেদৰে ফুৱাই মম নুমুৱাবলৈ এটা কিটিপ জনাৰ প্ৰয়োজন হয়, যিটো তোমাৰ দৰ্শকে নাজানে আৰু ১নং চিত্ৰত দেখুওৱাৰ দৰে বিফল প্ৰচেষ্টা চলাই থাকে।
এইবাৰ চুপিটো তোমাৰ হাতলৈ লোৱা আৰু তাক মমৰ শিখাডালৰ ওচৰত ২নং চিত্ৰত দেখুওৱাৰ নিচিনাকৈ ধৰা। অৰ্থাৎ, মমৰ শিখাটোৰ লগত চুপিটোৰ এটা কাণে একেডাল ৰেখাত অৱস্থান কৰিব লাগিব। এতিয়া তোমাৰ মূখখন চুপিটোৰ নলিছাডালৰ ফুটাটোত লগাই ফুৱাই দিলেই দেখিবা যে মমডাল আনায়েসে নুমাই গৈছে।
অন্তৰ্নিহিত বিজ্ঞান
খেলটোত আচলতে শংকুৰ মাজেৰে গতি কৰা তৰল পদাৰ্থৰ গতিবিজ্ঞানৰ কিছুমান সূত্ৰ জড়িত হৈ আছে। থূলমূলকৈ ক'বলৈ গ'লে, তৰলৰ সান্দ্ৰতা আৰু পৃষ্ঠটান নামৰ দুটা বিশেষ গুণৰ বাবে শংকু এটাৰ বহল অংশৰ পৰা ঠেক অংশলৈ গতি কৰা তৰলে অভিসাৰী হৈ (চিত্ৰ: ৩) পাৰ হৈ যাবলৈ যত্ন কৰে কিন্তু ঠেক অংশৰ পৰা বহল অংশলৈ গতি কৰা তৰলে শংকুটোৱে বান্ধি দিয়া সীমা পৰ্যন্ত অপসাৰী হ'বলৈহে চেষ্টা কৰে। এই ক্ষেত্ৰত চুপিটোৰ নলীয়েদি প্ৰেৰণ কৰা বতাহখিনি চুপিটোৰ শংকু অংশত প্ৰবেশ কৰাৰ পিছত বতাহৰ প্ৰাবল্য তাৰ কাণ অংশত সৰ্বাধিক হয় আৰু মধ্যাংশত প্ৰায় শূণ্য হয় (চিত্ৰ: ৪)। সেয়েহে, চুপিটো ১নং চিত্ৰৰ দৰে ধৰি ফুৱালে মমৰ শিখাৰ ওপৰত কোনো প্ৰভাৱ নপৰে আৰু ২নং চিত্ৰৰ দৰে ধৰিলে এক বুজন পৰিমাণৰ বতাহে শিখাটোক খুণ্ডা মাৰে।
অকণিৰ বিজ্ঞানৰ খেল (৫)

প্ৰয়োজনীয় সামগ্ৰী
এডাল মম, এটা দীঘল বেজী, কাঠিৰে সৈত্যে এটা জুইশলা বাকছ, এখন কটাৰী আৰু দুটা সমান উচ্চতাৰ গিলাছ।
খেল
মমডালৰ নজ্বলোৱা মূৰটো কটাৰীখনেৰে চুচি জ্বলাব পৰাকৈ তাৰ শলিতাডাল উলিয়াই লোৱা। এতিয়া "অকণিৰ বিজ্ঞানৰ খেল (১)"ৰ পদ্ধতি প্ৰয়োগ কৰি মমডালৰ ভৰকেন্দ্ৰটো নিৰ্ণয় কৰি লোৱা। (দুখন হাতৰ দুটা আঙুলিৰ ওপৰত মমডাল ৰাখি লৈ হাতদুখন চপাই আনি এক বিন্দুত লগ কৰি দিলে মমডাল যদি নপৰাকৈ থাকে, তেন্তে সেই বিন্দুটোৱেই মমডালৰ ভৰকেন্দ্ৰ) মমডালৰ সেই অংশটোত বেজীটো ইপাৰ-সিপাৰ হৈ যোৱাকৈ সুমুৱাই দিয়া। এতিয়া বেজীটোৰ দুমূৰে ধৰি মমডাল অনুভূমিক হৈ ৰৈছেনে নাই পৰীক্ষা কৰি চাই