বিজ্ঞানী আইজাক নিউটনৰ (১৬৪২-১৭২৭) বিষয়ে অৱগত প্ৰায়বোৰ পঢ়ুৱৈয়ে নিশ্চয় আপেল সৰি পৰা কাহিনীটো শুনিছে। কথিত আছে যে নিউটন এদিন বাগিচা এখনত বহি আছিল। হঠাতে তেওঁৰ মূৰৰ ওপৰত আপেল এটা সৰি পৰিল। ততালিকে তেওঁ মধ্যাকৰ্ষণৰ সূত্ৰটো আৱিষ্কাৰ কৰিলে।
প্ৰশ্ন হয় : দৰাচলতে এনে এটা ঘটনা ঘটিছিল নে? যদি ঘটিছিল কেতিয়া? ইয়াৰ ঐতিহাসিক ভেটি আছেনে?
এই প্ৰবন্ধটোত সেই বিষয়ে এটি চমু বিৱৰণ দিয়া হ’ল।
এনি মিৰাবিলিছ (Annie Mirabilis) শব্দ দুটা লেটিন ভাষাৰ। ইয়াৰ অসমীয়া ৰুপান্তৰ হ’ল- আশ্চৰ্য জনক বছৰ কেইটা। প্ৰতি গৰাকী বিজ্ঞানী আৰু লেখকৰ জীৱনৰ কেইটামান বছৰ বিশেষভাৱে উল্লেখযোগ্য, সেই বছৰ কেইটাতেই মহৎ সৃষ্টিবোৰ প্ৰকাশ হৈ ওলায়। যোৱা শতিকাত বিশিষ্ট বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ (১৮৭৯-১৯৫৫) বাবে তেনে তবধ লগোৱা বছৰটো আছিল ১৯০৫ চন। কাৰণ সেই বছৰটোতেই তেওঁ আন বিষয়ৰ লগতে বিশেষ আপেক্ষিকতাবাদৰ (Specialtheory of relativity) মূল সুত্ৰটো প্ৰকাশ কৰিছিল। তাৰ তিনি শতিকাৰ আগেয়ে জন্মলাভ কৰা আইজাক নিউটনৰ জীৱনৰ তেনে ধৰণৰ তবধ লগোৱা বছৰটো আছিল ১৬৬৫ চন। কেইবা গৰাকী বিজ্ঞানী ইতিহাস বিদৰ মতে ১৬৬০ চনৰ পৰা ১৬৬৬ চন লৈকে মুঠতে তিনিটা বছৰকহে (৩৬টা মাহ) একেলগে আশ্চৰ্য জনক কাল বুলিব লাগে।
১৬৬৫ চনৰ গ্ৰীষ্ম কালৰ কথা। নিউটন তেতিয়া কেম্ব্ৰিজ বিশ্চবিদ্যালয়ৰ ছাত্ৰ। সেই সময়তেই ইঙলেণ্ডত প্লেগ (plague) সহামাৰীয়ে দেখা দিলে। ই কেম্ব্ৰিজলৈ বিয়পা নাছিল যদিও এনে সম্ভাৱনাত বিশ্চবিদ্যালয়ে বন্ধৰ জাননী দিলে। দিনটো আছিল ১৬৬৫ চনৰ ৭ আগষ্ট। আন ছাত্ৰৰ দৰে নিউটনো ততাতৈয়াকৈ টোপোলা বান্ধি গাঁও আহি পালেহি। গাঁৱত নিউটনে মুঠ আঠ মাহ কটাই ১৬৬৬ চনৰ ২০ মাৰ্চৰ দিনাহে কেম্ব্ৰিজলৈ উভটি গৈছিল।
পাছৰ কালত নিউটনে গণিত বিজ্ঞান, বল বিজ্ঞান, পোহৰ বিজ্ঞান আৰু মহাকৰ্ষণ তত্ত্বৰ মৌলিক সূত্ৰবোৰ আৱিষ্কাৰ কৰিছিল। কিন্ত এই সকলো বিষয়ৰে বুনিয়াদ গাঁৱত থকা মাহ কেইটাতে হৈছিল। সেই সময়ত নিউটন আছিল ২৪ বছৰীয়া যুৱক। মৌলিক আৱিষ্কাৰৰ বাবে সেয়া আছিল উত্তম কাল। নিউটনৰ ভাষাত “I was in the prime of age for invention and minded mathematics and Philosophy more than at any other time.” সেই কাল ছোৱাৰ ভিতৰতে নিউটনৰ মূৰত আপেল সৰি পৰা কাহিনীটো জড়িত।
কথিত আছে যে নিউটনে আপেল গছ এজোপাৰ তলত জিৰণি লৈ থাকোঁতে টোপনিয়াই আছিল। সেই সময়ত মূৰৰ ওপৰত আপেল এটা সৰি পৰাত তেওঁ সাৰ পাই উঠিল। ততালিকে তেওঁ চিন্তা কৰিলে- আপেলটো ওপৰৰ পৰা মাটিত কিয় পৰিল? সেই চিন্তাৰ আলমতেই তেওঁ মহাকৰ্ষণৰ মূল সূত্ৰটো আৱিষ্কাৰ কৰিলে।
এই কাহিনীটো সঁচা নে মিছা, তাৰ বিষয়ে বহুতো চিন্তা-চৰ্চা আৰু গৱেষণা কৰা হৈছে। বহুতেই নিউটনৰ মনে সজা গল্প বুলি ভাবে। কিন্ত ভিন ভিন লেখাৰ পৰা উমান পোৱা গৈছে যে একেবাৰে মূৰত নপৰিলেও বাগিচা এখনত বহি থাকোঁতে নিউটনে যে আপেল এটা গছৰ পৰা সৰি পৰা দেখিছিল ই একেবাৰে মিছা নহ’বও পাৰে। উইলিয়াম ষ্টুকেল (William Stukeley) নামৰ নিউটনৰ চিনাকি লেখক এজনে ১৭৫২ চনত ‘Memories of Sir Isaac Newton’s Life’ নামৰ কিতাপ এখন লিখিছিল। তাত ইয়াৰ বৰ্ণনা এটা এনেদৰে দিয়া আছে- ১৭২৬ চনৰ ১৫ এপ্ৰিলৰ দিনা লণ্ডনত সেই পুথি খনৰ লেখক গৰাকীয়ে নিউটনৰ সৈতে এখন বাগিচাত সোমাই আপেল গছ এজোপাৰ তলত বহি চাহ খাই কথা পাতি আছিল। কথাৰ মাজতে নিউটনে হেনো লেখকক আপেল সৰি পৰা ঘটনাটো কৈছিল। কনডুইট (John Conduitt) নামৰ নিউটনৰ অতি ঘনিষ্ঠ সহকৰ্মী এগৰাকীয়ে নিউটনৰ বিষয়ে লিখা গ্ৰন্থ খনৰ নাম হ’ল ‘Conduitt’s account of Newton’s life at Cambridge’; সেই পুথি খনতো সেই ঘটনাটোৰ কথা উল্লেখ আছে। ১৬৬৬ চনত নিউটনে হেনো আপেল সৰি পৰা ঘটনাটোৰ পৰা আলম লৈ মহাকৰ্ষণৰ উমান পাইছিল। লেখকৰ ভাষাত- “In the year 1666 he retired again from Cambridge to his mother in Linconshire. While he was pensively meanderingin a garden, came with his thought that the power of gravity (which brought an apple from a tree to the ground) was not limited to a certain distance from earth, but this power must extend much further then was usually though…”
তেনেদৰে বিখ্যাত লেখক আৰু দাৰ্শনিক ভলটেয়াৰেও (Voltaire, ১৬৯৪-১৭৭৮) ১৭২৭ চনত প্ৰকাশিত ‘Essay on epic poetry’ নামৰ পুথি খনত এনেদৰে উল্লেখ কৰা আছে - “Sir Issac Newton walking in his garden had the first thought of his system of gravitation upon seeing an apple falling from a tree.”
আপেলৰ কাহিনীবোৰৰ বিষয়ে পোৱা এনেবোৰ লেখাৰ পৰা অনুমান কৰিব পাৰি যে ই সঁচা হ’বও পাৰে। অৱশ্যে ই সঁচাই হওক বা মিছাই হওক, গুৰুত্ব পূৰ্ণ কথাটো হ’ল, ১৬৬০ দশকৰ শেষৰ ফালেই নিউটনে মহাকৰ্ষণৰ মৌলিক সূত্ৰৰ সন্ধান পাইছিল। তেতিয়া তেওঁ আছিল ২৪ বছৰীয়া চফল ডেকা।
লেখক: ড° দিলীপ কুমাৰ চৌধুৰী, প্ৰান্তিক
শেহতীয়া উন্নীতকৰণ: : 6/16/2020
“জণ্ডিচ” সম্বন্ধে সৰ্বসাধাৰণ ৰাইজে জানিব লগীয়া লাগ...
আপেল (শক্তিবৰ্ধক)
আপুনি জানেনে বাৰু
আপেলৰ গুণাগুণ