লোৱা। বেজীটো মমডালৰ ভৰকেন্দ্ৰইদি নোসোমালে মমডাল উলম্ব হৈ পৰিব, তেতিয়া মমডালৰ তললৈ থকা মূৰটো সামান্য কাটি বা চুৰুকি দি ভৰকেন্দ্ৰৰ অৱস্থান সঠিক কৰি ল'ব লাগিব যাতে বেজীটোক অক্ষ হিচাবে ধৰিলে মমডাল অনুভূমিক অৱস্থাত সুস্থিৰ হৈ থাকিব পাৰে। গিলাছ দুটা মজিয়াৰ ওপৰত ওচৰা-ওচৰিকৈ আৰু ওলোটাকৈ ৰাখি তাৰ ওপৰত মমৰ সৈত্যে থকা বেজীটো চিত্ৰত দেখুওৱা নিচিনাকৈ প্ৰতিষ্ঠা কৰা। বেজীটোৰ গইণা লৈ মমডালক অনুভূমিকভাবে সাম্য অৱস্থালৈ আহিবলৈ দিয়া। এইবাৰ মমডালৰ এটা মূৰত জুইশলা কাঠিৰে অগ্নিসংযোগ কৰা। ১০ ছেকেণ্ডৰ পিছত আনটো মূৰতো অগ্নিসংযোগ কৰি দিয়া। কিছুসময়ৰ পিছত দেখিবা যে দুইমূৰে জুই জ্বলি থকা মমডালে এক নিৰ্দিষ্ট গতিত দুলিবলৈ লাগিছে। মমডালৰ ওপৰত বেজীটোৰ দুমূৰে দুটা মানুহ আকৃতিৰ পাতল কাগজৰ টুকুৰা লগাই দিলে খেলটো অধিক প্ৰাণৱন্ত যেন লাগিব। এতিয়া, তোমাৰ দৰ্শকক মাতি আনি এই নতুন ধৰণৰ ঝুলনাখন দেখুৱাই বাঃবাঃ ল'ব পাৰা।
অন্তৰ্নিহিত বিজ্ঞান
প্ৰথম অৱস্থাত বেজীটো মমডালৰ ভৰকেন্দ্ৰইদি পাৰ কৰি লোৱাৰ ফলত ইয়াৰ দুয়োপাৰৰ ভৰ সমান সমান হৈ আছিল বাবে ই অনুভূমিকভাবে সুস্থিৰ অৱস্থাত আছিল। কিন্তু, মমডালৰ দুয়োমূৰত বেলেগ বেলেগ সময়ত অগ্নিসংযোগ কৰাৰ ফলত বেলেগ বেলেগ সময়ত মমডালৰ দুয়োমূৰৰ পৰা গলিত মমৰ টোপাল মাটিলৈ পৰিবলৈ আৰম্ভ কৰিলে। ইয়াৰ ফলত বেলেগ বেলেগ সময়ত বেজীটোৰ ইপাৰে আৰু সিপাৰে মমডালৰ দুয়োটা অংশৰ ভৰৰ সালসলনি হ'বলৈ ধৰিলে (এনে অৱস্থাত ভৰকেন্দ্ৰটোৱেও পৰ্যাবৃত্ত গতিত পূৰ্বৰ স্থানৰ পৰা ইফাল-সিফাল কৰিবলৈ ধৰে।) বেজীটো একে ঠাইতে স্থিৰ কৰি ৰখাৰ ফলত এটা টোপাল হেৰুৱাই পাতল হৈ পৰা মমডালৰ সেই অংশটো ওপৰলৈ উঠি যায় আৰু তাতকৈ সামান্য গধূৰ হৈ থকা আনটো অংশ তললৈ নামি যায়। ইতিমধ্যে, এই গধূৰ অংশটো তলমূৱা হৈ পৰাৰ ফলত মম অধিক গলিবলৈ লয় আৰু এটা টোপাল হেৰুৱাই সি আনটো অংশতকৈ পাতল হৈ পৰে আৰু ওপৰলৈ গতি কৰে। এনেদৰে, ঘটনাটোৰ পুণৰাবৃত্তি হৈ থাকে আৰু বেজীটোক অক্ষ হিচাবে লৈ জ্বলিত মমডালে দুলিবলৈ ধৰে।
অচিন্ত্য বৰঠাকুৰ